< Mithali 10 >

1 Mithali za Sulemani. Mwana mwenye hekima humfurahisha baba yake lakini mwana mpumbavu huleta majonzi kwa mama yake.
চলোমনৰ নীতি বাক্য। জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে।
2 Hazina zilizolimbikizwa kwa uovu hakosa thamani, bali kwa kutenda haki hujilinda mbali na kifo.
দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
3 Yehova hawaachi wale watendao haki wapate njaa, bali hamu ya waovu huizuia.
যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
4 Mkono mlegevu humfanya mtu awe masikini, bali mkono wa mtu mwenye bidii hupata utajiri.
এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
5 Mwana mwenye busara hukusanya mazao wakati wa kiangazi, bali ni aibu kwake alalaye wakati wa mavuno.
গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।
6 Zawadi kutoka kwa Mungu zipo juu ya kichwa cha wale watendao haki; bali kinywa cha uovu hufunikwa kwa jeuri.
সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ।
7 Mtu atendaye haki anatufurahisha tunapomkumbuka, bali jina la mwovu litaoza.
সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
8 Wale wenye akili hukubali maagiza, bali mpumbavu mwenye maneno mengi ataangamia.
যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
9 Yeye anayetembea katika uadilifu hutembea katika usalama, bali yule anayepotosha njia zake, ataonekana.
যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
10 Yeye ambaye hukonyeza kwa jicho lake huleta majonzi, bali mpumbavu mwenye maneno mengi atatupwa chini.
১০চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়।
11 Kinywa cha mwenye kutenda haki ni kama chemchemi ya maji ya uzima, bali kinywa cha uovu hufunikwa kwa jeuri.
১১সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।
12 Chuki huchochea mafarakano, bali upendo hufunika juu ya makwazo yote.
১২ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।
13 Hekima inapatikana kwenye kinywa cha mtu mwenye ufahamu, bali fimbo ni kwa ajili ya mgongo wa yule asiye na akili.
১৩সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়।
14 Watu wenye hekima hutunza maarifa, bali kinywa cha mpumbavu huleta uharibifu karibu.
১৪জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে।
15 Mali ya mtu tajiri ni mji wake mwenye ngome; ufukara wa masikini ni uharibifu wao.
১৫ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।
16 Mshahara wa watenda haki huelekea kwenye uzima; manufaa ya waovu huelekea dhambini.
১৬সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে।
17 Kuna njia kwenda kwenye uzima kwa yule anayefuata maongozo, bali anayekataa maonyo hupotea.
১৭যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
18 Yeye afichaye chuki anamidomo ya uongo, na yeye anayesambaza kashfa ni mpumbavu.
১৮যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
19 Katika maneno mengi, hapakosi uhalifu, bali aliyemwangalifu katika usemi wake ni mwenye busara.
১৯অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
20 Ulimi wa yule atendaye haki ni fedha safi; kuna thamani ndogo katika moyo wa mbaya.
২০যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
21 Midomo ya yule atendaye haki huwastawisha wengi, bali wapumbavu hufa kwa sababu ya kukosa akili.
২১সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
22 Zawadi njema za Yehova huleta utajiri na haweki maumivu ndani yake.
২২যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
23 Uovu ni mchezo achezao mpumbavu, bali hekima ni furaha kwa mtu mwenye ufahamu.
২৩দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।
24 Hofu ya mwenye uovu humkumba ghafla, bali shauku ya mwenye haki itatimizwa.
২৪দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।
25 Waovu ni kama dhoruba inayopita, na hawapo tena, bali mwenye haki ni msingi unaodumu milele.
২৫দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
26 Kama siki kwenye meno na moshi kwenye macho, ndivyo alivyo mvivu kwa wale waliomtuma.
২৬দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
27 Hofu ya Yehova huongeza maisha, bali miaka ya waovu itakuwa mifupi.
২৭যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।
28 Matumaini ya wale watendao haki ndiyo furaha yao, bali miaka ya waovu itakuwa mifupi.
২৮সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
29 Njia ya Yehova huwalinda wale wenye uadilifu, bali kwa waovu ni uhalibifu.
২৯যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
30 Wale watendao haki hawataondolewa, bali waovu hawatabaki katika nchi.
৩০যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব।
31 Katika kinywa cha wale watendao haki hutoka tunda la hekima, bali ulimi wa kupotosha utakatwa.
৩১যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়; কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব।
32 Midomo ya wale watendao mema huyajua yanayokubalika, bali kinywa cha waovu, huyajua yanayopotosha.
৩২যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।

< Mithali 10 >