< Mathayo 3 >

1 Katika siku zile Yohana Mbatizaji alikuja akihubiri katika nyika ya Yuda akisema,
সেই কালত বাপ্তাইজক যোহন আহি, যিহুদীয়াৰ মৰুপ্রান্তত প্রচাৰ কৰিব ধৰিলে।
2 “Tubuni kwa maana ufalme wa mbinguni u karibu.”
তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
3 Kwa maana huyu ndiye aliyenenwa na nabii Isaya akisema, “sauti ya mtu aitaye kutoka jangwani; 'wekeni tayari njia ya Bwana, yanyoosheni mapito yake.”'
কাৰণ এৱেঁই সেই যোহন, যি জনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে, “মৰুপ্রান্তত এজনৰ উচ্চস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ প্রস্তুত কৰা৷ তেওঁৰ বাট পোন কৰা।”
4 Sasa Yohana alivaa manyoya ya ngamia na mkanda wa ngozi kiunoni mwake. Chakula chake kilikuwa nzige na asali ya mwituni.
যোহনে উটৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰাৰ টঙালি বান্ধিছিল। কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল।
5 Kisha Yerusalemu, Yuda yote, na eneo lote linalozunguka mto Yorodani wakaenda kwake.
সেই সময়ত যিৰূচালেম, সমগ্র যিহুদীয়া আৰু যৰ্দ্দন নদীৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল তেওঁৰ ওচৰলৈ আহিব ধৰিলে।
6 Walikuwa wakibatizwa naye katika mto Yorodani huku wakitubu dhambi zao.
লোক সকলে যেতিয়া নিজৰ নিজৰ পাপ সমূহ স্বীকাৰ কৰিলে, তেতিয়া বাপ্তাইজক যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে।
7 Lakini alipowaona wengi wa mafarisayo na masadukayo wakija kwake kubatizwa, akawaambia, ''Enyi uzao wa nyoka wenye sumu nani aliye waonya kuikimbia ghadhabu inayokuja?
যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
8 Zaeni matunda yaipasayo toba.
মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
9 Na msifikiri na kusemezana miongoni mwenu, 'Tunaye Ibrahimu kama baba yetu.' Kwa kuwa nawaambieni Mungu anaweza kumwinulia Ibrahimu watoto hata kutoka katika mawe haya.
আপোনালোকে নিজৰ মনতে আমাৰ পুৰ্ব্ব পুৰুষ অব্ৰাহাম আছে বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
10 Tayari shoka limekwisha kuwekwa kwenye mzizi wa miti. Kwahiyo kila mti usiozaa matunda mazuri hukatwa na kutupwa kwenye moto.
১০গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়।
11 Ninawabatiza kwa maji kwa ajili ya toba. Lakini yeye ajaye baada yangu ni mkuu kuliko mimi nami sistahili hata kubeba viatu vyake. Yeye atawabatiza kwa Roho Mtakatifu na kwa moto.
১১আপোনালোকে মন-পালটন কৰা বাবে মই আপোনালোকক পানীত বাপ্তিস্ম দিছোঁ, কিন্তু যি জন আহি আছে, তেওঁ মোতকৈও শক্তিশালী; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেওঁ আপোনালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজ কৰিব।
12 Na pepeto lake li mkononi mwake kusafisha kabisa uwanda wake na kuikusanya ngano yake ghalani. Lakini atayachoma makapi kwa moto ambao hauwezi kuzimika.
১২তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”
13 Kisha Yesu akaja kutoka Galilaya mpaka mto Yorodani kubatizwa na Yohana.
১৩সেই সময়ত যীচুৱে বাপ্তিস্ম লবলৈ গালীল প্ৰদেশৰ পৰা যৰ্দ্দন নদীৰ পাৰত থকা বাপ্তাইজক যোহনৰ কাষলৈ আহিল।
14 Lakini Yohana alitaka kumzuia akisema, “Mimi nahitaji kubatizwa na wewe, nawe waja kwangu?''
১৪কিন্তু যোহনে তেওঁক বাধা দি ক’লে, “মইহে আপোনাৰ দ্বাৰা বাপ্তাইজ হোৱা উচিত, এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?”
15 Yesu akajibu akasema, ''Ruhusu iwe hivi sasa, kwa kuwa ndivyo itupasavyo kuitimiza haki yote.'' Kisha Yohana akamruhusu.
১৫কিন্তু যীচুৱে উত্তৰ দি তেওঁক কলে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
16 Baada ya kuwa amebatizwa, mara Yesu alitoka kwenye maji, na tazama, Mbingu zikafunguka kwake. Na alimuona Roho wa Mungu akishuka kwa mfano wa njiwa na kutulia juu yake.
১৬যীচুৱে বাপ্তিস্মলৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত হঠাৎ স্বৰ্গ মুকলি হ’ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে।
17 Tazama, sauti ilitoka mbinguni ikisema, “Huyu ni mwanangu mpendwa. Ninaye pendezwa sana naye.''
১৭তেতিয়া এই আকাশ-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”

< Mathayo 3 >