< Mathayo 17 >

1 Siku sita baadaye Yesu aliwachukua pamoja naye Petro, na Yakobo, na Yohana nduguye, na akawachukua mpaka juu ya mlima mrefu wao wenyewe.
ছয় দিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গ’ল।
2 Alibadilishwa mbele yao. Uso wake ukang'aa kama jua, na nguo zake zilionekana zenye kung'aa kama nuru.
যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল।
3 Tazama, pale walitokea Musa na Eliya wakiongea naye.
তেতিয়া হঠাৎ মোচি আৰু এলিয়াই তেওঁলোকৰ কাষত উপস্থিত হৈ যীচুৰ লগত কথোপকথন কৰিলে।
4 Petro akajibu na kumwambia Yesu, “Bwana, ni vema kwetu sisi kuwepo mahali hapa. Kama ukitamani, nitajenga hapa vibanda vitatu - kimoja chako, na kimoja kwa ajili ya Musa, na kimoja kwa ajili ya Eliya.”
তাতে পিতৰে মাত লগাই যীচুক ক’লে, “প্ৰভু, ভালেই হৈছে যে, আমি ইয়াত আছোঁ৷ আপোনাৰ ইচ্ছা হ’লে, মই ইয়াত তিনিটা পঁজা সাজিম - এটা আপোনাৰ, এটা মোচিৰ আৰু এটা এলিয়াৰ কাৰণে।”
5 Wakati anaongea, tazama wingu jeupe likawatia kivuli, na tazama, ikatokea sauti toka kwenye wingu, ikisema, “Huyu ni Mwanangu mpendwa ninayependezwa naye. Msikilizeni yeye.”
তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।”
6 Wanafunzi waliposikia hayo, wakaanguka kifudifudi na wakaogopa sana.
এই কথা শুনি শিষ্য সকলে অতিশয় ভয় পাই মাটিত উবুৰি খাই পৰিল।
7 Kisha Yesu akaja akawagusa na kusema, “Inukeni wala msiogope.”
তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক র্স্পশ কৰি ক’লে, “উঠা, ভয় নকৰিবা।”
8 Nao wakainua nyuso zao juu lakini hawakumwona mtu isipokuwa Yesu pekee.
তাৰ পাছত তেওঁলোকে চকু তুলি চাই যীচুৰ বাহিৰে আন কাকো দেখা নাপালে।
9 Na walipokuwa wakishuka mlimani, Yesu akawaagiza, akasema, “Msitoe habari ya maono hayo mpaka Mwana wa Adamu atakapofufuka kutoka katika wafu.”
পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহি থাকোতে, যীচুৱে তেওঁলোকক আজ্ঞা দি ক’লে, “মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা উত্থান নোহোৱা পর্যন্ত তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।”
10 Wanafunzi wake wakamwuliza, wakisema, “Ni kwanini waandishi wanasema kuwa Eliya atakuja kwanza?
১০তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “তেনেহলে এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
11 Yesu akawajibu na kusema, “Eliya atakuja kweli na atarudisha mambo yote.
১১তেওঁ উত্তৰ দি ক’লে, “এলিয়া অৱশ্যেই আহিব আৰু তেওঁ সকলো পুনঃস্থাপন কৰিব৷
12 Lakini naawaambieni ninyi, Eliya amekwisha kuja, lakini hawakumtambua. Badala yake, walimfanyia mambo watakayo wao. Na hivyo ndivyo Mwana wa Adamu atakavyoteswa katika mikono yao.”
১২কিন্তু মই তোমালোকক কওঁ, এলিয়া ইতিমধ্যেই আহি গ’ল আৰু লোক সকলে তেওঁক চিনি নাপালে; লোক সকলে তেওঁৰ প্ৰতি যি ইচ্ছা তাকে কৰিলে। এইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখভোগ কৰিব লাগিব।”
13 Ndipo wanafunzi wakatambua kuwa alikuwa akiongea habari za Yohana Mbatizaji.
১৩তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ বাপ্তিস্ম দিয়া যোহনৰ বিষয়ে তেওঁলোকক কৈ আছে।
14 Walipofika katika umati wa watu, mtu mmoja alimwendea, akapiga magoti mbele zake, na kumwambia,
১৪যীচু আৰু তেওঁৰ শিষ্য সকল যেতিয়া লোক সকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীচুৰ ওচৰলৈ আহি, তেওঁৰ আগত আঁঠুকাঢ়ি ক’লে,
15 “Bwana, umhurumie mwanangu, maana amekuwa na kifafa na kuteseka sana. Kwa kuwa mara nyingi huanguka motoni au kwenye maji.
১৫“হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷
16 Nilimleta kwa wanafunzi wako, lakini hawakuweza kumponya.
১৬মই আপোনাৰ শিষ্য সকলৰ ওচৰলৈ আনিছিলো, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে।”
17 Yesu akajibu akisema, “Enyi Kizazi kisichoamini na kilichoharibika, nitakaa pamoja nanyi mpaka lini? Nitavumiliana nanyi hata lini? Mlete hapa kwangu.”
১৭তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ; আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম? কিমান দিন নো মই তোমালোকক সহিম? লৰাটিক মোৰ ওচৰলৈ আনা।”
18 Yesu alimkemea, na pepo akamtoka. Kijana aliponywa tangu saa ile.
১৮তেতিয়া যীচুৱে সেই ভূতৰ আত্মাক ডবিয়াই দিয়াত, সি লৰাটোৰ পৰা ওলাই গ’ল আৰু সেই মুহুৰ্তৰে পৰা ল’ৰাটো সুস্থ হ’ল।
19 Kisha wanafunzi wakamjia Yesu kwa siri na kumwuliza, “Kwanini hatukuweza kumfukuza?”
১৯তাৰ পাছত শিষ্য সকলে নিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, “আমি নো তাক কিয় খেদাব নোৱাৰিলো?”
20 Yesu akawaambia, “Kwa sababu ya imani yenu ndogo. Kweli nawaambieni, kama mtakuwa na imani hata ndogo kama punje ya mbegu ya haradali, mtaweza kuuambia mlima huu, hama kutoka hapa uende kule, nao utahama na hakutakuwa na kitu chochote cha kushindikana kwenu.
২০যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহলে এই পৰ্বতটোক যদি তোমালোকে কোৱা ‘ইয়াৰ পৰা তালৈ যা’ তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।
21 (Zingatia: Maneno ya msitari wa 21 “Lakini, aina hii ya pepo haiwezekani kutoka, ila kwa maombi na Kufunga” hayaonekani katika nakala bora za kale).
২১প্ৰাৰ্থনা আৰু লঘোনৰ বিনে এই ধৰণৰ দুষ্ট আত্মা কোনোমতে বাহিৰ নহয়।”
22 Wakati wakiwa bado Galilaya, Yesu akawaambia Wanafunzi wake, “Mwana wa Adamu atatiwa mikononi mwa watu.
২২পাছত যীচু আৰু তেওঁৰ শিষ্য সকল গালীল প্ৰদেশত থকা সময়ত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মানুহৰ পুত্ৰক লোক সকলৰ হাতত শোধাই দিয়া হব৷
23 Na watamwua, na siku ya tatu atafufuka.” Wanafunzi walihuzunika sana.
২৩লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জীয়াই উঠিব৷” এই কথা শুনি শিষ্য সকল অতি দুঃখিত হ’ল৷
24 Nao walipofika Kapenaumu, watu wakusanyao kodi ya nusu shekeli wakamwendea Petro na kusema, “Je mwalimu wenu hulipa kodi ya nusu shekeli?”
২৪যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ’ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে, “তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?”
25 Akasema, “Ndiyo” Lakini Petro alipoingia ndani ya nyumba, Yesu akaongea na Petro kwanza na kusema, “Unafikiria nini Simon? Wafalme wa dunia, hupokea kodi au ushuru kutoka nani? Kwa wale wanaowatawa kutoka kwa wageni?
২৫তেওঁ ক’লে “দিয়ে৷” ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক ক’লে, “চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?”
26 Na wakati Petro aliposema, “Kutoka kwa wageni” Yesu akamwambia, hivyo watawaliwa wameondolewa katika ulipaji.
২৬পিতৰে ক’লে “বিদেশী সকলৰ পৰা”, যীচুৱে তেওঁক ক’লে, “তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত।
27 Lakini tusije tukawafanya watoza ushuru wakatenda dhambi, nenda baharini, tupa ndoano, na umtwae yule samaki ajaye kwanza. Baada ya kuufungua mdomo wake, utakuta mle shekeli moja. Ichukue na uwape watoza ushuru kwa ajili yangu na wewe.
২৭তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপপাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”

< Mathayo 17 >