< Marko 3 >
1 Na tena aliingia ndani ya sinagogi na mle palikuwa na mtu mwenye mkono uliopooza.
১তাৰ পাছত যীচু পুনৰ নাম-ঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল।
2 Baadhi ya watu walikuwa wakimfuatilia kwa ukaribu kuona kama atamponya siku ya Sabato ili kwamba wamshitaki.
২বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল।
3 Yesu alimwambia mtu mwenye mkono uliopooza, “Inuka na usimame katikati ya umati huu.”
৩তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক ক’লে, “উঠা, আৰু সকলোৰে মাজত থিয় হোৱা”।
4 Kisha akawaambia watu, “Je ni halali kutenda tendo jema siku ya Sabato au kutenda yasiyo haki; kuokoa maisha, au kuua?” Lakini walibaki kimya.
৪তাৰ পাছত তেওঁ লোক সকলক সুধিলে, “বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰ-বধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়”? কিন্তু তেওঁলোক মনে মনে থাকিল।
5 Akawaangalia kwa hasira, akihuzunika kwa sababu ya ugumu wa mioyo yao, na akamwambia yule mtu, “Nyoosha mkono wako”. Akaunyoosha na Yesu akamponya mkono wake.
৫তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া”। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।
6 Mafarisayo wakaenda nje na mara wakafanya njama pamoja na Maherode dhidi yake ili kumuua.
৬তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।
7 Kisha Yesu, pamoja na wanafunzi wake, walienda baharini, na umati mkubwa wa watu uliwafuata ukitokea Galilaya na Uyahudi
৭তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গ’ল; তেতিয়া গালীল আৰু যিহুদীয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে;
8 na kutoka Yerusalemu na kutoka Idumaya na mbele ya Yorodani na jirani ya Tiro na Sidoni, umati mkubwa, uliposikia kila kitu alichokuwa anakifanya, walikuja kwake.
৮আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চীদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।
9 Na aliwaambia wanafunzi wake kuandaa mtubwi mdongo kwa ajili yake kwa sababu ya umati, ili kwamba wasije wakamsonga.
৯তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে।
10 Kwa kuwa aliponya wengi, ili kila mtu aliyekuwa na mateso alikuwa na shauku ya kumfikia ili amguse.
১০কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল।
11 Popote roho wachafu walipomwona, walianguka chini mbele yake na kulia, na walisema, “Wewe ni Mwana wa Mungu”.
১১আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ’।
12 Aliwaamuru kwa msisitizo wasifanye ajulikane.
১২কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ সাৱধান কৰি দিলে।
13 Alienda juu ya mlima, na akawaita aliowataka, na wakaenda kwake.
১৩পাছে তেওঁ পৰ্বতত উঠি, যি সকলক তেওঁ ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল।
14 Akawachagua kumi na wawili (aliowaita mitume), ili kwamba wawe pamoja naye na aweze kuwatuma kuhubiri,
১৪তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে,
15 na kuwa na mamlaka ya kutoa mapepo.
১৫আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷
16 Na akawachagua kumi na wawili: Simoni, aliyempa jina la Petro,
১৬তেওঁ যি বাৰ জনক নিযুক্ত কৰিলে, সেই কেইজন হ’ল- চিমোন, যি জনক তেওঁ পিতৰ নাম দিছিল৷
17 Yakobo mwana wa Zebedayo, na Yohana ndugu yake Yakobo, aliyepewa jina la Bonagesi, hao ni, wana wa ngurumo,
১৭চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে);
18 na Andrea, Filipo, Bartholomayo, Mathayo, Tomaso, Yakobo mwana wa Alfayo, Thadayo, Simoni Mkananayo,
১৮আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক যাকোব, থদ্দেয়, জাতীয়তাবাদী চিমোন,
19 na Yuda Iskariote, ambaye atamsaliti.
১৯আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা।
20 Kisha alienda nyumbani, na umati wa watu wakaja pamoja tena, hata wasiweze kula hata mkate.
২০পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে।
21 Familia yake waliposikia habari hiyo, walienda kumkamata, kwani walisema, “Amerukwa na akili”.
২১তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।
22 Waandishi waliokuja kutoka Yerusalemu walisema, “Amepagawa na Beelzebuli,” na, “Kwa mtawala wa mapepo anatoa mapepo”.
২২আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে ক’লে, “তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়৷”
23 Yesu aliwaita kwake na kusema nao kwa mifano, “Jinsi gani Shetani aweza kumtoa Shetani?
২৩তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক’লে, “চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে?
24 Kama ufalme ukigawanyika wenyewe, ufalme huo hauwezi kusimama.
২৪যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে।
25 Kama nyumba ikigawanyika yenyewe, nyumba hiyo haiwezi kusimama.
২৫আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।
26 Kama Shetani atainuka kinyume chake mwenyewe na kugawanyika, hawezi kusimama, na atakuwa amefika mwisho wake.
২৬চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব।
27 Lakini hakuna hata mmoja awezaye kuingia ndani ya nyumba ya mtu mwenye nguvu na kuiba vitu vyake bila kumfunga mwenye nguvu kwanza, na kisha kukusanya kilichomo nyumbani.
২৭বলৱানজনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷
28 Kweli nawambieni, dhambi zote za wana wa watu zitasamehewa, pamoja na kufuru ambazo wanatamka,
২৮মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়;
29 lakini yeyote atakaye mkufuru Roho Mtakatifu hatasamehewa kamwe, bali ana hatia ya dhambi ya milele”. (aiōn , aiōnios )
২৯কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহ’ব; সি অনন্ত পাপৰ অধিকাৰী”। (aiōn , aiōnios )
30 Yesu alilisema hili kwa sababu walikuwa wakisema, “Ana roho chafu”.
৩০যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, “তেওঁৰ গাত অশুচি আত্মা আছে৷”
31 Kisha mama yake na ndugu zake walikuja na kusimama nje. Wakamtuma mtu, kumwita.
৩১এনেতে তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে।
32 Na umati wa watu uliokuwa umekaa karibu naye wakamwambia, “mama yako na ndugu zako wako nje, na wanakutafuta wewe”.
৩২তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে”।
33 Aliwajibu, “Ni nani mama yangu na ndugu zangu?”
৩৩তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “মোৰ আই আৰু মোৰ ভাই সকল কোন”?
34 Aliwaangalia waliokuwa wamekaa wamemzunguka, na akasema, “Tazama, hawa ni mama zangu na ndugu zangu!
৩৪পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;
35 Yeyote afanyaye mapenzi ya Mungu, mtu huyo ni ndugu yangu, na dada yangu, na mama yangu”.
৩৫কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইয়ো হয়৷”