< Mambo ya Walawi 27 >
1 Yahweh akazungumza na Musa na akasema,
১আৰু এইদৰে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
2 “Zungumza na watu wa Israeli na uwaambie, 'Iwapo mtu yeyote anatoa kiapo maalum cha kuwa mnathiri kwa Yahweh, tumieni tathmini zifuatazo:
২“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমাৰ নিৰূপিত মূল্য অনুসাৰে যদি কোনোৱে যিহোৱাৰ উদ্দেশ্যে মানুহে দিয়া সঙ্কল্প সিদ্ধ কৰিব খোজে, তলত উল্লেখ কৰা মূল্যৰ ব্যৱহাৰ কৰা।
3 Viwango vyenu vya thamani kwa mwanaume aliye na umri kati ya miaka ishirini na miaka sitini yaweza kuwa shekeli hamsini za fedha, kulingana na vipimo vya shekeli ya mahali pa patakatifu.
৩তেন্তে বিশ বছৰতকৈ অধিক আৰু ষাঠি বছৰতকৈ কম বয়স হোৱা পুৰুষৰ কাৰণে হ’লে, পবিত্ৰ স্থানৰ চেকল অনুসাৰে তোমাৰ নিৰূপিত মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
4 Kwa mwanamke wa umri uleule viwango vyenu vya thamani yapasa viwe shekeli thelathini vya fedha.
৪কিন্তু স্ত্ৰীৰ বাবে হ’লে, তোমাৰ নিৰূপিত মূল্য ত্ৰিশ চেকল হ’ব।
5 Tangu wenye umri wa miaka mitano mpaka wa miaka ishirini viwango vyenu vya thamani kwa mwananume vitakuwa shekeli ishirini za fedha, na kwa mwanamke ni shekeli kumi za fedha,
৫আৰু যদি পাঁচ বছৰতকৈ অধিক আৰু বিশ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য বিশ চেকল হ’ব আৰু স্ত্রীৰ বাবে দহ চেকল হ’ব।
6 Kwa wenye umri wa tangu mwezi mmoja mpaka miaka mitano viwango vyenu vya thamani kwa mawanaume vitakuwa shekeli tano za fedha na kwa mwanamke shekeli tatu za fedha.
৬আৰু যদি এমাহতকৈ অধিক আৰু পাঁচ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে ল’ৰাৰ বাবে তোমাৰ নিৰূপিত মূল্য পাঁচ চেকল হ’ব আৰু ছোৱালীৰ বাবে তিনি চেকল ৰূপ হ’ব।
7 Tangu wenye umri wa miaka sitini na zaidi kwa mwanaume viwango vyenu vya thamani vitakuwa shekeli kumi na tano, na kwa mwanamke ni shekeli kumi.
৭আৰু যদি ষাঠি বছৰ ও তাতকৈ অধিক বয়সীয়া হয়, তেনেহলে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য পোন্ধৰ চেকল আৰু স্ত্ৰীৰ বাবে দহ চেকল ৰূপ হ’ব।
8 Lakini kama mtu atoaye kiapo cha mnadhiri hawezi kulipa kiwango hicho cha thamani, kisha huyo mtu anayetolewa lazima atapelekwa kwa kuhani, naye kuhani atamthamanisha huyo atolewaye kwa kiasi anachoweza kutoa yule anayetoa kiapo cha mnadhiri.
৮কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব; সঙ্কল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব।
9 Iwapo mtu anataka kutoa sadaka ya mnyama kwa Yahweh, na iwapo Yahweh ataikubali, kisha huyo mnyama atatengwa kwake.
৯আৰু যদি যিহোৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহোৱাৰ দৃষ্টিত গ্রহণযোগ্য হয়, তেন্তে সেই পশু সম্পূর্ণৰূপে তেওঁৰ হ’ব।
10 Mtu huyo hataruhusiwa kumtoa madhabahuni au kumbadilisha huyo mnyama, mzuri kwa mbaya au mbaya kwa mzuri. endapo atatoa mnyama badala ya mwingine, kisha wanyama hao wawili; yule anayetolewa na yule anayebadilishwa wanakuwa watakatifu.
১০তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব।
11 Hata hivyo, iwapo kile mtu amishaapa kumtolea Yahweh kwa uhalisia siyo kisafi, kwa hiyo, Yahweh hatakikubali, naye huyo mtu atalazimika kumleta huyo mnyama kwa kuhani.
১১আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব।
12 Kuhani atamthamanisha, kwa thamani ya soko la mnyama. Thamani yoyote kuhani atakayoiweka juu ya mnyama, hiyo ndiyo itakuwa thamani yake.
১২সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
13 Na kama mmiliki anapenda kumkomboa, kisha tano ya thamani yake itaongezwa kwenye gharama yake ya ukombozi.
১৩গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
14 Mtu aitengapo nyumba yake iwe zawadi takatifu kwa Yahweh, kisha kuhani ataweka thamani yake ama iwe ni nzuri au mbaya. Thamani yoyote itakayowekwa na kuhani juu yake, ndiyo itakuwa thamani yake.
১৪আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
15 Lakini kama mmiliki wake anayeitenga nyumba yake anapenda kuikomboa, atalazimika kuongeza sehemu ya tano ya thamani yake kwenye gharama ya ukombozi wake, nayo nyumba itakuwa yake.
১৫আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব।
16 Iwapo mtu anatenga sehemu ya ardhi yake mwenye, kisha tathmini yake itakuwa katika uwiano kwa kiwango cha kiasi cha mbegu inayotakiwa kuipanda katika ardhi hiyo—homeri moja ya mbegu za shairi ambayo itathamanishwa kwa shekeli hamsini za fedha.
১৬আৰু যদি কোনোৱে নিজৰ আধিপত্যৰ মাটি কোনো এভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত সিচাঁ কঠিয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হব। এক হোমৰ যৱ সিঁচিবা পৰা মাটিৰ মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
17 Na kama analitenga shamba lake katika mwaka wa Yubile, tathmini yake ya awali itabaki kuwa ileile.
১৭যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব।
18 Lakini endapo atalitenga shamba hilo baada ya mwaka wa Yubile, kisha kuhani atalazimika kukokotoa thamani yake kwa idadi ya miaka inayobaki mpaka mwaka wa Yubile, na thamani yake lazima ishushwe.
১৮আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।
19 Iwapo mtu anayelitenga shamba lake anapenda kuliko, mboa, naye atalazimika kuongeza sehemu ya tano kwenye thamani, nalo shamba litakuwa lake tena.
১৯আৰু যদি সেই মাটি পবিত্ৰ কৰাজনে কোনো ৰূপে তাক মুকলি কৰিব খোজে তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব, তাতে সেইয়ে তেওঁৰ নিজৰ হ’ব।
20 Iwapo halikomboi shamba, au iwapo amishaliuza shamba kwa mtu mwingine, haliwezi kukombolewa tena.
২০কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মোকলোৱা নাযাব।
21 Badala yake, shamba hilo litakapoachwa huru katika mwaka wa Yubile, litakuwa zawadi takatifu kwa Yahweh, kama lilivyo shamba lililotolewa kabisa kwa Yahweh. Nalo litakuwa mali ya kuhani.
২১কিন্তু সেই মাটি যোৱেল বছৰত মুকলি হৈ, বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব।
22 Iwapo mtu anatenga shamba alilolinunua, lakini hilo shamba siyo sehemu ya ardhi ya familia yake,
২২আৰু যদি কোনোৱে নিজৰ পৈত্রিক ভুমিৰ বাহিৰে নিজে কিনি লোৱা মাটি এডোখৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰে,
23 kuhani atafanya tathmini yake mpaka mwaka wa Yubile, na mtu huyo lazima atalipa thamani yake katika siku hiyo hiyo kuwa zawadi takatifu kwa Yahweh.
২৩তেন্তে যোৱেল বছৰলৈকে তুমি নিৰূপণ কৰা মূল্য পুৰোহিতে তাক হিচাপ কৰা দিব; তেওঁ সেই দিনাই, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হোৱা বস্তুৰূপে তোমাৰ নিৰূপিত মূল্য দিব।
24 Katika mwaka wa Yubile, shamba litarejeshwa kwa mtu yule ambaye lilikuwa limenunuliwa, kwa mmiliki wa ardhi.
২৪সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ, সেই মাটিৰ যাৰ স্বত্ত্ব আছিল, তেওঁৱেই যোৱেল বছৰত তাক পুনৰায় পাব।
25 Tathmani yote lazima ifanywe kwa uzani wa shekeli ya mahali pa patakatifu. Gera ishirini kwa shekeli moja.
২৫আৰু তুমি নিৰূপণ কৰা আটাই মূল্য পবিত্ৰ স্থান চেকল অনুসাৰে হব; বিশ গেৰাই এক চেকল হয়।
26 Asiwepo mtu atakayetenga mzaliwa wa kwanza miongoni mwa wanyama, kwa kuwa wazaliwa wote wa kwanza wa wanyama tayari ni mali ya Yahweh; iwe ni maksai au kondoo, ni wa Yahweh.
২৬তথাপি প্ৰথমে জগা বুলি যি পশু যিহোৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব; গৰু, মেৰ, বা ছাগলী হওক, সেয়ে যিহোৱাৰেই।
27 Na kama ni mnyama aliye najisi, kisha mmiliki wake anaweza kumnunua tena sawasawa na thamani yake, na sehemu ya tano lazima itaongezwa kwenye thamani hiyo. Na kama mnyama hakombolewi, naye atauzwa kwa thamani iliyowekwa.
২৭যদি সেই পশু অশুচি পশু হয়, তেন্তে উৎসৰ্গ কৰা জনে নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছলৈ দি তাক মোকলাব পাৰে। মোকলোৱা নহ’লে, নিৰূপণ কৰা মূল্যত তাক বেচা যাব।
28 Hakutakuwa na kitu amabacho mtu anakitoa kwa Yahweh, kutoka katika vyote alivyonavyo, iwe ni mwanadamu au mnyama, au ardhi ya familia yake, ambacho chaweza kuuzwa au kukombolewa. Kila kitu kitolewacho ni kitakatifu sana kwa Yahweh.
২৮তথাপি মানুহ বা পশু হওক বা নিজ আধিপত্যৰ মাটিয়েই হওক, যি কোনো মানুহে নিজৰ সৰ্ব্বস্বৰ পৰা যিহোৱাৰ উদ্দেশ্যে বৰ্জিত কৰি দিয়ে, সেই বৰ্জিত বস্তু বেচা মোকলোৱা নাযাব; প্ৰত্যেক বৰ্জিত বস্তু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
29 Hakuna fidia inayoweza kulipwa kwa ajili ya mtu aliyetolewa ili kuangamizwa. Mtu huyo sharti auawe
২৯মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব; নিশ্চয়ে তেওঁক বধ কৰা হ’ব।
30 Zaka yote iliyo ya ardhini, iwe nafaka ichipukayo juu ya ardhi au tunda kutoka kwenye miti, ni mali ya Yahweh. Ni takatifu kwa Yahweh.
৩০আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
31 Iwapo mtu anakomboa chochote cha zaka yake, atalazimika kuongeza sehemu ya tano kwenye thamani yake.
৩১আৰু যদি কোনোৱে নিজৰ দশম ভাগৰ কিছু মোকলাব খোজে, তেন্তে তেওঁ তাৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
32 Na kwa kila mnyama wa kumi wa kundi la ng'ombe au la kondoo, yeyote anayepita chini ya fimbo ya mchungaji, atatengwa kwa ajili ya Yahweh.
৩২আৰু গৰু বা মেৰ বা ছাগলীৰ জাকৰ আটাই দশমভাগ, লাখুটিৰ তলেদি যোৱা সকলৰ দশমভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
33 Mchungaji hatatafuta wanyma waliobora au wabaya kabisa, na haruhusiwi kubadili mnyama mmoja kwa mnyama mwingine. Iwapo anambadilisha kwa namna yoyote ile, kisha wote wawili yule wa kwanza na huyo aliyebadiliwa watakuwa watakatifu. Mnyama huyo atolewaye hawezi kukombolewa.'”
৩৩তাৰ ভাল বেয়া বিচাৰ নকৰিব আৰু তাক নসলাব। কিন্তু যদি তেওঁ কোনো প্ৰকাৰে তাক সলায়, তেন্তে সেইটো আৰু সলনি দিয়াটো দুয়োটাও পবিত্ৰ হ’ব। তাক মোকলোৱা নাযাব’।”
34 Hizi ndizo amri ambazo Yahweh alimpa Musa kwenye mlima Sinai kwa ajili ya watu wa Israeli.
৩৪এইবোৰ আজ্ঞাই ইস্ৰায়েলৰ সন্তান সকলৰ বাবে যিহোৱাই চীনয় পৰ্ব্বতত মোচিক দিছিল।