< Yoshua 3 >

1 Yoshua aliamka asubuhi na mapema, nao walisafiri kutoka Shitimu. Walifika Yordani, yeye na watu wote wa Israeli, na wakapiga kambi hapo kabla hawajavuka ng'ambo.
পাছদিনা অতি ৰাতিপুৱাতে যিহোচূৱা উঠিল, আৰু তেওঁলোক আটায়ে চিটীমৰ পৰা যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ আৰু আটাই ইস্ৰায়েলী লোক যৰ্দ্দন নদীৰ পাৰলৈ আহিল আৰু নদী পাৰ হোৱাৰ আগতে, তেওঁলোকে তাতে শিৱিৰ পাতি থাকিল৷
2 Baada ya siku tatu, maafisa walienda katika kambi, wakawaagiza watu,
তিন দিনৰ পাছত বিষয়াসকলে শিবিৰৰ মাজেদি গ’ল;
3 “Mtakapoona sanduku la agano la Yahweh Mungu wenu, na makuhani kutoka miongoni mwa Walawi wamelibeba, ni lazima muondoke sehemu hii na kulifuata.
আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।
4 Lazima kuwe na umbali wa dhiraa elfu moja kati yenu na sanduku. Msilisogelee karibu, ili muweze kuiona njia ya kupitia, kwakuwa hamjawahi kupita njia hii kabla.
তথাপি তোমালোকৰ মাজত ব্যৱধান থাকিব লাগিব আৰু এই ব্যৱধান তোমালোকৰ মাজত প্ৰায় দুই হাজাৰ হাত পৰিমাণৰ ঠাই হ’ব লাগিব। তোমালোকে যাব লগা পথ দেখা পাবলৈ তাৰ ওচৰে ওচৰে নাযাবা, কিয়নো তোমালোকে আগতে কেতিয়াও সেই বাটেদি যোৱা নাই।”
5 Yoshua akawaambia watu, “Jitakaseni ninyi wenyewe keso, kwa kuwa Yahweh atafanya maajabu miongoni mwenu.”
তাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে নিজকে পবিত্ৰ কৰা; কিয়নো কাইলৈ যিহোৱাই তোমালোকৰ মাজত আচৰিত কৰ্ম কৰিব।”
6 Kisha Yoshua akawaambia makuhani, “Chukueni sanduku la agano, na kulipitisha mbele za watu.” Hivyo, wakalichukua sanduku la agano na wakaenda mbele za watu.
পাছত যিহোচূৱাই পুৰোহিতসকলক ক’লে, “তোমালোকে নিয়ম-চন্দুক তুলি লোৱা আৰু লোকসকলৰ আগে আগে যোৱা।” তেতিয়া তেওঁলোকে নিয়ম-চন্দুক তুলি ল’লে আৰু লোকসকলৰ আগে আগে যাবলৈ ধৰিলে।
7 Yahweh akamwambia Yoshua, “Siku hii nitakufanya kuwa mtu mkubwa katika macho ya Waisraeli wote. Watajua kuwa kama nilivyokuwa na Musa ndivyo nitakavyokuwa pamoja na wewe.
যিহোৱাই যিহোচূৱাক ক’লে, “মই মোচিৰ লগত থকাৰ দৰে তোমাৰ লগতো যে আছোঁ, ইয়াক গোটেই ইস্ৰায়েলে জানিবৰ বাবে, মই আজি তেওঁলোকৰ দৃষ্টিত তোমাক গৌৰৱান্বিত কৰিম।
8 Utawaamuru makuhani ambao hulibeba sanduku la agano, 'Mtakapofika katika ukingo wa maji ya Yordani, ni lazima msimame katika Mto Yordani.'”
তুমি নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক এই আজ্ঞা কৰা যে, ‘যেতিয়া তোমালোকে গৈ যৰ্দ্দনৰ পানীৰ দাঁতি পাবা, তেতিয়া যৰ্দ্দন নদীত তোমালোকে ৰৈ থাকিবা’।”
9 Kisha Yoshu akawaambia watu wa Israeli, “Njooni hapa na msikilize maneno ya Yahweh Mungu wenu.
তেতিয়া যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “তোমোলোকে ইয়ালৈ আহি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য শুনা।
10 Kwa hili mtajua kwamba Mungu aliye hai yuko miongoni mwenu na kwamba atawaondosha mbele yenu Wakanaani, Wahiti, Wahivi, Waperizi, Wagrigashi, Waamori na Wayebusi.
১০জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।
11 Tazama! Sanduku la agano la Bwana wa nchi yote litavuka mbele yenu katika Yordani.
১১চোৱা! সমুদায় পৃথিবীৰ প্ৰভুৰ নিয়ম-চন্দুক তোমোলোকৰ সন্মুখেৰে যৰ্দ্দন পাৰ হৈ যাব।
12 Sasa chagueni wanaume kumi na wawili kutoka katika makabila ya Israeli, mmoja katika kila kabila.
১২এই হেতুকে তোমালোকে এতিয়া ইস্ৰায়েলৰ এক এক ফৈদৰ পৰা এজনকৈ লোকক ল’বা; এইদৰে বাৰ ফৈদৰ পৰা বাৰ জনক নির্বাচন কৰি লোৱা।
13 Wakati nyayo za miguu ya makuhani walichukualo sanduku la Yahweh, Bwana wa nchi yote, zitakapogusa maji ya Yordani, maji ya Yordani yatatindika, na hata maji yatiririkayo kutoka juu yatakoma kutiririka nayo yatasimama kama chuguu.
১৩সমুদায় পৃথিবীৰ প্ৰভু যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে নিজ ভৰিৰ পতা যৰ্দ্দন নদীৰ পানীত দিয়াৰ পাছতে যর্দ্দনৰ যি পানী ওপৰৰ পৰা বৈ আহিছে, সেই পানীবোৰ দ’ম খাই ৰ’ব।”
14 Hivyo wakati watu walipotoka ili kuvuka Yordani, makuhani waliobeba sanduku la agano waende mbele ya watu.
১৪পাছত নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল লোকসকলৰ আগে আগে গ’ল আৰু লোকসকল যৰ্দ্দন পাৰ হ’বৰ কাৰণে নিজ নিজ তম্বুৰ পৰা ওলাই আহিল;
15 Mara tu wale walichukuao sanduku wakiisha kufika Yordani, na miguu ya watu wale waliobeba sanduku itakapotiwa katika ukingo wa maji (maana sasa Yordani hujaa hadi katika kingo zake zote katika kipindi chote cha mavuno),
১৫পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়),
16 maji yote yaliyotiririka kutoka juu yalisimama katika chuguu kimoja. Maji yakakoma kutiririka kutoka katika umbali mrefu. Maji yaliacha kutiririka kutoka Adam, mji ulio karibu na Zarethani, hadi bahari ya Negevu, Bahari ya Chumvi. Na watu walivuka ng'ambo karibu na Yeriko.
১৬ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰৈত থকা চৰ্তনৰ ওচৰৰ আদম নগৰৰ কাষত দ’ম বান্ধি ৰ’ল আৰু আৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈ বৈ যোৱা জল সমূহ বৈ গৈ সম্পূর্ণৰূপে নাইকিয়া হ’ল; তেতিয়া লোকসকলে যিৰীহোৰ সন্মুখেৰে পাৰ হৈ গ’ল।
17 Makuhani waliolibeba sanduku la agano la Yahweh walisimama katika nchi kavu katikati ya Yordani mpaka watu wote wa Israeli walipokwisha kuvuka katika nchi kavu.
১৭আৰু গোটেই ইস্ৰায়েল জাতিয়ে পাৰ হৈ নোযোৱালৈকে, যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল যৰ্দ্দনৰ মাজত শুকান ভুমিত থিৰে থিয় হৈ থাকিল আৰু গোটেই ইস্ৰায়েলে শুকান ভুমিয়েদি পাৰ হৈ গ’ল।

< Yoshua 3 >