< Yoshua 2 >

1 Kisha Yoshua mwana wa Nuni aliwatuma watu wawili kwa siri kama wapelelezi kutoka Shitimu. Akisema, “Nendeni mkaiangalie nchi, hasa Yeriko.” Walienda na wakafika katika nyumba ya kahaba ambaye jina lake ni Rahabu, na wakalala hapo.
তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷
2 Mfalme wa Yeriko aliambiwa, “Tazama watu wa Israeli wamekuja kuipeleleza nchi.”
কিন্তু কোনো লোকে গৈ যিৰীহোৰ ৰজাক ক’লে, “চাওঁক, দেশৰ বুজ-বিচাৰ ল’বৰ অৰ্থে ইস্ৰায়েলৰ সন্তান সকলৰ কেইজনমান লোক এই ঠাইলৈ আহিছে।”
3 Mfalme akatuma neno kwa Rahabu kusema, “Watoe watu waliokuja kwako ambao wameingia nyumbani mwako, kwa kuwa wamekuja kuipeleleza nchi yote.”
তেতিয়া যিৰীহোৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে বোলে, “তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে; কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে৷”
4 Lakini mwanamke alikuwa amekwisha kuwachukua wale watu wawili na kuwaficha. Na akasema, “Ndiyo, watu walikuja kwangu, lakini sikujua walikotoka.
কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷
5 Ilipokuwa jioni wakati wa kufungwa kwa lango la mji, waliondoka. Sijui mahali walikoelekea. Mnaweza kuwakamata kama mtawafuata upesi.
সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।”
6 Lakini yeye aliwapandisha juu darini na kuwaficha kwa mabua ya kitani ambayo alikuwa ameyalaza darini.
কিন্তু তাই তেওঁলোকক ঘৰৰ চালৰ ওপৰলৈ নিলে আৰু চালৰ ওপৰত ৰীতিমতে মেলি দিয়া শণঠাৰিবোৰেৰে তেওঁলোকক লুকুৱাই হ’ল।
7 Hivyo, watu waliwafuatilia njiani iliyoeleka katika vivuko vya Yordani. Na milango ilifungwa mara tu baada ya wale watu waliofuata kutoka nje.
তাৰ পাছত মানুহবোৰে যৰ্দ্দন নদীৰ পাৰ-ঘাটলৈ যোৱা বাটেদি তেওঁলোকৰ পাছে পাছে খেদি গ’ল আৰু খেদি যোৱা লোক বাহিৰ হোৱা মাত্ৰকে নগৰৰ দুৱাৰ বন্ধ কৰা হ’ল।
8 Wale wanaume walikuwa hajalala usiku, wakati alipowaendea kule darini.
পাছত তেওঁলোক নৌ শোওঁতেই তাই চালৰ ওপৰত থৈ অহা সেই লোকসকলৰ ওচৰলৈ গ’ল,
9 Akawaambia, “Ninajua kwamba Yahweh amewapa ninyi nchi na kwamba hofu juu yenu imetuingia. Watu wote wanaoishi katika nchi watayeyuka mbele yenu.
আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
10 Tumesikia jinsi ambavyo Yahweh alivyokausha maji ya Bahari ya Mianzi kwa ajili yenu wakati mkitoka Misri. Na tumesikia mlichokifanya kwa wafalme wawili wa Waamori walioko upande mwingine wa Yordani - Sihoni na Ogu - ambao mmewaangamiza kabisa.
১০আমি শুনিবলৈ পাইছোঁ যে, তোমালোকে মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে, তোমালোকে যৰ্দ্দনৰ সিটো পাৰত থকা ইমোৰীয়াসকলৰ চীহোন আৰু ওগ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিঃশেষে বিনষ্ট কৰিছিলা।
11 Mara tu tuliposikia, mioyo yetu iliyeyuka na hapakuwa na ujasiri wowote uliosalia kwa mtu yeyote - kwa kuwa Yahweh Mungu wenu, ni Mungu aliye juu mbinguni na chini duniani.
১১এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷
12 Sasa basi, tafadhali mniapie kwa Yahweh kwamba kama nilivyokuwa mwema kweu, nanyi pia mtaitendea mema nyumba ya baba yangu. Nipeni ishara ya uhakika
১২এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,
13 kwamba mtanihifadhi maisha ya baba, mama, kaka, dada zangu na famiie zao, na kwamba mtatuokoa kutoka katika kifo.
১৩আৰু তোমালোকে মোৰ পিতৃ, মাতৃ, ভাই আৰু ভনীসকলক আৰু তেওঁলোকৰ সকলোকে জীয়াই ৰাখিবলৈ আৰু মৃত্যুৰ পৰা আমাৰ প্ৰাণ উদ্ধাৰ কৰিবলৈ, যিহোৱাৰ নামেৰে মোৰ আগত শপত খাই মোক সত্যতা প্ৰমাণৰ চিন দিয়া।”
14 Wanaume wakamjibu, “maisha yetu kwa ajili ya yenu, hata kifo! Kama hamtasema habari zetu, na Yahweh akisha kutupa nchi hii, tutakuwa wenye huruma na waaminifu kwenu.”
১৪তেতিয়া সেই মানুহ কেইজনে তাইক ক’লে, “যদি তোমালোকে আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ নকৰা, তেন্তে তোমালোকৰ প্ৰাণৰ সলনি আমাৰ প্ৰাণ যাব; আৰু যেতিয়া যিহোৱাই আমাক এই দেশ দিব, তেতিয়া আমি তোমালৈ দয়া আৰু সত্য ব্যৱহাৰ কৰিম।”
15 hivyo aliwashusha chini kwa kupitia dirishani kwa kutumia kamba. Nyumba ambayo alikuwa anaishi ilijengwa katika ukuta wa mji.
১৫তাৰ পাছত তাই খিড়িকিয়েদি তেওঁলোকক ৰচীৰে নমাই দিলে; কিয়নো তাইৰ ঘৰ নগৰৰ গড়ৰ গাতে লাগি আছিল আৰু তাই গড়ৰ ওপৰত বাস কৰিছিল।
16 Akawaambia, “Nendeni milimani la sivyo watu waliowafuata watawaona. Jificheni huko kwa siku tatu mpaka watu waliowafuata watakaporudi. Kisha nendeni zenu.”
১৬তাৰ পাছত তাই তেওঁলোকক ক’লে, “খেদি যোৱা লোকে যেন তোমালোকক লগ নাপায়, এই কাৰণে পৰ্বতলৈ যোৱা আৰু খেদি যোৱা মানুহ উলটি নহালৈকে, সেই ঠাইতে তিন দিন লুকাই থাকিবা৷ তাৰ পাছত নিজ বাটেদি গুচি যাবা।”
17 Wanaume wakamwambia, “Hatutakuwa tumefungwa na ahadi ulizotufanya tuape mbele zako, kama hautalifanya hili.
১৭তাতে মানুহ কেইজনে তাইক ক’লে, “আমি কোৱাৰ দৰে তুমি নকৰিলে, তুমি আমাক কৰিব দিয়া শপতৰ বিষয়ত আমি নিৰ্দ্দোষী হ’ম৷
18 Tutakapokuja katika nchi, ni lazima uifunge kamba hii nyekundu katika dirisha ulilotushushia chini, na utawakusanya katika nyumba baba yako, mama yako, kaka zako na wote wa nyumba ya baba yako.
১৮চোৱা, তুমি এই যি খিড়িকিয়েদি আমাক নমাই দিলা, আমি যেতিয়া এই দেশৰ ভিতৰলৈ অাহিম, তেতিয়া এই খিড়িকীত সেন্দুৰ বৰণীয়া সূতাৰে বটা এই ৰছীডাল বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃ, মাতৃ, ভাইসকল আৰু তোমাৰ পিতৃবংশৰ সকলো লোককে তোমাৰ নিজ ঘৰত একত্ৰিত কৰি লুকুৱাই ৰাখিবা।
19 Na yeyote aendaye mtaani nje ya milango ya nyumba yako, damu yao itakuwa juu ya vichwa vyao na hatutakuwa na hatia yoyote. Lakini kama mkono utanyoshwa juu ya mtu yeyote aliye pamoja nawe katika nyumba, damu yake itakuwa juu ya vichwa vyetu.
১৯তেতিয়া যি কোনোৱে তোমাৰ ঘৰৰ দুৱাৰৰ পৰা বাটলৈ ওলাব, তাৰ ৰক্তপাতৰ দোষ তাৰ মূৰৰ ওপৰতে পৰিব আৰু আমি নিৰ্দ্দোষী হ’ম; কিন্তু যি কোনোৱে তোমাৰ লগত ঘৰত থাকিব, তাৰ ওপৰত যদি কোনোৱে হাত দিয়ে, তেন্তে সেই ৰক্তপাতৰ দোষ আমাৰ মূৰৰ ওপৰত পৰিব।
20 Na ikiwa utaongea juu ya suala letu, tutakuwa huru dhidi ya kiapo ulichotuapisha.
২০কিন্তু তুমি যদি আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ কৰা, তেন্তে আমাক খুউৱা শপতৰ বিষয়ে আমি নিৰ্দ্দোষী হ’ম।”
21 Rahabu akawajibu, “Yote mliyosema nayatimie.” Akawatoa mbali na wakaondoka. Kisha akaifunga kamba nyekundu katika dirisha.
২১ৰাহাবে সমিধান দি ক’লে, “তোমালোকে যেনেকৈ কৈছা, তেনেকৈ হওঁক৷” তাই এই কথা কৈ তেওঁলোকক বিদায় দিয়াৰ পাছত তেওঁলোক গুচি গ’ল আৰু তাই সেই সেন্দুৰ বৰণীয়া ৰছীডাল খিড়িকি খনতে বান্ধি থৈ দিলে।
22 Wakaondoka na kwenda juu milimani na walikaa huko kwa siku tatu hadi pale wale waliowafuatilia waliporudi. Wale waliowafuata walitafuta njiani pote bila kuwaona.
২২তাৰ পাছত তেওঁলোকে গৈ পৰ্বত পালে আৰু খেদি যোৱা মানুহবোৰ উলটি নহালৈকে তাতে তেওঁলোক তিন দিন থাকিল৷ পাছত খেদি যোৱা লোকসকলে তেওঁলোকক গোটেই বাটতে বিচাৰিলে কিন্তু তেওঁলোকক বিচাৰি নাপালে।
23 Wale watu wawili walirudi na kuvuka mto na wakafika kwa Yoshua mwana wa Nuni, na walimwambia kila kitu kilichotokea kwao.
২৩তাৰ পাছত সেই মানুহ দুজন উলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যিহোচূৱাৰ ওচৰলৈ গ’ল আৰু তেওঁলোকলৈ ঘটা সকলো ঘটনাৰ বিষয়ে তেওঁক ক’লে।
24 Nao wakasema kwa Joshua, “kwa kweli Yahweh ametupa nchi hii. Wenyeji wote wa nchi wanayeyuka kwasababu yetu.
২৪আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”

< Yoshua 2 >