< Yoshua 19 >

1 Upigaji wa pili wa kura uliangukia kwa Simoni na waligawiwa kwa kila ukoo wao. Urithi wao ulikuwa katikati ya urithi ulikuwa ni mali ya kabila la Yuda.
দ্ধিতীয়বাৰ চিঠি খেলাতে চিমিয়োনৰ নামত নির্ধাৰিত হ’ল আৰু তেওঁলোকৰ প্ৰত্যেক বংশক নিজ নিজ অংশৰ ভাগ দিয়া হ’ল৷ তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ ফৈদৰ উত্তৰাধিকাৰৰ মাজত আছিল।
2 Urithi waliokuwa nao ni Beerisheba, Sheba, Molada,
তেওঁলোকৰ উত্তৰাধিকাৰৰ মাজত আছিল বেৰ-চেবা, চেবা, মোলাদা,
3 Hazari Shuali, Bala, Ezemu,
হচৰ-চূৱাল, বালা এচম,
4 Elitoladi, Bethuli na Horma.
ইল্টুলদ, বথূল আৰু হৰ্মা৷
5 Simoni alikuwa pia na Ziklagi, Bethi Markabothi, Hazari Susa,
তাৰ ওপৰিও চিমিয়োনৰ আছিল, চিক্লগ, বৈৎ-মৰ্কাবোৎ, হচৰ-চুচা,
6 Bethi Lebaothi, na Sharuheni. Kulikuwa na miji kumi na mitatu pamoja na vijiji vyake. Vile vile
বৈৎ-লবায়োৎ আৰু চাৰূহন৷ এই তেৰখন নগৰ আছিল তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
7 Simoni alimiliki Aini, Rimon, Etheri, na Ashani. Hii ilikuwa ni miji minne pamoja na vijiji vyake.
চিমিয়োনৰ পুনৰ ঐন, ৰিম্মোন, এথৰ আৰু আচন; এই চাৰিখন নগৰ আছিল, গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
8 Miji hii pamoja na vijiji vilivyoizunguka hata kufika Baalathi Beeri (ambao ndio Rama katika Negevu). Huu ulikuwa ni urithi wa kabila la Simoni, waliopewa kwa koo zao.
এই গাওঁবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ ফৈদৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ।
9 Urithi wa kabila la Simoni ulikuwa sehemu ya himaya ya kabila la Yuda. Hii ni kwasababu nchi waliyopewa kabila la Yuda ilikuwa ni kubwa kwao, na hivyo kabila la Simoni lilipokea urithi wao kutoka katika sehemu yao ya katikati.
এয়ে আছিল চিমিয়োনৰ ফৈদক দিয়া উত্তৰাধিকাৰ৷ ই যিহূদা বংশৰ অঞ্চলৰ পৰা আৰম্ভ হৈছিল, কিয়নো যিহূদা ফৈদক দিয়া অংশ তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক আছিল৷ চিমিয়োনৰ ফৈদে তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ উত্তৰাধিকাৰৰ মাজৰ পৰা ভাগ পাইছিল।
10 Upigaji wa kura ya tatu uliangukia kwa kabila la Zabuloni, na walipewa kwa koo zao. Mpaka wa urithi wao ulianzia huko Saridi.
১০তৃতীয়বাৰ চিঠি খেলাওঁতে নিজ নিজ বংশ অনুসাৰে জবূলূনৰ ফৈদৰ নামত উঠিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা চাৰীদৰ পৰা আৰম্ভণ হ’ল৷
11 Mpaka wao ulipanda upande wa magharibi kuelekea Marala na ukaigusa Dabeshethi, na kisha ukasonga kuelekea kijito kilichokuwa mkabala na Yokineamu.
১১তেওঁলোকৰ সীমা পশ্চিমফালে উঠি মৰলালৈকে গৈ, দাব্বেচতত লাগিল; তাৰ পাছত ই বাঢ়ি গৈ যক্‌নীয়ামৰ সন্মুখত থকা জুৰিত লাগিলগৈ।
12 Kutoka Saridi mpaka ulizunguka upande wa mashariki kuelekea mashariki na ulienda hadi mpaka wa Kislothi Tabori. Kutoka hapo uliendelea hadi Daberathi na kisha ulipanda hata Yafia.
১২আৰু সেই সীমা চাৰীদৰ পৰা পুব ফাললৈ ঘূৰি, কিশ্লোৎ-তাবোৰৰ সীমালৈকে গ’ল৷ তাৰ পৰা দাবৰতত ওলাই যাফীয়ালৈকো উঠি গ’ল৷
13 Kutoka hapo ulipita katika upande wa mashariki mwa Gathi Heferi, na kisha ukafika Ethikazini, baadaye ulienda hadi Rimoni na kisha ukageuka kuelekea Nea.
১৩সেই ঠাইৰ পৰা পূব ফাল হৈ গৎ-হেফৰ আৰু এৎ-কাচিনেদি গৈ, নয়ালৈকে বিস্তৃত হোৱা ৰিম্মোনলৈ গ’ল৷
14 Mpaka ulizunguka kueleka kaskazini ukafika Hanathoni na ulikomea katika bonde la Ifta Eli.
১৪আৰু সেই সীমাই উত্তৰ ফালে ঘূৰি হন্নাথোনলৈকে গ’ল আৰু যিপ্তহ-এল উপত্যকাত তাৰ অন্ত হ’ল৷
15 Mkoa huu ulijumuisha miji ya Katathi, Nahalali, Shimroni, Idala, na Bethlehemu. Kulikuwa na miji kumi na miwili, pamoja na vijiji vyake.
১৫কটৎ, নহলাল, চিম্ৰোণ, যিদালা, আৰু বৈৎলেহেম, গাৱেঁৰে সৈতে বাৰখন নগৰ এই অঞ্চলটোত অন্তর্ভুক্ত আছিল৷ তাত বাৰখন নগৰ আছিল৷ তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
16 Huu ulikuwa ni urithi wa kabila la Zabuloni, waliopewa kwa kufuatana na koo zao - miji pamoja na vijiji vyake.
১৬এইটোৱেই আছিল জবূলূন ফৈদৰ উত্তৰাধিকাৰ; এই নগৰবোৰ তেওঁলোকৰ গাৱেঁৰে সৈতে অন্তর্ভুক্ত আছিল।
17 Upigaji kura wa nne uliangukia kwa Isakari, na waligawiwa kufuatana na koo zao.
১৭পাছত আকৌ চতুর্থবাৰ চিঠি খেলাওঁতে, ইচাখৰৰ নামত উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে ইয়াক দিয়া হ’ল।
18 Eneo lao lilijumuisha Jezreelli, Kesuloothi, Shunemu,
১৮তেওঁলোকৰ সীমা যিজ্ৰিয়েল, মচুল্লোৎ, চুনেম,
19 Hafaraimu, Shioni, na Anaharathi.
১৯হফাৰয়িম, চিয়োন, অনহৰৎ,
20 Pia ilijumuisha miji ya Rabithi, Kishioni, Ebezi,
২০ৰব্বীৎ কিচিয়োন, এবচ,
21 Remethi, Enganimu, Enihada, na Bethipazezi.
২১ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷
22 Mpaka wao ulifika Tabor, Shahazuma, na Bethi Shemeshi, na ukakomea katika Yordani. Ilikuwa ni miji kumi na sita, pamoja na vijiji vyake.
২২তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাওঁসমূহ গণনা কৰা হোৱা নাছিল।
23 Huu ulikuwa ni urithi wa kabila la Isakari, na walipewa kufuatana na koo zao - miji pamoja na vijiji vyake.
২৩এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷
24 Upigaji wa kura ya tano uliangukia kwa kabila la Asheri, na walipewa kwa koo zao.
২৪পঞ্চমবাৰ চিঠি খেলাওঁতে, আচেৰৰ ফৈদৰ নামত উঠিল আৰু নিজ নিজ বংশ অনুসাৰে তেওঁলোকক দিয়া হ’ল।
25 Eneo lao lilijumuisha miji ya Helikathi, Hali, Beteni, Akashafu,
২৫তেওঁলোকৰ সীমা হিল্কৎ, হলি, বেটন, অক্‌চফ,
26 Alameleki, Amadi, na Mshali. Mpaka wa magharibi ulitanuka hadi Karmeli na Shihori Libnathi.
২৬অল্লম্মেক, অমাদ আৰু মিচাল আছিল৷ সেই সীমা পশ্চিম ফালে কৰ্মিল আৰু চিহোৰ লিব্‌নাতলৈ বিস্তৃত্ব হ’ল।
27 Kisha ulizunguka upande wa mashariki kueleka Bethi Dagoni na ukaenda hadi Zabuloni, na kisha ukafika katika bonde la ifutaheli, upande wa kaskazini mwa Bethemeki na Neieli. Baadaye uliendelea mbele hata Kabuli kueleka upande wa Kaskazini.
২৭পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে জবূলূন আৰু যিপ্তহ-এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল।
28 Na kisha ulienda hadi Ebroni, Rehobu, Hammoni, na Kana, hata kufika mji mkubwa wa Sidoni.
২৮পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচীদোনলৈকে ওলাই গ’ল৷
29 Mpaka ulirudi nyuma kuelekea Rama, na kisha ukafika kwenye mji wa Tiro uliokuwa na ngome. Baada ya hapo mpaka ulizunguka kuelekea Hosa na ulikomea katika bahari, katika mkoa wa Akizibu,
২৯পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তূৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
30 Umma, Afeki, na Rehobu. Kulikuwa na miji ishirini na miwili, pamoja na vijiji vyake.
৩০উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
31 Huu ulikuwa ni urithi wa kabila la Asheri, na waliopewa kwa koo zao - miji pamoja na vijiji vyake.
৩১এইটোৱেই আছিল আচেৰৰ ফৈদৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷
32 Upigaji wa kura wa mara ya sita uliangukia kwa kabila la Nafutali, na walipewa kufuatana na koo zao.
৩২ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ ফৈদৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷
33 Mpaka wao ulianzia Helefu, kutoka katika mwaloni huko Zaananimu, ulipanda hadi Adaminekebu na Yabneeli, umbali kama Lakumu; na ulikomea katka Yordani.
৩৩তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷
34 Mpaka ule ulizunguka upande wa magharibi kuelekea Aznothi Tabori na ulipanda hadi Hukoki; uligusa Zabuloni katika upande wa kusini, na ulifika hata Asheri katika upande wa magharibi, na Yuda katika upande wa mashariki huko katika mto Yordani.
৩৪আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
35 Miji yenye ngome ilikuwa ni Zidimu, Zeri, Hammathi, Rakathi, Kinnerethi,
৩৫গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
36 Adama, Rama, Hazori,
৩৬অদামা, ৰামা, হাচোৰ,
37 Kedeshi, Edrei, na Eni Hazori.
৩৭কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
38 Pia kulikuwa na miji ya Yironi, Migdaleli, Horemu, Bethi Anathi, na Bethi Shemeshi. Kulikuwa na miji kumi na tisa, pamoja na vijiji vyake.
৩৮আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
39 Huu ulikuwa ni urithi wa kabila la Nafutali, na walipewa miji pamoja na vijiji vyake kufuatana na koo zao.
৩৯এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
40 Upigaji wa kura ya saba uliangukia kwa kabila la Dani, na walipewa kufuatana na koo zao.
৪০সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
41 Eneo lao la urithi lilijumuisha miji ya Zora, Eshitaoli, Iri Shemeshi,
৪১তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
42 Shaalabini, Aijaloni, na Ithila.
৪২চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷
43 Vile vile lilijumuisha miji ya Eloni, Timna, Ekroni,
৪৩আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ,
44 Eliteke, Gibethoni, Baalathi,
৪৪ইল্টকি, গিব্বথোন, বালাৎ,
45 Yehudi, Bene - Beraki, Gathi Rimoni,
৪৫যীহূদ, বনে-বৰক, গৎ-ৰিম্মোণ,
46 Me -Yarkoni, na Rakoni sambamba na eneo la karibu na Yopa.
৪৬মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল।
47 Ilitokea wakati mpaka wa kabila la Dani ulipowapotea, kabila la Dani waliishambulia Leshemu, wakapigana nao, na wakauteka. Waliua kila mtu kwa upanga, wakauchukua ukawa mali yao, na wakakaa ndani yake. Wakauita mji ule Dani jina la babu yao badala ya Leshemu.
৪৭কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে।
48 Huu ulikuwa urithi wa kabila la Dani, waliopewa kufuatana na koo zao - miji pamoja na vijiji vyake.
৪৮এইটোৱেই আছিল দানৰ ফৈদৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷
49 Walipomaliza kugawana urithi wa nchi, watu wa Israeli walimpa urithi Yoshua mwana wa Nuni kutoka miongoni mwao.
৪৯যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰত থকা নিজ নিজ সীমা অনুসাৰে দেশ ভগাই দিয়া হ’ল, তেতিয়া ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ মাজত নুনৰ পুত্ৰ যিহোচূৱাক এক উত্তৰাধিকাৰ দিলে৷
50 Kwa amri ya Yahweh walimpatia mji wa Timnathi Sera ambao aliuomba, ulikuwa katika nchi ya milima ya Efraimu. Aliujenga mji na akaishi huko.
৫০ইফ্ৰয়িম পৰ্বতত থকা তেওঁ খোজা তিম্নৎ-চেৰহ নগৰ যিহোৱাৰ বাক্য অনুসাৰে তেওঁলোকে তেওঁক দিলে৷ তেওঁ সেই নগৰ পুনৰায় সাজি তাত বাস কৰিলে।
51 Na huu ndio urithi ambao Eliazari kuhani, na Yoshua mwana wa Nuni, na viongozi wa makabila ya familia za mababu zao miongoni mwa watu wa Israeli, waligawa kwa kupiga kura huko Shilo, mbele za Yahweh katika mlango wa hema la kukutania. Na hivyo wakamaliza kuigawa nchi.
৫১ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েল লোকসকলৰ মাজত পূর্ব-পুৰুষ সন্তান সকলৰ ফৈদৰ মুখীয়ালসকলৰ উত্তৰাধিকাৰবোৰ এই, যিবোৰ চীলোত যিহোৱাৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত চিঠি খেলাই অধিকাৰৰ অৰ্থে ভাগ বাঁটি দিয়া হৈছিল। এইদৰে তেওঁলোকে দেশ ভাগ কৰি ল’লে।

< Yoshua 19 >