< Yohana 16 >
1 Nimewaambia mambo haya ili msiweze kukwazwa.
১“মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
2 Watawatoa nje ya masinagogi; hakika saa inakuja ambayo kila atakayewaua atafikiri kuwa anafanya kazi njema kwa ajili ya Mungu.
২মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
3 Watawatendea mambo haya kwa sababu hawamfahamu Baba wala hawanifahamu mimi.
৩তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
4 Nimewaambia mambo haya ili kwamba wakati ukifika wa haya kutokea, mnaweza kuyakumbuka na jinsi nilivyowaambia muweze wao. Sikuwaambia kuhusu mambo haya tangu mwanzo kwa sababu nilikuwa pamoja nanyi.
৪কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলোঁ।
5 Japokuwa, sasa naenda kwa yule aliyenituma; lakini hakuna kati yenu anayeniuliza, “Unaenda wapi?”
৫কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, ‘তুমি নো কলৈ গৈ আছা’?
6 Kwa sababu nimesema maneno haya kwenu, huzuni imejaa mioyoni mwenu.
৬কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে।
7 Hata hivyo, nawaambia ukweli: ni vyema kwenu nikiondoka; kwa maana nisipoondoka, mfariji hatakuja kwen; lakini nikienda ntamtuma kwenu.
৭তথাপি, মই তোমালোকক সঁচাকৈ কৈছোঁ; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
8 Akija, huyo mfariji ataubitisha ulimwengu kuhusiana na dhambi, kuhusiana na haki na kuhusiana na hukumu.
৮তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
9 Kuhusiana na dhambi, kwa sababu hawakuniamini mimi,
৯তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
10 kuhusiana na haki, kwa sababu naenda kwa baba, na hamtaniona tena;
১০ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
11 na kuhusiana na hukumu kwa sababu mkuu wa ulimwengu huu amehukumiwa.
১১আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।
12 Ninayo mengi ya kuwaambia, lakini hamtayaelewa sasa.
১২তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব।
13 Lakini, yeye, Roho wa kweli, akija, atawaongoza katika kweli yote; kwa kuwa hataongea kwa ajili yake mwenyewe; lakini yoyote atakayoyasikia, atayasema mambo hayo; na atayadhihirisha kwenu mambo yatakayokuja.
১৩কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
14 Yeye atanitukuza mimi, kwa sababu atayachukua mambo yangu na atayatangaza kwenu.
১৪তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব।
15 Vitu vyote alivyonavyo Baba ni vyangu; kwa hiyo, nimesema kwamba Roho atachukua mambo yangu na atayadhihirisha kwenu.
১৫পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
16 Bado muda mfupi, hamtaniona tena; na baada ya muda mfupi tena, mtaniona.”
১৬কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”
17 Baadhi ya wanafunzi wake wakaambizana, “Ni nini anachotuambia, “muda mfupi, na hamtaniona tena,' na, kisha, mda mfupi mtaniona,' na, 'kwa sababu naenda kwa Baba?”
১৭তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”
18 Kwa hiyo wakasema, “Ni kitu gani anachosema, 'Bado mda mfupi'? Hatujui asemavyo.”
১৮এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, ‘অলপ সময়’? তেওঁ কি কথা কৈ আছে আমি নাজানো।”
19 Yesu aliona kuwa walitamani kumuuliza, naye akawaambia, “Mnajiuliza wenyewe kuhusu hili, nilivyosema, 'Bado muda mfupi, hamtaniona tena; na baada ya muda mfupi mtaniona'?
১৯যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, “মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”
20 Amin, amin, nawaambia, mtalia na kuomboleza, lakini ulimwengu utashangilia, mtakuwa na huzuni lakini huzuni yenu itageuka kuwa furaha.
২০মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।
21 Mwanamke anakuwa na huzuni wakati anapokuwa na uchungu kwa sababu wakati wa kujifungua umefika; lakini anapojifungua mtoto, hakumbuki tena maumivu kwa sababu ya furaha yake kwamba mtoto amezaliwa duniani.
২১প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
22 Ninyi pia mna huzuni sasa, lakini nitawaona tena; na mioyo yenu itafurahi na hakuna atakayeweza kuiondoa furaha yenu.
২২ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
23 Siku hiyo hamtaniuliza maswali. Amin, Amin, nawaambia, Mkiomba lolote kwa Baba, atawapa kwa jina langu.
২৩সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
24 Mpaka sasa hamjaomba lolote kwa jina langu; ombeni, nanyi mtapokea ili kwamba furaha yenu ikamilike.
২৪এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
25 Nimezungumza na ninyi kwa lugha isiyoeleweka, lakini saa inakuja ambapo sitazungumza kwa lugha isiyoeleweka lakini badala yake nitawaambia waziwazi kuhusu Baba.
২৫এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
26 Siku hiyo mtaomba kwa jina langu, na siwaambii kwamba nitaomba kwa Baba kwa ajili yenu;
২৬সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত প্ৰাৰ্থনা কৰিম;
27 Kwa kuwa Baba mwenyewe anawapenda kwa sababu mmenipenda mimi na kwa sababu mmeniamini kuwa nimetoka kwa Baba.
২৭কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
28 Nilitoka kwa Baba na nimekuja ulimwenguni; tena, naondoka ulimwenguni na ninaenda kwa Baba”.
২৮মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
29 Wanafunzi wake wakamwambia, “Unaona, sasa unaongea wazi wazi na hautumii mafumbo.
২৯তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, “চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
30 Sasa, tunajua kwamba unajua mambo yote, na hauhitaji mtu yoyote akuulize maswali. Kwa sababu hii tunaamini kuwa unatoka kwa Mungu.
৩০এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
31 Yesu akawajibu, “Sasa mmeamini?”
৩১যীচুৱে তেওঁলোকক ক’লে, “এতিয়া বিশ্বাস কৰিছা নে?”
32 Tazama, saa inakuja, ndiyo na hakika imefika, ambapo mtatawanyika kila mmoja na kwa wa kwao mtaniacha mwenyewe. Lakini siko peke yangu kwa sababu Baba yupo nami.
৩২চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
33 Nawaambia mambo haya ili kwamba ndani yangu muwe na amani. Duniani mna matatizo, lakini jipeni moyo, nimeushinda ulimwengu.
৩৩এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”