< Joeli 2 >

1 Piga tarumbeta katika Sayuni, na piga kelele juu ya mlima wangu mtakatifu! Wakazi wote wa nchi watetemeke kwa hofu; maana siku ya Bwana inakuja; Hakika iko karibu.
তোমালোকে চিয়োনত শিঙা বজোৱা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা! দেশ-নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক, কিয়নো যিহোৱাৰ দিন আহি আছে; হয়, সঁচাই সেয়ে ওচৰ পাইছেহি;
2 Ni siku ya giza na weusi, siku ya mawingu na giza nene. Kama asubuhi inayoenea kwenye milima, jeshi kubwa na la nguvu linakaribia. Hakujawahi kuwako jeshi kama hilo, na hakutakuwa tena, hata baada ya vizazi vingi.
সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন। পৰ্ব্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন ব্যাপ্ত, মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে। তাৰ নিচিনা কেতিয়াও হোৱা নাই, আৰু তাৰ পাছত পুনৰ কেতিয়াও নহ’ব, আনকি পুৰুষানুক্ৰমে অনেক বছৰলৈকে পুনৰ নহ’ব।
3 Moto unatumia kila kitu mbele yake, na nyuma yake moto unawaka. Nchi hiyo ni kama bustani ya Edeni mbele yake, lakini nyuma yake kuna jangwa lililoharibika. Hakika hakuna chochote kitakayotoroka.
তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে, আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশখন এদন বাৰীৰ নিচিনা, আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়।
4 Muonekano wa jeshi ni kama farasi, na wanakimbia kama wapanda farasi.
সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা, আৰু সিহঁত অশ্বাৰোহী সকল দৰে যোৱাৰ দৰে বেগেৰে যায়।
5 Wanaruka kwa kelele kama ile ya magari juu ya vilele vya milima, kama kelele za muale wa moto ambao huangamiza majani, kama jeshi la nguvu lililo tayari kwa vita.
সিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা, সিহঁত খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা, সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ।
6 Mbele yao watu wako katika maumivu na nyuso zao zote zinakuwa za rangi.
সিহঁতৰ আগত জাতিবোৰে যাতনা পায়, আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়।
7 Wanakimbia kama wapiganaji wenye nguvu; wanapanda kuta kama askari; wanasonga, kila mmoja kwa hatua, na hawavunji safu zao.
সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে; সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে; সিহঁতে নিজ নিজ শাৰীত থাকে, আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে।
8 Wala hakuna mmoja anayemsukuma mwingine kando; wanasonga, kila mmoja katika njia yake; wao huvunja kwa njia ya ulinzi na si kuanguka nje ya mstari.
সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে, আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়।
9 Wanakimbilia jiji, wanakimbia kwenye ukuta, wanapanda ndani ya nyumba, na hupita kupitia madirisha kama wezi.
সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়।
10 Nchi hutikisika mbele yao, mbingu hutetemeka, jua na mwezi ni giza, na nyota zinaacha kuangaza.
১০সিহঁতৰ আগত পৃথিৱী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।
11 Bwana huinua sauti yake mbele ya jeshi lake; maana wapiganaji wake ni wengi sana; kwa maana wao ni wenye nguvu, wale wanaofanya amri zake. Kwa maana siku ya Bwana ni kubwa na ya kutisha sana. Nani anayeweza kuishi?
১১যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?
12 “Lakini hata sasa,” asema Bwana, “Nirudieni mimi kwa mioyo yenu yote. Haraka, lia na omboleza.”
১২যিহোৱাই কৈছে, “তথাপি এতিয়াও”, “তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।”
13 Rarueni miyoyo yenu, si mavazi yenu tu, na kurudi kwa Bwana Mungu wenu. Kwa maana ni mwenye neema na mwenye huruma, si mwepesi wa hasira na wingi katika uaminifu wa agano, na angependa kugeuka kutokana na adhabu.
১৩আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
14 Nani anajua? Labda angegeuka na kuwa na huruma, na kuacha baraka nyuma yake, sadaka ya unga na sadaka ya kinywaji kwa Bwana, Mungu wenu?
১৪কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।
15 Piga tarumbeta huko Sayuni, itisha kwa ajili ya funga takatifu, na itisheni kusanyiko takatifu.
১৫তোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা।
16 Kusanyeni watu, wito kwa kusanyiko takatifu. Kusanya wazee, kukusanya watoto na watoto wachanga. Bwana arusi waweze kutoka nje ya vyumba vyao, na bibi arusi kutoka kwenye vyumba vyao.
১৬লোকসকলক গোটোৱা, সমাজখন পবিত্ৰ কৰা, পৰিচাৰকসকলক গোটোৱা, শিশুসকলক গোটোৱা আৰু পিয়াহ খোৱাসকলক গোটোৱা। দৰা নিজৰ কোঁঠালিৰ পৰা, আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক।
17 Basi makuhani, watumishi wa Bwana, waliao kati ya patakatifu na madhabahu. Wawaambie, Waitie watu wako, Ee Bwana, wala usitoe urithi wako kwa aibu, ili mataifa watawawale juu yao. Kwa nini wanapaswa kusema kati ya mataifa, “Yuko wapi Mungu wao?”
১৭যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল, যজ্ঞ-বেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক ক’বলৈ দিয়া, “হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা, আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হ’বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতি সমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতি সমূহৰ মাজত ক’ব, কত তেওঁলোকৰ ঈশ্বৰ?”
18 Ndipo Bwana alikuwa mwenye bidii kwa nchi yake na kuwahurumia watu wake.
১৮তেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী আৰু নিজ লোকসকললৈ দয়ালু হ’ল।
19 Bwana akawajibu watu wake, Tazama, nitawaletea nafaka, divai mpya, na mafuta. Utaridhishwa nao, wala sitawafanya kuwa aibu kati ya mataifa.
১৯যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে: “চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।
20 Nitawaondoa washambuliaji wa kaskazini mbali nanyi, na nitawapitisha katika nchi kavu na iliyoachwa. Sehemu ya mbele ya jeshi lao itaingia bahari ya mashariki, na sehemuya nyuma itaingia bahari ya magharibi. Uvundo wake utainuka juu, na harufu yake mbaya itainuka juu. Hakika, amefanya mambo makuu.
২০মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। কাৰণ সি মহৎ কাৰ্য কৰিলে।”
21 Msiogope, nchi, shangilieni na kufurahi, kwa kuwa Bwana atafanya mambo makuu.
২১হে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা, কিয়নো যিহোৱাই মহৎ কাৰ্য কৰিলে।
22 Usiogope, wanyama wa kondeni, kwa kuwa malisho ya jangwa yatakua, miti itazaa matunda yake, na miti ya mizabibu na mizabibu itazaa mavuno yao yote.
২২হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা, কিয়নো মৰুভূমিত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে, গছে গুটি ধৰিছে, ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে।
23 Furahini, enyi watu wa Sayuni, na kufurahi katika Bwana, Mungu wenu. Kwa maana atakupa mvua ya vuli kwa kiasi na kuleta mvua kwa ajili yenu, mvua ya vuli na mvua ya masika kama hapo awali.
২৩হে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাত উল্লাস কৰা; কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে, আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেষতীয়া বৰষুণ বৰষাইছে।
24 Sakafu ya kupepetea zitajaa ngano, na vyombo vitafurika kwa divai mpya na mafuta.
২৪মৰণা মৰা খলাবোৰ শস্যৰে পূৰ হ’ব, দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচি পৰিব।
25 “Nitawawezesha miaka ya mazao ambayo nzige walikula, Palale, nzige, na nzige wakuteketeza - jeshi langu lenye nguvu ambalo nimelituma kati yenu.
২৫“আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম।
26 Mutakula chakula tele na kushiba, na kulitukuza jina la Bwana, Mungu wenu, aliyefanya miujiza kati yenu, wala sitawaletea tena watu wangu.
২৬তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, যিহোৱাৰ নাম প্ৰশংসা কৰিবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।
27 Utajua ya kwamba mimi niko kati ya Israeli, na kwamba mimi ni Bwana, Mungu wako, wala hakuna mwingine, wala sitawaletea aibu watu wangu.
২৭তেতিয়া মই যে ইস্ৰায়েলৰ মাজত আছোঁ, মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা; মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।
28 Itakuwa baada ya hayo nitamimina Roho yangu juu ya wenye mwili yote, na wana wenu na binti zenu watatabiri. Wazee wenu wataota ndoto, vijana wenu wataona maono.
২৮তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
29 Pia juu ya watumishi na watumishi wa kike, siku hizo nitaimimina Roho wangu.
২৯আৰু দাস-দাসীসকলৰ ওপৰতো সেই কালত মোৰ আত্মা বাকি দিম।
30 Nitaonyesha maajabu mbinguni na duniani, damu, moto na nguzo za moshi.
৩০মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে আকাশ-মণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম।
31 Jua litakuwa giza na mwezi kuwa damu, kabla ya siku kuu na ya kutisha ya Bwana itakapokuja.
৩১যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য অন্ধকাৰত পৰিণত হ’ব, আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হ’ব।
32 Itakuwa kwamba kila mtu anayeita jina la Yahweh ataokolewa. Kwa maana juu ya Mlima Sayuni na Yerusalemu watakuwa na wale waliokoka, kama Bwana alivyosema, na kati ya wale walisalia, wale ambao Bwana anawaita.
৩২যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব। কিয়নো যিহোৱাই এইদৰে কৈছে, ‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা যিহোৱাই যিসকলক আহ্বান কৰিলে।

< Joeli 2 >