< Ayubu 5 >

1 Ita sasa; je kuna yeyote ambaye atakujibu? Utamrudia yupi katika watakatifu hao?
“এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?
2 Kwa kuwa hasira huua mtu mpumbavu; wivu huua mjinga.
কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।
3 Nimemuona mtu mpumbavu akishika mzizi, lakini ghafla niliyalaani makazi yake.
মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
4 Watoto wake wako mbali na uzima; wameangamia langoni mwa mji. Hakuna yeyote atakaye waponya.
তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
5 Mwenye njaa hula mavuno yao; hata huyachukua katikati ya miiba. Wenye kiu huzihemea mali zao.
ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।
6 Kwa kuwa magumu hayatoki udongoni; wala taabu haichipuki katika nchi.
কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে;
7 Badala yake, wanadamu huzaliwa kwaajili ya taabu, kama tu cheche za moto zirukavyo juu.
কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।
8 Lakini kwa mimi, ningemrudia Mungu mwenyewe; kwake ningeaminisha kusudi langu -
কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।
9 yeye afanyae makuu na mambo yasiyochunguzika, mambo ya ajabu yasiyo na hesabu.
অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;
10 Hutoa mvua juu ya nchi, na huyapeleka maji mashambani.
১০তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;
11 Hufanya haya kwaajili ya kuwainua juu hao walio chini; huwapandisha sehemu salama hao waombolezao.
১১তেওঁ নীহলোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।
12 Yeye huharibu mipango ya watu wenye hila, ili mikono yao isipate mafanikio.
১২তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
13 Yeye huwanasa watu wenye hekima katika matendo ya hila zao wenyewe; mipango ya watu waliogeuzwa huharibika haraka.
১৩তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।
14 Wao hupatwa na giza wakati wa mchana, na hupapasa mchana kama vile ni usiku.
১৪সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।
15 Lakini yeye huokoa maskini kwa upanga wa vinywa vyao na mhitaji kwa mkono wa mtu mwenye nguvu.
১৫কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।
16 Hivyo mtu maskini ana matumaini, na udhalimu hufumba kinywa chake mwenyewe.
১৬এইদৰে দীনহীনে আশা পায়, আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।
17 Tazama, amebarikiwa mtu ambaye hutiwa adabu na Mungu; kwa sababu hiyo, usidharau uongozi wa Mwenyezi.
১৭চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
18 Kwa kuwa yeye hujeruhi na kisha huuguza; yeye hutia jeraha na kisha mikono yake huponya.
১৮কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।
19 Yeye atakuokoa na mateso sita; kweli, katika mateso saba, hakuna uovu utakao kugusa.
১৯তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
20 Wakati wa njaa atakukomboa na kifo, na kwa uwezo wa upanga wakati wa vita.
২০তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।
21 Wewe utafichwa na mateso ya ulimi; na usitishike na uharibifu utakapokuja.
২১তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।
22 Wewe utaufurahia uharibifu na njaa, na hutatishika na wanyama wakali wa nchi.
২২বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।
23 Kwa kuwa wewe utakuwa na mapatano na mawe ya shambani mwako, na wanyama wa mwituni watakuwa na amani na wewe.
২৩কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
24 Wewe utajua kwamba hema lako lina usalama; utatembelea zizi la kondoo wako na hutakosa kitu chochote.
২৪তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।
25 Pia utafahamu kwamba uzao wako utakuwa mwingi, na vizazi vyako vitakuwa kama nyasi ardhini.
২৫তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা।
26 Wewe utafika kaburini kwako mwenye umri kamili, kama vile rundo la mashuke ya nafaka liendavyo juu wakati wake.
২৬ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।
27 Tazama, tumelipeleleza jambo hili; ndivyo lilivyo; lisikie, na ulifahamu kwa ajili yako mwenyewe.”
২৭চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”

< Ayubu 5 >