< Ayubu 27 >

1 Ayubu akaendelea kuoengea na kusema,
পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি ক’লে,
2 “Kama aishivyo Mungu, ameniondolea haki yangu, Mwenyezi, aliyeyafanya machungu maisha yangu,
যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,
3 kadili uhai ungalimo ndani yangu uzima wa Mungu upo puani mwangu.
কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে, আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে;
4 Hakika midomo yangu haitanena uovu, wala ulimi wangu kunena uongo.
মোৰ ওঁঠে অধৰ্ম কথা কেতিয়াও নকয়, আৰু মোৰ জিভাই ভাণ্ডনা কথা প্ৰকাশ নকৰে।
5 Sitakiri kwamba mko sahihi; hata nifapo sitakana uadilifu wangu.
মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম, এনে কথা মোৰ পৰা দূৰ হওক। মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।
6 Naishikilia haki yangu na sitaiacha; nafsi yangu haitanisuta kadili ninavyoishi.
মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম; মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে।
7 Adui yangu na awe kama mwovu; anayeinuka kunyume changu na awe kama asiye haki.
মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক, আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্মি দৰে হওক।
8 Kwani tumaini la mwovu ni nini Mungu anapomwondoa, Mungu anapochukua uhai wake?
কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?
9 Je Mungu atasikiliza kilio chake tabu zinapompat?
তাৰ সঙ্কট ঘটিলে, ঈশ্বৰে কাতৰোক্তি শুনিব নে?
10 Je atajifurahisha katika Mwenyezi na kumwita Mungu nyakati zote
১০সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে?
11 Nitawafundisha kuhusu uwezo wa Mungu; sitabatilisha mawazo ya Mwenyezi.
১১ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে, সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ, আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ।
12 Tazama, ninyi nyote mmeona; kwa nini basi mmeongea yasiyo na maana.
১২চোৱা, তোমালোক সকলোৱেই দেখিলা; তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা?
13 Hii ndiyo hatima ya waovu mbele za Mungu, urithi wa mtesaji aupokeao kutoka kwa Mwenyezi.
১৩দুৰ্জন লোকে ঈশ্বৰৰ পৰা যি ভাগ পায়, আৰু অত্যাচাৰীবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই,
14 Ikiwa watoto wake wataongezeka, ni kwa upanga; uzao wake utakuwa na njaa.
১৪তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহে বাঢ়ে, আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়।
15 Wanaomsalia watauawa kwa tauni, na wajane wao hawatawaombolezea.
১৫তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব।
16 Japokuwa waovu hurundika mali kama mavumbi,
১৬যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে,
17 na kukusanya mavazi kama udongo, atakusanya mavazi, lakini mwenye haki atavaa, na wasio na hatia watagawana mali.
১৭তেন্তে যুগুত কৰক, কিন্তু ধাৰ্মিক লোকেহে পিন্ধিব, আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি ল’ব।
18 Hujenga nyumba yake kama buibui, kama kibanda cha muda afanyacho mlinzi.
১৮সি নিজৰ ঘৰ পোকৰ দৰে সাজে, আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে।
19 Hulala kitandani akiwa tajiri, lakini hataendelea hivyo; na afumbuapo macho, hana kitu.
১৯সি ধনী হৈ শুব, কিন্তু তাক মৈদাম দিয়া নাযাব; সি চকু মেলামাত্ৰকে নাইকিয়া হয়।
20 Vitisho humpata kama maji, dhoruba humwondoa usiku.
২০নানা ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে। ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে।
21 Upepo wa mashariki umwondoa, naye huondoka; humwondoa mahali pake.
২১পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে, আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে।
22 Humpiga bila kukoma; hujaribu kumnasua katika uwezo wake.
২২কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, সি তেওঁৰ ভয়ত পলাই ফুৰিব।
23 Unampigia makofi kwa kejeli; humwondoa mahali pake.
২৩লোকে তাক দেখি হাত-তালি দিব, আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব।

< Ayubu 27 >