< Yeremia 23 >
1 “Ole wao wachungaji ambao huangamiza na kuwatawanya kondoo wa malisho yangu-hii ndiyo ahadi ya Bwana.”
১“যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ মেৰ-ছাগবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
2 Kwa hiyo, Bwana, Mungu wa Israeli, asema hivi juu ya wachungaji ambao wanawachunga watu wake, “Ninyi mnawatawanya kundi langu na kuwafukuza. Hamuwajali hata kidogo. Tambueni hili! Mimi nitawalipiza uovu wa matendo yenu-hili ni tamko la Bwana.
২এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা মেৰ-ছাগ ৰখীয়াবোৰৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ মেৰ-ছাগৰ জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ ফল তোমালোকক দিম।
3 Mimi mwenyewe nitakusanya mabaki ya kondoo wangu kutoka nchi zote nilizowafukuza, nami nitawarejesha kwenye eneo la malisho, ambako watazaa na kuongezeka.
৩আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব।
4 Ndipo nitawainua wachungaji juu yao ambao watawachunga hivyo hawataogopa tena au kupotezwa. Hakuna hata mmoja atakayepotea-hili ni tamko la Bwana.
৪যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
5 Angalia, siku zinakuja-hili ndilo tamko la Bwana-nitakapomuinulia Daudi tawi la haki. Atatawala kama mfalme; atatenda kwa busara na kusababisha hukumu na haki katika nchi.
৫যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
6 Katika siku zake Yuda ataokolewa, na Israeli wataishi kwa usalama. Na jina lake atakayeitwa Bwana ni haki yetu.
৬তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব। আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
7 Kwa hiyo, tazama, siku zinakuja-hili ndilo tamko la Bwana-hawatasema tena, 'Kama Bwana aishivyo, aliyewatoa wana wa Israeli kutoka nchi ya Misri.'
৭এই হেতুকে যিহোৱাই কৈছে, “চোৱা, এনে কোনো দিন আহিছে,” যে, ‘সেই দিনা তেওঁলোকে আৰু নকব, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই ‘যিহোৱাৰ জীৱনৰ শপত’;
8 Badala yake watasema, 'Kama Bwana aishivyo, ambaye aliwaleta na ambaye aliwaongoza wana wa nyumba ya Israeli kutoka nchi ya kaskazini na nchi zote walizofukuzwa.' Nao watakaa katika nchi yao wenyewe.”
৮কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তান সকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহোৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।
9 Kuhusu manabii, moyo wangu umevunjika ndani yangu, na mifupa yangu yote imetetemeka. Nimekuwa kama mlevi, kama mtu ambaye ameshindwa na divai, kwa sababu ya Bwana na maneno yake matakatifu.
৯ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে; যিহোৱাৰ কাৰণে আৰু তেওঁৰ পবিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
10 Kwa maana nchi imejaa wazinzi. Kwa sababu ya hayo nchi imeuka. Milima katika jangwa imekauka. Njia hizi za manabii ni mbaya; nguvu zao hazitumiwi kwa namna sahihi.
১০কিয়নো দেশ ব্যভিচাৰী লোকেৰে পৰিপূৰ্ণ; কাৰণ শাওৰ প্ৰভাৱত দেশে শোক কৰিছে। অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে; তেওঁলোকৰ গতি মন্দ, আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সঙ্গত নহয়।
11 Kwa maana manabii na makuhani wote wamekufuru. Nimeona uovu wao ndani ya nyumba yangu! - hili ndilo tamko la Bwana;
১১কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।
12 kwa hiyo njia yao itakuwa kama mahali pa kupumzika katika giza. Watasukumwa chini. Wao wataanguka ndani yake. Kwa maana nitawatuma mabaya juu yao katika mwaka wa adhabu yao; hili ndilo tamko la Bwana.
১২এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।
13 kwa maana nimeona uchungu kati ya manabii huko Samaria. Walitabiri kwa Baali na wakawaongoza watu wangu Israeli kwenye njia sahihi.
১৩মই চমৰিয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য দেখিলোঁ; তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি মোৰ প্ৰজা ইস্রায়েল লোকক ভুলালে।
14 Na miongoni mwa manabii huko Yerusalemu nimeona mambo ya kutisha: wanafanya uzinzi na huenda kwa udanganyifu. Wanaimarisha mikono ya waovu; hakuna mtu anarejea na kuacha uovu wake. Wote wamekuwa kama Sodoma kwangu na wenyeji wake kama Gomora!”
১৪মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
15 Kwa hiyo, Bwana wa majeshi asema hivi juu ya manabii, “Tazameni, nitawafanya wale magugu na kunywa maji yenye sumu, kwa maana kufuru imetoka kwa manabii wa Yerusalemu na kuingia katika nchi yote.”
১৫এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”
16 Bwana wa majeshi asema hivi, “Usisikilize maneno ya manabii wanaokuhubiri. Wamekudanganya! Wanatangaza maono kutoka kwenye mawazo yao wenyewe, si kwa kinywa cha Bwana.
১৬বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
17 Wanasema daima kwa wale wanaonidharau mimi, 'Bwana asema kutakuwa na amani kwako.' Na kila mtu anayetembea katika ukaidi wa moyo wake anasema, 'mabaya hayatakuja kwenu.'
১৭মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
18 Lakini nani amesimama katika mkutano wa baraza la Bwana? Ni nani anayeona na kusikia neno lake? Ni nani anayezingatia maneno yake na kusikiliza?
১৮কাৰণ কোনে যিহোৱাৰ সভাত থিয় হৈছে, যে, তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব? কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে?
19 Tazama, kuna dhoruba inayotoka kwa Bwana! Hasira yake inatoka, na dhoruba inazunguka. Inazunguka vichwa vya waovu.
১৯সৌৱা, চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা! এনে কি, প্ৰবল বা’মাৰলি বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
20 Hasira za Bwana hazitarejea mpaka zitakapotimiza nia ya moyo wake. Katika siku za mwisho, utaelewa.
২০যিহোৱাই কাৰ্য সমাপ্ত নকৰালৈকে, আৰু তেওঁৰ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰোধ নাথামিব। তোমালোকে শেষকালত তাক সম্পুৰ্ণকৈ বুজিবা।
21 Sikuwatuma manabii hawa. Wao tu walionekana. Sikuwahubiri jambo lolote kwao, lakini bado wanatabiri.
২১মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে; মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
22 Kwa kuwa kama walisimama katika mkutano wangu wa baraza, wangeweza kuwasababisha watu wangu kusikia neno langu; wangewafanya wapate kuacha maneno yao mabaya na mazoea mabaya.
২২কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ’লে, মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন, আৰু তেওঁলোকৰ কু-পথ ও কুকৰ্মৰ পৰা তেওঁলোকক ওভটাই আনিলেহেঁতেন।
23 Mimi ni Mungu aliye karibu-hili ni tamko la Bwana-mimi sio Mungu aliye mbali?
২৩যিহোৱাই কৈছে, মই জানো ওচৰত থকাহে ঈশ্বৰ? দূৰত থকাও ঈশ্বৰ নহওঁ জানো?
24 Je, kuna mtu yeyote anayejificha mahali penye siri ili nisiweze kumwona? -Hili ndilo tamko la Bwana-Je mbingu na nchi hazikujawa nami? -hili Ndilo tamko la Bwana.
২৪যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
25 Nimesikia yale waliyosema manabii, wale waliokuwa wanatabiri uongo kwa jina langu. Wakisema, 'Nilikuwa na ndoto!
২৫‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ।
26 Nilikuwa na ndoto!' Je, hii itaendelea mpaka lini, manabii wanaotabiri uongo kutoka kwa akili zao, na wanasema nini kutokana na udanganyifu mioyoni mwao?
২৬মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব?
27 Wana mpango wa kuwafanya watu wangu kusahau jina langu kwa ndoto ambazo wanazoripoti, kila mmoja kwa jirani yake, kama vile babu zao walivyosahau jina langu kwa ajili ya jina la Baali.
২৭তেওঁলোকৰ পূৰ্বপুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে।
28 Nabii aliye na ndoto, aseme ndoto hiyo. Lakini yule ambaye nimemwambia kitu fulani, basi aseme neno langu kwa kweli. Je, majani yanahusiana na nafaka? - hili ni tamko la Bwana-
২৮সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?
29 Na neno langu si kama moto? -Hili ni tamko la Bwana-na kama mwamba wenye kupiga nyundo?
২৯যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
30 Tazameni, ninapingana na nabii-hii ndiyo ahadi ya Bwana-yeyote anayeiba maneno kutoka kwa mtu mwingine na anasema yanatoka kwangu.
৩০এই হেতুকে, যিহোৱাই কৈছে, চোৱা, নিজ নিজ ওচৰ-চুবুৰীয়াৰ পৰা মোৰ বাক্য চুৰ কৰা ভাববাদীসকলৰ প্রতি মই বিপক্ষ।”
31 Tazama, ninapingana na manabii-hili ndilo tamko la Bwana-ambao hutumia lugha zao kutabiri maneno.
৩১যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ।
32 Tazameni, ninapingana na manabii wanaoota ndoto-hii ndiyo ahadi ya Bwana-na kisha kuwahubiri na kwa njia hii kuwadanganya watu wangu kwa udanganyifu wao na kujivunia. Mimi ni juu yao, kwa kuwa sikuwatuma wala kuwapa amri. Kwa hivyo hawatawasaidia watu hawa - hili ndilo tamko la Bwana.
৩২যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
33 Watu hawa au nabii au kuhani wakakuuliza, 'Je, ni nini tamko la Bwana?' basi lazima uwaambie, 'Ni tamko gani? Kwa maana nimekuacha wewe-hili ndilo tamko la Bwana.
৩৩“আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
34 Kwa habari ya manabii, makuhani, na watu wanaosema, 'Hili ndilo tamko la Bwana,' nitamuadhibu mtu huyo na nyumba yake.
৩৪যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম।
35 Endelea kusema, kila mtu kwa jirani yake na kila mtu kwa ndugu yake, 'Bwana alijibu nini?' na 'Bwana alitangaza nini?'
৩৫তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক’বা, ‘যিহোৱাই কি উত্তৰ দিলে?’ বা ‘যিহোৱাই কি ক’লে?’
36 Lakini usizungumze tena juu ya tamko la Bwana, kwa kuwa kila tamko kutoka kwa kila mtu limekuwa ujumbe wake mwenyewe, na umepotosha maneno ya Mungu aliye hai, Bwana wa majeshi, Mungu wetu.
৩৬“যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাৰ বাক্য বিপৰীত কৰিছা।
37 Utamuuliza nabii hivi, 'Bwana alikujibu nini? Je, Bwana alisema nini? Kisha unasema tamko kutoka kwa Bwana;
৩৭তুমি ভাববাদীক এইদৰে ক’বা, ‘যিহোৱাই তোমাক কি উত্তৰ দিলে? বা যিহোৱাই কি কলে?’
38 lakini Bwana asema hivi, Sema hivi, “Hili ni tamko la Bwana” ingawa nimekuagiza na kusema, “Usiseme: Hili ni tamko kutoka kwa Bwana.”
৩৮কিন্তু “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে যিহোৱাই এইদৰে কব, “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি নকবলৈ কৈ পঠোৱাতো “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি কোৱা বাবে, চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম,’
39 Kwa hiyo, angalia, nitawachukua na kukutupa mbali na mimi, pamoja na jiji ambalo nilikupa wewe na baba zako.
৩৯আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
40 Ndipo nitaweka aibu ya milele na fedheha juu yenu ambayo haitasahauliwa.'”
৪০আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।”