< Yeremia 16 >

1 Ndipo neno la Bwana likanijia, kusema,
এয়েই যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “Usiwe na mke, wala usiwe na wana au binti hapa.
বোলে, “তুমি বিবাহ নকৰিবা, এই ঠাইত তোমাৰ পো-জী হবলৈ নিদিবা।”
3 Kwa kuwa Bwana asema hivi kwa wana na binti ambao wamezaliwa hapa, kwa mama waliowabeba, na kwa baba waliowafanya wazaliwe katika nchi hii,
কিয়নো, এই ঠাইত ওপজা পো-জীৰ বিষয়ে আৰু এই দেশত তেওঁলোকক প্ৰসৱ কৰা মাতৃসকলৰ, আৰু তেওঁলোকক জন্ম দিয়া পিতৃসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
4 'Watakufa vifo vya magonjwa. Hawataliliwa wala kuzikwa. Watakuwa kama samadi juu ya nchi. Kwa maana wataangamizwa kwa upanga na njaa, na miili yao itakuwa chakula cha ndege wa angani na wanyama wa dunia.'
“তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
5 Maana Bwana asema hivi, 'Usiingie nyumba yoyote yenye kuomboleza. Usiende kuwaombolezea, wala usihuzunike kwa ajili ya watu hawa. Kwa maana nimeondoa amani yangu, uaminifu wa agano, na huruma, kutoka kwa watu hawa! Ndivyo asemavyo Bwana;
কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
6 kwa hiyo wakuu na wadogo watakufa katika nchi hii. Wala hawatazikwa, wala hakuna yeyote atakayeomboleza kwa ajili yao. Hakuna mtu atakayejikata-kata au kunyoa vichwa vyao kwa ajili yao.
“এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।
7 Hakuna mtu anayepaswa kugawa chakula chochote wakati wa kuomboleza ili kuwafariji kwa sababu ya vifo, na hawatawapa kikombe cha faraja kwa baba yake au mama yake ili kuwafariji.
লোক সকলে মৃত লোকৰ কাৰণে তেওঁলোকক শান্তনা দিবলৈ শোক কৰোঁতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোক সকলে তেওঁলোকক শান্তনাদায়ক পান-পাত্ৰ নিদিব।
8 Usiende kwenye nyumba ya karamu ili ukae pamoja nao ili kula au kunywa.
তুমি তেওঁলোকৰ লগত ভোজন-পান কৰিবৰ অৰ্থে, তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নোসোমাবা।”
9 Kwa maana Bwana wa majeshi, Mungu wa Israeli, asema hivi, 'Tazama, mbele yako, siku zako na mahali hapa, nitakomesha sauti ya furaha na sherehe, sauti ya bwana na bibi arusi. '
কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
10 Kisha itatokea kwamba utawaambia watu hawa maneno haya yote, na watakuambia, 'Mbona Bwana amesema maafa yote haya juu yetu? Uovu wetu ni uovu gani na dhambi yetu tuliyomtendea Bwana, Mungu wetu?'
১০আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’
11 Basi uwaambie, 'hii ndiyo ahadi ya Bwana; Kwa sababu baba zenu waliniacha, nao wakafuata miungu mingine, wakaiabudu na kuisujudia. Waliniacha na hawakuishika sheria yangu.
১১তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
12 Lakini ninyi wenyewe mmeleta uovu zaidi kuliko baba zenu, kwa maana, kila mtu anaenda kwa ukaidi wa moyo wake mbaya; hakuna mtu anayenisikiliza.
১২আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।
13 Kwa hiyo nitawafukuza kutoka nchi hii mpaka nchi msiyoijua, wewe wala baba zako, nanyi mtaiabudu miungu mingine huko mchana na usiku, kwa maana mimi sitawapa fadhili zangu.'
১৩এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।
14 Kwa hiyo tazama! Siku zinakuja-hili ndilo tamko la Bwana-ambapo hawatasema tena, 'Kama Bwana aishivyo, yeye aliyewaleta wana wa Israeli kutoka nchi ya Misri.'
১৪এই হেতুকে চোৱা! এনে কোনো দিনবোৰ আহিছে “যিহোৱাই কৈছে”, সেই দিনা লোকসকলে আৰু নক’ব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত।’
15 Kwa maana, kama Bwana aishivyo, yeye aliyewaleta wana wa Israeli kutoka nchi ya kaskazini, na kutoka nchi aliyowaangamiza, nitawarudisha katika nchi niliyowapa baba zao.
১৫কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
16 Angalia! hili ni tamko la Bwana-Nitatuma wavuvi wengi-kwa hiyo watawavua watu. Baada ya hayo nitatuma wawindaji wengi ili waweze kuwinda kati ya milima na vilima vyote, na katika miamba ya mwamba.
১৬চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
17 Kwa kuwa macho yangu yapo juu ya njia zao zote; hawawezi kujificha mbele yangu. Uovu wao hauwezi kufichika mbele ya macho yangu.
১৭কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব।
18 Nami kwanza nitawalipa mara mbili uovu na dhambi zao kwa kuwa wameichafua nchi yangu sanamu za machukizo, na kwa kujaza urithi wangu na sanamu zao za machukizo.
১৮মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুন প্ৰতিফল দিম; কিয়নো তেওঁলোকে নিজৰ ঘিণলগীয়া বস্তুৰ শৱেৰে মোৰ দেশ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘৃণনীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে।
19 Ee Bwana, wewe ndiwe ngome yangu, na kimbilio langu, na mahali pa usalama wangu siku ya shida. Mataifa yatakujia kwako kutoka mwisho wa dunia na kusema, 'Hakika baba zetu walirithi udanganyifu. Ubatili mtupu; hakuna faida ndani yao. Je!
১৯হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
20 Watu hufanya miungu kwa ajili yao wenyewe? Lakini wao sio miungu.
২০যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
21 Kwa hiyo tazama! Nitawafanya wajue wakati huu, nitawafanya watambue mkono wangu na nguvu zangu, kwa hiyo watajua kwamba Yahweh ni jina langu.”
২১এই হেতুকে চোৱা! মই তেওঁলোকক জনাম, মোৰ হাত আৰু মোৰ পৰাক্ৰম তেওঁলোকক একেৰাহে জ্ঞাত কৰাম, তাতে মোৰ নাম যে যিহোৱা, ইয়াকে তেওঁলোকে জানিবলৈ পাব।

< Yeremia 16 >