< Yeremia 10 >

1 “Sikilizeni neno ambalo BWANA anawaambieni, enyi nyumba ya Israeli.
হে ইস্ৰায়েল বংশ, যিহোৱাই তোমালোকক যি কথা ঘোষণা কৰিছে, তাক শুনা।
2 BWANA asema hivi, 'msijifunze njia za mataifa, na msishangazwe na ishara za mbinguni, kwa kuwa mataifa hushangazwa na haya.
যিহোৱাই এইদৰে কৈছে: তোমালোকে বিভিন্ন জাতিৰ ব্যৱহাৰ নিশিকিবা, আৰু আকাশ-মণ্ডলৰ নানা অদ্ভুত লক্ষণ দেখি ব্যাকুল নহবা; কাৰণ বিভিন্ন জাতিয়েহে সেইবোৰ দেখি ব্যাকুল হয়।
3 Kwa kuwa desturi za watu ni ubatili. Kwa kuwa mtu mmoja hukata mti msituni; kazi ya mikono ya mtu na shoka.
কিয়নো জাতিবোৰৰ ৰীতি-নীতিবোৰ অসাৰ। কাৰণ এজন মানুহে কাঠনিৰ পৰা এডাল গছ কাটি উলিয়ায়; সেয়ে কুঠাৰেৰে কৰা মানুহৰ হাতৰ কাৰ্য হৈ উঠে।
4 Kisha huzipamba kwa fedha na dhahabu. Huikaza kwa misumari na nyundo ili isitikisike.
তেতিয়া তেওঁলোকে তাক ৰূপ আৰু সোণেৰে অলংকৃত কৰে। আৰু সেয়ে নপৰিবৰ বাবে হাতুৰীৰে গজাল মাৰি তাক মজবুত কৰে।
5 Sanamu hizi ni mfano wa sanamu za kutishia ndege katika shamba la matango, kwa kuwa haziwezi kusema chochote. Hubebwa, kwa kuwa haziwezi hata kusogea hatua moja. Usiwaogope, Kwani hawawezi kutenda maovu wala mema.”
সেইবোৰ শিল্পকাৰে খাজুৰ গছৰ আকৃতিৰে কুন্দত কটা কাঠৰ নিচিনা, আৰু কথা কব নোৱাৰে। সেইবোৰক বৈ নিব লগীয়া হয়, কাৰণ সেইবোৰে খোজ কাঢ়িব নোৱাৰে। তোমালোকে সেইবোৰলৈ ভয় নকৰিবা; কাৰণ সেইবোৰে কোনো পাপ কৰিব নোৱাৰে আৰু হিত কৰিবলৈকো সেইবোৰৰ সাধ্য নাই।
6 Hakuna aliye kama wewe, BWANA. Wewe ni mkuu, na jina lako lina nguvu.
হে যিহোৱা, তোমাৰ তুল্য কোনো নাই। তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ।
7 Ni nani asiyekuwa na hofu juu yako, wafalme wa mataifa? Kwa kuwa hiki ndicho unachostahili, kwa kuwa hakuna wa kuwa kama wewe kati ya wote wenye hekima katika mataifa yote au katika hali yao ya enzi.
হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।
8 Wote wako sawa, ni kama wanyama na wapumbavu, wanafunzi wa samamu ambazo si chochote isipokuwa miti tu.
কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।
9 Wanaleta fedha iliyofuliwa kutoka Tarshishi, na dhahabu kutoka Ufazi iliyotengenezwa na sonara, ni kazi ya ustadi. Mavazi yao ni ya rangi ya samawi na urujuani. Watu wao stadi waliyafanya haya yote.
তৰ্চীচৰ পৰা শিল্পকাৰৰ আৰু সোণাৰীৰ হাতে কৰা পতা-ৰূপ আৰু উফজৰ পৰা সোণ তেওঁলোকে আনে, সেইবোৰৰ পৰিধান-বস্ত্ৰ নীল আৰু বেঙেনা বৰনীয়া সুতাৰে কৰা; সেই আটাইবোৰ নিপুণ মানুহৰ কাৰ্য।
10 Lakini BWANA ni Mungu wa kweli. Yeye ni Mungu aliye hai na mfalme wa milele. Matetemeko yako katika hasira yake, na mataifa hayawezi kuvumilia hasira yake.
১০কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
11 Utawaambia hivi, “Miungu ambayo haikuumba mbingu na nchi itaangamia katika dunia hii na chini ya mbingu.”
১১তোমালোকে তেওঁলোকক এই কথা কোৱা, ‘যি দেৱতাবোৰে আকাশ-মণ্ডল স্ৰজন কৰা নাই, সেইবোৰ পৃথিৱীৰ পৰা, আকাশ-মণ্ডলৰ তলৰ পৰা উচ্ছন্ন হব।’
12 Aliyeiumba dunia kwa nguvu zake aliumba nchi kavu kwa hekima zake na kuzitandaza mbingu kwa fahamu zake.
১২তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
13 Sauti yake ndiyo itengenezayo muungurumo wa maji mbinguni, naye huzileta mbingu katika mwisho wa dunia. Hutengeneza radi kwa ajili ya mvua na kutuma upepo kutoka katika hazina yake.
১৩তেওঁ মাত লগালে আকাশ-মণ্ডলৰ জল সমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্ত ভাগৰ পৰা ভাপবোৰ তোলে। তেওঁ বৃষ্টিৰ কাৰণে বিজুলি স্ৰজে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে।
14 Kila mtu amekuwa mjinga, hawana maarifa. Kila mfua chuma ameaibishwa kwa sanamu zake. Maana sanamu yake ya kuyeyushwa ni uongo; hakuna pumzi ndani yake.
১৪প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞান-শূন্য, প্ৰতিজন সোণাৰী আৰু কটা-প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়। কাৰণ তাৰ সাঁচত ঢলা মূৰ্ত্তিবোৰ মিছা; সেইবোৰৰ ভিতৰত কোনো নিশ্বাস-প্ৰশ্বাস নাই।
15 Ni ubatili tu, ni kazi ya udanganyifu; zitapotea wakati wa hukumu.
১৫সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন; দণ্ড দিয়াৰ সময়ত সেইবোৰ বিনষ্ট হব।
16 Lakini Mungu ni fungu la Yakobo, si kama hawa, kwa kuwa yeye ndiye aliyeviumba vitu vyote. Israeli ni kabila ya urithi wake; BWANA wa majeshi ndiye jina lake.
১৬যাকোবৰ অংশ সেইবোৰৰ দৰে নহয়; কাৰণ তেওঁ সকলোৰে নিৰ্মাণকৰ্ত্তা। আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
17 Kusanya vitu vyako na uiache nchi, wewe ambaye umekuwa ukiishi katika mazingiwa haya.
১৭হে অৱৰুদ্ধ নগৰ-নিবাসিনী, তোমাৰ বস্তু-বাহানি গোটাই লৈ এই ঠাইৰ পৰা আঁতৰি যোৱা।
18 Kwa kuwa BWANA asema hivi, “Tazama, Ni tayari kuwatupa wakazi wa nchi nje wakati huu. Nitawasababishia huzuni, na itakuwa hivyo.”
১৮কিয়নো যিহোৱাই এই কথা কৈছে: চোৱা, মই এইবাৰ দেশ নিবাসীসকলক ফিঙ্গাৰ শিলৰ নিচিনাকৈ দলিয়াই পেলাম, আৰু তেওঁলোকৰ মনত লগাকৈ তেওঁলোকক দুখ দিম।’
19 Ole wangu! Kwa sababu ya mifupa yangu iliyovunjika, Jeraha zangu zimeumia. Kwa hiyo nilisema. “Hakika haya ni maumivu, lakini lazima nivumilie.”
১৯হায় হায়, মই কেনে ভগ্ন হলোঁ! মোৰ ঘা অতি কষ্টদায়ক। তথাপি মই ক’লোঁ, ‘এয়ে মোৰ ৰোগ, মই তাক সহিবই লাগিব।
20 Hema yangu imeharibiwa, na kamba za hema yangu zote zimekatwa. Wamewachukua watoto wangu wote, Kwa hiyo hawaishi tena. Hakuna tena mtu wa kuitandaza hema yangu au wa kuziinua pazia za hema yangu.
২০মোৰ তম্বু নষ্ট হ’ল, মোৰ সকলো ৰছী ছিগি গ’ল। তেওঁলোকে মোৰ পোঁহতক মোৰ পৰা আঁতৰাই নিলে, তেওঁলোক আৰু জীয়াই নাথাকিব। মোৰ তম্বু আকৌ তৰিবলৈ, আৰু মোৰ তম্বুৰ কাপোৰ তুলিবলৈ আৰু কোনো নাই।
21 Kwa kuwa wachungaji wamekuwa wapumbavu. Hawamtafuti BWANA. Kwa hiyo hawana mafanikio; Kondoo wao wote wamesambaa.
২১কিয়নো ৰখীয়াসকল পশু-তুল্য হ’ল। আৰু তেওঁলোকে যিহোৱাক নিবিচাৰিলে। এই কাৰণে তেওঁলোকে মঙ্গল পোৱা নাই; তেওঁলোকৰ আটাই জাক গোট গোট হৈ গ’ল।
22 Taarifa imewadia, “Tazama! inakuja, tetemeko kubwa linakuja kutoka katika nchi ya kaskazini kuifanya miji ya Yuda kuwa ukiwa, na maficho ya mbweha.
২২চোৱা! খবৰৰ গোচৰবোৰ আহি পৰিছে: উত্তৰ দিশৰ পৰা এক ভয়ানক ভূমিকম্প আহি আছে! যিহূদাৰ নগৰবোৰক ধ্বংসস্থান আৰু শিয়ালৰ বাসস্থান কৰিবলৈ।
23 Ninajua, BWANA, kwamba njia ya mtu haiji kutoka kwake. Wala hakuna mtu atembeaye anayeongoza hatua zake mwenyewe.
২৩হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে। নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনাৰ শক্তি নাই।
24 Ee BWANA, unirudi, kwa hukumu za haki, si kwa hasira zako vinginevyo utaniangamiza.
২৪হে যিহোৱা, মোক কেৱল ন্যায়েৰে শুধৰোৱা, কিন্তু ক্ৰোধেৰে নহয়; নহলে, মোক গ্ৰাস কৰিব।
25 Mwaga hasira zako kwa mataifa ambao hawakujui na katika familia ambazo hawakuiti kwa jina lako. Kwa kuwa wamemla Yakobo na kumwangamiza kabisa na kuyafanya makao yake kuwa ukiwa.
২৫যি জাতিবোৰে তোমাক নাজানে, আৰু যি গোষ্ঠিবোৰে তোমাৰ নামত প্ৰাৰ্থনা নকৰে, তেওঁলোকৰ ওপৰত তোমাৰ ক্ৰোধ ঢালা। কিয়নো তেওঁলোকে যাকোবক গ্ৰাস কৰিলে, আৰু তাৰ বাসস্থান ধ্বংস কৰিলে।”

< Yeremia 10 >