< Isaya 54 >

1 ''Imba, ewe mwanamke tasa, ewe ambaye haujazaa; imba wimbo kwa furaha na lia kwa nguvu ewe ambaye hujapata uchungu wa kuzaa. Maana watoto walio katika ukiwa ni wengi kuliko watoto wa wanawake waliolewa,'' asema Yahwe.
সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।
2 Fanya hema lako kuwa kubwa na tawanya mapazia mbali, sio kidogo; nyoosha kamba zako na imarisha vigingi vyako.
তোমালোকৰ তম্বু ডাঙৰ কৰা, আৰু তম্বুবোৰ পর্দাবোৰ যিমান পাৰা বহলাই দিয়া; তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুটিবোৰ শক্তিশালী কৰা।
3 Maana utawanjwa katika mkono wa kulia na wa kushoto, na ukoo wako utashinda mataifa na kuwapatia miji iliyo na ukiwa.
তোমালোকৰ সোঁহাত আৰু বাওঁহাত মেলি দিয়া হ’ব, আৰু তোমালোকৰ বংশধৰসকলে দেশবোৰ জয় কৰিব, আৰু পৰিত্যক্ত নগৰবোৰ পুনৰ স্থাপন কৰিব।
4 Usiogope maana hautahaibika, wala kukatishwa tamaa maana hautapatwa na aibu; hutasahau aibu ya ujana wako na aibu ya kutelekezwa.
ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।
5 Maana Muumba ni mume wako; Yahwe wa majeshi ndilo jina lake. Mtakatifu wa Israeli yeye ni mkombozi wenu; anaitwa Mungu wa nchi yote.
তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।
6 Yahwe anakuita wew urudi kama mwanamke aliyetelekezwa na mwenye roho ya huzuni, kama mwanamke mdogo aliyeolewa na kukataliwa, asema Mungu.
কাৰণ আত্মাত শোক পোৱা আৰু পৰিত্যাগ হোৱা, যৌৱনকালত বিয়া হৈ অগ্রাহ্য হোৱা মহিলাৰ দৰে, যিহোৱাই পুনৰ ভাৰ্যাৰ দৰে তোমালোকক আহ্বান কৰিছে, এই কথা তোমালোকৰ যিহোৱাই কৈছে।
7 ''Kwa kipindi kifupi nimewatelekeza ninyi, lakini kwa huruma kubwa nitawakusanya ninyi.
“মই অলপ সময়ৰ বাবে তোমালোকক ত্যাগ কৰিছিলোঁ; কিন্তু অধিক দয়াৰে মই তোমালোকক চপাম।
8 Katika gharikia ya hasira nimeuficha uso wangu kwa muda. lakini kwa agano la milele la kuaminika nitakuwa na huruma na ninyi- amesema Yahwe, aliyewakomboa ninyi.
অত্যন্ত ক্রোধত, মই ক্ষন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলোঁ; কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম,” তোমালোকক উদ্ধাৰ কৰা যিহোৱাই কৈছে,
9 Maana haya ni kama Nuhu kwangu: kama nilivyoapa maji ya Nuhu hayuatapita tena katika nchi, Hivyo nimeapa kwama sitapatwa na hasira na ninyi wala kuwakemea ninji.
“এইয়া মোৰ বাবে নোহৰ সময়ৰ জল সমূহৰ দৰে; সেই নোহৰ সময়ৰ জল সমূহে পুনৰায় পৃথিৱী প্লাবিত নকৰিব বুলি মই যেনেকৈ শপত কৰিছিলোঁ, সেই দৰে মই এতিয়া শপত কৰিছোঁ যে, মই তোমালোকক খং নকৰোঁ, আৰু ধমকিও নিদিওঁ।
10 Japo milima yaweza kuanguka na vilima vyaweza kutikiswa, japo uimara wa pendo langu hautageuka nyuma kutoka kwenu, wala agano langu la amani kutikiswa- asema Yahwe, Yeye mwenye huruma juu yenu.
১০যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
11 Wanaotaabika, wanaopitia dhoruba na wasio na faraja, tazama, nitaweka lami kwa rangi nzuri, na kuweka misingi kwa yakuti.
১১হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।
12 Nitaufanya mnara wa akiki na lango yake ya almasi na kuta zake za nje ni za mawe mazuri.
১২মই ৰুবী বাখৰৰে তোমালোকৰ চূড়াবোৰ, আৰু চিকমিকিৱা পাথৰেৰে তোমালোকৰ দুৱাৰবোৰ স্হাপন কৰিম, আৰু তোমালোকৰ চাৰিও সীমা ধুনীয়া পাথৰেৰে নিৰ্ম্মাণ কৰিম।
13 Na watoto wako wote watafundishwa na Yahwe; na amani ya watoto wako itakuwakubwa.
১৩তোমালোকৰ সকলো সন্তান যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমালোকৰ সন্তান সকলৰ শান্তি মহান হ’ব।
14 Katika haki nitakuanzisha tena. Hautaona dhiki tena, maana hautaogopa, na hakuna kitu cha kutisha kitakachokuja karibu yako.
১৪ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।
15 Tazama, ikiwa yeyote atakaye koroga matatizo, hayatako kwangu; yeyote atakaye changanya matatizo pamaoja na wewe ataanguka kwa kishindo.
১৫চোৱা, যদি কোনো এজন যন্ত্রণাৰে আলোড়িত কৰে, সেইয়া মোৰ পৰা নহয়; যি কোনোৱে তোমালোকক যন্ত্রণাৰে আলোড়িত কৰাৰ সৈতে তোমালোকক পৰাজিত কৰিব।
16 Tazama, nimemumba fundi, anayepuliza makaa yanayoungua na na kuanda a silsha kama kazi yake, na nimemumba mharibifu ili awaharibu.
১৬চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলোঁ, যি জনে জ্বলি থকা কয়লাত ফু মাৰে, ধাতুৰে অস্ত্ৰ-শস্ত্র গঢ়া তেওঁৰ কাম, সেই কমাৰক ময়েই সৃষ্টি কৰিলোঁ, আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলোঁ।
17 Hakuna silaha iliyotengenezwa dhidi yako ikafanikiwa; na utamlaani kila mmjoa anayekutusi wewe. Huu ndio urithi wa watumishi wa Yahwe, na uthibitisho wake kutoka kwangu- Hili ndilo tamko la Yahwe.''
১৭তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।

< Isaya 54 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark