< Isaya 52 >
1 Amka, amka, vaa nguvu zako, Sayuni; vaa vazi lako zuri, mji mtakatifu; maana hakuna tena kutotahiriwa wala wasio safi kuingia kwako.
১হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।
2 Jikung'ute mwenyewe kutoka mavumbini; nyanyuka na ukae, ewe Yerusalemu; ondoa shanga katika shingo yako, wafungwa, binti ya Sayuni.
২হে যিৰূচালেম, ধূলিৰ পৰা তোমালোকে নিজকে জোকাৰি দিয়া; উঠি বহা; হে বন্দী-অৱস্থাত থকা হে চিয়োনৰ বন্দী জীয়াৰী, তোমালোকৰ ডিঙিৰ পৰা শিকলি খুলি দিয়া।
3 Maana Yahwe asema hivi, umeuzwa bure, na utakombolewa pasipo pesa.''
৩কাৰণ যিহোৱাই এই কথা কৈছে, “তোমালোক বিনামূল্যে বেচা গৈছিলা, আৰু তোমালোক বিনামূল্যে মুক্ত হবা।”
4 Maana Bwana Yahwe asema hivi, ''Hapo mwanzo watu wangu walishuka chini Misri kuishi kwa muda mfupi; Waasiria waliwanyanyasa wao hivi karibuni.
৪কাৰণ প্ৰভু যিহোৱাই এই কথা কৈছে, আগত মোৰ লোকসকল মিচৰলৈ অস্থায়ীভাবে বাস কৰিবলৈ গৈছিল; কিছু দিনৰ আগত অচূৰীয়া সকলে তেওঁলোকক উপদ্ৰৱ কৰিছিল।
5 Sasa ni kitu gani nilicho nacho hapa- Hili ni tamko Yahwe- aonae kwamba watu wake wanachukuliwa bure tu? Wale wanowaongoza wao wanafanya mzaha-Hili ni tamko la Yahwe- jina langu linakashifiwa mchan kutwa.
৫এইয়া যিহোৱাৰ ঘোষনা: “মই দেখিলোঁ যে মোৰ লোক সকলক বিনা কাৰণে লৈ যোৱা হৈছে, এতিয়া ইয়াত মোৰ কৰিবলৈ কি আছে? যি সকলে তেওঁলোকৰ ওপৰত শাসন কৰিছিল তেওঁলোকে নিন্দা কৰিছে, আৰু গোটেই দিন অবিৰাম ভাবে মোৰ নাম নিন্দিত হৈছে।”
6 Hivyo basi watu wangu watalijua jina langu; watajua kwamba siku hiyo kwamba mimi ndiye ninayesema ''Ndiyo, Ni Mimi!''
৬সেইবাবেই মোৰ লোকসকলে মোৰ নাম জানিব; তেওঁলোকে সেই দিনা জানিব যে মইয়ে সেই জন যি জনে এই কথা কৈছোঁ। হয় মইয়ে।”
7 Ni kwa uzuri gani juu miliima ni miguu ya mjumbe aliyeleta habari njema, atangazae amani, aliyebeba uzuri wa ukuu, aliyetangaza wokovu, anayesema kwa Sayuni, ''Mungu wako anatawala!''
৭যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!
8 Sikiliza enyi walinzi nyanyueni sauti zenu, kwa pamoja pigeni kelele kwa furaha, maana mtamuona, kwa kila jicho lenu, kurejea kwa Yahwe Sayuni.
৮শুনা, তোমালোকৰ প্ৰহৰীসকলে তেওঁলোকৰ মাত উচ্চ কৰিছে; একেলগে তেওঁলোকে জয়-ধ্বনি কৰিছে; কাৰণ যিহোৱা চিয়োনলৈ ঘুৰি অহা, তেওঁলোকে, তেওঁলোকৰ প্রতেক চকুৱে দেখিবলৈ পাব।
9 Pazeni sauti kwa kuimba kwa furaha, enyi mateka wa Yerusalemu; maana Yahwe amefariji watu wake; ameikomboa Yerusalemu.
৯যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা, কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে।
10 Yahwe amewaonyesha kwamba mkono wake mtakatifu katika macho ya mataifa yote; nchi yote itauona wokovu wa Mungu wetu.
১০যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
11 Ondokeni, ondokeni, enendeni mbali na hapa; msiguse kitu chochote ambacho ni najisi; au kuishi katikati yake; jitakase mwenyewe, enyi mliobeba vyombo vya Yahwe.
১১তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।
12 Maana hautakwenda nje kwa kukimbia, wala hautaondoka kwa hofu; Maana Yahwe atakuwa mbele yako; na Mungu wa Israeli atakuwa mlinzi wako nyuma.
১২কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।
13 Tazameni, mtumishi wangu atafanya hekima; atakuwa juu na atanyanyuliwa juu, na atapandishwa juu.
১৩চোৱা, মোৰ দাসবোৰে জ্ঞানেৰে কাৰ্য কৰিব আৰু কৃতকার্য হ’ব; তেওঁ উচ্চস্থানত আৰু উন্নীত হ’ব; তেওঁ অধিক মর্যদাপূর্ণ হ’ব।
14 Na wengi watamstajabia yeye- muonekano wake umekunjamana nje ya muonekano wa mwanadamu, hivyo basi upande wake ulikuwa mbali na kitu chochote ambacho ni binadamu-
১৪তেওঁৰ আকৃতিতকৈ তেওঁৰ আকৃতি ইমান বিকৃত আছিল যে, সেয়ে মানুহৰ অবস্থাতকৈ তেওঁৰ দৃশ্য ব্যতিক্রমি আছিল- সেয়ে অনেকে আপোনালৈ ভয় কৰিছিল-
15 Na hivyo, mtumishi wangu atanyunyizia mataifa mengi na wafme watafunga midomo yao kwa sababu yake. Kana kwamba hawajawahi kuambiwa, wataona, kana kwamba hawakusikia, wataelewa.
১৫সেয়ে তেওঁ অনেক দেশবাসীক সচকিত কৰিব; তেওঁৰ কাৰণে ৰজাসকলে তেওঁলোকৰ মুখ বন্ধ ৰখিব। যি কথা তেওঁলোকক কোৱা হোৱা নাছিল, তেওঁলোকে দেখিবলৈ পাব, আৰু যি শুনা নাছিল, তেওঁলোকে বুজিব পাৰিব।