< Isaya 5 >
1 Acha niimbe kwa mpendwa wangu mzuri, wimbo wa mpendwa wangu kuhusu shamba la mzabibu. Mpendwa wangu ana shamba kwenye mlima wenye rutuba.
১মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
2 Analilima, anaondoa mawe, na anaotesha aina ya mizabibu iliyo bora. Na hujenga mnara katikati ya shamba akichimba shinkizo ndani yake. Anasubiria mzabibu uzae matunda lakini unazaa zabibu mwitu.
২তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষাকুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।
3 Kwa hiyo sasa, wakazi wa Yerusalemu na watu wa Yuda, toa hukumu kati yangu na shamba la mzabibu.
৩সেয়ে এতিয়া হে যিৰূচালেম নিবাসীসকল আৰু যিহূদাৰ লোকসকল, মোৰ আৰু মোৰ দ্ৰাক্ষাবাৰীৰ মাজত বিচাৰ কৰা।
4 Je ni kitu gani cha ziada unaweza ukakifanya kwenye shamba langu la mizabibu, ambacho sijakifanya? ninapotamzamia izae matunda, kwa nini inazaa matunda mwitu?
৪মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাতিলোঁ হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
5 Sasa nitawambia kitu nitakacho kifanya kwenye shamba langu la mzabibu: nitaondoa uzio, nitaligeuza kuwa malisho, Nitavunja ukuta wake chini. Na itakanyagwa chini.
৫মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।
6 Nami nitaliharibu wala halitapaliliwa wala kuilmwa, bali litatoa mbigiri na miba; nami nitayaamuru mawingu yasinyeshee mvua juu yake.
৬মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
7 Maana shamba la mzabibu la Yahwe Bwana wa majeshi ni nyumba ya Israeli, na mtu wa Yuda ndio mazao yake ya kupendeza; anaisubiria haki lakini badala ya yaki kuna mauwaji; maana haki, lakini badala yake ni kelele zikihitaji msaada.
৭কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
8 Ole wao wanaoungana nyumba kwa nyumba, shamba kwa shamba, mpaka wanamaliza, na umebaki mwenyewe kwenye shamba!
৮ঘৰৰ লগত ঘৰ, আৰু পথাৰৰ লগত পথাৰ যোগ দিয়া সকলৰ সন্তাপ হওক; কোঠালি অৱশিষ্ট নাথকালৈকে, দেশত কেৱল তোমালোক অবশিষ্ট থাকিবা।
9 Yahwe wa majeshi ameniambia mimi, nyumba nyingi zitakuwa wazi, hata kubwa na zinazovutia, hakuna mwenyeji yeyote.
৯বাহিনীসকলৰ যিহোৱাই মোক কৈছিল, “অনেক ঘৰ খালী হৈ থাকিব, এনে কি, ডাঙৰ আৰু সুন্দৰ ঘৰবোৰতো কোনো প্ৰাণী বাস নকৰাকৈ থাকিব।
10 Maana mashamba ya mizabibu la nira kumi lilitoa bathi moja tu, na homeri ya mbegu itatoa efa tu.
১০কিয়নো দহ একৰ আসক্ত হ’বলৈ অতি ৰাতিপুৱাতে উঠে, আৰু এক হোমৰ বীজত এক ঐফা উৎপন্ন হয়।
11 Ole wao wanaoamka asubuhi na mapema kutafuta pombe kali, wale wanaokaa usiku wa manane mpaka pombe inawaka moto.
১১আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নোহোৱালৈকে বহু ৰাতিলৈকে বহি থাকে তেওঁলোকৰ সন্তাপ হ’ব।
12 Wanasherekea kwa kinubi, kinanda, kigoma, filimbi, na mvinyo, lakini hawazitambui kazi za Yahwe, wala hawaziangalii kazi za mikono yake.
১২তেওঁলোকৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু তেওঁলোকে যিহোৱাৰ কার্য বুজি নাপায়, নাইবা তেওঁৰ হাতৰ কার্য বিবেচনা নকৰে।
13 Kwa hiyo watu wangu wameenda kifungoni kwa kukosa uelewa; viongozi wao wakuheshimiwa wanashinda na njaa, na watu wao hana kitu cha kunjwa.
১৩এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দীত্বলৈ নিয়া হৈছে; তেওঁলোকৰ মূখ্যলোক সকল ভোকাতুৰ হৈছে, আৰু তেওঁৰ লোক সকলৰ পান কৰিবলৈ পানী নাছিল।
14 Hivyo basi kuzimu kumeongeza ladha yake na imefungua kinywa chake kwa kiasi kikubwa; wasomi wao, viongozi wao, manabii na wenye furaha miongoni mwao, watashuka kuzimu. (Sheol )
১৪সেই কাৰণে মৃত্যুৱে তেওঁলোকৰ ভোক বঢ়াইছে, আৰু নিজৰ মুখ বহলকৈ মেলিছে, তেওঁলোকৰ মাজৰ অভিজাতলোক, লোক সমূহ, মূখ্যলোক, আনন্দকৰা লোক, আৰু উল্লাসিত লোকসকল চিয়োললৈ নামি গৈছে। (Sheol )
15 Mtu atalazimishwa kuinama chini, na watu watakuwa wayenyekevu; na macho yao ya kujivuna yatatupwa chini,
১৫মানুহবোৰে তলমুখ কৰিছে, আৰু মহান লোক নম্র হৈছে, আৰু অহঙ্কাৰীবোৰৰ দৃষ্টি নত হৈছে।
16 Yahwe wa majeshi atainuliwa katika haki yake, na Mungu mtakatifu atajidhirisha kuwa mtakatifu kwa haki yake.
১৬বাহিনীসকলৰ যিহোৱা ন্যায় বিচাৰত উন্নত হৈছে, আৰু পবিত্ৰ ঈশ্বৰ নিজৰ ধাৰ্মিকতাত পবিত্ৰীকৃত হৈছে।
17 Ndipo kondoo watalishwa kama wako kwenye malisho yao wenyewe, na katika uharibifu, kondoo watachungwa kama wageni.
১৭তাৰ পাছত মেৰ-ছাগবোৰে নিজৰ চৰণীয়া পথাৰত চৰাৰ দৰে চৰিছে, আৰু ধনী লোকৰ ধ্বংসাৱশেষৰ মেৰ-ছাগবোৰে চৰিছে।
18 Ole wao wanaovuta pamoja na waovu kwa kamba isiyo na maana na wanaovuta pamoja na dhambi kwa kamba za gari.
১৮যিসকলে অসাৰতাৰূপ ৰছীৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনা জৰী সৈতে পাপ টানি নিয়ে, তেওঁলোকৰ সন্তাপ হ’ব;
19 Ole kwa wale wasemao, '' Basi na Mungu afanye haraka, basi afanya upesi, ili tuweze kuona kinachotokea; na tuache mipango ya Mtakatifu wa Israeli ije, ili tuifahamu.''
১৯যি সকলে কয়, ঈশ্বৰ লৰালৰি কৰক, তেওঁৰ কাৰ্য শীঘ্ৰে কৰক, সেয়ে আমি ইয়াক ঘটা দেখিবলৈ পাম; আৰু আমি যেন জানিব পৰো তাৰ বাবে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ কল্পনাই আকৃতিলৈ আহক।”
20 Ole wao waitao uovu wema, na wema ni uovu; inayowakilisha giza kama mwanga, na mwanga kama giza; inayowakilisha kitu kichungu kama kitamu, na kitamu kama kichungu!
২০যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
21 Ole kwa wale wenye busara machoni mwao, na buasra kwa uelewa wao!
২১যি সকল নিজৰ দৃষ্টিত জ্ঞানী, আৰু নিজৰ বিবেচনাত বিচক্ষণ, তেওঁলোকৰ সন্তাপ হ’ব।
22 Ole wao ambao ni washindi kwa kunjwa mvinyo, na wazoefu wa kuchanganya pombe kali;
২২যি সকল দ্ৰাক্ষাৰস পান কৰাত প্রথমশ্রেণীৰ, আৰু সুৰা মিহলি কৰাত নিপুণ, তেওঁলোকৰ সন্তাপ হ’ব।
23 ambao wako huru kumpa haki mtenda maovu, na kuwanyima haki wenye haki!
২৩ভেঁটীৰ বাবে যি সকলে দুষ্টক নিৰ্দ্দোষী কৰে, আৰু নির্দ্দোষীক ধাৰ্মিকতাৰ পৰা বঞ্চিত কৰে।
24 Hivyo basi kama ndimi za moto zinazokula mabua, kama majani makavu yanavyochomwa na moto, hivyo basi mizizi yake itaoza na maua yake yataperuka kama mavumbi. Hii itatokea kwa sababu wameikataa sheria ya Yahwe wa majeshi, na kwa sababu wamedharau neno la Mtakatifu wa Israeli.
২৪এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰৰ বাক্য তুচ্ছ জ্ঞান কৰিলে।
25 Hivyo basi hasira ya Yahwe imewaka juu ya watu wake. Ameunyoosh mkono wake juu yao na kuwaadhibu wao. Milima inatikisika, na maiti ni kama takata mitaani. Katika mambo yote haya, hasira yake haijapungua; badala yake, ameonyoosha mkono wake nje.
২৫এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে।
26 Atapandisha bendera ya ishara mabali na mataifa na atapuliza filimbi kwa wale walio mwisho wa nchi. Tazama watakuja wakikimbia mara moja.
২৬তেওঁ দূৰৰ দেশবোৰৰ বাবে সঙ্কেত দিয়া পতাকা তুলিব, আৰু পৃথিৱীৰ অন্তৰ পৰা তেওঁলোকৰ বাবে সুহুৰি মাৰিব; চোৱা তেওঁলোক ক্ষিপ্রতাৰে আৰু শীঘ্ৰে আহিব!
27 Hakuna tairi wala mashaka miongoni mwao; hakuna asinzae wala kulala usingizi. Au kama mkanda uliolegea, wala kamba za viatu kukatika.
২৭তেওঁলোকৰ মাজৰ কোনেও ক্লান্ত নহ’ব, নাইবা উজুটি নাখাব, আৰু টোপনি নাযাব নাইবা গভীৰ টোপনি নাযাব; নাইবা তেওঁলোকৰ কটিবন্ধন ঢিলা নহ’ব, নাইবা তেওঁলোকৰ জোতাৰ আগভাগো নাভাঙিব।
28 Mishale yao ni mikali na upinde wao umejikunja; kwato za farasi wao' ni kama jiwe, na gari lao magurudumu yake ni kama miba.
২৮তেওঁলোকৰ কাঁড়বোৰ চোকা, আৰু আটাই ধনু ভিৰোৱা; তেওঁলোকৰ ঘোঁৰাবোৰৰ খুৰা চকমকিয়া পাথৰৰ দৰে, আৰু তেওঁলোকৰ ৰথৰ চক্ৰবোৰ ধুমুহাৰ দৰে;
29 Mngurumo wao utakuwa kama wa simba, wataunguruma kama mtoto wa simba. Watanguruma na kukamata mawindo na kuvuta mbali, na hakuna hatakayeokolewa.
২৯তেওঁলোকৰ গৰ্জ্জন সিংহৰ গৰ্জ্জনৰ দৰে হ’ব; তেওঁলোকে যুবা সিংহৰ দৰে গুজৰিব এনে কি, কোনেও উদ্ধাৰ কৰিব নোৱাৰাকৈ তেওঁলোকে গুজৰি চিকাৰ ধৰিব আৰু টানি লৈ যাব।
30 Siku hiyo ataunguruma juu ya mawindo kama vile bahari kwa kishindo. Yeyote atakayeangalia nchi, ataona giza na mateso; hata mwanga hutafanjwa kuwa mweusi kwa mawingu.
৩০সেই দিনা তেওঁলোকে সমুদ্ৰই গৰ্জ্জন কৰাৰ দৰে চিকাৰৰ বিৰুদ্ধে গৰ্জ্জন কৰিব, কোনোৱে যদি ভূমিৰ ওপৰেৰে চায় তেওঁ কেৱল অন্ধকাৰ আৰু সঙ্কট দেখিব, আৰু মেঘৰ দ্বাৰাই পোহৰ অন্ধকাৰময় হ’ব।