< Isaya 35 >

1 Jangwa na Arabu watafurahia; na jangwa litafurahia na kuchanua. Kama waridi,
মৰুপ্রান্ত আৰু নিৰ্জন ঠাইবোৰ আনন্দিত হ’ব, আৰু গোলাপ ফুলৰ দৰে, মৰুভূমি ফুল ফুলিব আৰু প্ৰফুল্লিত হ’ব।
2 Yatachanua kwa wingi na yatashangilia kwa furaha na nyimbo; litapewa utukufu wa Lebanoni, mapambo ya Karmeli na Sharoni; watauona utukufu wa Yahwe, mapambo ya Mungu wetu.
প্রচুৰ পৰিমানে ফুলিব, আনন্দ আৰু গানেৰে সৈতে উল্লাসিত হ’ব; লিবানোনৰ গৌৰৱ, কৰ্মিল আৰু চাৰোণৰ মহিমা তাক দিয়া হ’ব; তেওঁলোকে যিহোৱাৰ গৌৰৱ, আৰু আমাৰ ঈশ্বৰৰ জ্যোতি দেখিবলৈ পাব।
3 Itieni nguvu mikono iliyo dhaifu, na badala ya magoti yanayotingishika.
তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।
4 Waambie wenye moyo wa uwoga, ''Wawe imara, wasiogope! Tazama, Mungu wako anakuja na kisasi, kwa ajili ya malipo ya Mungu. Atakuja na kutuokoa.''
ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”
5 Halafu macho ya vipofu yataona, na masikio ya viziwi yatasikia.
তেতিয়া অন্ধসকলে চকুৰে দেখিব, আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব,
6 Halafu kilema atarukaruka kama kulungu, na ulimi wa bubu utaimba, maana maji yatabubujika Araba, na mifereji jangwani.
সেই সময়ত খোৰাসকলে হৰিণীৰ দৰে জাঁপ মাৰিব, আৰু বোবাসকলৰ জিভাই গান গাব, কাৰণ মৰুভূমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্রান্তৰত জুৰিবোৰ ওলাব।
7 Mchanga ulioungua utakuwa kisima, na aridhi iliyo na kiu itakua chemchem; katika makazi mbweha, pale waliopokuwa wanaishi, kutakuwa na nyasi pamoja na mianzi.
জলন্ত বালি গভীৰ জলাশয় হ’ব, আৰু খৰাং মাটি পানীৰ ভুমুক হ’ব; শিয়ালৰ বাসতিস্থান, য’ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুঁহিলাৰ ঘাঁহনি হ’ব।
8 Barabara kuu itaitwa Njia takatifu. Wasio safi hawatasifiri kwa kutumia njia hiyo. Lakini itakuwa kwa ajili ya mtu yeyote anayetembea juu yake. Hakuna mjinga atakayeipitia.
তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ’ব। সেই পথেদি কোনো অশুচি লোকে যাত্রা নকৰিব। কিন্তু যি সকলে ইয়াত অহা-যোৱা কৰিব তেওঁলোকৰ বাবেহে হ’ব, কোনো মূর্খব্যক্তি সেই পথত নাযাব।
9 Hakuna simba pale, wala mnyama mkali katika barabara hiyo; hawatakuwepo kabisa pale, lakini waliokombolewa watapita pale.
সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব।
10 Fidia ya Yahwe itarudi na itakuja kwa wimbo wa Sayuni, na furaha ya milele itakuwa katika vichwa vyao; furaha na shangwe vitawazidi wao; huzuni na magonjwa yataondoshwa mbali.
১০যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।

< Isaya 35 >