< Isaya 33 >

1 Ole wenu, waharibifu ambao hamjaharibiwa! Ole wao wasaliti ambao hamjaslitiwa! Pindi mtakapoacha uaribifu, nanyi mtaharibiwa. Pindi mtakapoacha usaliti, nayi mtasalitiwa.
নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
2 Yahwe, tuurumie sisi; tumekusubiri wewe; umekuwa mkono wetu kila asubuhi, na wokovu wetu katika kipindi cha mateso.
হে যিহোৱা আমাক দয়া কৰক; আমি আপোনালৈ বাট চাই আছোঁ; প্ৰতি ৰাতিপুৱাতে আপুনি আমাৰ বাহুস্বৰূপ হয়, সঙ্কটৰ সময়ত আপুনি আমাৰ পৰিত্ৰাণকৰ্ত্তা হয়।
3 Watu wamekimbia kwa kusikia sauti kubwa; uliponyanyuka, mataifa yametawanyika,
কোলাহল শব্দত লোক সমূহ পলাব; আপুনি যেতিয়া উঠিব তেতিয়া জাতিবোৰ চিন্ন ভিন্ন হ’ব।
4 Mateka wako wamejikusanya kama mkasanyiko wa nzige; kama nzige warukavyo, watu wataruka juu yake.
কাকতী ফৰিঙে গোটোৱাৰ দৰে তোমাৰ ধ্বংস গোটোৱা হ’ব, ফৰিংবোৰে জপিওৱাৰ দৰে তাৰ ওপৰত লোকসকলে জাঁপ দিব।
5 Yahwe ameinuliwa. Anaishi mahali pa juu. Ataijaza Sayuni kwa haki na usawa.
যিহোৱা উন্নত, তেওঁ উদ্ধলোকত বাস কৰে; তেওঁ চিয়োনক ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ কৰিব।
6 Atakuwa imara katika kipidi chenu, wingi wa wokovu, busara, na maarifa; hofu ya Yahwe iko katika hazina yake.
তোমালোকৰ সময়ত তেওঁ স্থায়ীভাৱে থাকিব, পৰিত্ৰাণ, জ্ঞান, আৰু বুদ্ধি প্ৰচুৰ পৰিমাণে হ’ব; যিহোৱা বিষয়ক ভয়েই তেওঁৰ পৰমধন।
7 Tazama, wujumbe wanalia mtaani; wanadiplomasia wanamatumaini ya amani kwa kulia kwa uchungu.
চোৱা, তেওঁলোকৰ কটকীসকলে বাটত চিঞৰিছে; কুটনীতিজ্ঞ সকলে শান্তিৰ কাৰণে আশা কৰি মনোবেদনাত কান্দিছে।
8 Barabara kuu imeachwa faragha; hakuna wasafiri tena. Maagano yamevujika, mashahidi wanadharaulika, na utu wa mtu hauheshimiki.
ৰাজপথবোৰ জনপ্রানীহীন হ’ল, তাত যাত্রীসকল নোহোৱা হ’ল। চুক্তিবোৰ ভঙা হ’ল, সাক্ষ্যবোৰক অৱজ্ঞা কৰা হ’ল, আৰু নগৰবোৰক অসন্মানিত কৰা হ’ল।
9 Nchi imeomboleza na kunyaukia mbali; Lebanoni inaibisha na kunyaukia mbali; Sharoni imekuwa kama jangwa wazi; Bashani na Kermeli zimepuputisha majani yake.
দেশে শোক কৰিছে আৰু নষ্ট হৈছে; লিবানোনে বিবুদ্ধিত পৰিছে আৰু জঁই পৰিছে; চাৰোণ মৰুভূমিৰ দৰে হৈছে; বাচান আৰু কৰ্মিলে পাত সৰাইছে।
10 ''Sasa nitanyanyuka, ''asema Yahwe; '' sasa nitanyanyuliwa juu; sasa nitainuliwa.
১০যিহোৱাই কৈছে, “এতিয়াই মই উঠিম, এতিয়াই মই উন্নত হ’ম, এতিয়াই মই উন্নীত হ’ম।
11 Utashika mimba ya makapi na utazaa mabua; na punzi yako ni moto ambao utakuunguza wewe.
১১তোমালোকে তুঁহ গৰ্ভধাৰণ কৰিবা, আৰু তোমালোকে নৰা প্ৰসৱ কৰিবা, তোমালোকৰ নিঃশ্বাস-প্রশ্বাস জুই সেয়ে তোমালোকক গ্ৰাস কৰিব।
12 Watu watachomwa na kuwa kama chokaa, kama miiba ya porini inavyokatwa na kuchomwa.
১২কাঁটিয়া জোপোহা কাটি জুইত পোৰাৰ দৰে লোকসকল জ্বলি চূণ হ’ব।
13 Enyi mlio mbali sana, sikiliza nilicho kifanya; na enyi mlio karibu, kirini ukuu wangu.''
১৩তোমালোক যি সকল দূৰৈত আছা, মই কৰা কাৰ্যৰ কথা শুনা; আৰু তোমালোক যি সকল ওচৰত আছা, মোৰ পৰাক্ৰম স্বীকাৰ কৰা।”
14 Watenda zambi wa Sayuni wanogopa; tetemeko limewakuta wasio na Mungu. Ni nani miongoni mwetu anayeweza kukaa kwenye moto mkali? Na ni nani miongoni mwetu anayeweza kukaa kwenye moto wa milele?
১৪চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মি জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?
15 Nyie mnaotembe katika haki na kuongea kw uaminifu; yeye anayedharau mapato ya ukandamizaji, yeye anayekataa kuchuka rushwa, ambaye hausiki kwenye kupanga vurugu za kihalifu, na ambaye haangali maovu-
১৫যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
16 Ataiweka nyumba yake juu; sehemu yake ya ulinzi itakuwa ni ngome ya mwamba; chakula na maji yake hayataisha.
১৬সেই জনে নিজৰ ঘৰ উচ্চস্থানত স্থাপন কৰিব; তেওঁৰ প্রতিৰক্ষাৰ স্থান শিলৰ দুৰ্গ হ’ব; তেওঁৰ আহাৰ আৰু পানী দৃঢ়ভাবে সৰবৰাহ হ’ব।
17 Macho yako yatamuona mfalme katika uzuri wake; watatazama nchi kubwa.
১৭তুমি নিজ চকুৰে ৰজাক তেওঁৰ সুন্দৰ অৱস্থাত থকা দেখিবা, তেওঁলোকে বিশাল দেশ দেখিব।
18 Moyo wako utakumbuka hofu; yuko wapi mwandishi, yuko wapi yule aliayepima pesa? na yuko wapi yeye aesabue minara?
১৮তোমাৰ মনে হৈ যোৱা সঙ্কটৰ বিষয়ে ভাবিব; লিখক ক’ত, ধন জুখা জন ক’ত? কোঁঠবোৰ গণনা কৰা জন ক’ত আছে?
19 Hautawaona watu wanaopinga, watu weye lugha ya ajabu ambayo hautaweza kuielewa.
১৯তুমি বুজিব নোৱাৰা অপৰিচিত ভাষা কোৱা, অবাধ্য মানুহ আৰু দেখিবলৈ নাপাবা।
20 Itazame Sayuni, mji wa sikukuu yetu; macho yako yataiona Yerusalemu kama makao tulivu, hema ambalo halitatolewa, vigingi vyake havitatolewa wala kamba zake hazitakatika.
২০আমাৰ উৎসৱ নগৰ চিয়োনলৈ তুমি দৃষ্টি কৰা; যাৰ খুটি কেতিয়াও উঘালিব নোৱাৰি, যাৰ ৰছী কেতিয়াও নিছিগে, স্থানান্তৰ কৰিব নোৱাৰা এনে তম্বুস্বৰূপ শান্ত বাসস্থান যিৰূচালেমক তোমাৰ নিজৰ চকুৰে দেখিবা।
21 Badala yake Yahwe katika ukuu wake atakuwa pamoja na sisi, katika eneo la maji mengi na mifereji mingi. Hakuna manuari na mpiga makasia watakayepita hapo, na hakuna mashua itakayopita uko.
২১তাৰ পৰিবর্তে, বহল নদীবোৰত আৰু সুঁতীবোৰত মহান যিহোৱা আমাৰ সৈতে থাকিব। তাত বঠাৰে চলোৱা যুদ্ধ জাহাজ, আৰু প্ৰকাণ্ড জাহাজ নচলিব।
22 Maana Yahwe ni hakimu wetu, Yahwe ni mwanasheria wet, Yahwe ni mfalme wetu; atatukomboa sisi.
২২কিয়নো যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, আমাৰ ব্যৱস্থাপক, আৰু আমাৰ ৰজা; তেৱেঁই আমাক পৰিত্ৰাণ কৰিব।
23 Kamba zako zimelegea; haziwezi kushika mlingoti katika eneo lake; haziwezi kuzunguka meli; pindi mateka wanavyogawanyika, hata vilema watawatoa nje kama mateka.
২৩তোমাৰ পালবোৰ ঢিলা হৈ পৰিছে, সিহঁতে মাস্তুল থিৰকৈ ধৰি ৰাখিব নোৱাৰে, সিহঁতে পাল তৰিব নোৱাৰে; সেই কালত অনেক লুটদ্ৰব্য ভাগ বাটি দিয়া হ’ল, লেঙেৰায়ো লুটদ্ৰব্য নিলে।
24 Na wenyeji watasema, ''Ninaumwa;'' watu wanaoishi pale watasamehewa maovu yao.
২৪“মই অসুস্থ,” এই বুলি বাসিন্দা সকলে নক’ব, তাত থকা লোকসকলৰ অপৰাধ ক্ষমা কৰা হ’ব।

< Isaya 33 >