< Isaya 32 >

1 Tazama, mfalme atatawala kwa haki, wakuu wataongoza kwa haki.
চোৱা, এজন ৰজাই ধাৰ্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব।
2 Kila mmoja atakuwa kama makazi kutoka kwenye upepo na kimbilio kutoka kwenye dhoruba, kama mifereji kwenye sehemu kavu, kama kivuli kwenye mwamba mkubwa katika nchi iliyochoka.
খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
3 Halafu macho ya waie wanaoona hayataona giza, na masikio ya wale wanosikia yatasikia vizuri.
তেতিয়া চকুৰে দেখা পোৱা সকলৰ চকু অস্পষ্ট নহ’ব, আৰু কাণেৰে শুনা সকলে মনোযোগেৰে শুনিব;
4 Wenye upele watafikiria kwa makini kwa uelewa wao, na wenye kigugumizi watazungumza dhahiri na kwa urahisi.
অবিবেচক সকলে সাৱধানেৰে বিবেচনাৰে কৰিব, আৰু খুনাসকলে সহজে স্পষ্টকৈ কথা ক’ব।
5 Mjinga hataitwa tena muheshimiwa, wala muongo hataitwa mkuu.
মূৰ্খ লোকক সন্মানীয় বুলি আৰু মতা নহ’ব, নাইবা প্রবঞ্চকলোকক নিয়ম নীতি মানি চলা বুলি কোৱা নহ’ব।
6 Maana mjinga anazungumza ujinga, na moyo wake unapanga maovu na matendo ya wasiomcha Mungu, na anaongea mambo mabaya kuhusu Yahwe. Na anawafanya wenye njaa kuwa tupu na wenye kiu kukosa maji
কিয়নো অপবিত্ৰ কাৰ্য কৰিবলৈ, যিহোৱাৰ বিৰুদ্ধে ভ্ৰান্তিজনক কথা কব, ক্ষুধাতুৰ পেট শুদা ৰাখিব, আৰু তৃষ্ণাতুৰৰ পানীৰ অভাৱ কৰাব, কাৰণ মুৰ্খই মুৰ্খতাৰ কথা ক’ব, আৰু তেওঁৰ হৃদয়েৰে অধৰ্ম চিন্তা কৰিব।
7 Njia ya muongo ni maovu. Anajua kubuni mipango mibaya ya kuwalagai masikini kwa uongo, na hata kama masikini atazungumza ukweli.
প্রবঞ্চকলোকৰ প্রণালী মন্দ। তেওঁ নীতিহীন পদ্ধতিৰ পৰিকল্পনা কৰে, দুখীয়াই সঁচা কথা ক’লেও দুখীয়ালোকক মিছা কথাৰে ধ্বংস কৰিব।
8 Lakini watu wa heshima wanapanga mipango ya kuheshimika; na kwa sabaubau ya matendo ya wenye heshima tuatasimama.
কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব।
9 Nyanyukeni juu, enyi wanawake mlio wepesi, na sikilizeni sauti yangu; enyi mabinti msiowangalifu, nisikilizeni mimi.
হে নিশ্চিন্তে থকা মহিলাসকল, উঠা, আৰু মোৰ কথা শুনা; হে চিন্তা-ভাবনা নকৰা যুৱতীসকল, মোৰ বাক্য শুনা।
10 Maana kwa mda mfupi zaidi ya mwaka ujasiri wenu utavunjika, nyie wanawake msiojali, maana mavuno ya zabibu yatakwama, mavuno hayatakuwepo.
১০হে দায়িত্বহীন মহিলা, এবছৰ হৈ কিছু দিন গ’লে তোমালোকৰ আত্মবিশ্বাস চূৰ্ণ বিচূৰ্ণ হ’ব, কাৰণ দ্ৰাক্ষাক্ষেত্ৰ নষ্ট হ’ব, ফল চপোৱা সময় নাহিব।
11 Tetemekeni, enyi wanawake, mliowadhaifu; taabikeni enyi msikuwa wangalifu; ondoeni nguo zenu nzuri mbaki wazi;
১১হে নিশ্চিন্তে থকা মহিলা কম্পিত হোৱা; হে আত্মবিশ্বাসী কম্পমান হোৱা, উত্তম বস্ত্র সোলোকাই বিবস্ত্ৰ হোৱা, আৰু কঁকালত চট বান্ধা।
12 Vaeni nguo za magunia katika viuno vyenu. Ole watakaojichukulia mashamba mazuri, kwa mzabibu ulio zaa sana.
১২তোমালোকে মনোহৰ খেতি, আৰু ফলৱতী দ্ৰাক্ষালতাৰ বাবে বিলাপ কৰিবা।
13 Kwenye aridhi ya watu wangu kutamea miiba na mbigiri, hata juu ya nyumba za furaha na mji ulio na shangwe.
১৩মোৰ লোকসকলৰ ভুমি, এনে কি, এটা সময়ত ৰং-ৰহইচেৰে আনন্দত থকা ঘৰবোৰৰ বাৰীত, কাঁইটিয়া বন আৰু কাঁইট গছৰে ভৰি পৰিব।
14 Maana jumba litaachwa, mji uliosongamana utakuwa faragha; kilima na mnara vitakuwa mapango daima, furaha ya punda, malisho ya mifugo;
১৪কাৰণ ৰাজপ্রসাদ পৰিত্যাগ হ’ব, ঘনবসতিপূৰ্ণ নগৰ মৰুভূমি হ’ব, পাহাৰ আৰু পৰীয়া ঘৰ সৰ্ব্বকাললৈ গুহাস্বৰূপ হ’ব, বনৰীয়া গাধৰ ধেমালি কৰা ঠাই, পশুৰ জাকবোৰ চৰা ঠাই হ’ব।
15 mpaka roho itushukie sisi kutoka juu, na jangwa litakuwa shamba linalozaa, na shamba linalozaa litachukuliwa kama msitu.
১৫ওপৰৰ পৰা আমাৰ ওপৰত ঈশ্বৰৰ আত্মা বাকী নিদিয়া পর্যন্ত, মৰুপ্রান্তৰ ফলৱতী উদ্যান নোহোৱালৈকে, আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব।
16 Wenye haki wataishi jangwani; na wenye haki wataishi katika shamba linalozaa matunda.
১৬তাৰ পাছত সেই মৰুপ্রান্তত ন্যায়বিচাৰ বাস কৰিব, আৰু সেই ফলৱতী উদ্যানত ধাৰ্মিকতাই বসতি ল’ব।
17 Kazi ya mwenye haki itakuwa ni ya amani; na matokeo ya wenye haki, ni utulivu na kujiamini daima.
১৭ধাৰ্মিকতাৰ কাৰ্যৰে শান্তিৰ হ’ব, আৰু ধাৰ্মিকতাৰ ফল চিৰকাললৈ সুস্থিৰ আৰু বিশ্বাসযোগ্য হ’ব।
18 Watu wangu wataishi katika makao ya amani, na katika nyumba salama na mahali tulivu pa kupumzikia.
১৮মোৰ লোকসকলে শান্তিপূর্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত, আৰু শান্তিপূর্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব।
19 Lakini hata kama ni mvua ya mawe na msitu umeharibiwa, na mji umeteketezwa,
১৯কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ’ব, আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব।
20 yule ambae anaye panda pembezoni mwa mifereji atabarikiwa, na yule atakaye wapeleka ng'ombe na punda kuchunga.
২০জল সমূহৰ কাষত বীজ সিঁচা সকলে, আৰু ষাঁড় গৰু আৰু গাধক চৰিবলৈ এৰি দিয়া সকলে সকলোৱে আশীর্বাদপ্রাপ্ত হ’ব।

< Isaya 32 >