< Isaya 1 >
1 Maono ya Isaya mtoto wa Amozi ambayo aliyaona kuhusu Yuda na Yerusalemu katika vipindi vya utawala wa Uzia, Yothamu, Ahazi, na Hezekia, wafalme wa Yuda.
১যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ শাসনকালত আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
2 Sikia enyi mbingu, tega sikio ewe nchi; kwa kuwa Yahwe amesema: ''Nimewatunza na kuwalea watoto, lakini wamenigeuka.
২হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
3 Ng'ombe anamjua anayemmiliki na punda anajua sehemu anapowekewa chakula, lakini Israeli hawajui, wala hawafahamu.''
৩গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়; কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।”
4 Ole! Taifa, wenye zambi, mtu muovu, watoto wa wenye zambi, watoto wanaoenda kinyume, Wamemtelekeza Yahwe, wamedharau aliye Mtakatifu wa Israeli, wamejitenga wenyew kutoka kwake.
৪হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তান সকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।
5 Kwa nini ulikuwa unaendelea kupigwa? Kwa nini unazidi kuasi zaudi na zaidi? Kichwa chote kinauma, moyo wote ni dhaifu.
৫তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
6 Kutoka kwenye unyayo wa mguu mpaka kichwani kila sehemu ina maumivu; ni madonda na majeraha mabichi yaliyoachwa wazi, ambayo hayajafungwa, kuasifishwa, kuwafunga vidonda vyao, wala kuwaponya kwa mafuta.
৬ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই; কেৱল ঘা, আঘাত, আৰু মুকলি ঘাঁবোৰ সতেজ; সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই।
7 Nchi yenu imeharibiwa; miji yenu imechomwa moto; mashamba yenu— mbele, wageni wamehiaribu; wamepatelekeza katika uharibifu, ulioangushwa na wageni
৭তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
8 Binti Sayuni ameacha kama kibanda katika shamba la mzabu, kama kivuli kitika shamba la matango, kama mji unaomba.
৮দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে, আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন-জীয়ৰী পৰিত্যক্ত হৈছে।
9 Kama Yahwe wa majeshi hakutuasha kwa mda mfupi tungekuwa kama Sodoma, tungekuwa kama Gomora.
৯বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোঁহেঁতেন।
10 Sikiliza neno la Yahwe, enyi viongozi wa Sodomu; sikilizeni sheria ya Mungu wetu, enyi watu wa Gomora:
১০হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা; হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।
11 ''Sadaka zenu ni nyingi kiasi gani kwangu?'' asema Yahwe. ''Nimesikia vya kutosha kuhusu sadaka yenu ya mwana kondoo, na mnyama alionona; na damu ya ng'ombe, ndama, au mbuzi si vifurahii.
১১যিহোৱাই কৈছে, “মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি?” মেৰ-ছাগ পোৱালি আৰু হৃষ্টপুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে; ভতৰা গৰু, মেৰ-ছাগ, বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ।
12 Ulipokuja kuonekaa mbele yangu, Ni nani aliyehitaji hili juu yako, kukanyaga katika mahama yangu
১২যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হ’বলৈ আহাঁ, আৰু মোৰ চোতালখন গচকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল?
13 Msilete tena sadaka zisizo na maana; maana zinaniongezea uchafu mmekusanyika katika siku yenu mpya ya mwenzi na sabato—Mimi siwezi vumlia mikusanyio hii ya waovu.
১৩অনৰ্থক নৈবেদ্য আৰু নানিবা; আৰু ধূপ মোলৈ ঘিণলগীয়া; তোমালোকৰ ন-জোন, বিশ্ৰামবাৰ, আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰোঁ।
14 Ninaichukia sherehe yenu mpya ya mwenzi na sherehe zilizoteuliwa; ni mzigo kwangu; nimechoka kuubeba.
১৪তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে; সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।
15 Hivyo basi mnapotawanya mikono yenu kitkika maombi, sitawangalia hata kama mkiomba sana, sitawasikiliza; mikono yenu imejaa damu.
১৫সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত নির্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে।
16 Jiosheni, jitakaseni wenyewe; ondoeni matendo maovu mbele ya macho yangu; acheni kutenda dhambi;
১৬নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,
17 jifunze kutenda mema; tafuta ukweli; msiwanyanyase, wapeni haki yatima, walindeni wajane.''
১৭ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায়বিচাৰ বিচাৰা, আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”
18 Njooni sasa, njooni tusemezane, asema Yahwe, japokuwa dhambi zenu ni nyekundu kama bendera zitakuwa nyeupe kama theluji; japokuwa ni myekundu kama damu zitakuwa kama sufi.
১৮যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
19 Kama utakubali na kutii, utakula mema ya nchi,
১৯তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা।
20 lakini ukikataa na kugeuka, upanga utakuangamiza, maama Yahwe amesema.
২০কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।
21 Ni kwa jinsi gani mji ulioaminika umekuwa kahaba! ulikuwa ni mij wenye usawa na haki, lakini sasa mji umejaa mauwaji.
২১কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ।
22 Fedha zenu zimechafuka, na mvinyo wenu umechanganjwa na maji.
২২তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ’ল, আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ’ল।
23 Viongozi wenu wamemgeuka Mungu wamekuwa marafiki wa wezi; yeyote anayopenda rushwa na kuikimbilia. Hawawajali yatima, wala wajane wanaokuja kuwanyenyekea mbele yao.
২৩তোমালোকৰ শাসনকৰ্তাসকল বিদ্ৰোহী আৰু চোৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকে আগলৈ নানে।
24 Hivyo basi hili ndilo tamko la Bwana, Yahwe wa majeshi, Shujaa wa Israeli: Ole wao! nitachukua hatua kwa wale walio kinyume na mimi na niwaadhibu wale wanaonipinga;
২৪এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজে প্রতিশোধ সাধিম;
25 Nitaugeuza mkono wangu juu yako, nitatakasa chuma kilicho chakaa na kuondoa kutu yote.
২৫মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম, তোমালোকৰ আবৰ্জনাবোৰ আঁতৰাই শুদ্ধ কৰিম, আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম।
26 Nitailinda hukumu yako kama ilivyokuwa mwanzo, na washauri wako kama ilivyokuwa hapo mwanzo; baada ya hapo mtaitwa mji wa haki, mji wa imani.''
২৬মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্তাসকলক, আৰু আৰম্ভণীৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰায় স্থাপন কৰিম; তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ’বা।”
27 Sayuni itakombolewa kwa haki, na wanaotubu kwa haki.
২৭চিয়োন ন্যায়বিচাৰৰ দ্বাৰাই, আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ’ব।
28 Waasi na wenye dhambi wataangamizwa pamoja, na wale wataenda kinyume na Yahwe watauliwa.
২৮বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
29 Kwakukuwa utaona aibu juu ya miti ya mialoni uliyoitamani, na utakuwa na hofu juu ya bustani uliyoichagua.
২৯“কিয়নো তোমালোকে পবিত্র ওক গছবোৰত আৰাধনা কৰা দেৱতাবোৰৰ বাবে লাজ পাবা, আৰু তোমালোকৰ মনোনীত বাগিছাবোৰৰ বাবে বিভ্রান্ত হ’বা।
30 Kwa kukuwa utakuwa kama mualoni ambao majani yake yamenyauka, na kama bustani isiyokuwa na maji.
৩০কাৰণ তোমালোক ওক গছৰ শুকান পাতৰ দৰে, আৰু পানী নথকা বাগিছাৰ দৰে হ’বা।
31 Mtu mwenye nguvu atakuwa kama kitu kikavu, na kazi yake itakuwa kama cheche; zitawaka moto kwa pamoja, na hakuna hata mmoja ataweza kuuzima''.
৩১পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব; সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নুমাব নোৱাৰিব।