< Hosea 5 >

1 Sikilizeni haya, makuhani! kuweni makini, nyumba ya Israeli! Sikilizeni, nyumba ya mfalme! Kwa maana hukumu itakuja juu yenu nyote. Mmekuwa mtego huko Mizpa na wavu uliosambazwa juu ya Tabori.
হে পুৰোহিতসকল, এই কথা শুনা! হে ইস্ৰায়েলীয়া-বংশ, মনোযোগ দিয়া! হে ৰাজবংশৰ লোকসকল, শুনা! কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে। কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা।
2 Waasi husimama sana katika mauaji, lakini nitawaadhibu wote.
বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খন্দা ৰক্তৰ গাতলৈকে গ’ল, মই তেওঁলোকৰ সকলোকে শাস্তি দিম।
3 Najua Efraimu, na Israeli hajajificha kwangu. Efraimu, sasa umekuwa kama kahaba; Israeli ni unajisi.
মই ইফ্ৰয়িমক জানো; ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই; হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা; ইস্ৰায়েল অশুচি হ’ল।
4 Matendo yao hayawataruhusu kumgeukia Mungu, maana mawazo ya uzinzi yako ndani yao, na hawatamjua Bwana.
তেওঁলোকৰ কাৰ্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, কিয়নো তেওঁলোকৰ অন্তৰত ব্যভিচাৰী আত্মা আছে, আৰু তেওঁলোকে যিহোৱাক নাজানে।
5 Kiburi cha Israeli kinawashuhudia; Kwa hiyo Israeli na Efraimu watajikwaa kwa hatia zao; na Yuda pia wataanguka pamoja nao.
ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে; ইফ্ৰয়িমে নিজৰ অপৰাধতে উজুটি খাইছে; তেওঁলোকৰ লগতে যিহূদায়েও উজুটি খাইছে।
6 Watakwenda pamoja na kondoo zao na ng'ombe zao kumtafuta Bwana, lakini hawatamuona, kwa kuwa amejiondoa kutoka kwao.
নিজৰ মেৰ-ছাগ আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে যিহোৱাক বিচাৰি যাব, কিন্তু তেওঁলোকে তেওঁক নাপাব; কাৰণ তেওঁলোকৰ ওচৰৰ পৰা যিহোৱাই নিজক আঁতৰাই নিলে।
7 Walikuwa wasio waaminifu kwa Bwana, kwa kuwa wamezaa watoto haramu. Sasa sherehe mpya za mwezi zitawaangamiza na mashamba yao.
তেওঁলোকে যিহোৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে, তেওঁলোকে জাৰজ সন্তানবোৰক জন্ম দিলে। এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে ন-জোনৰ উৎসৱে তেওঁলোকক গ্ৰাস কৰিব।
8 Piga tarumbeta huko Gibea, na tarumbeta huko Rama. Sauti ya kilio cha vita huko Beth Aveni 'Tutakufuata, Benyamini!'
তোমালোকে গিবিয়াত শিঙা বজোৱা, ৰামাত তুৰী বজোৱা। বৈৎ-আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা, হে বিন্যামীন, “তোমাৰ পাছ ফালৰ শত্রুলৈ চোৱা!’
9 Efraimu itakuwa ukiwa siku ya adhabu. Miongoni mwa makabila ya Israeli nimetangaza habari itakayotokea.
শাস্তি দিয়াৰ দিনা ইফ্ৰয়িম জনশূন্য হৈ পৰিব। যি ঘটনাবোৰ নিশ্চয়ে ঘটিব, সেই বিষয়ে মই ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত সতর্ক কৰি ঘোষণা কৰিলোঁ।
10 Viongozi wa Yuda ni kama wale wanaondoao jiwe la mipaka. Nami nitamwaga ghadhabu yangu juu yao kama maji.
১০যি সকলে চাৰিসীমাৰ শিল আঁতৰায়, যিহূদাৰ নেতাসকল তেওঁলোকৰ নিচিনাই হ’ল। মই তেওঁলোকৰ ওপৰত পানীৰ ধলৰ নিচিনাকৈ মোৰ ক্রোধ ঢালি দিম।
11 Efraimu ameangamizwa; ameangamizwa kwa hukumu, kwa sababu ametembea kwa hiari kufuata sanamu.
১১ইফ্ৰয়িমক নির্যাতিত কৰা হ’ল; বিচাৰত তেওঁক চূর্ণ কৰা হ’ল; কাৰণ ইফ্রয়িমে অসাৰ মূর্তিবোৰৰ পাছত চলিবলৈ মনস্থ কৰিলে।
12 Kwa hiyo nitakuwa kama nondo kwa Efraimu, na kama uozo kwa nyumba ya Yuda.
১২সেয়ে মই ইফ্ৰয়িমলৈ নষ্টকাৰক পোকৰ নিচিনা হ’লো, আৰু যিহূদা-বংশলৈ ধ্বংস কৰা ক্ষয়কাৰকৰ দৰে হ’লো।
13 Efraimu alipoona ugonjwa wake, Yuda akaona jeraha lake; Efraimu akaenda Ashuru; Yuda akatuma wajumbe kwa mfalme mkuu. Lakini hakuweza kuwaponya watu au kuponya jeraha lako.
১৩ইফ্ৰয়িমে নিজৰ অসুস্থতা দেখা পালে, আৰু যিহূদাই নিজৰ আঘাত দেখা পালে; সেয়ে ইফ্ৰয়িমে অচুৰীয়াৰ ওচৰলৈ সহায়ৰ বাবে গ’ল; মহাৰাজৰ ওচৰলৈ লোক পঠাই বার্তা প্রেৰণ কৰিলে; কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব; তেওঁ তোমাৰ আঘাত নিৰাময় কৰিব নোৱাৰিব।
14 Kwa hiyo nitakuwa kama simba kwa Efraimu, na kama simba kwa nyumba ya Yuda. Mimi, naam mimi, nitapotea na kwenda mbali; Nitawachukua, na hakutakuwa na mtu wa kuwaokoa.
১৪মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম; মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
15 Nitakwenda na kurudi mahali pangu, mpaka watambue hatia yao na kutafuta uso wangu, hata wakanitafute kwa bidii katika dhiki yao.
১৫মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।”

< Hosea 5 >