< Hosea 4 >
1 Sikilizeni neno la Bwana, enyi watu wa Israeli. Bwana ana mashtaka dhidi ya wenyeji wa nchi, kwa sababu hakuna ukweli au uaminifu wa agano, hakuna ujuzi wa Mungu katika nchi.
১হে ইস্ৰায়েলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা; কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে। সেয়া হৈছে, দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰ সম্বন্ধে কোনো জ্ঞান নাই।
2 Kuna laana, uongo, mauaji, wizi na uzinzi. Watu wamevunja mipaka yote, na damu inakuja baada ya damu.
২কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
3 Kwa hiyo nchi inakauka, na kila mtu aliyeishi ndani yake anaangamia; wanyama katika mashamba na ndege angani, hata samaki katika bahari, wanaondolewa.
৩এই কাৰণে দেশে শোক কৰিছে, আৰু যি সকলে তাত বাস কৰে তেওঁলোক দুর্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্রৰ মাছবোৰৰ বিনাশ হৈছে।
4 Lakini usiruhusu mtu yeyote kuleta mashtaka; msiruhusu mtu yeyote ahukumu mtu mwingine. Kwa maana ninyi ndio makuhani, ninaowashtaki.
৪তথাপিও কোনো মানুহে বিবাদ নকৰক, কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক; কিয়নো, হে পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে।
5 Ninyi makuhani mtajikwaa wakati wa mchana; manabii pia watajikwaa pamoja nanyi usiku, nami nitamwangamiza mama yako.
৫পুৰোহিতসকল, তোমালোকে দিনত উজুটি খাবা, ৰাতি তোমালোকৰ সৈতে ভাৱবাদীয়েও উজুটি খাব; মই তোমালোকৰ মাতৃ ইস্রায়েলক বিনষ্ট কৰিম।
6 Watu wangu wanaharibiwa kwa sababu ya ukosefu wa maarifa. Kwa sababu makuhani wamekataa maarifa, nami nitawakataa msiwe makuhani kwangu. Kwa sababu umesahau sheria yangu, ingawa mimi ni Mungu wako, nami pia nitasahau watoto wako.
৬জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।
7 Makuhani wengi waliongezeka, zaidi walifanya dhambi dhidi yangu. Walibadilisha heshima zao kwa aibu.
৭পুৰোহিতসকল সংখ্যাত যিমানে বৃদ্ধি পাইছে, সিমানে তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে; মই তেওঁলোকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম।
8 Wanajilisha dhambi ya watu wangu; wao ni wenye tamaa zaidi ya uovu wao.
৮মোৰ লোকসকলৰ পাপ কার্যত তেওঁলোকে আহাৰ পায়; লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়।
9 Itakuwa sawa kwa watu kama kwa makuhani: nitawaadhibu wote kwa matendo yao; Nitawalipa kwa matendo yao.
৯এই হেতুকে, যেনেকৈ লোকসকল, তেনেকৈ পুৰোহিতসকলৰো হ’ব; দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম।
10 Watakula lakini hawatashiba; watafanya uzinzi lakini hawataongezeka, kwa sababu wamekwenda mbali na Bwana.
১০তেওঁলোকে ভোজন কৰিব, কিন্তু তৃপ্ত নহ’ব, বেশ্যাকৰ্ম কৰিব, কিন্তু সংখ্যা বৃদ্ধি নহ’ব; কিয়নো তেওঁলোকে মূর্তিপূজা কৰি যিহোৱাক ত্যাগ কৰিলে।
11 Wanapenda uasherati, divai, na divai mpya, ambayo imechukua uelewa wao.
১১ব্যভিচাৰ, দ্ৰাক্ষাৰস আৰু নতুন দ্রাক্ষাৰসে লোকসকলৰ বুদ্ধি নষ্ট কৰিছে।
12 Watu wangu hutaka shauri kwa sanamu zao za mbao, na fimbo zao za kutembelea huwapa unabii. Kwa maana mawazo ya uasherati yamewadanganya, na wamefanya kama makahaba badala ya kuwa mwaminifu kwa Mungu wao.
১২মোৰ লোকসকলে এডোখৰ কাঠৰ মূর্তিৰ ওচৰত পৰামর্শ বিচাৰে, তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নির্দেশনা দিয়ে, কিয়নো বেশ্যাকৰ্মলৈ নিয়া আত্মাই তেওঁলোকক বিপথে লৈ গৈছে। তেওঁলোকে বেশ্যাকৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে।
13 Wanatoa sadaka juu ya milima na kuteketeza uvumba kwenye milima, chini ya mialoni, milibua na miela, kwa sababu kivuli ni nzuri. Basi binti zenu hufanya uasherati, na binti zenu wanazini.
১৩তেওঁলোকে পর্বতৰ উচ্চ চূড়াবোৰত বলি উৎসর্গ কৰে, পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসর্গ কৰে, অলোন, লিবনি, আৰু এলা গছৰ তলত, য’ত আৰামদায়ক ছাঁ আছে, তাত ধূপ জ্বলায়। সেই কাৰণেই তোমালোকৰ ছোৱালীবোৰ বেশ্যা হয়, আৰু তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰে।
14 Mimi siwaadhibu binti zako wakati wanachagua kutenda uasherati, wala binti zako wakati wazini. Kwa maana wanaume pia wanajitoa kwa makahaba, na hutoa dhabihu ili waweze kufanya vitendo vya uasherati na makahaba. Hivyo watu wasiofahamu wataangamizwa.
১৪তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব।
15 Ingawa wewe, Israeli, umefanya uzinzi, lakini Yuda asiwe na hatia. Ninyi msiende Gilgali; msiende hadi Beth Aven. Wala msiape, “Aishivyo Bwana.”
১৫হে ইস্ৰায়েল, তুমি যদিও ব্যভিচাৰ কৰিছা, তথাপিও যিহূদা যেন সেই দোষত দোষী নহয়; তোমালোক গিলগললৈ নাযাবা, বৈৎ-আবনলৈকে উঠি নাযাবা; “জীৱন্ত যিহোৱাৰ শপত” বুলি শপত নাখাবা।
16 Kwa maana Israeli amefanya ukaidi, kama ndama mkaidi. Je! Bwana anaweza kuwaleta kwenye malisho kama kondoo mahali penye nafasi?
১৬ঠৰডিঙীয়া চেঁউৰী গাইৰ নিচিনা ইস্রায়েলীয়াসকল ঠৰডিঙীয়া। সেয়ে, বহল পথাৰত পোৱালি মেৰ-ছাগ এটাক চৰোৱাৰ দৰে যিহোৱাই জানো এতিয়া তেওঁলোকক চৰাব পাৰে?
17 Efraimu alijiunga na sanamu; mwache peke yake.
১৭ইফ্ৰয়িমে মূৰ্ত্তিবোৰৰ সৈতে যোগ দিছে। তেওঁক সেইদৰেই থাকিব দিয়া।
18 Hata wakati kileo chao kimeondoka wakaendelea kufanya uzinzi; watawala wake hupenda sana aibu yao.
১৮যেতিয়া তেওঁলোকৰ সুৰা পান কৰা শেষ হয়, তেতিয়া তেওঁলোকে বেশ্যাকৰ্ম কৰি থাকে; তেওঁলোকে নিজৰ গৌৰৱতকৈ ব্যভিচাৰী কার্যক অধিক বেছি ভাল পায়।
19 Upepo utamfunga kwa mabawa yake; nao wataona aibu kwa sababu ya dhabihu zao.
১৯শাস্তিৰ এক বায়ুৱে নিজৰ ডেউকাৰে সেই জাতিক মেৰিয়াই উৰাই লৈ যাব; তাতে তেওঁলোকে নিজৰ উৎসর্গবোৰৰ কাৰণে লাজ পাব।