< Hosea 14 >

1 Israeli, rudi kwa Bwana, Mungu wako, kwa kuwa umeanguka kwa sababu ya uovu wako.
হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।
2 Chukueni maneno pamoja nanyi na mrudieni Yahweh. Mwambieni, “Ondoa uovu wetu wote, uyakubali mema, ili tuweze kukupa matunda ya midomo yetu.
মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।
3 Ashuru haitatuokoa; hatutapanda farasi kwenda vitani. Hatuwezi tena kuiambia kazi ya mikono yetu, 'ninyi ni miungu yetu,' kwa maana kwako mtu asiye na baba hupata huruma.”
অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”
4 'Nitawaponya kugeuka kwao; Nami nitawapenda kwa moyo, kwa maana hasira yangu itaondoka kwake.
যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।
5 Nitakuwa kama umande kwa Israeli; atachanua kama maua na kuchukua mizizi kama mwerezi nchini Lebanoni.
মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম; তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।
6 Matawi yake yataenea; Uzuri wake utakuwa kama mizeituni, na harufu yake kama mierezi ya Lebanoni.
তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।
7 Watu wanaoishi katika kivuli chake watarejea; watafufuliwa kama nafaka na maua kama mizabibu. Utukufu wake utakuwa kama divai ya Lebanoni.
তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।
8 Efraimu, nifanye nini tena na sanamu? Mimi nitamjibu na kumtunza. Mimi ni kama mberoshi majani yake ni ya kijani daima; kutoka kwangu huja matunda yako.”
ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”
9 Nani mwenye busara ili aelewe mambo haya? Nani anaelewa mambo haya ili awatambue? Kwa kuwa njia za Bwana ni sawa, na wenye haki watatembea ndani yao, lakini waasi wataanguka ndani yake.
জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।

< Hosea 14 >