< Wahebrania 5 >

1 Kwani kila kuhani mkuu, aliyechaguliwa kutoka miongoni mwa watu, amechaguliwa kusimama badala yao katika vitu vinavyohusiana na Mungu, ili aweze kutoa kwa pamoja zawadi na dhabihu kwa ajili ya dhambi.
প্ৰতিজন ইহুদী মহা-পুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে।
2 Anaweza kujishughulisha kwa upole na wajinga na wabishi kwa kuwa yeye mwenyewe pia amezungukwa na udhaifu.
মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহা-পুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হব পাৰে, যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত।
3 Kwa sababu ya hili, ana wajibu wa kutoa sadaka kwa ajili ya dhambi zake kama afanyavyo kwa dhambi za watu.
যেনেকৈ আন লোক সকলৰ পাপৰ কাৰণে তেওঁ বলি উ‌‌ৎসৰ্গ কৰে, তেনেকৈ নিজে দুর্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসর্গ কৰা আৱশ্যক।
4 Na hakuna mtu achukuaye heshima hii kwa ajili yake mwenyewe, lakini badala yake, lazima aitwe na Mungu, kama alivyokuwa Haruni.
মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে লব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।
5 Hata Kristo hakujipa heshimu mwenyewe kwa kujifanya mwenyewe kuwa kuhani mkuu. Badala yake, Mungu alisema kwake, “Wewe ni mwanangu, leo nimekuwa Baba yako.”
সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা লবলৈ নিজকে মনোনীত নকৰিলে। কিন্তু ঈশ্বৰেই তেওঁক ক’লে, “তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ’লো।”
6 Ni kama asemavyo pia sehemu nyingine, “Wewe ni kuhani milele baada ya mfumo wa Melkizedeki.” (aiōn g165)
সেইদৰে আন এঠাইত কৈছে: “তুমি চিৰকালৰ কাৰণে মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত।” (aiōn g165)
7 Wakati wa kipindi chake katika mwili, aliomba na kuombea, alimwomba Mungu kwa machozi, kwa yeye awezaye kumwokoa kutoka kwenye kifo. Kwa sababu ya unyenyekevu wake kwa Mungu, alisikiwa.
যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ভক্তিভাৱৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।
8 Ijapokuwa alikua mwana, alijifunza kutii kwa mambo yaliyomtesa.
যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ শিক্ষা পালে;
9 Alikamilishwa na kwa njia hii alifanyika kwa kila mtu amwaminiye kuwa sababu ya wokovu wa milele, (aiōnios g166)
এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্রাণৰ পথ হ’ল; (aiōnios g166)
10 kwa kutengwa na Mungu kama kuhani Mkuu baada ya zamu ya Melkizedeki.
১০আৰু মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা মহা-পুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ’ল।
11 Tuna mengi ya kusema kuhusu Yesu, lakini ni vigumu kuwaelezea kwa kuwa ninyi ni wavivu wa kusikia.
১১যীচুৰ বিষয়ে আমাৰ অনেক কথা ক’বলৈ আছে; কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান।
12 Ijapokuwa kwa kipindi hiki mlipaswa kuwa walimu, bado kuna umuhimu wa mtu kuwafundisha mafundisho ya awali ya kanuni za neno la Mungu. Mnahitaji maziwa na si chakula kigumu.
১২ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে।
13 Kwa kuwa yeyote anywaye maziwa tu hana uzoefu katika ujumbe wa haki, kwa kuwa bado ni mtoto.
১৩কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই।
14 Kwa upande mwingine, chakula kigumu ni cha watu wazima, wale ambao kwa sababu ya uzoefu wao katika kutofautisha haki na ubaya wamefundishwa kutambua jema na ovu.
১৪কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।

< Wahebrania 5 >