< Wahebrania 11 >
1 Sasa imani ni hakika aliyo nayo mtu wakati atarajiapo kitu fulani kwa ujasiri. Ni hakika ya kitu ambacho bado hakijaonekana.
১বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।
2 Kwa sababu hii mababu zetu walithibitika kwa imani yao.
২কিয়নো তাতেই বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষ সকলে সাক্ষ্য পালে।
3 Kwa imani tunafahamu kwamba ulimwengu uliumbwa kwa amri ya Mungu, ili kwamba kile kinachoonekana hakikutengenezwa kutokana na vitu ambavyo vilikuwa vinaonekana. (aiōn )
৩বিশ্বাসৰ দ্বাৰাই আমি বুজিলো যে, সৃষ্টি খন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ’ল; তাতে দৃশ্যবস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ’ল, এনে নহয়। (aiōn )
4 Ilikuwa kwa sababu ya imani kwamba Habili alimtolea Mungu sadaka ya kufaa kuliko alivyofanya Kaini. Ilikuwa ni kwa sababu hii kwamba alisifiwa kuwa mwenye haki. Mungu alimsifu kwa sababu ya zawadi alizoleta. Kwa sababu hiyo, Habili bado ananena, ingawa amekufa.
৪বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে।
5 Ilikuwa kwa imani kwamba Enoko alichukuliwa juu na hakuona mauti. “Hakuonekana, kwa sababu Mungu alimchukua” kwa vile ilinenwa juu yake kuwa alimpendeza Mungu kabla ya kuchukuliwa juu.
৫বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ কাৰণে, তেওঁক লোকান্তৰলৈ নিয়া হ’ল; তাতে তেওঁক পোৱা নগ’ল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।
6 Pasipo imani haiwezekani kumpendeza Mungu, kwa kuwa ajaye kwa Mungu lazima aamini kwamba Mungu anaishi na kwamba huwapatia zawadi wale wamtafutao.
৬কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
7 Ilikuwa ni kwa imani kwamba Nuhu, akiwa ameonywa na Mungu kuhusiana na mambo ambayo hayakuwa yameonekana, kwa heshima ya ki Mungu alitengeneza safina kwa ajili ya kuiokoa familia yake. Kwa kufanya hivi, aliuhukumu ulimwengu na akawa mrithi wa haki ambayo huja kupitia imani.
৭বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।
8 Ilikuwa ni kwa imani kwamba Ibrahimu, alipoitwa alitii na kwenda mahali ambapo alipaswa kupokea kama urithi. Alitoka bila kujua mahali gani alikuwa anakwenda.
৮ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
9 Ilikuwa ni kwa imani kwamba aliishi katika nchi ya ahadi kama mgeni. Aliishi katika mahema pamoja na Isaka na Yakobo, warithi wenzake wa ahadi ile ile.
৯এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল;
10 Hii ni kwa sababu alitarajia kuupata mji ambao mwenye kuubuni na mjenzi wake angelikuwa ni Mungu.
১০কিয়নো যি নগৰৰ প্ৰতিস্থাপক আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, সেই ভিত্তিমূল থকা নগৰ বাবে তেওঁ অপেক্ষা কৰি আছিল।
11 Ilikuwa ni kwa imani kwamba Ibrahimu, na Sara mwenyewe, walipokea nguvu ya kutunga mimba ingawa walikuwa wazee sana, kwa kuwa walimuona Mungu kuwa mwaminifu, ambaye aliwaahidia mtoto wa kiume.
১১বিশ্বাসৰ যোগেদি অব্ৰাহাম আৰু চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনক বিশ্বাসী বুলি জ্ঞান কৰিছিল।
12 Kwa hiyo pia kutoka kwa mtu huyu mmoja ambaye alikuwa amekaribia kufa wakazaliwa watoto wasiohesabika. Walikuwa wengi kama nyota za angani na wengi kama mbegu za mchanga katika ufukwe wa bahari.
১২এই হেতুকে এজনৰ পৰা, সেই মৃত্যু তুল্য জনৰ পৰাই, লেখত আকাশৰ তৰাবোৰৰ সমান, আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ’ল।
13 Hawa wote walikufa katika imani pasipo kupokea ahadi. Isipokuwa, wakiwa wameziona na kuzikaribisha kwa mbali, walikiri kwamba walikuwa wageni na wapitaji juu ya nchi.
১৩সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
14 Kwa wale wasemao mambo kama haya wanaweka bayana kuwa wanatafuta nchi yao wenyewe.
১৪কিয়নো যি সকলে এনেকুৱা কথা কয়, তেওঁলোকে যে নিজ দেশ বিচাৰিছে, ইয়াকে প্ৰকাশ কৰে।
15 Kwa kweli, kama wangekuwa wakiifikiria nchi ambayo kwayo walitoka, wangelikuwa na nafasi ya kurejea.
১৫তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হ’লে, অৱশ্যে উলটি যাবলৈ সু-সময় পালেহেঁতেন।
16 Lakini kama ilivyo, wanatamani nchi iliyo bora, ambayo, ni ya kimbingu. Kwa hiyo Mungu haoni aibu kuitwa Mungu wao, kwa kuwa ametayarisha mji kwa ajili yao.
১৬কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে; এই হেতুকে ঈশ্বৰে, তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ’বলৈ লাজ নাপায়; কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে।
17 Ilikuwa ni kwa imani kwamba Ibrahimu baada ya kujaribiwa, alimtoa Isaka. Ndiyo, yeye ambaye alipokea kwa furaha ahadi, alimtoa mwanawe wa pekee,
১৭অব্ৰাহাম পৰীক্ষিত হোৱাত, বিশ্বাসৰ দ্বাৰাই ইচহাকক উৎসৰ্গ কৰিলে৷ হয়, তেওঁ আনন্দেৰে সেই প্ৰতিজ্ঞা গ্ৰহন কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে,
18 ambaye juu yake ilinenwa, “Kutoka kwa Isaka uzao wako utaitwa.”
১৮যি জনৰ বিষয়ে কৈছিল, “ইচহাকৰ জৰিয়তে তোমাৰ বংশধৰ সকলক দেখা পাবা৷”
19 IbrahImU alijua kwamba Mungu alikuwa na uwezo wa kumfufua Isaka kutoka katika wafu, na kwa kuzungumza kwa lugha ya maumbo, alimpokea.
১৯কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে, ইয়াকে অব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্ত স্বৰূপে তেওঁক পুনৰায় পালেও।
20 Ilikuwa ni kwa imani kwamba Isaka alimbariki Yakobo na Esau kuhusu mambo yajayo.
২০বিশ্বাসৰ দ্বাৰাই ইচহাকে ভবিষ্যত বিষয়ৰ কথাত যাকোব আৰু এচৌক আশীৰ্বাদ কৰিলে।
21 Ilikuwa ni kwa imani kwamba Yakobo alipokuwa katika hali ya kufa, alimbariki kila mmoja wa watoto wa Yusufu. Yakobo akaabudu, akiegemea juu ya fimbo yake.
২১বিশ্বাসৰ দ্বাৰাই যাকোবে, মৰণ-কালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে; আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি, ভজনাও কৰিলে।
22 Ilikuwa ni kwa imani kwamba Yusufu wakati wake wa mwisho ulipokaribia, alinena juu ya kutoka kwa wana wa Israel Misri na akawaagiza kuchukua pamoja nao mifupa yake.
২২বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে।
23 Ilikuwa ni kwa imani kwamba Musa, alipozaliwa, alifichwa kwa miezi mitatu na wazazi wake kwa sababu walimuona kuwa ni mtoto mchanga aliyekuwa mzuri, na hawakutishwa na amri ya mfalme.
২৩মোচিৰ জন্ম হোৱাত মাক-বাপেকে তিনি মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল; বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল৷ কিয়নো তেওঁলোকে দেখিলে যে, লৰা জন অতি সুন্দৰ; আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে।
24 Ilikuwa ni kwa imani kwamba Musa, alipokuwa mtu mzima, alikataa kuitwa mtoto wa binti Farao.
২৪বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে;
25 Badala yake, alichagua kushiriki mateso pamoja na watu wa Mungu badala ya kufurahia anasa za dhambi kwa kitambo.
২৫কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে,
26 Alifikiri aibu ya kumfuata Kristo kuwa ni utajiri mkuu kuliko hazina za Misri kwa kuwa alikaza macho yake katika zawadi ya wakati wake ujao.
২৬আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।
27 Ilikuwa ni kwa imani kwamba Musa alitoka Misri. Hakuhofia hasira ya Mfalme, kwa kuwa alivumilia kwa kutazama kwa asiyeonekana.
২৭বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
28 Ilikuwa ni kwa imani kwamba aliishika pasaka na kunyunyiza damu, ili kwamba mharibu wa mzaliwa wa kwanza asiweze kuwagusa wazaliwa wa kwanza wa kiume wa waisrael.
২৮আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে।
29 Ilikuwa ni kwa imani kwamba walipita katika bahari ya shamu kama katika nchi kavu. Wakati wamisri walipojaribu kupita, walimezwa.
২৯বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল।
30 Ilikuwa ni kwa imani kwamba ukuta wa Yeriko ulianguka chini, baada ya kuuzunguka kwa siku saba.
৩০বিশ্বাসৰ দ্বাৰাই সাত দিন যিৰীহোৰ গড় প্ৰদক্ষিণ কৰোঁতে সেই গড় খহি পৰিল।
31 Ilikuwa ni kwa imani kwamba Rahabu yule kahaba hakuangamia pamoja na wale ambao hawakuwa watiifu, kwa sababu alikuwa amewapokea wapelelezi na kuwahifadhi salama.
৩১বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চোৰাংচোৱা সকলক শান্তিৰে আলহীৰূপে গ্ৰহন কৰোঁতে, অবাধ্য সকলৰ লগত তেওঁ বিনষ্ট নহ’ল।
32 Na niseme nini zaidi? Maana muda hautoshi kusimulia ya Gideoni, Barak, Samsoni, Yeftha, Daudi, Samwel na za manabii,
৩২আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে;
33 ambao kupitia imani walizishinda falme, walitenda haki, na wakapokea ahadi. Walizuia vinywa vya simba,
৩৩তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে,
34 walizima nguvu za moto, walikwepa ncha ya upanga, waliponywa kutoka katika magonjwa, walikuwa mashujaa vitani, na walisababisha majeshi wageni kukimbia.
৩৪তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে।
35 Wanawake walipokea wafu wao kwa njia ya ufufuo. Wengine waliteswa, bila kukubali kuachwa huru ili kwamba waweze kupata uzoefu wa ufufuo ulio bora zaidi.
৩৫তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল।
36 Wengine waliteswa kwa dhihaka na kwa vichapo, naam, hata kwa vifungo na kwa kutiwa gerezani.
৩৬আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে;
37 Walipondwa mawe. Walikatwa vipande kwa misumeno. Waliuawa kwa upanga. Walikwenda kwa ngozi za kondoo na ngozi za mbuzi walikuwa wahitaji, wakiendelea katika maumivu na wakitendewa mabaya
৩৭তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল;
38 (ambayo ulimwengu haukustahili kuwa nao), wakitangatanga nyikani, milimani, katika mapango na katika mashimo ya ardhini.
৩৮(এই জগত তেওঁলোকৰ যোগ্য নাছিল; ) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;
39 Ingawa watu wote hawa walikubaliwa na Mungu kwa sababu ya imani yao, hawakupokea alichoahidi.
৩৯এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে;
40 Mungu alitangulia kutupatia kitu kilichobora, ili kwamba bila sisi wasingeweza kukamilishwa.
৪০কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ’বলৈ নিদিলে।