< Mwanzo 49 >
1 Kisha Yakobo akawaita wana wake, na kusema: “Jikusanyeni pamoja, ili niwaambie yatakayowapata nyakati zijazo.
১পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
2 Kusanyikeni ninyi wenyewe na msikilize, enyi wana wa Yakobo. Msikilizeni Israeli, baba yenu.
২হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।
3 Reubeni, wewe ni mzaliwa wangu wa kwanza, nguvu zangu, na mwanzo wa uwezo wangu, aliyesalia katika heshima na nguvu.
৩হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
4 Asiyezuilika kama maji yarukayo, hautakuwa na umaharufu, kwa sababu ulikwenda juu ya kitanda cha baba yako. Hata ukakitia unajisi; ulikipanda kwa kuvizia.
৪তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।
5 Simoni na Lawi ni ndugu. Panga zao ni silaha za vurugu.
৫চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।
6 Ee nafsi yangu, usiingie barazani pao; usiingie katika mikutano yao, kwani moyo wangu unaheshima kubwa kwa ajili yao. Kwani katika hasira yao waliua watu. Iliwapendeza kuwakata visigino ng'ombe.
৬মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।
7 Hasira yao na ilaaniwe, kwani ilikuwa kali - na ukali wao, kwani ulikuwa ni katili. Nitawagawa katika Yakobo na kuwatawanya katika Israeli.
৭সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।
8 Yuda, ndugu zako watakusifu. Mkono wako utakuwa shingoni mwa adui zako. Wana wa baba yako watainama mbele zako
৮হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তান সকলে তোমাৰ আগত প্ৰণিপাত কৰিব।
9 Yuda ni mwana simba. Mwanangu, umetoka katika mawindo yako. Alisimama chini, alijikunyata kama simba, kama simba jike. Je nana atakayejaribu kumwamsha?
৯যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, শক্তিশালী সিংহৰ দৰে শুইছে; কোনে তাক জগাব?
10 Fimbo haitaondoka katika Yuda, wala fimbo ya utawala kutoka katika miguu yake, hata atakapo kuja Shilo. Mataifa yatamtii.
১০চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
11 Kumfunga punda wake kwenye mzabibu, na mwanapunda wake katika mzabibu mzuri, amefua mavazi yake katika divai, na kanzu yake katika damu ya vichala vya mzabibu.
১১সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।
12 Macho yake yatakuwa mausi kama mvinyo, na meno yake meupe kama maziwa.
১২তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।
13 Zabuloni atakaa katika fukwe ya bahari. Atakuwa bandari kwa ajili ya meli, na mpaka wake utakuwa hata Sidoni.
১৩জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।
14 Isakari ni punda mwenye nguvu, ajilazaye kati ya kondoo.
১৪ইচাখৰ বলৱান গাধ; সি দুটা গঁৰালৰ মাজত শোৱে।
15 Anaona mahali pazuri pa kupumzikia na nchi ya kupendeza. Atainamisha bega lake kwa mzigo na kuwa mtumishi wake.
১৫সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
16 Dani atawaamua watu wake kama mojawapo ya makabila ya Israeli.
১৬দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
17 Dani atakuwa nyoka kando ya njia, nyoka mwenye sumu aumaye visigino vya farasi katika njia, hivyo aongozaye farasi huanguka nyuma.
১৭দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
18 Ninaungoja wokovu wako, Yahwe.
১৮হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।
19 Gadi - wapanda farasi watamshambulia, lakini yeye atawapiga katika visigino vyao.
১৯গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
20 Vyakula vya Asheri vitakuwa vingi, naye ataandaa vyakula vya kifalme.
২০আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।
21 Naftali ni dubu jike asiyefungwa; atakuwa na watoto wa dubu walio wazuri.
২১নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়।
22 Yusufu ni tawi lizaalo, tawi lizaalo karibu na kijito, ambaye matawi yake yako juu wa ukuta.
২২যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
23 Mpiga mishale atamshambulia na kumrushia na kumsumbua.
২৩ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;
24 Lakini upinde wake utakuwa imara, na mikono yake itakuwa hodari kwa sababu ya mikono ya Mwenyenguvu wa Yakobo, kwa ajili ya jina la Mchungaji, Mwamba wa Israeli.
২৪কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা।
25 Mungu wa baba yako atakusaidia na Mungu Mwenye enzi atakubariki kwa baraka mbinguni juu, baraka za vilindi vilivyo chini, na baraka za maziwa na tumbo.
২৫কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব।
26 Baraka za baba yako ni kuu kuliko baraka za milima ya zamani au vitu vilivyotamaniwa vya milima ya kale. Na viwe katika kichwa cha Yusufu, hata juu ya taji ya kifalme kichwani pa ndugu zake.
২৬মোৰ পূর্বপুৰুষসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।
27 Benjamini ni mbwamwitu mwenye njaa. Wakati wa asubuhi atalarua mawindo, na jioni atagawa mateka.”
২৭বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”
28 Haya ni makabila kumi na mbili ya Israeli. Hiki ndicho baba yao alichowambia alipowabariki. Aliwabariki kila mmoja kwa baraka iliyomstahili.
২৮এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।
29 Kisha akawaelekeza na kuwaambia, “Ninakaribia kwenda kwa watu wangu. Mnizike pamoja na babu zangu katika pango lililoko katika shamba la Efroni Mhiti,
২৯পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।
30 katika pango lililo katika shamba la Makpela, karibu na Mamre katika nchi ya Kanaani, shamba Ibrahimu alilolinunua kwa Efron Mhiti kwa ajili ya eneo la kuzikia.
৩০সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।
31 Pale walimzika Ibrahimu na Sara mkewe; pale wakamzika Isaka na Rebeka mkewe; na pale nikamzika Lea.
৩১সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।
32 Shamba na pango lililomo lilinunuliwa kutoka kwa watu wa Hethi.”
৩২সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”
33 Yakobo alipomaliza maagizo hayo kwa wanawe, akaiweka miguu yake kitandani, akakata roho, akawaendea watu wake
৩৩এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।