< Mwanzo 46 >

1 Israeli akasafiri na yote aliyokuwa nayo na akaja Beersheba. Pale akatoa sadaka kwa Mungu wa Isaka baba yake.
ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে।
2 Mungu akamwambia Israeli katika ndoto usiku, akisema, “Yakobo, Yakobo.”
ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।”
3 Akasema, “Mimi hapa.” Akasema, “Mimi ni Mungu, Mungu wa baba yako. Usiogope kushuka Misri, kwa maana nitakufanya taifa kubwa huko.
ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম।
4 Nitakwenda pamoja nawe huko Misri, Nami nitakupandisha huku tena bila shaka. Na Yusufu akayafunika macho yako kwa mikono wake.”
মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুনৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।”
5 Yakobo akainuka kutoka Beersheba. Wana wa Israeli wakamsafirisha Yakobo baba yao, watoto wao, na wake wao, katika mikokotene ambayo Farao alikuwa ameipeleka kuwachukua.
তাৰ পাছত যাকোব বেৰ-চেবাৰ পৰা ৰাওনা হ’ল; ইস্ৰায়েলৰ পুত্রসকলে তেওঁলোকৰ পিতৃ যাকোবক আৰু তেওঁলোকৰ ভার্য্যাৰে সৈতে লৰা-ছোৱালীকবোৰক লৈ ফৰৌণে যাকোবক নিবৰ কাৰণে পঠোৱা বাহনবোৰত উঠি যাত্রা কৰিলে।
6 Wakachukua mifugo yao na mali zao walizokuwa wamezipata katika nchi ya Kanaani. Wakaja Misri, Yakobo na uzao wake wote pamoja naye.
যি সকলো পশুধন আৰু ধন-সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ যাকোব আৰু তেওঁৰ সকলো বংশধৰেই মিচৰ দেশ অভিমুখে যাত্ৰা কৰিলে।
7 Akaja Misri pamoja na wanawe na wana wa wanawe, binti zake na wana wa binti zake, na uzao wake wote.
এইদৰে যাকোবে তেওঁৰ পুতেক-জীয়েক, নাতি-নাতিনী আৰু তেওঁৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিচৰ দেশলৈ গ’ল।
8 Haya ni majina ya watoto wa Israeli waliokuja Misri, Yakobo na wanawe: Rubeni, mzaliwa wa kwanza wa Yakobo;
ইস্ৰায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তান সকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ।
9 wana wa Rubeni Hanoki na Palu na Hezroni na Karmi;
ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
10 wana wa Simoni, Yemueli, Yamini, Ohadi, Yakini, Zohari, na Shauli, wana wa mwanamke Mkanaani;
১০চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র।
11 wana wa Lawi Gershoni, Kohathi, na Merari.
১১লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
12 Wana wa Yuda: Eri, Shela, Peresi, na Zera, (Lakini Eri na Onani walikufa katika nchi ya Kanaani). Na wana wa Peresi walikuwa Hezroni na Hamuli.
১২যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল।
13 Wana wa Isakari walikuwa Tola, Puva, Lobu, na Shimroni;
১৩ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ।
14 Wana wa Zabuloni walikuwa Seredi, Eloni, na Yahleeli
১৪জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল।
15 Hawa walikuwa wana wa Lea aliomzalia Yakobo huko Padani Aramu, pamoja na na Dina binti yake. Wanawe na binti zake walikuwa thelathini na watatu.
১৫জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল।
16 Wana wa Gadi walikuwa Zifioni, Hagi, Shuni, Ezboni, Eri, Arodi, na Areli.
১৬গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী।
17 Wana wa Asheri walikuwa Imna, Ishva, Ishvi, na Beria; na Sera alikuwa dada yao. Wana wa Beria walikuwa Heberi na Malkieli.
১৭আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল।
18 Hawa walikuwa wana wa Zilpa, ambaye Labani alikuwa amempa Lea binti yake. Wana aliomzalia Yakobo wote walikuwa kumi na sita.
১৮এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন।
19 Wana wa Raheli mkewe Yakobo walikuwa Yusufu na Benjamini.
১৯যাকোবৰ ভাৰ্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন।
20 Huko Misri Manase na Efraimu walizaliwa kwa Yusufu na Asenathi, binti Potifera kuhani wa Oni.
২০ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল।
21 Wana wa Benjamini walikuwa Bela, Bekeri, Ashbeli, Gera, Naamani, Ehi, Roshi, Mupimu, Hupimu, na Ardi.
২১বিন্যামীনৰ পুত্র বেলা, বেখৰ, অচবেল, গেৰা, নামন, এহী, ৰোচ, মূপপীম, হুপপীম আৰু অৰ্দ।
22 Hawa walikuwa wana wa Raheli waliozaliwa kwa Yakobo - jumla yao kumi na wanne.
২২এওঁলোক ৰাহেলে জন্ম দিয়া যাকোবৰ সন্তান; এওঁলোক আছিল সৰ্ব্বমুঠ চৌদ্ধ জন।
23 Mwana wa Dani alikuwa Hushimu.
২৩দানৰ পুত্র হূচীম।
24 Wana wa Naftali walikuwa Yahzeeli, Guni, Yezeri, na Shilemi.
২৪নপ্তালীৰ পুত্র যহচিয়েল, গূনী, যেচৰ, আৰু চিল্লেম।
25 Hawa walikuwa wana Bilha aliomzalia Yakobo, ambaye Labani alimpa Raheli binti yake - wote walikuwa saba.
২৫এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল।
26 Wate waliokwenda na Yakobo, waliokuwa uzao wake, bila kuhesabu wake wa wana wa Yakobo walikuwa sitini na sita.
২৬পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন।
27 Pamoja na wana wawili wa Yusufu waliozaliwa kwake huko Misri, watu wa familia yake waliokwenda Misri walikuwa sabini jumla yao.
২৭মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল।
28 Yakobo akamtuma Yuda kuwatangulia mbele kwa Yusufu kuonesha njia mbele yake kwenda Gosheni, nao wakaja katika eneo la Gosheni.
২৮যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে।
29 Yusufu akaandaa kibandawazi chake na akaenda kumlaki baba yake huko Gosheni. Akamwona, akaikumbatia shingo yake, na akalia shingoni mwake kwa kitambo.
২৯যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে।
30 Israeli akamwambia Yusufu, “Basi na nife sasa, kwa kuwa nimeuona uso wako, kwamba bado uko hai.”
৩০ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।”
31 Yusufu akawambia ndungu zake na nyumba ya baba yake, “Nitakwenda na kumwambia Farao, kusema, 'Ndugu zangu na nyumba ya baba yangu, waliokuwa katika nchi ya Kanaani, wamenijia.
৩১তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে।
32 Watu hawa ni wafugaji, kwani wamekuwa watunza wanyama. Wamekuja na makundi yao ya kondoo, na mbuzi, na vyote walivyonavyo.'
৩২এই লোকসকল মেৰ-ছাগৰ ৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ-ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’।
33 Itakuwa, Farao atakapowaita na kuwauliza, 'Kazi yenu ni ipi?'
৩৩তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’
34 mwambieni, 'Watumishi wako wamekuwa watunza wanyama tangu ujana wetu mpaka sasa, sisi, na baba zetu.' Fanyeni hivyo ili mweze kuishi katika nchi ya Gosheni, kwani kila mfugaji ni chukizo kwa Wamisri.”
৩৪তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”

< Mwanzo 46 >