< Mwanzo 29 >

1 Kisha Yakobo akaendelea na safari yake na akafika katika nchi ya watu wa mashariki.
পাছত যাকোবে যাত্ৰা কৰি কৰি পূৱদেশীয় লোকসকলৰ দেশ পালেগৈ।
2 Hata alipotazama, akaona kisima kondeni, na, tazama, makundi matatu ya kondoo yalikuwa yamelala kando yake. Kwani kutoka katika hicho wangeyanywesha makundi, na jiwe juu ya mdomo wa kisima lilikuwa kubwa.
তাত তেওঁ চাৰিওফালে চাই পথাৰৰ মাজত এটা নাদ দেখা পালে। সেই নাদটোৰ ওচৰত তিনি জাক মেৰ-ছাগ শুই আছিল। ৰখীয়াবোৰে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়। নাদটোৰ মুখত এটা ডাঙৰ শিল আছিল।
3 Wakati makundi yote yangekusanyika pale, wachungaji wangevingirisha jiwe kutoka katika mdomo wa kisima na kuwanywesha kondoo, na kisha kurudisha jiwe juu ya mdomo wa kisima, mahali pake.
যেতিয়া মেৰ-ছাগৰ জাকবোৰ আহি তাৰ কাষত গোট খায়, তেতিয়া ৰখীয়াবোৰে নাদৰ মুখৰ পৰা শিলটো আঁতৰাই মেৰ-ছাগবোৰক পানী খুৱায় আৰু তাৰ পাছত পুণৰায় নাদৰ মুখত শিলটো আগৰ দৰে থৈ দিয়ে।
4 Yakobo akawambia, “Ndugu zangu, ninyi mnatokea wapi?” nao wakasema, “Tunatoka Harani.”
যাকোবে তেওঁলোকক সুধিলে “হে ভাইসকল, আপোনালোক ক’ৰ মানুহ?” তেওঁলোকে ক’লে “আমি হাৰণৰ মানুহ।”
5 Akawambia, “Mnamfahamu Labani mwana wa Nahori?” Wakasema, “Tunamfahamu.”
যাকোবে তেওঁলোকক সুধিলে, “আপোনালোকে নাহোৰৰ পো-নাতি লাবনক চিনি পাইনে?” তেওঁলোকে ক’লে, “হয়, আমি চিনি পাওঁ।”
6 Akawambia, “Je hajambo?” Wakasema, “Hajambo, na, tazama pale, Raheli binti yake anakuja na kondoo.”
তেওঁ তেওঁলোকক সুধিলে, “তেওঁ ভালে আছেনে?” তেওঁলোকে ক’লে, “হয়, তেওঁ ভালে আছে; সৌৱা চাওঁক, তেওঁৰ জীয়েক ৰাহেলে মেৰ-ছাগৰ জাক লৈ আহিছে।”
7 Yakobo akasema, “Tazama, ni mchana. Siyo wakati wa kukusanya kondoo pamoja. Mnapaswa kuwanywesha kondoo na kisha mkaenda na kuwaacha wachunge.”
যাকোবে ক’লে, “চোৱা, বেলি পৰিবলৈ এতিয়াও বহুত দেৰি আছে; পশুবোৰ এঠাইত গোট খোৱাৰ সময় এতিয়াও হোৱা নাই। আপোনালোকে মেৰ-ছাগবোৰক পানী খুৱাই আকৌ চৰাবলৈ লৈ যাওঁক।”
8 Wakamwambia, “Hatuwezi kuwanywesha mpaka makundi yote yakusanyike pamoja. Ndipo wanaume watakapovingirisha jiwe kutoka mlangoni mwa kisima, na ndipo tutakapowanywesha kondoo.”
কিন্তু তেওঁলোকে ক’লে, “আটাইবোৰ পশুৰ জাক একেলগে গোট নাখায় মানে আমি সেইবোৰক পানী খুৱাব নোৱাৰোঁ; পাছত নাদৰ মুখৰ পৰা শিলটো আতৰোৱা হব আৰু তেতিয়াহে আমি মেৰ-ছাগবোৰক পানী খুৱাব পাৰিম।”
9 Wakati bado Yakobo anaongea nao, Raheli akaja pamoja na kondoo wa babaye, kwani alikuwa akiwachunga.
যাকোবে তেওঁলোকৰ সৈতে কথাবাৰ্তা হৈ থাকোঁতেই, ৰাহেলে নিজৰ পিতৃৰ মেৰ-ছাগবোৰক লৈ সেই ঠাই পালেহি; কিয়নো তেওঁ সেই জাকবোৰক চৰাইছিল।
10 Yakobo alipomwona Raheli, binti wa Labani, kaka wa mamaye, na kondoo wa Labani, kaka wa mama yake, Yakobo akaja juu, akalivingirisha jiwe kutoka mlangoni mwa kisima, na akawanywesha kondoo wa Labani, kaka wa mama yake.
১০যাকোবে নিজৰ মোমায়েক লাবনৰ জীয়েক ৰাহেল আৰু তেওঁৰ মেৰ-ছাগবোৰক দেখি ওচৰ চাপি গ’ল। তেওঁ নাদৰ মুখৰ পৰা শিলচটা আঁতৰাই দি মেৰ-ছাগৰ জাকক পানী খুৱালে।
11 Yakobo akambusu Raheli na akalia kwa sauti.
১১তাৰ পাছত যাকোবে ৰাহেলক চুমা খাই বৰকৈ কান্দিবলৈ ধৰিলে।
12 Yakobo akamwambia Raheli kwamba alikuwa ni ndugu wa baba yake, na kwamba alikuwa mwana wa Rebeka. Kisha yeye akakimbia kumwambia baba yake.
১২তেওঁ ৰাহেলক জনালে যে, তেওঁ তাইৰ পিতৃৰ আত্মীয়, ৰিবেকাৰ ল’ৰা। তেতিয়া ৰাহেলে দৌৰি গৈ নিজৰ পিতৃক এই কথা জনালে।
13 Labani aliposikia habari kuhusu Yakobo mwana wa dada yake, akaenda kukutana naye, akamkumbatia, akambusu, na kumleta nyumbani kwake. Yakobo akamwambia Labani mambo haya yote.
১৩লাবনে নিজৰ ভনীয়েকৰ ল’ৰা যাকোব অহাৰ খবৰ পাই আগবঢ়াই নিবলৈ দৌৰি আহি তেওঁক সাৱটি ধৰি চুমা খালে আৰু নিজৰ ঘৰলৈ লৈ গ’ল। তেতিয়া যাকোবে লাবনক তেওঁ অহাৰ সকলো কথা জনালে।
14 Labani akamwambia, “Kwa hakika wewe ni mfupa wangu na nyama yangu.” Kisha Yakobo akakaa naye kama mwezi mmoja.
১৪লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰ পাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল।
15 Kisha Labani akamwambia Yakobo, “Je unitumikie bure kwa kuwa wewe ni ndugu yangu? Niambie, ujira wako utakuwaje?
১৫এদিন লাবনে যাকোবক ক’লে, “তুমি মোৰ আত্মীয় হোৱা বাবে জানো বিনা পাৰিশ্রমিককেৰে মোৰ সেৱা কৰা উচিত? তুমি কি বেচ লবা, তাক মোক কোৱা।”
16 Basi Labani alikuwa na binti wawili. Jina la mkubwa lilikuwa ni Lea, na jina la mdogo lilikuwa Raheli.
১৬লাবনৰ দুজনী জীয়েক আছিল; তাৰে বৰ জনীৰ নাম লেয়া আৰু সৰু জনীৰ নাম ৰাহেল।
17 Macho ya Lea yalikuwa dhaifu, lakini Raheli alikuwa mzuri wa umbo na mwonekano.
১৭লেয়াৰ চকু দুটা দুৰ্বল দৃষ্টিশক্তিৰ আছিল; কিন্তু ৰাহেল গঠণত ধুনীয়া আৰু দেখনীয়া আছিল।
18 Yakobo alimpenda Raheli, hivyo akasema, “Nitakutumikia miaka saba kwa ajili ya Raheli, binti yako mdogo.”
১৮যাকোবে ৰাহেলক প্ৰেম কৰিছিল; সেয়ে তেওঁ ক’লে, “আপোনাৰ সৰু ছোৱালী ৰাহেলৰ কাৰণে মই সাত বছৰ আপোনাৰ সেৱা কৰি দিম।”
19 Labani akasema, Itakuwa vema kukupa wewe, kuliko kumpa mtu mwingine. Kaa nami.”
১৯তেতিয়া লাবনে ক’লে, “ৰাহেলক আন কোনো মানুহক দিয়াতকৈ তোমাক দিয়াই ভাল; তুমি মোৰ লগতে থাকা।”
20 Hivyo Yakobo akamtumikia kwa miaka saba kwa ajili ya Raheli; nayo ilionekana kwake kama siku chache tu, kwa ajili ya upendo aliokuwa nao kwake.
২০সেয়ে, যাকোবে ৰাহেলৰ কাৰণে সাত বছৰ সেৱা কার্য কৰিলে; ৰাহেলক প্ৰেম কৰাৰ কাৰণেই সেই বছৰবোৰ যাকোবৰ মনত মাত্র অলপ দিন যেন লাগিল।
21 Kisha Yakobo akamwambia Labani, “Nipe mke wangu, kwani siku zangu zimetimia - ili kwamba nimwoe!
২১তাৰ পাছত যাকোবে লাবনক ক’লে, “মোৰ কামৰ কাল পূৰ হৈ গ’ল; গতিকে মই যেন বিবাহত বহিব পাৰোঁ, সেয়ে মোৰ ভাৰ্যাক মোক দিয়ক।”
22 Hivyo Labani akawaalika watu wa mahali hapo na kuandaa sherehe.
২২তেতিয়া লাবনে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজৰ আয়োজন কৰিলে।
23 Wakati wa jioni, Labani akamchukua Lea binti yake mkubwa na kumleta kwa Yakobo, aliyelala naye.
২৩পাছত সন্ধিয়া সময়ত লাবনে তেওঁৰ জীয়েক লেয়াক আনি যাকোবৰ ওচৰত দিলে আৰু যাকোবে লেয়াক শয্যাৰ সঙ্গী কৰিলে।
24 Labani akampa mtumishi wake wakike Zilpa kuwa mjakazi wa Lea.
২৪লাবনে নিজৰ দাসী জিল্পাক জীয়েক লেয়াক তেওঁৰ দাসী হিচাবে দিলে।
25 Ilipofika asubuhi, tazama, kumbe ni Lea! Yakobo akamwambia Labani, “Ni nini hiki ulichonifanyia? Je sikukutumikia kwa ajili ya Raheli? Kwa nini basi umenihadaa?
২৫ৰাতিপুৱা হোৱাত যাকোবে আচৰিত হৈ দেখিলে যে, এওঁ দেখুন লেয়াহে! যাকোবে লাবনক ক’লে, “আপুনি মোলৈ এইটো কি কাম কৰিলে? ৰাহেলৰ কাৰণে মই জানো আপোনাৰ সেৱা কৰা নাছিলো? তেন্তে মোক কিয় ছলনা কৰিলে?”
26 Labani akamwambia, “Siyo utamaduni wetu kumtoa bindi mdogo kabla ya mzaliwa wa kwanza.
২৬তেতিয়া লাবনে ক’লে, “ডাঙৰ জনীৰ আগেয়ে সৰু জনীক বিয়া দিয়া আমাৰ নিয়ম নাই।
27 Timiza juma la bibi arusi, na tutakupa yule mwingine pia kwa mbadala wa kunitumikia miaka mingine saba.”
২৭এতিয়া তুমি মোৰ এই ছোৱালীৰ বিবাহৰ উৎসৱ সপ্তাহ পূর্ণ কৰা। তুমি আৰু সাত বছৰ মোৰ সেৱা কৰিলে, আমি তোমাক আন জনীও দিম।”
28 Yakobo akafanya hivyo, na akatimiza juma la Lea. Kisha Labani akampa Raheli binti yake kuwa mke wake.
২৮তেতিয়া যাকোবে সেইদৰেই কৰিলে আৰু লেয়াৰ সপ্তাহো সম্পূর্ণ কৰিলে। তাৰ পাছত লাবনে তেওঁৰ জীয়েক ৰাহেলকো তেওঁৰ লগত বিয়া দিলে।
29 Lakini pia Labani akampa Raheli binti yake Bilha, kuwa mjakazi wake.
২৯লাবনে তেওঁৰ দাসী বিলহাকো জীয়েক ৰাহেলক তেওঁৰ দাসী ৰূপে দিলে।
30 Hivyo Yakobo akalala na Raheli, pia, lakini akampenda Raheli zaidi ya Lea. Hivyo Yakobo akamtumikia Labani kwa miaka saba mingine.
৩০এইদৰে যাকোবে ৰাহেলকো বিয়া কৰিলে; কিন্তু তেওঁ লেয়াতকৈ ৰাহেলক অধিক প্ৰেম কৰিলে; তাৰ পাছত তেওঁ আৰু সাত বছৰ খাটি লাবনৰ সেৱা কৰিলে।
31 Yahwe akaona kwamba Lea hakupendwa, hivyo akalifungua tumbo lake, lakini Raheli hakuwa na mtoto.
৩১যিহোৱাই লেয়াক অৱহেলা কৰা দেখি, তেওঁক গৰ্ভধাৰণৰ ক্ষমতা দিলে; কিন্তু ৰাহেল নিঃসন্তান হ’ল।
32 Lea akashika mimba na kuzaa mwana, naye akamwita Rubeni. Kwani alisema, “Kwa sababu Yahwe ameliangalia teso langu; bila shaka mme wangu sasa atanipenda.”
৩২লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তানৰ জন্ম দিলে আৰু তাৰ নাম থলে ৰূবেণ [পুত্ৰক চোৱা]; কিয়নো তেওঁ ক’লে, “যিহোৱাই মোৰ দুখ দেখিলে, সেয়ে এতিয়া মোৰ স্বামীয়ে মোক প্ৰেম কৰিব।”
33 Kisha akashika mimba tena na kuzaa mwana. Akasema, “Kwa sababu Yahwe amesikia kwamba sipendwi, kwa hiyo amenipa mwana mwingine,” na akamwita Simoni.
৩৩তাৰ পাছত লেয়া পুনৰ গৰ্ভৱতী হ’ল আৰু তেওঁৰ এটি পুত্ৰ জন্মিল। তেওঁ ক’লে, “মোক অৱহেলা কৰাৰ কথা যিহোৱাই শুনিলে আৰু সেয়ে মোক এই ল’ৰাটিও দিলে।” তেওঁ সেই পুত্রৰ নাম চিমিয়োন [শ্ৰৱণ] ৰাখিলে।
34 Kisha akashika mimba tena na kuzaa mwana. Akasema, “Wakati huu mme wangu ataungana nami, kwa kuwa nimemzalia wana watatu.” Kwa hiyo akaitwa Lawi.
৩৪পুনৰ তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মোৰ স্বামী মোত আসক্ত হ’ব; কিয়নো মই তেওঁলৈ তিনিটি পুত্ৰ প্ৰসৱ কৰিলোঁ।” এইবুলি তেওঁ ল’ৰাটোৰ নাম লেবী ৰাখিলে।
35 Akashika mimba tena na kuzaa mwana. Akasema, “Wakati huu nitamsifu Yahwe.” Kwa hiyo akamwita jina lake Yuda; kisha akaacha kuzaa watoto.
৩৫তাৰ পাছত তেওঁ পুনৰায় গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মই যিহোৱাৰ প্ৰশংসা কৰিম।” সেয়ে তেওঁ ল’ৰাটোৰ নাম যিহূদা ৰাখিলে; তাৰ পাছত তেওঁৰ আৰু সন্তান জন্ম নহ’ল।

< Mwanzo 29 >