< Mwanzo 18 >
1 Yahwe alimtokea Abraham katika Mialoni ya Mamre, alipokua ameketi mlangoni pa hema wakati wa jua.
১অব্রাহামে যেতিয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল, তেতিয়া যিহোৱাই তেওঁক এদিন দৰ্শন দিলে। তেওঁ দুপৰীয়াৰ ৰদত নিজৰ তম্বুৰ দুৱাৰ মুখত বহি আছিল;
2 Akatazama juu na, tazama, akaona wanaume watatu wamesimama mbele yake. Alipo waona, alikimbia kupitia mlango wa hema kuwalaki na kuinama chini hadi ardhini.
২তেনে সময়তে তেওঁ মূৰ তুলি চাই দেখিলে, কিছু দূৰৈত তেওঁৰ সন্মুখত তিনি জন লোক থিয় হৈ আছে; তেওঁলোকক দেখামাত্ৰকে লগ ধৰিবলৈ তেওঁ তম্বুৰ দুৱাৰ মুখৰ পৰা লৰি গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
3 Akasema, “Bwana, kama nimepata upendelea machoni pako, nakuomba usinipite na kuniacha mtumishi wako.
৩তেওঁ ক’লে, “হে প্ৰভু, যদি আপোনালোকৰ দৃষ্টিত মই অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেন্তে আপোনালোকৰ এই দাসক এৰি পাৰ হৈ আগবাঢ়ি নাযাব।
4 Naomba maji kidogo yaletwe, mnawe miguu yenu, na mjipumzishe chini ya mti.
৪মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।
5 Nami acha nilete chakula kidogo, ili kwamba mjiburudishe wenyewe. Ndipo baadae mwaweza kwenda zenu, kwa kuwa mmekuja kwa mtumishi wenu.” Nao wakasema, “Fanya kama ulivyo sema.”
৫আপোনালোক যেতিয়া এই দাসৰ গুৰিলৈ আহিছে, তেন্তে মই অলপমান আহাৰো লৈ আনোগৈ; তাৰে আপোনালোকে যেন নিজৰ প্ৰাণ জুৰাব পাৰে আৰু পুনৰ যাত্রা কৰিব পাৰিব।” তেতিয়া তেওঁলোকে ক’লে, “ঠিক আছে, তুমি কোৱাৰ দৰেই কৰা।”
6 Kisha Abraham akaenda upesi hemani kwa Sara, na akasema, “Harakisha, chukua vipimo vitatu vya unga safi, uukande, na fanya mkate.”
৬অব্ৰাহামে তেতিয়া বেগাই তম্বুৰ ভিতৰলৈ গৈ চাৰাক ক’লে, “তুমি সোনকালে তিনি চেয়া ভাল ময়দা মাখি লৈ কেইখনমান পিঠা যুগুত কৰি দিয়া।”
7 Kisha Abraham akakimbia kundini, akachukua ndama wa ng'ombe aliye laini na mzuri, na akampatia mtumishi na kwa haraka akamwandaa.
৭তাৰ পাছত অব্ৰাহামে লৰি গৈ পশুৰ জাকৰ পৰা ভাল চাই এটা সৰু দামুৰি আনি তেওঁৰ দাসক দিলে; সেই দাসেও ততাতৈয়াকৈ তাক ৰান্ধিলে।
8 Akatwaa siagi na maziwa na ndama aliye kwisha andaliwa, na akaweka chakula mbele yao, naye akasimama karibu nao chini ya mti wakati wanakula.
৮পাছত অব্রাহামে দৈ, গাখীৰ আৰু দামুৰিৰ ৰন্ধা মঙহ লৈ তেওঁলোকৰ সন্মুখত থলে; তেওঁলোকে যেতিয়া ভোজন কৰি আছিল, তেতিয়া অব্রাহাম তেওঁলোকৰ কাষতে থকা গছজোপাৰ তলত থিয় হৈ আছিল।
9 Wakamwambia, “Mke wako Sara yuko wapi?” akajibu. “pale hemani.”
৯তেওঁলোকে অব্রাহামক সুধিলে, “তোমাৰ ভাৰ্যা চাৰা ক’ত আছে?” তেওঁ ক’লে, “সৌ তাত, তম্বুৰ ভিতৰত আছে।”
10 akasema, “Hakika nitarejea kwako majira ya machipuko, na tazama Sara mkeo atakuwa na mtoto wa kiume.” Sara alikuwa akisikiliza mlangoni pa hema iliyokuwa nyuma yake.
১০তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্তকালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব।” চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰমুখত থাকি সকলো কথা শুনি আছিল।
11 Abraham na Sara walikuwa wazee, umri wao ulikuwa umeendelea sana, na Sara alikuwa amepita umri ambao mwanamke anaweza kuzaa watoto.
১১অব্ৰাহাম আৰু চাৰা সেই সময়ত যথেষ্ট বৃদ্ধ-বৃদ্ধা; বয়সে ভাঁটি দিছিল আৰু চাৰাৰ পক্ষে সন্তান লাভৰ বয়সো নাছিল।
12 Kwa hiyo Sara akajicheka mwenyewe, akijisemesha mwenyewe, “baada ya kuwa nimechakaa na bwana wangu ni mzee, je ni tapata furaha hii?”
১২সেয়ে চাৰাই মনৰ ভিতৰতে হাঁহি নিজকে ক’লে, “মোৰ স্বামী এতিয়া বুঢ়া হ’ল আৰু ময়ো ক্ষয় পাই আহিলোঁ, মোৰ এনে আনন্দ হ’ব নে?”
13 Yahwe akamwambia Abraham, “Kwa nini Sara amecheka na kusema, Je ni kweli nitazaa mtoto, nikiwa mzee'?
১৩যিহোৱাই তেতিয়া অব্ৰাহামক ক’লে, “চাৰাই কেলেই এই কথা কৈ হাঁহিলে যে ‘মই বুঢ়ীয়ে জানো সচাঁকৈয়ে এটি পুত্ৰ প্ৰসৱ কৰিম?’
14 Je kuna jambo lolote gumu sana kwa Yahwe? Itakuwa katika wakati nilioweka mimi majira ya machipuko, nitarejea kwako. Majira haya mwakani Sara atakuwa na mtoto wa kiume.”
১৪যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
15 Kisha Sara akakataa na kusema, “sikucheka,” kwa kuwa aliogopa. Yahwe akasema, “hapana ulicheka.”
১৫চাৰাই তেতিয়া ভয় খাই আসৈ মাতি ক’লে, “নাই, মই হ’লে হঁহা নাছিলো”; কিন্তু যিহোৱাই ক’লে, “নহয়, তুমি হাঁহিছিলা।”
16 Kisha wale wanaume walisimama kuondoka na wakatazama chini kuelekea Sodoma. Abraham akafuatana nao kuona njia yao.
১৬তাৰ পাছত সেই লোককেইজন উঠিল আৰু তললৈ চদোমৰ ফালে চালে। অব্ৰাহামে তেওঁলোকক আগবঢ়াই থবলৈ তেওঁলোকৰ লগে লগে গ’ল।
17 Lakini Yahwe akasema, Je ni mfiche Abraham kile ninacho kusudia kufanya,
১৭পাছত যিহোৱাই ক’লে, “মই যি কৰিম, তাক জানো অব্ৰাহামৰ পৰা লুকুৱাই ৰাখিম?
18 Ikiwa kwa hakika Abraham atakuwa mkuu na taifa lenye nguvu, na katika yeye mataifa yote ya dunia watabarikiwa?
১৮অৱশ্যেই অব্ৰাহামৰ পৰা এক মহান আৰু পৰাক্ৰমী জাতি হ’ব। তেওঁতেই পৃথিৱীৰ সমুদায় জাতিবোৰ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
19 Kwa kuwa nimemchagua ili awaelekeze wanawe na nyumba yake baada yake waishike njia ya Yahwe, watende utakatifu na haki, ili kwamba Yahwe ampatie Abraham yale aliyo yasema kwake.”
১৯মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”
20 Kisha Yahwe akasema, “Kwa sababu kilio cha Sodoma na Gomora ni kikuu, na kwa kuwa dhambi yao ni kubwa,
২০তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপও অতিশয় গুৰুতৰ হৈছে;
21 sasa nitashuka pale na kuona kilio kilicho nifikia dhidi yake, ikiwa kweli wamefanya au hawakufanya, nitajua.”
২১সেইবাবে, মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছো, সচাঁকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম; যদি তেনে নহয়, তাকো মই জানিব পাৰিম।”
22 Kwa hiyo wale wanaume wakageuka toka pale, na kuelekea Sodoma, lakini Abraham akabaki amesimama mbele ya Yahwe.
২২তাৰ পাছতে সেই পুৰুষ কেইজন তাৰ পৰা ঘূৰি চদোমৰ ফাললৈ গ’ল আৰু অব্ৰাহাম তেতিয়াও যিহোৱাৰ সন্মুখত থিয় হৈ থাকিল।
23 Kisha Abraham alikaribia na kusema, “Je utawafutilia mbali watakatifu pamoja na waovu?
২৩অব্ৰাহামে যিহোৱাৰ ওচৰলৈ আগবাঢ়ি গৈ সুধিলে, “আপুনি দুষ্টৰ লগত ধাৰ্মিককো বিনষ্ট কৰিব নে?
24 Huenda wakawepo wenye haki hamsini katika mji. Je utawakatilia mbali na usiuache mji kwa ajili ya hao watakatifu hamsini walioko hapo?
২৪সেই নগৰৰ মাজত যদি পঞ্চাশজন ধাৰ্মিক লোক আছে, সেই পঞ্চাশ জনৰ কাৰণে আপুনি সেই নগৰক ক্ষমা নিদি বিনষ্ট কৰিব নে?
25 Hasha usifanye hivyo, kuwauwa watakatifu pamoja na waovu, ili kwamba watakatifu watendewe sawa na waovu. Hasha! Je muhukumu wa ulimwengu wote hatatenda haki?”
২৫ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
26 Yahwe akasema, “Katika Sodoma nikipata watakatifu hamsini kwenye mji, nita uacha mji wote kwa ajili ya hao.”
২৬তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।”
27 Abraham akajibu na kusema, “Tazama, Nimeshika kusema na Bwana wangu, hata kama mimi ni mavumbi na majivu!
২৭অব্ৰাহামে উত্তৰ দি ক’লে, “চাওক, যদিও মই কেৱল ধুলি আৰু ছাঁই, তথাপিও মই প্ৰভুৰ লগত কথা ক’বলৈ সাহ কৰিছোঁ;
28 Itakuwaje ikiwa kuna watano pungufu katika idadi ya hao watakatifu hamsini? Je utaangamiza mji wote kwa upungufu wa hao watano?” Akasema, “Sitaangamiza, ikiwa nitapata watu arobaini na watano pale.”
২৮যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে?” তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।”
29 Akaongea naye tena, na kusema, “Itakuwaje ikiwa arobaini watapatikana pale?” Akajibu, “Sitafanya kwa ajili ya hao arobaini.”
২৯অব্রাহামে আকৌ তেওঁক ক’লে, “ধৰক, যদি তাত মাত্র চল্লিশজন ধার্মিক লোকক পোৱা গ’ল!” তেওঁ ক’লে, “সেই চল্লিশজনৰ কাৰণেও মই বিনষ্ট নকৰোঁ।”
30 Akasema, Tafadhali usikasirike, Bwana, nikiongea. Pengine thelathini watapatikana pale.” Akajibu, 'Sitafanya, ikiwa nitapata thelathini pale.”
৩০তেতিয়া অব্রাহামে ক’লে, “মোৰ প্ৰভুৱে যেন ক্ৰোধ নকৰে, মই পুনৰ কওঁ যদি তাত ত্ৰিশজনকো পোৱা যায়?” তেওঁ ক’লে, “মই যদি তাত ত্ৰিশজনকো পাওঁ, তেতিয়াও বিনষ্ট নকৰোঁ।”
31 Akasema, Tazama, Nimeshika kusema na Bwana wangu! Pengine ishirini watapatikana pale.” Akajibu, “Sitaharibu kwa ajili ya hao ishirini.”
৩১অব্রাহামে ক’লে, “চাওক, মই আকৌ এবাৰ সাহস কৰি প্ৰভুক কব বিচাৰিছোঁ! যদি তাত বিশজনক পোৱা যায়?” “বিশজনৰ কাৰণেও মই সেই নগৰ বিনষ্ট নকৰোঁ।”
32 Akasema, “Tafadhali usikasirike, Bwana, na nitasema jambo hili kwa mara ya mwisho. Huenda kumi wakaonekana kule.” Na akasema, sitaangamiza kwa ajili ya hao kumi.”
৩২অৱশেষত অব্রাহামে ক’লে, “প্ৰভুৱে যেন মোক ক্ৰোধ নকৰে; মই কেৱল আৰু এবাৰহে মাথেন কওঁ, তাত যদি দহজনকো পোৱা যায়?” তেতিয়া তেওঁ ক’লে, “সেই দহজনৰ কাৰণেও মই তাক বিনষ্ট নকৰোঁ।”
33 Yahwe akaendelea na njia yake mara tu baada ya kumaliza kuongea na Abraham, na Abraham akarudi nyumbani.
৩৩অব্ৰাহামৰ সৈতে কথোপকথন শেষ হোৱাৰ পাছত যিহোৱা নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ’ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভটি গ’ল।