< Mwanzo 10 >

1 Hivi ndivyo vilikuwa vizazi vya wana wa Nuhu, ambao ni, Shemu, Hamu, na Yafethi. Wana wa kiume walizaliwa kwao baada ya gharika.
নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল।
2 Wana wa Yafethi walikuwa Gomeri, Magogu, Madai, Yavani, Tubali, Masheki, na Tirasi.
যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ।
3 Na wana wa Gomeri walikuwa Ashikenazi, Rifathi na Togama.
গোমৰৰ সন্তান সকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা।
4 Wana wa Yavani walikuwa Elisha, Tarshishi, Kitimu, na Dodanimu.
যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
5 Kutoka kwa hawa watu wa pwani waligawanyika na kwenda kwenye ardhi zao, kila mtu na lugha yake, kufuatana na koo zao, kwa mataifa yao.
যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।
6 Wana wa Hamu walikuwa Kushi, Misraimu, Putu, na Kanaani.
হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান।
7 Wana wa Kushi walikuwa Seba, Havila, Sabta, Raama, na Sabteka. Wana wa Raama walikuwa Sheba na Dedani.
কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
8 Kushi akamzaa Nimrodi, ambaye alikuwa hodari wa kwanza juu ya nchi.
কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।
9 Alikuwa mwindaji mkuu mbele ya Yahwe. Hii ndiyo sababu hunenwa, “Kama Nimrod mwindaji mkuu mbele za Yahwe.”
যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।”
10 Miji ya kwanza ya ufalme wake ilikuwa Babeli, Ereku, Akadi na Kalne, katika ichi ya Shinari.
১০নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।
11 Kutoka katika nchi ile alikwenda Ashuru na akajenga Ninawi, Rehoboth- iri na Kala,
১১তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ,
12 na Raseni ambao ulikuwa kati ya Ninawi na Kala. Ulikuwa mji mkubwa.
১২আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল।
13 Misraimu akazaa Waludi, Waanami, Walehabi, na Wanaftuhi,
১৩লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া,
14 Wapathrusi na Wakasluhi ( ambao kwao Wafilisti walitokea), na Wakaftori.
১৪পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল।
15 Kanaani akamzaa Sidono, mwanawe wa kwanza, na Hethi,
১৫কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান।
16 pia na Myebusi, na Mwamori, Mgirgashi,
১৬যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া,
17 Mhivi, Mwarki, Msini,
১৭হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
18 Mwarvadi, Msemari, na Mhamathi. Baadaye koo za wakanaani zikasambaa.
১৮অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল।
19 Mpaka wa Wakanaani ulianzia Sidoni, katika mwelekeo wa Gerari, hata Gaza, na kama kuelekea Sodoma, Gomora, Adma, na Seboimu hata Lasha.
১৯কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল।
20 Hawa walikuwa wana wa Ham, kwa koo zao, kwa lugha zao, katika ardhi zao na katika mataifa yao.
২০নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক।
21 Pia walizaliwa wana kwa Shemu, ndugu yake mkubwa wa Yafethi. Shemu pia alikuwa baba yao na watu wote wa Eberi.
২১যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল।
22 Wana wa Shemu walikuwa Elamu, Ashuru, Alfaksadi, Ludi, na Aramu.
২২চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।
23 Wana wa Aramu walikuwa ni Usi, Huli, Getheri, na Mashi.
২৩অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ।
24 Arfaksadi akamzaa Sela, na Sela akamzaa Eber.
২৪অৰ্ফকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ।
25 Eberi akazaa wana wawili wa kiume. Jina la mmoja aliitwa Pelegi maana katika siku zake nchi iligawanyika. Jina la ndugu yake aliitwa Yoktani.
২৫এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন।
26 Yoktani akamzaa Almodadi, Shelefu, Hasarmawethi, Yera,
২৬যক্তনৰ পুত্ৰসকলৰ নাম অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
27 Hadoram, Uzali, Dikla,
২৭হদোৰাম, উজল, দিক্লা,
28 Obali, Abimaeli, Sheba,
২৮ওবল, অবীমায়েল, চিবা,
29 Ofiri, Havila, na Yobabi. Hawa wote walikuwa wana wa Yoktani.
২৯ওফীৰ, হবীলা আৰু যোবব; এইলোক সকলোৱেই যক্তনৰ সন্তান।
30 Mpaka wao ulikuwa unaanzia Mesha, hadi Sefari, mlima wa mashariki.
৩০মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল।
31 Hawa walikuwa wana wa Shemu, kulingana na koo zao na lugha zao, katika ardhi zao kulingana na mataifa yao.
৩১নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক।
32 Hizi zilikuwa koo za wana wa Nuhu, kulingana na vizazi vyao, kwa mataifa yao. Kutokea kwa hawa mataifa yaligawanyika na kwenda juu ya nchi baada ya gharika.
৩২এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।

< Mwanzo 10 >