+ Mwanzo 1 >
1 Hapo mwanzo Mungu aliumba mbingu na nchi.
১আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
2 Nayo nchi haikuwa na umbo na ilikuwa tupu. Giza lilikuwa juu ya uso wa vilindi vya maji. Roho wa Mungu alikuwa akielea juu ya uso wa maji.
২পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল।
3 Mungu akasema, “na kuwe nuru,” na kulikuwa na nuru.
৩ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।
4 Mungu akaona nuru kuwa ni njema. Akaigawa nuru na giza.
৪ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে।
5 Mungu akaiita nuru “mchana” na giza akaliita “usiku.” Ikawa jioni na asubuhi, siku ya kwanza.
৫পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।
6 Mungu akasema, “na kuwe na anga kati ya maji, na ligawe maji na maji.”
৬তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।”
7 Mungu akafanya anga na kugawanya maji yaliyo kuwa chini ya anga na maji ambayo yalikuwa juu ya anga. Ikawa hivyo.
৭এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
8 Mungu akaita anga “mbingu.” Ikawa jioni na asubuhi siku ya pili.
৮ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
9 Mungu akasema, “maji yaliyo chini ya mbingu yakusanyike pamoja mahali pamoja, na ardhi kavu ionekane.” Ikawa hivyo.
৯তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
10 Mungu aliita ardhi kavu “nchi,” na maji yaliyo kusanyika akayaita “bahari.” Akaona kuwa ni vyema.
১০ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ” হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
11 Mungu akasema, nchi ichipushe mimea: miche itoayo mbegu na miti ya matunda itoayo matunda ambayo mbegu yake imo ndani ya tunda, kila kitu kwa namna yake.” Ikawa hivyo.
১১ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12 Nchi ikatoa mimea, miche itoayo mbegu ya aina yake, na miti itoayo tunda ambalo mbegu yake imo ndani yake, kwa aina yake. Mungu akaona kuwa ni vyema.
১২ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
13 Ikawa jioni na asubuhi, siku ya tatu.
১৩গধূলি আৰু পুৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল।
14 Mungu akasema, “kuwe na mianga katika anga kutenganisha mchana na usiku. Na ziwe kama ishara, kwa majira, kwa siku na miaka.
১৪তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
15 Ziwe mianga katika anga ili kutoa mwanga juu ya nchi.” Ikawa hivyo.
১৫সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
16 Mungu akafanya mianga mikuu miwili, mwanga mkuu zaidi kutawala mchana, na mwanga mdogo kutawala usiku. Akafanya nyota pia.
১৬ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো নিৰ্ম্মাণ কৰিলে।
17 Mungu akazipanga katika anga kutoa mwanga juu nchi,
১৭ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে;
18 kutawala mchana na usiku, na kugawanya mwanga kutoka kwenye giza. Mungu akaona kuwa ni vyema.
১৮দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
19 Ikawa jioni na asubuhi, siku ya nne.
১৯গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল।
20 Mungu akasema, “maji yajae idadi kubwa ya viumbe hai, na ndege waruke juu ya nchi katika anga la mbingu.”
২০তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
21 Mungu akaumba viumbe wakubwa wa baharini, pamoja na kila kiumbe hai cha aina yake, viumbe waendao na wanaojaa kila mahali majini, na kila ndege mwenye mabawa kwa aina yake. Mungu akaona kuwa ni vyema.
২১এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
22 Mungu akavibariki, akisema, “zaeni na muongezeke, na mjae majini katika bahari. Ndege waongezeke juu nchi.”
২২ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”
23 Ikawa jioni na asubuhi, siku ya tano.
২৩গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল।
24 Mungu akasema, “nchi na itoe viumbe hai, kila kiumbe kwa aina yake, mnyama wa kufugwa, vitu vitambaavyo, na wanyama wa nchi, kila kitu kwa jinsi yake.” Ikawa hivyo.
২৪তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।
25 Mungu akafanya wanyama wa nchi kwa aina yake, wanyama wa kufugwa kwa aina yake, na kila kitambaaho juu ya ardhi kwa aina yake. Akaona kuwani vyema.
২৫ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
26 Mung akasema, “na tumfanye mtu katika mfano wetu, wa kufanana na sisi. Wawe na mamlaka juu ya samaki wa bahari, juu ya ndege wa angani, juu ya wanyama wa kufuga, juu ya nchi yote, na juu ya kila kitu kitambaacho kinacho tambaa juu ya nchi.”
২৬তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
27 Mungu akamuumba mtu kwa mfano wake. Katika mfano wake alimuumba. Mwanaume na mwanamke aliwaumba.
২৭তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
28 Mungu akawabariki na akawaambia, “zaeni na kuongezeka. Jazeni nchi, na muitawale. Muwe na mamlaka juu ya samaki wa baharini, juu ya ndege wa angani, na juu ya kila kiumbe hai kiendacho juu ya nchi,”
২৮পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
29 Mungu akasema, “tazama, nimewapeni kila mmea uzaao mbegu ambao uko juu ya nchi, na kila mti wenye tunda ambalo lina mbegu ndani yake. Vitakuwa ni chakula kwenu.
২৯ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব।
30 Kwa kila mnyama wa nchi, kwa kila ndege wa angani, na kila kitambaacho juu ya nchi, na kila kiumbe ambacho kina pumzi ya uhai ni metoa kila mmea kwa ajili ya chakula.” ikawa hivyo.
৩০সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল।
31 Mungu akaona kila kitu alichokiumba. Tazama, kikawa chema sana. Ikawa jioni na asubuhi siku ya sita.
৩১পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।