< Ezekieli 37 >
1 Mkono wa Yahwe ulikuwa juu yangu, na akanitoa kwa Roho wa Bwana Yahwe na kuniweka chini katikati ya bonde; lilikuwa limejaa mifupa.
১পাছত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ আছিল।
2 Kisha akanifanya kupita kati yao kuizunguka pande zote. Tazama! Mingi yao mikubwa ilikuwa katika bonde! Ilikuwa mikavu sana.
২তেওঁ সেইবোৰৰ ওচৰে ওচৰে এইদৰে চাৰিওফালে মোক ফুৰালে। আৰু চোৱা! সেই উপত্যকাটিত অনেক অনেক হাড় আছিল। আৰু চোৱা! সেইবোৰ অতি শুকান।
3 Akanambia, “Mwanadamu, Je! Hii mifupa inaweza kuishi kinyume?” Hivyo nikasema, “Bwana Yahwe, wajua wewe pekee.”
৩তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰ জীৱ পাৰেনে?” তেতিয়া মই ক’লোঁ, “হে প্ৰভু যিহোৱা, আপুনিহে জানে!”
4 Kisha akanambia, “Tabiri juu ya hii mifupa na iambie, 'Mifupa mikavu. Lisikilizeni neno la Yahwe.
৪তেতিয়া তেওঁ মোক ক’লে, “তুমি এই হাড়বোৰৰ আগত ভাববাণী প্ৰচাৰ কৰা, আৰু এইবোৰক কোৱা, ‘হে শুকান হাড়বিলাক! যিহোৱাৰ বাক্য শুনা।
5 Bwana Yahwe asema hivi kwenye hii mifupa: Tazama! nakaribia kuweka pumzi juu yenu, nanyi mtaishi.
৫প্ৰভু যিহোৱাই এই হাড়বোৰক এই কথা কৈছে: “চোৱা! মই তোমালোকৰ ভিতৰত নিশ্বাস সুমুৱাম; তাতে তোমালোক জীৱা।
6 Nitaweka mishipa juu yenu na kuleta nyama juu yenu. Nitawafunika kwa ngozi na kuweka pumzi ndani yenu hivyo mtaishi. Kisha mtajua kwamba mimi ni Yahwe.”'
৬আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা’।”
7 Hivyo nimetoa unabii kama nilivyokuwa nimeamriwa: nimetabiri, tazama, sauti ikaja, iliyokuwa ya mtetememo. Kisha mifupa ikasogeleana pamoja-mfupa juu ya mfupa.
৭পাছত মই আজ্ঞা পোৱাৰ দৰে ভাববাণী প্ৰচাৰ কৰিলোঁ; মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ’ল, মৰ মৰ শব্দ হ’ল। আৰু হাড়বোৰ গোটখাই নিজ নিজ হাড়ত লাগিল।
8 Nikatazama na, kumbe, mishipa ilikuwa juu sasa, na nyama ikatoka juu na ngozi ikazifunika. Lakini hapakuwa na pumzi juu yao.
৮আৰু মই চাই দেখিলোঁ, সেইবোৰত সিৰ হ’ল, মাংস উৎপন্ন হ’ল, আৰু সেইবোৰক ছালে ঢাকিলে! কিন্তু সেইবোৰৰ ভিতৰত প্ৰাণ-বায়ু নাছিল।
9 Kisha Yahwe akanambia, “Itabirie pumzi, tabiri, mwanadamu, na iambie pumzi, 'Bwana Yahwe asema hivi: Pumzi, hutoka pepo nne, na pumzi juu ya hawa walioawa, hivyo wanaweza kuishi.”'
৯তেতিয়া তেওঁ মোক ক’লে, “বায়ুৰ আগত ভাববাণী প্ৰচাৰ কৰা! হে মনুষ্য সন্তান ভাববাণী প্ৰচাৰ কৰি বায়ুক কোৱা ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে বায়ু চাৰিওদিশৰ পৰা আহি এই হত লোকবোৰ জীৱৰ নিমিত্তে ইহঁতৰ ওপৰত বলোওৱা’।”
10 Hivyo nimetabiri kama nilivyokuwa nimeamriwa; pumzi ikawajilia na wakaishi. Kisha wakasimama kwa miguu yao, jeshi moja kubwa sana.
১০তেতিয়া তেওঁ মোক আজ্ঞা দিয়াৰ দৰ, মই ভাববাণী প্ৰচাৰ কৰিলোঁ; তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণ-বায়ু সোমালত সিহঁত জীলে! আৰু তেতিয়া অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ’ল।
11 Kisha Yahwe akanambia, “Mwanadamu, mifupa hii yote ni ya nyumba ya Israeli. Tazama! Wanasema, 'Mifupa yetu imekauka, na tumaini letu limepotea. Tumekatwa.'
১১আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’
12 Kwa hiyo tabiri na waambie, 'Bwana Yahwe asema hivi: Tazama! Nitayafunua makabiri yenu na kuwapandisha kutoka kwayo, watu wangu. Nitakurudisha hata katika nchi ya Israeli.
১২এই হেতুকে তুমি ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে মোৰ প্ৰজাসকল, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম! আৰু মই তোমালোকক ইস্ৰায়েল দেশলৈ লৈ যাম!
13 Kisha mtajua kwamba mimi ni Yahwe, nitakapo yafunua makaburi yenu na kuwatoa kutoka kwao, watu wangu.
১৩তেতিয়া হে মোৰ প্ৰজাসকল, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, ইয়াকে তোমালোকে জানিবা।
14 Nitaweka Roho wangu ndani yenu hivyo mtaishi, na nitawafanya kupumzika katika nchi yenu mtakapojua yakwamba mimi ni Yahwe. Nasema na nitayafanya hayo-hivi ndivyo Bwana Yahwe asemavyo.”'
১৪আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম, তেতিয়া তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহুৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ’।” তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।
15 Kisha neno la Yahwe likanijia, likisema,
১৫তেতিয়া যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে,
16 “Sasa wewe, mwanadamu, chukua fimbo moja kwa ajili yako na andika juu yake, 'Kwa ajili Yuda na kwa ajili ya watu wa Israeli, wenzake,' Kisha fimbo nyingine andika juu yake, 'Kwa kuwa Yusufu, tawi la Efraimu, na kwa ajili ya watu wa Israeli, wenzake.
১৬“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি নিজৰ কাৰণে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তান সকল।’ আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ।’
17 Walete wote pamoja kwenye fimbo moja, ili wawe kitu kimoja katika mkono wako.
১৭আৰু সেই দুডাল তোমাৰ হাতত এডাল হ’বৰ কাৰণে এডালৰ লগত আন ডাল লগ লগাই তোমাৰ কাৰণে এডাল কৰা।
18 Wakati watu wako watakapokwambia na kusema, 'Je! hutatuambia haya mambo yako yana maana gani?'
১৮‘আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে?’ এইবুলি তোমাৰ জাতিৰ সন্তানসকলে যেতিয়া তোমাক সুধিব,
19 kisha waambie, 'Bwana Yahwe asema hivi: Tazama! Nalichukua tawi la Yusufu ambalo lipo kwenye mkono wa Efraimu na kabila za Israeli wenzake na kuungana nalo hata kwenye tawi la Yuda, ili kwamba wawe tawi moja, na watakuwa kitu kimoja katika mikono yangu.'
১৯তেতিয়া তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবোৰক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁলোক মোৰ হাতত এডাল হ’ব!’
20 Shika kwenye mkono wako na matawi uliyoandika mbele ya macho yao.
২০তেতিয়া তুমি লিখা কাঠ দুডাল তেওঁলোকৰ আগত তোমাৰ হাতত থাকিব।
21 Waambie, 'Bwana Yahwe asema hivi: Tazama! nakaribia kuwachukua watu wa Israeli kutoka miongoni mwa mataifa walipoenda. Nitawakusanya kutoka nchi zilizozunguka na nitawaleta kwenye nchi yao.
২১আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তান সকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম।
22 Nitawafanya kuwa taifa moja katika nchi, juu ya milima ya Israeli, na kutakuwa na mfalme mmoja kama mfalme juu yao wote, na hawatakuwa mataifa mawili tena. Hawatagawanyika kwenye falme mbili tena.
২২পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁলোকৰ আটাইৰে ৰজা হ’ব; তেওঁলোক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব।
23 Kisha hawatajitia unajisi tena kwa sanamu zao, mambo yao yachukizao, au dhambi zao nyingine. Kwa kuwa nitawaokoa kutoka matendo yao ya uongo ambayo wamefanya dhambi, na nitawatakasa, hivyo watakuwa watu wangu nami nitakuwa Mungu wao.
২৩আৰু তেওঁলোকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণলগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁলোকে পাপ কৰা তেওঁলোকৰ আটাই বাসস্থানৰ পৰা মই তেওঁলোকক ৰক্ষা কৰিম, আৰু তেওঁলোকক শুচি কৰিম; তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
24 Daudi mtumishi wangu atakuwa mfalme juu yao. Hivyo kutakuwa na mchungaji mmoja juu yao wote, na wataishi kulingana na sheria zangu na watazitunza amri zangu na kuzitii.
২৪আৰু মোৰ দাস দায়ুদ তেওঁলোকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁলোক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁলোকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।
25 Wataishi katika nchi niliwapatia watumishi wangu Yakobo, ambapo baba zenu walipoishi. Wataishi humo milele-wao, watoto wao, na wajukuu zao, kwa Daudi mtumishi wangu atakuwa mkuu wao milele.
২৫আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁলোকে বাস কৰিব; তেওঁলোকে তেওঁলোকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁলোকৰ অধিপতি হ’ব।
26 Nitaweka agano la amani pamoja nao. Litakuwa agano la milele pamoja nao. Nitawaweka na kuwazidisha na kupaweka mahali patakatifu pangu katikati yao milele.
২৬ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্মধাম স্থাপন কৰিম।
27 Maskani yangu yatakuwa pamoja nao; Nitakuwa Mungu wao, na watakuwa watu wangu.
২৭মোৰ আবাসো তেওঁলোকৰ লগত থাকিব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব!
28 Kisha mataifa watajua yakwamba mimi ni Yahwe niliyewatenga Israeli, wakati mahali pangu patakatifu patakapokuwa katikati yao milele.”
২৮আৰু যেতিয়া মোৰ ধৰ্মধাম তেওঁলোকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইস্ৰায়েলক পবিত্ৰ কৰোঁতা যিহোৱা, তাক জাতিবোৰে জানিব’!”