< Ezekieli 16 >
1 Kisha neno la Yahwe likanijia, kusema,
১তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “Mwanadamu, mwambie Yerusalemu kuhusu machukizo yake,
২“হে মনুষ্য সন্তান, তুমি যিৰূচালেমক তাইৰ নিজৰ ঘিণলগীয়া কাৰ্যবোৰ জনোৱা,
3 na useme, 'Bwana Yahwe asema hivi kwa Yerusalemu: Mwanzo wako na kuzaliwa kwako kulichukua nafasi katika nchi ya Kanaani; baba yako alikuwa Mwamori, na mama yako alikuwa Mhiti.
৩আৰু কোৱা, ‘প্ৰভু যিহোৱাই যিৰূচালেমক এই কথা কৈছে: “তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানীয়াসকলৰ দেশ; তোমাৰ পিতৃ ইমোৰীয়া আৰু তোমাৰ মাতৃ হিত্তীয়া আছিল।
4 Katika siku ya kuzaliwa kwako, mama yako hakukata kitovu chako, wala hakukuosha kwenye maji usafishwe au kukuchua kwa chumvi, wala kukusitiri nguo.
৪তোমাৰ জন্মবৃত্তান্ত এই, তোমাৰ জন্ম দিনা তোমাৰ নাড়ী কটা নাছিল বা তোমাক পৰিষ্কাৰ কৰিবলৈ তোমাক পানীত ধুউৱা নাছিল, তোমাক সমূলি লোণ ঘঁহা কি কাপোৰেৰে মেৰোৱা নাছিল।
5 Hakuna jicho lililokuhurumia kufanya haya mambo kwa ajili yako, kukuhurumia wewe. Katika siku uliyozaliwa, kwa kuchukiwa uhai wako, ulitupwa nje uwandani.
৫তোমাক দয়া কৰি তোমালৈ এইবোৰৰ কোনো এটাকে কৰিবৰ অৰ্থে তোমালৈ কোনেও কৃপাদৃষ্টি নকৰিছিল; কিন্তু তোমাৰ জন্মদিনা, তোমাৰ গা ঘিণলগীয়া হোৱাৰ কাৰণে তোমাক মুকলি পথাৰত পেলাই দিয়া হৈছিল।
6 Lakini nilipita karibu nawe, nalikuona ukijinyonga kwa damu yako mwenyewe, “kubaki hai!”
৬সেই সময়ত মই তোমাৰ ওচৰেদি গৈ তোমাৰ তেজত তোমাক ধৰফৰোৱা দেখি তোমাক ক’লোঁ যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা, হয়, মই তোমাক ক’লোঁ, যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা।
7 Nimekufanya ukue kama mmea katika shamba. Umeongezeka na kuwa mkubwa, na umekuwa mzuri wa wazuri. Maziwa yako yakawa thabiti, na nywele zako zikawa nyingi, ingawa ulikuwa uchi huna nguo.
৭পথাৰত গজা তৃণৰ দৰে মই তোমাক অধিককৈ বঢ়ালোঁ আৰু তুমি বাঢ়ি ডাঙৰ-দীঘল থ’লো আৰু অতি সুন্দৰী থ’লো; তোমাৰ স্তন পূৰ্ণ হ’ল আৰু কেশ দীৰ্ঘ হ’ল, তথাপি তুমি বিবস্ত্ৰা আৰু উলঙ্গিনী আছিলা।
8 Nilipita karibu nawe tena, na nalikuona. Tazama! wakati wa upendo umefika kwako, hivyo nikatandika joho langu juu yako na kufunika uchi wako. Kisha nikaapa kwako na kukuleta kwenye agano-hivi ndivyo Bwana Yahwe asemavyo-na ukawa wangu.
৮তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা! তোমাৰ সময় প্ৰেমৰ সময়; এই কাৰণে মই তোমাৰ ওপৰত বস্ত্ৰৰ আঁচল মেলি দি তোমাৰ উলঙ্গতা ঢাকিলোঁ” আৰু প্ৰভু যিহোৱাই কৈছে মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, “তাতে তুমি মোৰ থ’লো।
9 Basi nilikuosha kwa maji na kukufuta damu yako, na kukupaka mafuta.
৯গতিকে মই তোমাক পানীৰে ধুলোঁ, এনে কি, তোমাৰ গাৰ পৰা তোমাৰ তেজ সম্পূৰ্ণকৈ ধুই তেল ঘঁহিলোঁ।
10 Nilikuvalisha nguo ya taraza na kukuwekea makuzi ya ngozi kwenye miguu yako. Nilikufungia kwa kitani kizuri na kukufunika kwa hariri.
১০মই তোমাক কাৰচিপি বন কৰা কাপোৰো পিন্ধালোঁ, তোমাৰ ভৰিত তহচ জন্তুৰ ছালৰ জোতা দিলোঁ, তোমাৰ কঁকালত মিহি শণ সূতাৰ টঙালি বান্ধিলোঁ আৰু তোমাক পাতৰ বস্ত্ৰেৰে বিভূষিত কৰিলোঁ।
11 Kisha nalikupamba kwa vito, na kukuvalisha vikuku kwenye mikono yako, na mkufu kwenye shingo yako.
১১মই তোমাক অলঙ্কাৰেৰেও সজালোঁ, তোমাৰ হাতত খাৰু আৰু ডিঙিত হাৰ দিলোঁ।
12 Nalitia hazama katika pua yako na hereni katika masikio yako, na taji nzuri juu ya kichwa chako.
১২মই তোমাৰ নাকত নথ, কাণত কুণ্ডল, আৰু তোমাৰ মূৰত সুন্দৰ কিৰীটি দিলোঁ।
13 Hivyo ulipambwa kwa dhahabu na fedha, na ulivaa kitani safi, hariri, na ngu za taraza; ulikula unga mzuri, asali, na mafuta, na ulikuwa mzuri sana, na ukawa malkia.
১৩এইদৰে সোণ আৰু ৰূপেৰে তোমাক সজোৱা হ’ল; তোমাৰ বস্ত্ৰ মিহি শণ সূতাৰ পাতৰ আৰু কাৰচিপি বন কৰা; তুমি মিহি আটা, মৌ-জোল আৰু তেল খাইছিলা; তুমি অতি সুন্দৰী হৈ উন্নতি-লাভ কৰি ৰাণী পদ পালা।
14 Umaarufu wako ukaenda miongoni mwa mataifa kwa sababu ya uzuri wako, kwa kuwa ulikuwa mkamili katika ukuu niliokuwa nimekupa-hivi ndivyo Bwana Yahwe asemavyo.
১৪আৰু তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ যশস্যা জাতিবোৰৰ মাজত ব্যাপিল; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই তোমাৰ ওপৰত স্থাপন কৰা মোৰ শ্ৰীৰ বাবে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ হ’ল।”
15 Lakini ulitumaini uzuri wako, na ukafanya kama kahaba kwa sababu ya umaarufu wako; umeyamwaga matendo yako ya kikahaba kwa kila aliyepita karibu, ili kwamba uzuri wako uwe wake.
১৫কিন্তু তুমি নিজ সৌন্দৰ্য্যত নির্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম কৰিলা; তাৰহে ভোগ হ’ল।
16 Kisha ulichukua nguo zako na pamoja nao umepatengeneza mahali pa juu kwa ajili yako palipambwa kwa rangi tofauti tofauti, na hapo ulifanya kama kahaba. Hii haitatokea. Wala haitatokea.
১৬আৰু তুমি নিজৰ কেইখনমান কাপোৰ লৈ, তাৰে নিজৰ বাবে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও।
17 Umevichukua vito vizuri vya dhahabu na fedha nilizowapatia, na umejitengenezea sanamu za wanaume, na umefanya pamoja nao ukahaba afanyao.
১৭মই তোমাক দিয়া মোৰ সোণ আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলঙ্কাৰ তুমি লৈ, তোমাৰ কাৰণে তাৰে পুৰুষাকৃতিৰ মূৰ্ত্তি কৰি সেইবোৰে সৈতে বেশ্যাকৰ্ম কৰিলা।
18 Ulichukua nguo zako za tarizi na kuwafunika, na kuwawekea mafuta yangu na manukato mbele yao.
১৮আৰু তোমাৰ কাৰচিপি বন কৰা কাপোৰ লৈ তাৰে সেইবোৰ ঢাকিলা আৰু সেইবোৰৰ আগত মোৰ তেল আৰু ধূপ থলা।
19 Mkate wangu niliokupatia-ulitengenezwa kwa unga mzuri, mafuta, na asali-umeviweka mbele yao kwa ajili ya kunukia harufu nzuri, kwa kuwa hivi ndivyo ilivyotokea-hivi ndivyo Bwana Yahwe asemavyo.
১৯প্ৰভু যিহোৱাই কৈছে, মই তোমাক দিয়া মোৰ আহাৰ, মই তোমাক খাবলৈ দিয়া মিহি আটা, তেল আৰু মৌ-জোল তুমি সুঘ্ৰাণৰ অৰ্থে সেইবোৰৰ আগত থলা আৰু সেইদৰেই হ’ল।
20 Kisha uliwachukua watoto wako ulionizalia, na kuwatoa sadaka kwa picha ili waliwe kama chakula. Je! matendo yako ya kikahaba ni kitu kidogo?
২০“ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল’ৰা-ছোৱালীসকললৈ, গ্ৰাস কৰিবৰ বাবে সেইবোৰৰ আগত বলিস্বৰূপে দিলা; তোমাৰ বেশ্যাকৰ্মবোৰ সামান্য বিষয় আছিল নে?
21 Umewachinja watoto wangu na kuwatupia kwenye moto.
২১যে তুমি মোৰ সন্তান সকলক বধ কৰিলা আৰু সেইবোৰৰ উদ্দেশ্যে তেওঁলোকক জুইৰ মাজেদি গমন কৰাই উৎসৰ্গ কৰিলা?
22 Katika machukizo yako yote na matendo yako ya kikahaba hukutafakari kuhusu siku za ujana wako, wakati ulipokuwa uchi na bila nguo kama kama umepigwa katika damu.
২২তোমাৰ আটাই ঘিণলগীয়া কাৰ্যত আৰু বেশ্যাকৰ্মত তুমি আসক্ত থকাত, বিবস্ত্ৰা আৰু উলঙ্গিনী হোৱা আৰু তোমাৰ তেজত ধৰফৰোৱা তোমাৰ সেই যৌৱন কালৰ দিন তুমি সোঁৱৰণ নকৰিলা।
23 Ole! Ole wako! -hivi ndivyo Bwana Yahwe asemavyo-kwahiyo, zaidi ya hapo kwa haya maovu yote,
২৩আৰু তোমাৰ আটাই দুষ্টতাৰ পাছত প্ৰভু যিহোৱাই কৈছে, তোমাৰ সন্তাপ হ’ব, তোমাৰ সন্তাপ হ’ব,
24 umejijengea chumba cha chini kwa chini katika kila sehemu ya watu wengi.
২৪তুমি নিজৰ বাবে এক বেশ্যালয় সাজিলা আৰু প্ৰত্যেক চকত নিজৰ বাবে এডোখৰ ওখ ঠাই কৰিলা।
25 Umepajenga mahali pako palipoinuka kwenye kichwa cha kila njia na kuunajisi uzuri wako, kwa kuwa umeutoa mwili wako kwa kila mtu apitaye karibu na umefanya matendo mengi zaidi ya ukahaba.
২৫তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ ওখ ঠাই সাজি তোমাৰ সৌন্দৰ্য্য ঘৃণাৰ বিষয় কৰিলা, প্ৰত্যেক বাটৰুৱালৈ তোমাৰ ভৰি দুখন মেলি দিলা আৰু তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।
26 Umetenda kama kahaba pamoja na Wamisri, tamaa ya jirani zako, na umetenda matendo mengi zaidi ya kikahaba, ili kuchochea hasira yangu.
২৬তোমাৰ ওচৰ-চুবুৰীয়া স্থুলকায় মিচৰীয়াসকলৰ লগতো তুমি বেশ্যাকৰ্ম কৰিলা; আৰু তুমি মোক বেজাৰ দিবলৈ তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।
27 Tazama! Nitakunyooshea mkono wangu na kupunguza chakula chako. Nitauchukua uhai wako juu ya adui zako, binti za Wafilisti, ambao walikuwa na haya ya tabia yako ya uchafu.
২৭এই হেতুকে চোৱা, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালোঁ আৰু তোমাৰ বেশ্যা চাবৰ কাৰণে লাজ পোৱা, তোমাক ঘিণ কৰা পলেষ্টীয়াসকলৰ জীয়াৰীসকলৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলোঁ।
28 Umetenda kama kahaba pamoja na Waashuru kwa sababu hukuweza kuridhika. Umetenda kama kahaba na bado hukuridhika.
২৮তুমি তৃপ্ত নোহোৱাত অচূৰীয়াসকলে সৈতেও বেশ্যাকৰ্ম কৰিও তৃপ্ত নথ’লো।
29 Umefanya matendo mengi zaidi ya kikahaba katika nchi ya jamii ya wana maji wa Ukaldayo, na wala hukuridhika kwa hayo.
২৯তুমি বাণিজ্যদেশ কলদীয়াসকললৈ তোমাৰ বেশ্যালি বঢ়ালা; তথাপি তুমি তাৰেও তৃপ্ত নথ’লো।
30 Jinsi moyo wako ulivyo dhaifu-hivi ndivyo Bwana Yahwe asemavyo-kwamba utaweza kuyafanya haya mambo yote, matendo ya aibu ya kikahaba?
৩০প্ৰভু যিহোৱাই কৈছে, তোমাৰ অন্তৰ কেনে কামাতুৰ! কাৰণ তুমি স্বেচ্ছাচাৰিণী বেশ্যা স্ত্রীৰ দৰে এই আটাইবোৰ কাৰ্য কৰিছা;
31 Mmepajenga mahali penu pa juu kwenye kichwa cha kila mtaa na kufanya chumba cha chini kwa chini katika kila sehemu ya watu wengi. Bado hukuwa kama kahaba kwa sababu ulikataa kulipwa ujira.
৩১তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেশ্যালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্ম্মাণ কৰিছা আৰু তুমি বেশ্যা কৰ্মৰ বেচ তুচ্ছ কৰাত বেশ্যাৰ নিচিনা নোহোৱা।
32 Wewe mwanamke mzinifu, wewe upokeaye wageni badala ya mume wako.
৩২তুমি ব্যভিচাৰিণী, তোমাৰ স্বামীৰ সলনি পৰক গ্ৰহণ কৰোঁতা ঘৈণী।
33 Watu hulipa kwa kila kahaba, lakini wewe huwapa mshara wako wapenzi wako wote na kuwapa rushwa ili waje kwako pande zote kwa matendo yako ya kikahaba.
৩৩আটাই বেশ্যাক লোকে ধন দিয়ে; কিন্তু তোমাৰ আটাই প্ৰেমকাৰীক তুমিহে ধন দিয়া আৰু তোমাৰ লগত বেশ্যাকৰ্ম কৰিবলৈ, চাৰিওফালৰ পৰা তোমাৰ প্ৰেমকাৰীবোৰ আহিবৰ কাৰণে তেওঁলোকক ভেটী দিয়া।
34 Hivyo kuna tofauti kati yako na hao wanawake wengine, kwa kuwa hakuna hata mmoja ajaye kwako kukuuliza kulala pamoja nao. Badala yake, unawalipa. Hakuna akulipaye.
৩৪বেশ্যাকৰ্ম কৰিবলৈ কোনেও তোমাৰ পাছে পাছে নাযায়, তোমাৰ বেশ্যাকৰ্মৰ এই কথাত আন স্ত্রীতকৈ তুমি বিপৰীত; তুমি বেচ দিয়া, কিন্তু তোমাক কোনেও বেচ নিদিয়ে, সেইবাবে তুমি বিপৰীত।
35 Kwa hiyo, wewe kahaba, lisikilize neno la Yahwe.
৩৫এই হেতুকে হে বেশ্যা, যিহোৱাৰ বাক্য শুনা!
36 Bwana Yahwe asema hivi: Kwa sababu umemwaga tamaa yako na kuonyesha sehemu zako za siri kupitia matendo yako ya ukahaba pamoja na wapenzi wako wote pamoja na sanamu zako za chukizo, na kwa sababu ya damu ya watoto wako uliyowapatia sanamu zako,
৩৬প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি প্ৰচুৰ পৰিমাণে অশুচি কাৰ্য কৰাৰ বাবে আৰু তোমাৰ প্ৰেমকাৰীসকলৰ লগত কৰা তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই তোমাৰ বিবস্ত্ৰতা প্ৰকাশ পোৱা বাবে আৰু তোমাৰ ঘিণলগীয়া আটাই মূৰ্ত্তিবোৰৰ আৰু তুমি সেইবোৰৰ আগত দিয়া তোমাৰ সন্তান সকলৰ ৰক্তপাতৰ কাৰণে,
37 kwa hiyo, tazama! Nitawakusanya wapenzi wako wote uliokutana nao, wote ambao uliowapenda na wote uliowachukia, na nitawakusanya juu yako kila upande. Nitawaonyesha wazi sehemu zako za siri hivyo wanaweza kuona uchi wako wote.
৩৭চোৱা! তুমি যিসকলৰ সৈতে আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই তেওঁলোকক গোটাম আৰু তেওঁলোকক তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ তেওঁলোকৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম।
38 Kwa kuwa nitakuadhibu kwa uasherati na kumwaga damu, na nitaleta juu yako damu ya hasira yangu na hasira kali.
৩৮আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা সকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম।
39 Nitakutia kwenye mikono yao hivyo watakutupa chini kwenye chumba cha chini kwa chini na kupavunja mahali pako pa juu na watakuvua nguo zako na kuchukua vito vyako vyote. watakuacha uchi bila nguo.
৩৯মই তেওঁলোকৰ হাতত তোমাক সমৰ্পণ কৰিম; তাতে তেওঁলোকে তোমাৰ বেশ্যালয় নষ্ট কৰিব, তোমাৰ ওখ ঠাইবোৰ ভাঙি পেলাব, তোমাক বিবস্ত্ৰা কৰিব আৰু তোমাৰ সুন্দৰ অলঙ্কাৰবোৰ লৈ যাব; তেওঁলোকে তোমাক বিবস্ত্ৰা আৰু উলঙ্গিনী কৰি এৰিব।
40 Kisha wataleta kundi la watu juu yako na kukupiga kwa mawe, na kukukata kwa panga zao.
৪০তেতিয়া তেওঁলোকে তোমাৰ অহিতে এক সমাজ পাতি তোমাক শিল দলিয়াই মাৰিব, তৰোৱালেৰে ডোখৰ ডোখৰকৈ কাটিব আৰু তোমাৰ ঘৰবোৰ জুই দি পুৰিব।
41 Watachoma nyumba zako na kufanya matendo mengi ya adhabu juu yako kwenye uso wa wanawake wengi, kwa kuwa nitakusimamisha ukahaba wako, na hutawalipa tena wapenzi wako.
৪১এইদৰে অনেক স্ত্রীৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা।
42 Kisha nitatuliza ghadhabu yangu juu yako; hasira yangu itakuacha, kwa kuwa nitaridhika, na sitakuwa na hasira tena.
৪২তেতিয়া মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তেতিয়া তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম।
43 Kwa sababu hukuzikumbuka siku za ujana wako na kunifanya nitetemeke kwa hasira kwa sababu ya haya mambo yote, kwa hiyo, tazama! Mimi mwenyewe nitashusha kwa kichwa chako mwenyewe adhabu kwa kile ulichokifanya-hivi ndivyo Bwana Yahwe asemavyo. Hutaongeza ukahaba kwa matendo yako yote ya machukizo?
৪৩তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্যত মোক বেজাৰ দিলা, এই হেতুকে চোৱা! প্ৰভু যিহোৱাই কৈছে, ময়ো তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম” - আৰু তুমি তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ উপৰিও, এই ব্যভিচাৰ আৰু কৰিবলৈ নাপাবা।
44 Tazama! Kila mtu azungumzaye Mithali kuhusu wewe atasema, “Kama alivyo, hivyo pia ni binti yake.”
৪৪চোৱা! যোজনা দিয়া প্ৰতিজনে, ‘মাক যেনে জীয়েক তেনে’, এই বুলি তোমাৰ বিৰুদ্ধে যোজনা দিব।
45 Wewe ni binti wa mama yako, amchukiaye mume wake na mtoto wake, na wewe ni dada wa dada zako aliyewachukia waume zao na watoto wao. Mama yako alikuwa Mhiti, na baba yako alikuwa Mwamori.
৪৫নিজ স্বামী আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ মাতৃৰ জীয়েক তুমি; নিজ স্বামী আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ ভায়েৰা-ভনীয়েৰাৰ তুমি ভনীয়েক; তোমালোকৰ মাতৃ হিত্তীয়া আৰু তোমালোকৰ পিতৃ ইমোৰীয়া আছিল।
46 Dada yako mkubwa alikuwa Samaria na binti zake walikuwa wale waliokuwa wakiishi kaskazini, wakati dada yako mdogo alikuwa ni yule aliyekuwa akiishi kusini mwako, ambaye ni, Sodoma na binti zake.
৪৬তোমাৰ বায়েৰা নিজ জীয়েকসকলেৰে সৈতে তোমাৰ বাওঁহাতে বাস কৰা চমৰিয়া আৰু তোমাৰ সোঁহাতে বাস কৰা তোমাৰ ভনীয়েৰা জীয়েকসকলৰ সৈতে থকা চদোম।
47 Hukuenenda katika njia zao na kuchukua tabia zao na matendo yao, lakini katika njia zako zote ulikuwa mbaya zaidi kuliko walivyokuwa wao.
৪৭তথাপি তুমি তেওঁলোকৰ আচাৰ-ব্যৱহাৰত যে চলিলা, বা তেওঁলোকৰ ঘিণলগীয়া কাৰ্য অনুসাৰে যে কাৰ্য কৰিলা, সেয়ে নহয়; কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ-ব্যৱহাৰত তুমি তেওঁলোকতকৈ অধিক ভ্ৰষ্টা থ’লো।
48 Kama niishivyo- hivi ndivyo Bwana Yahwe asemavyo-dada yako Sodoma na binti zake, hawajafanya uovu mwingi kama wewe ulivyofanya na binti zako walivyofanya.
৪৮প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তুমি আৰু তোমাৰ জীসকলে কৰা দৰে তোমাৰ ভনী চদোমে আৰু তাইৰ জীসকলে কৰা নাই।
49 Tazama! Hii ilikuwa dhambi ya dada yako Sodoma: Alikuwa na kiburi katika mafanikio yake, uzembe na kutojali kuhusu chochote. Hakuitia nguvu mikono ya maskini na watu wahitaji.
৪৯চোৱা! তোমাৰ ভনী চদোমৰ এই অপৰাধ আছিল: যে, তাইৰ আৰু তাইৰ জীসকলৰ অহংকাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল।
50 Alikuwa na kiburi na kufanya machukizo mbele yangu, hivyo niliwatoa kama nilivyoona.
৫০তেওঁলোক গৰ্ব্বী আছিল আৰু মোৰ আগত ঘিণলগীয়া কাৰ্য কৰিছিল; এই হেতুকে মই যি ভাল দেখিলোঁ, তাকে কৰি তেওঁলোকক দূৰ কৰিলোঁ।
51 Samaria hakufanya hata nusu ya dhambi zako; badala yake, umefanya machukizo mengi kuliko walivyofanya, na umewonyesha hayo dada zako walikuwa bora kuliko wewe kwa sababu ya machukizo yako uyafanyayo!
৫১চমৰিয়াই তোমাৰ পাপৰ আধাও কৰা নাই; কিন্তু তুমি তেওঁলোকতকৈ তোমাৰ ঘিণলগীয়া কাৰ্য অধিক বৃদ্ধি কৰিলা আৰু তুমি কৰা তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ দ্বাৰাই তোমাৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পাতিলা।
52 Hasa wewe, umeonyesha aibu yako mwenyewe; kwa njia hii umewaonyesha dada zako walikuwa bora kuliko wewe, kwa sababu ya dhambi ulizozifanya katika hayo machukizo yako yote. Dada zako sasa wanaonekana bora kuliko wewe. Hasa wewe, umeonyesha aibu yako mwenyewe, kwa njia hii umewaonyesha kwamba dada zako walikuwa bora kuliko wewe.
৫২বিশেষকৈ তুমি নিজৰ বায়েৰা-ভনীয়েৰাৰ বাবে বিচাৰ নিষ্পত্তি কৰাত তুমিও নিজ অপমান ভোগ কৰা; তুমি তেওঁলোকতকৈ যি অধিক ঘিণলগীয়া পাপ কৰিলা, তোমাৰ সেই পাপবোৰৰ দ্বাৰাই তেওঁলোক তোমাতকৈ অধিক ধাৰ্মিক হ’ল; এতেকে তুমি নিজৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পতাত নিজেও বিবৰ্ণ হোৱা আৰু নিজ অপমান ভোগ কৰা।
53 Kwa kuwa nitarudisha masalia wao-masalia ya Sodoma na binti zake, na masalia ya Samaria na binti zake; lakini masalia yako yatakuwa miongoni mwao.
৫৩আৰু তেওঁলোকলৈ শান্ত্বনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ’বৰ কাৰণে,
54 Kwa kufikiria haya mambo utaonyesha aibu yako; utakuwa mnyenyekevu kwa sababu ya kila kitu ulichokifanya, na kwa njia hii utakuwa faraja kwao.
৫৪মই তেওঁলোকৰ বন্দী অৱস্থা অৰ্থাৎ চদোম আৰু তাইৰ জীসকলৰ আৰু তেওঁলোকৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম।
55 Hivyo dada yako Sodoma na binti zake watarudishwa kwenye hali yao ya zamani, na Samaria na binti zake watarudishwa kwenye mashamba yao ya zamani. Kisha wewe na binti zako watarudishwa kwenye hali yako ya kawaida.
৫৫আৰু জীসকলে সৈতে চদোম আৰু জীসকলে সৈতে চমৰিয়া, তোমাৰ এই দুজনী বায়েৰা-ভনীয়েৰা আগৰ নিজ নিজ অৱস্থালৈ উলটিব; তুমি আৰু তোমাৰ জীসকলে, তোমালোকৰ আগৰ অৱস্থালৈ উলটিব।
56 Sodoma dada yako hakutajwa hata kwa kinywa chako katika siku ulipojiinua,
৫৬তোমাৰ গৰ্ব্বৰ দিনা তোমাৰ মুখত তোমাৰ ভনীয়েৰা চদোমৰ নাম নোলাল।
57 kabla uovu wako haujafunuliwa. Lakini sasa wewe ni kitu cha dharau kwa binti za Edomu na binti wote wa Wafilisti waliomzunguka. Watu wote wanakudharau wewe.
৫৭অৰামৰ জীয়াৰীসকলে তোমাক অপমান কৰাত আৰু তোমাৰ চাৰিওফালৰ আটাইবোৰে অৰ্থাৎ তোমাৰ চাৰিওফালে তোমাক তুচ্ছ জ্ঞান কৰোঁতা পলেষ্টীয়াসকলৰ জীয়াৰীসকলে তোমাক অপমান কৰাত যেনেকৈ তোমাৰ দুষ্টতা বৰ্ত্তমানে প্ৰকাশ পাইছে, তেনেকৈ সেই দিনা তোমাৰ দুষ্টতা প্ৰকাশ পোৱা নাছিল।
58 Utaonyesha aibu yako na matendo yako ya machukizo! -hivi ndivyo Yahwe asemavyo!
৫৮যিহোৱাই কৈছে, “তুমি নিজ ব্যভিচাৰৰ আৰু ঘিণলগীয়া কাৰ্যৰ ফল ভোগ কৰিছা।”
59 Bwana Yahwe asema hivi: Nitashughulika na wewe kama unavyostahili, wewe uliyedharau kiapo chako kwa kulivunja agano.
৫৯কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “নিয়মটি ভাঙি শপতটো তুচ্ছ কৰা যি তুমি, তুমি কৰা দৰেই মই তোমালৈ কাৰ্য কৰিছোঁ।
60 Lakini mimi mwenyewe nitalikumbuka agano langu nililolifanya pamoja nawe katika siku za ujana wako, nitaliimarisha agano la milele pamoja na wewe.
৬০তথাপি মই তোমাৰ যৌৱনকালত তোমাৰে সৈতে পতা মোৰ নিয়মটি সোঁৱৰণ কৰিম আৰু তোমাৰ অৰ্থে এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিম।
61 Kisha utazikumbuka njia zako na kuona aibu utakapo wapokea dada zako wakubwa na dada zako wadogo. Nitakupatia wao kama binti zako, lakini kwa sababu ya agano lako.
৬১আৰু যেতিয়া তুমি নিজৰ বায়েৰা-ভনীয়েৰাক গ্ৰহণ কৰিবা, তেতিয়া তুমি নিজ আচাৰ-ব্যৱহাৰ মনত কৰি লাজ পাবা; আৰু মই তেওঁলোকক জীস্বৰূপে তোমাক দিম, কিন্তু তোমাৰ লগত কৰা নিয়মটিৰ দ্বাৰাই নহয়।
62 Mimi nitaweka imara agano lango pamoja nawe, nawe utajua yakwamba mimi ni Yahwe.
৬২আৰু প্ৰভু যিহোৱাই কৈছে! তুমি কৰা সকলো কাৰ্যৰ বাবে মই তোমাক ক্ষমা কৰা সময়ত, তুমি মনত কৰি বিবৰ্ণ হ’বলৈ আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰায় কেতিয়াও নেমেলিবলৈ, মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম’।”
63 Kwa sababu ya haya mambo, utakumbuka kila kitu na kuona aibu, hutafungua mdomo wako tena kuongea kwa sababu ya aibu yako, wakati nitakapokusamehe kwa yale yote uliyoyafanya-hivi ndivyo Bwana Yahwe asemavyo.”'
৬৩তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”