< Ezekieli 11 >

1 Kisha Roho akaniacha juu na kunileta kwenye lango la mashariki la nyumba ya Yahwe, kuelekea mashariki, na tazama, kwenye njia ya mlango wa lango kulikuwa na watu ishirini na tano. Nikamwona Yaazania mwana wa Azuri na Pelatia mwana wa Benaya, viongozi wa watu, miongoni mwao.
তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে, আৰু যিহোৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্রৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা! সেই প্রৱেশ পথৰ দুৱাৰমুখত পঁচিশজন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অজ্জুৰৰ পুত্ৰ যাজনিয়া আৰু বনায়াৰ পুত্ৰ পেলাটিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ।
2 Mungu akanambia, “Mwana wa adamu, hawa ndio wale watu walioshauri udhalimu, na kuamua mipango miovu kwenye huu mji.
ঈশ্ৱৰে মোক ক’লে, “হে মনুষ্য সন্তান, এইসকল লোকেই এই নগৰখনত অতিশয় অনৈতিক আচৰণ কৰোঁতা আৰু কু-মন্ত্ৰণা দিওঁতা।
3 Wakisema, 'Mda wa kujenga nyumba sio sasa; huu mji ni sufuria, na sisi ni nyama.'
তেওঁলোকে কৈ থাকে যে, ‘ঘৰবোৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী আৰু আমি মাংস-স্বৰূপ।’
4 Kwa hiyo tabiri juu yao. Tabiri, mwana wa adamu.”'
এই হেতুকে হে মনুষ্য সন্তান, তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!”
5 Kisha Roho wa Yahwe akanijaza na akaniambia, “akisema: Hivi ndivyo Yahwe asemavyo: kama usemavyo, nyumba ya Israeli; kwa kuwa najua kinachoendelea kwenye fikra zenu.
তেতিয়া যিহোৱাৰ আত্মা মোৰ ওপৰত স্থিতি হ’ল আৰু তেওঁ মোক ক’লে, “তুমি কোৱা, ‘যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল-বংশ, তোমালোকে যিবোৰ কথা কৈ আছা, তোমালোকৰ মনত উদয় হোৱা সেই কথাবোৰৰ বিষয়ে মই জানো।
6 Mmewazidisha watu mliowaua kwenye huu mji na kuijaza mitaa kwa hao.
তোমালোকে এই নগৰত হত হোৱা লোকসকলৰ সংখ্যা বৃদ্ধি কৰিলা আৰু ইয়াৰ বাট-পথবোৰ তেওঁলোকেৰে পৰিপূৰ্ণ কৰিলা।
7 Kwa hiyo, Bwana Yahwe asema hivi: Wale watu milowaua, ambao mmeilaza miili yao kati ya Yerusalemu, ni nyama, na huu mji ni sufuria. Lakini mnaenda kutolewa nje kutoka kati ya huu mji.
এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে যি সকলক বধ কৰিলা আৰু যিৰূচালেমৰ মাজত যিসকলৰ মৃতদেহবোৰ পেলাই থ’লা, তেওঁলোকক মাংস আৰু নগৰ খনক কেৰাহী যেন কৰিলা; কিন্তু তোমালোকক এই নগৰখনৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হ’ব।
8 Mmeuogopa upanga, kwa hiyo nauleta huo upanga juu yenu-huu ndio usemi wa Bwana Yahwe.
তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।
9 Nitawatoa nje kutoka kati ya mji, na kuwaweka kwenye mikono ya wageni, kwa kuwa nitaleta hukumu dhidi yenu.
“মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম।
10 Mtaanguka kwa upanga. Nitawahukumu kati ya mipaka ya Israeli hivyo mtajua yakwamba mimi ni Yahwe.
১০তোমালোক তৰোৱালত পতিত হ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
11 Huu mji hautakua sufuria yenu ya kupikia, wala hamtakuwa nyama ndani yake. Nitawahukumu kati ya mipaka ya Israeli.
১১এই নগৰখন তোমালোকৰ কেৰাহীস্বৰূপ নহ’ব, বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম।
12 Kisha mtajua yakwamba mimi ni Yahwe, yule ambaye hamuishe kwenye amri zake na ambaye hamkuzishika sheria zake. Badala yake, mmebeba hukumu za mataifa wanayowazunguka.”
১২তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰে তোমালোকে কাৰ্য কৰি আছা।”
13 Ikawa kwamba nilipokuwa natabiri, Pelatia mwana wa Benaya, akafa. Hivyo nikaanguka kwenye uso wangu na kulia kwa sauti na kusema, “Ee, Bwana Yahwe, Je utayaharibu kabisa mabaki ya Israeli?”
১৩আৰু এইদৰে মই ভাববাণী প্ৰচাৰ কৰি থকাৰ সময়ত, বনায়াৰ পুত্র পেলাটিয়াৰ মৃত্যু হ’ল। মই মূৰ দোৱাই উবুৰি পৰি চিঞৰি বৰ মাতেৰে কলোঁ, “হায় হায়, প্ৰভু যিহোৱা! আপুনি ইস্ৰায়েলৰ অৱশিষ্ট থকা সকলকো সম্পূৰ্ণৰূপে বিনষ্ট কৰিব নে?”
14 Neno la Yahwe likanijia, likisema,
১৪যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহি মোক ক’লে,
15 “Mwana wa adamu, ndugu zako! Ndugu zako! Watu wa ukoo wako na nyumba yote ya Israeli! Wote hao ndio hao ambao inasemekana wale wanaoishi Yerusalemu, 'Wako mbali sana kutoka kwa Yahwe! Hii nchi tulipewa sisi kama milki yetu.'
১৫“হে মনুষ্য সন্তান, তোমাৰ ভাইসকল! তোমাৰ পৰিয়াল, তোমাৰ বংশৰ লোকসকল আৰু ইস্ৰায়েলৰ গোটেই বংশ! তোমালোকৰ এই সকলোকে যিৰূচালেমত থকা সকলো নিবাসীসকলে কয়, ‘তেওঁলোক যিহোৱাৰ পৰা বহু আঁতৰত আছে! অধিকাৰস্বৰূপে এই দেশ আমাকহে দিয়া হৈছিল!’
16 Kwa hiyo sema, 'Bwana Yahwe asema hivi: kote nimewapitisha mbali kati ya mataifa, na kote nimewasambaza kati ya nchi, bado nimekuwa patakatifu kwa ajili yao kwa mda kidogo kwenye nchi ambazo walizoenda.'
১৬এই হেতুকে তুমি ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: যদিও মই তেওঁলোকক জাতি সমূহৰ মাজৰ পৰা দূৰ কৰিলোঁ আৰু যদিও মই দেশবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁলোক যি যি দেশলৈ গৈছিল, সেই ঠাইবোৰত মই অলপকাল তেওঁলোকৰ ধৰ্মধাম হৈ আছিলোঁ।’
17 Kwa hiyo sema, 'Bwana Yahwe asema hivi: Nitawakusanya kutoka kwa watu, na kuwakutanisha kutoka kwenye nchi mlizokuwa mmetawanyika, na nitawapatia nchi ya Israeli.'
১৭এই হেতুকে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মই জাতি সমূহৰ মাজৰ পৰা তোমালোকক সংগ্রহ কৰিম আৰু ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাই আনিম আৰু মই তোমালোকক ইস্ৰায়েলৰ দেশখন দিম।
18 Kisha wataenda huko na kuondoa kila kitu chenye karaha na kila chukizo kutoka hiyo sehemu.
১৮তেতিয়া তেওঁলোকে সেই ঠাইলৈ যাব আৰু তাৰ পৰা আটাই জঘন্য আৰু ঘৃণনীয় বস্তুবোৰ দূৰ কৰিব।
19 Nitawapatia moyo mmoja, na nitaweka roho mpya kati yao. Nitaondoa moyo wa jiwe kutoka kwenye miili wao na kuwapatia moyo wa nyama,
১৯যেতিয়া তেওঁলোক মোৰ ওচৰ চাপিব, তেওঁলোকক মই এখন নতুন অন্তৰ দিম আৰু তেওঁলোকত এক নতুন আত্মা স্থিতি কৰিম; মই তেওঁলোকৰ অন্তৰ আৰু তেওঁলোকৰ শৰীৰৰ পৰা শিলৰূপ হৃদয় গুচাই তেওঁলোকক মাংসৰূপ হৃদয় দিম,
20 ili kwamba waweze kutembea kwenye amri zangu, watayachukua maagizo yangu na kuyatenda. Kisha watakuwa watu wangu, na nitakuwa Mungu wao.
২০তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
21 Lakini kwa wale watembeao kwa kujifanya kuendeleza mambo yao ya karaha na machukizo yao, nitaleta tabia yao kwenye vichwa vyao-hivi ndivyo Bwana Yahwe asemavyo.”
২১কিন্তু তেওঁলোকৰ যিসকলে গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ পাছত চ’লে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্যৰ প্রতিফল আনিম। এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”
22 Makerubi wakainua mabawa yao na magurudumu yaliyokuwa karibu nao, na utukufu wa Mungu wa Israeli ulikuwa juu yao.
২২তেতিয়া কৰূব কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰকেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।
23 Kisha utukufu wa Yahwe ukaenda juu kutoka katikati ya mji na kusimama kwenye mlima hata mashariki mwa mji.
২৩আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গ’ল আৰু নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।
24 Roho akanichukua juu na kunileta hata Ukaldayo, hata uhamishoni, katika maono kutoka kwa Roho wa Mungu, na maono niliyokuwa nimeyaona yakaenda juu yakaniacha.
২৪আৰু সেই আত্মাই মোক তুলিলৈ দৰ্শনক্ৰমে ঈশ্বৰৰ আত্মাৰ দ্ৱাৰাই কলদীয়া দেশলৈ দেশান্তৰিত লোকসকলৰ ওচৰলৈ লৈ আহিল। তেতিয়া মই দেখা সেই দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ’ল।
25 Kisha nikawaambia wale watumwa mambo yote ya Yahwe niliyokuwa nimeyaona.
২৫তেতিয়া যিহোৱাই মোক দেখুউৱা সকলোৰে বিষয় মই দেশান্তৰিত লোকসকলক কলোঁ।

< Ezekieli 11 >