< Kutoka 7 >
1 Yahweh akasema na Musa, “Ona, nimekufanya kama mungu kwa Farao. Aruni kaka yako atakuwa nabii wako.
১তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৰৌণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হ’ব।
2 Utasema kila kitu nitacho kuamuru kusema. Aruni kaka yako ata sema na Farao iliawaachie watu wa Israeli watoke kwenye nchi yake.
২মই তোমাক যি আজ্ঞা দিওঁ, সেই সকলোকে তুমি ক’বা; তাতে ফৰৌণে ইস্ৰায়েলী লোক সকলক নিজৰ দেশৰ পৰা যাবৰ বাবে এৰি দিবলৈ, তোমাৰ ককায়েৰ হাৰোণে সেই সকলো কথা ফৰৌণক ক’ব।
3 Lakini nitaufanya moyo wa Farao mgumu, na nitaonyesha ishara nyingi za nguvu zangu, maajabu mengi, katika nchi ya Misri.
৩কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম।
4 Lakini Farao hata kusikiliza, kwahiyo nitaueka mkono wangu juu ya Misri na kutoa makundi yangu ya wanaume wapiganaji, watu wangu, wazao wa Israeli, watoke nchi ya Misri kwa matendo makubwa ya hukumu.
৪তথাপিও ফৰৌণে তোমালোকৰ কথা নুশুনিব। সেয়ে মই মিচৰৰ ওপৰত আঘাত কৰিম, আৰু মোৰ ইস্ৰায়েলী লোকসকল, যুদ্ধাৰু দল, ইস্রায়েলৰ বংশধৰ সকলক দণ্ডৰ পৰাক্রমী কাৰ্য কৰি মিচৰ দেশৰ পৰা উলিয়াই আনিম।
5 Wamisri watajua kuwa mimi ni Yahweh nitapo nyoosha mkono wangu kwa Misri na kuwatoa Waisraeli kutoka miongoni mwao.”
৫মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।”
6 Musa na Aruni wakafanya hivyo; walifanya kama Yahweh alivyo waamuru.
৬মোচি আৰু হাৰোণে সেইদৰে কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে।
7 Musa alikuwa na miaka themanini, na Aruni miaka themanini na tatu walipo ongea na Farao.
৭তেওঁলোকে যেতিয়া ফৰৌণৰ লগত কথা পাতিছিল, তেতিয়া মোচিৰ আশী বছৰ আৰু হাৰোণৰ তিৰাশী বছৰ বয়স হৈছিল।
8 Yahweh akamwambia Musa na Aruni,
৮যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
9 “Wakati Farao atakapo waambia, 'Fanya muujiza,' utamwambia Aruni, 'Chukuwa gongo lako na ulirushe chini mbele ya Farao, ililigeuke nyoka.”'
৯“যেতিয়া ফৰৌণে তোমালোকক ক’ব, তোমালোকে কোনো এটা আচৰিত কাৰ্য কৰি দেখুউৱা, তেতিয়া তুমি হাৰোণক ক’বা যে, তোমাৰ লাখুটি সাপ হ’বৰ বাবে, লাখুটিডাল ফৌৰণৰ সন্মুখত পেলোৱা।”
10 Kisha Musa na Aruni wakaenda kwa Farao, na wakafanya kama Yahweh alivyo waamuru. Aruni akarusha chini gongo lake mbele ya Farao na watumishi wake, na likageuka nyoka.
১০তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল।
11 Kisha naye Farao akawaita wazee wenye hekima na wachawi. Wakafanya jambo hilo hilo kwa uchawi wao.
১১তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে।
12 Kila mtu akarusha chini gongo lake, na magongo yakawa nyoka. Lakini gongo la Aruni lilimeza nyoka zao.
১২তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে।
13 Moyo wa Farao ulikuwa mgumu, na akusikiliza, kama Yahweh alivyo tabiri.
১৩তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
14 Yahweh akasema na Musa, “Moyo wa Farao ni mgumu, na anakataa kuacha watu waende.
১৪যিহোৱাই মোচিক ক’লে, “ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ লোকসকলক এৰি দিবলৈ অমান্তি হৈছে।
15 Nenda kwa Farao asubui anapoenda kwenye maji. Simama kwenye chanzo cha mto kukutana naye, na uchukuwe mkononi mwako gongo ambalo liligeuka nyoka.
১৫ৰাতিপুৱা যেতিয়া ফৰৌণে পানীৰ ওচৰলৈ যায়, সেই সময়ত তুমি তেওঁৰ ওচৰলৈ যাবা। তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ পাৰত থিয় হৈ থাকিবা; আৰু যি লাখুটিডাল সাপ হৈছিল, সেই লাখুটি ডালো তোমাৰ হাতত ল’বা।
16 Mwambie, 'Yahweh, Mungu wa Waebrania, amenituma kwako, “Acha watu wangu waende, iliwaniabudu nyikani. Mpaka sasa haujanisikiliza.”
১৬তুমি তেওঁক ক’বা, ‘ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই আপোনাৰ ওচৰলৈ মোক ক’বলৈ পঠিয়াইছে, “মৰুভূমিত ঈশ্বৰৰ আৰধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোক সকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই।”
17 Yahweh anasema hili: “Kwa hili utajua kuwa mimi ni Yahweh. Ninaenda kupiga maji ya mto wa Misri kwa gongo langu lililo mikono mwangu, na mto utageuzwa kuwa damu.
১৭যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব।
18 Samaki walio kwenye mto watakufa, na mto utanuka. Wa Misri Hawataweza kunywa maji yalio kwenye mto.”'''
১৮তেতিয়া নদীত থকা মাছবোৰ মৰিব, আৰু নদী দুৰ্গন্ধময় হ’ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিচৰীয়া সকলে নদীৰ পানী খাব নোৱাৰিব’।”
19 Kisha Yahweh akasema na Musa, “Mwambie Aruni, 'Chukuwa gongo lako na unyooshe mkono kwenye maji ya Misri, na juu ya mito yake, mifereji, visima, na madimbwi yote, ili maji yao ya damu. Fanya hivi ilikuwe na damu nchi nzima ya Misri, hadi kwenye vyombo vyote vya mbao na mawe.”'
১৯তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”
20 Musa na Aruni walifanya kama Yahweh alivyo waamuru. Aruni alinyanyua gongo na kupiga maji ya mto, machoni pa Farao na watumishi wake. Maji yote kwenye mto yaligeuga damu.
২০তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল।
21 Samaki kwenye mto wakafa, na mto ukaanza kunuka. Wamisri hawakuweza kunywa maji kwenye mto, na damu ilikuwa kila mahali katika nchii ya Misri.
২১নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধময় হ’ল। মিচৰীয়া লোক সকলে নদীৰ পানী খাব নোৱাৰিলে; আৰু সেই তেজ মিচৰ দেশৰ সকলো ঠাইতে হ’ল।
22 Lakini wachawi walifanya vivyo hivyo na uchawi wao. Kwaiyo moyo wa Farao ukawa mgumu, na akakataa kuwasikiliza Musa na Aruni, kama Yahweh alivyo sema itatokea.
২২কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
23 Kisha Farao akarudi na kwenda nyumbani kwake. Wala hakutilia maanani hili.
২৩তাৰ পাছত ফৰৌণে সেই আচৰিত কাৰ্যলৈ মনযোগ নিদি, নিজৰ ঘৰলৈ উভটি গ’ল।
24 Wamisri wote walichimba pembeni ya mto kwa ajili ya maji ya kunywa, lakini hawakuweza kunywa maji ya mto.
২৪সকলো মিচৰীয়া লোকে খোৱা পানীৰ বাবে নদীৰ চাৰিওফালে গাত খানিলে; কিন্তু সেই পানীও নদীৰ পানী দৰে হোৱা বাবে তেওঁলোকে খাব নোৱাৰিলে।
25 Siku saba zilipita baada ya Yahweh kushambulia mto.
২৫যিহোৱাই নদী প্ৰহাৰ কৰা সাত দিন পূৰ হ’ল।