< Kutoka 5 >

1 Baada ya mambo haya kutokea, Musa na Aruni walienda kwa Farao na kumwambia, ““Hivi ndivyo Yahwe, Mungu wa Israeli anasema: 'Waache watu wangu waende, ili wapate kunifanyia karamu jangwani.'”
এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়া’।”
2 Farao akasema, “Yahwe ni nani? Kwa nini mimi nisikiliz sauti yake na kuwaacha Israeli waende? Mimi simjui Yahwe; na la zaidi, sitawaacha Israeli waende.”
ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”
3 Wakasema, “Mungu wa Waebrania amekutana nasi. Tuache twende safari jangwani kwa siku tatu ili tutoe sadaka kwa Yahwe Mungu wetu ili asituadhibu kwa mapigo au kwa upanga.”
তাৰ পাছত মোচি আৰু হাৰোণে ক’লে, “ইব্ৰীয়াসকলৰ ঈশ্বৰে আমাৰ লগত সাক্ষাত কৰিলে। আহক আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট যাওঁহক; যাতে তেওঁ আমাক মহামাৰী বা তৰোৱালেৰে আক্ৰমণ নকৰে।”
4 Lakini mfalme wa Misri aliwaambia, “Musa na Aruni, kwa nini mnawatoa watu kazini mwao? Nendeni kazini kwenu.”
কিন্তু মিচৰৰ ৰজাই তেওঁলোকক ক’লে, “মোচি আৰু হাৰোণ, তোমালোকে কিয় লোক সকলক তেওঁলোকৰ কামৰ পৰা লৈ গৈছা?” এই বুলি লোকসকলক তেওঁ ক’লে, “তোমালোক কামলৈ ঘূৰি যোৱা।”
5 Pia alisema, “Sasa kuna Waebrania wengi nchini mwetu, na ninyi mnawafanya waache kazi zao.”
ফৰৌণে পুনৰ ক’লে, “বৰ্তমান আমাৰ দেশত অনেক ইস্ৰায়েলী লোক আছে, আৰু তোমালোকে তেওঁলোকৰ কাম বন্ধ কৰাইছা।”
6 Siku ile ile, Farao alitoa amri kwa wasimamizi na wanyapara wa wale watu. Akasema,
সেই দিনাই ফৰৌণে লোক সকলৰ কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলক এই আজ্ঞা দি ক’লে,
7 “Tofauti na ilivyokuwa mwanzo, “Tofauti ni ilivyokuwa awali, msiwapatie tena watu majani ya kutengenezea tofali. Waacheni wao waende kujitafutia majani wenyewe.
“আগেয়ে দিয়াৰ দৰে তেওঁলোকক ইটা বনাবলৈ তোমালোকে নৰা আনি নিদিবা। তেওঁলোকে নিজেই গৈ নৰা বিচাৰি লওক।
8 Ingawa wanapaswa kuleta hesabu sawa ya matofali watakayotengeneza kama ilivyokuwa awali. Msipokee pungufu, kwasababu wao ni wavivu. Ndiyo maana wanapiga kelele na kusema, 'turuhusu tuende tukamtolee sadaka Mungu wetu.'
তেওঁলোকে আগেয়ে যিমান পৰিমাণৰ ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়া। তাৰ অলপো কম গ্ৰহণ নকৰিব; কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক’বলৈ ধৰিছে, ‘আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক’।”
9 Waongezeeni kazi wanaume ili wasipate tena muda wa kusikiliza maneno ya upotoshaji.”
তেওঁলোকৰ ওপৰত কামৰ ভাৰ অধিক গধূৰ কৰি দিয়া হওক; যাতে তেওঁলোকে কামৰ মাজত ব্যস্ত থাকি বিভ্রান্তিজনক কথাত মন নিদিয়ে।
10 Kwa hiyo viongozi wa watu na waangalizi wao waliwajulisha watu. Walisema, “Hivi ndivyo farao amesema: 'Sitawapeni tena malighafi.
১০তাৰ পাছত, কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলে বাহিৰলৈ ওলাই আহিল আৰু লোকসকলক তেওঁলোকে ক’লে, “ফৰৌণে এইদৰে কৈছে, ‘মই তোমালোকক এতিয়াৰ পৰা কোনো নৰা নিদিওঁ।
11 Nyinyi wenyewe mtaenda kutafuta majani popote mtakapopata, lakini kazi zenu hazitapunguzwa.
১১তোমালোক নিজে যোৱা আৰু য’ত বিচাৰি পোৱা, তাৰ পৰা নৰা বিচাৰি আনা; কিন্তু তোমালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব।’”
12 Basi watu hao wakatawanyika katika nchi yote ya Misri ili wapate kukusanya matakataka badala ya majani.
১২তেতিয়া লোক সকলে নৰা বিচাৰি জমা কৰিবলৈ মিচৰ দেশৰ চাৰিওফালে সিঁচৰতি হৈ গ’ল।
13 Wasimamizi wao wakawahimiza na kusema, “Malizeni kazi zenu, sawa na wakati ule majani yalipokuwapo.”
১৩তথাপি কঠোৰ তত্বাৱধায়ক সকলে তেওঁলোকক তাড়না কৰি ক’লে, “তোমালোকক নৰা দিওঁতে, তোমালোকে যেনেকৈ কাম কৰিছিলা, এতিয়াও তেনেকৈ প্ৰতিদিনৰ নিৰূপিত কাম সম্পূৰ্ণ কৰা।”
14 Wanyapara wa Farao wakawapiga wasimamizi wa Waisraeli, watu walewale ambao waliwaweka kuwa wasimamizi wa watumishi. Wale Wanyapara wakakazana kuwauliza, “Kwanini hamjatimiza idadi ya matofali inayotakiwa kwenu, siku ya jana na hata leo kama ambavyo mlifanya siku za nyuma?”
১৪তাৰ পাছত ফৰৌণৰ কঠোৰ তত্বাৱধায়ক সকলে শ্রমিক সকলৰ ওপৰত নিযুক্ত কৰা ইস্ৰায়েলী মুখিয়াল সকলক প্ৰহাৰ কৰিলে। সেই তত্বাৱধায়ক সকলে তেওঁলোকক সুধিলে, “তোমালোকক নিৰূপিত কৰি দিয়া অনুপাতে আগৰ দৰে, কালি আৰু আজি তোমালোকে কিয় ইটা তৈয়াৰ কৰিব পৰা নাই?”
15 Basi Wanyapara wa wana wa Israeli wakamwendea Farao na kumlilia. Walisema, “Kwanini unawatendea watumishi wako hivi?
১৫সেয়ে কাৰখানাত কাম কৰা ইস্ৰায়েলী কৰ্মচাৰী সকলে ফৰৌণৰ ওচৰলৈ আহিল; আৰু তেওঁক কাকুতি কৰি ক’লে, “আপোনাৰ দাস বিলাকৰ খেত্ৰত কিয় আপুনি এনে ব্যৱহাৰ কৰিছে?
16 Sisi watumishi wako hatupewi majani tena, lakini bado wanatuambia sisi, “Tengenezeni tofali!' Sisi watumwa wako tunapigwa sasa, lakini kosa hilo ni la watu wako.”
১৬আপোনাৰ দাস সকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ‘ইটা তৈয়াৰ কৰা!’ এনেকি আমিও আপোনাৰ দাস সকলৰ দ্বাৰাই প্ৰহাৰিত হৈছোঁ। কিন্তু এয়া আপোনাৰ নিজৰ লোক সকলৰহে ভূল।”
17 Lakini Farao akasema, “Ninyi ni wavivu! Wavivu ninyi! Ninyi mwasema, 'Turuhusu twende kumtolea Yahwe sadaka.'
১৭কিন্তু ফৰৌণে ক’লে, “তোমালোক এলেহুৱা! তোমালোক সকলোৱে এলেহুৱা! তোমালোকে কৈছা, ‘আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক।’
18 Sasa rudini kazini. Hamtapewa majani tena, lakini mnapaswa kutengeneza idadi ile ile ya matofali.”
১৮সেয়ে এতিয়া কাম কৰিবলৈ ঘূৰি যোৱা। আপোনালোকক পুনৰ নৰা দিয়া নহব, কিন্তু তোমালোকে আগৰ পৰিমাণৰ সমানেই ইটা তৈয়াৰ কৰিব লাগিব।”
19 Wanyapara wa wana wa Israeli wakagundua ya kuwa walikuwa kwenye shida kubwa mara walipoambiwa, “Hamtapunguza kamwe idadi ya matofali mnayotengeneza kila siku.”
১৯“তোমালোক প্ৰতিদিনে বনাব লগা ইটাৰ সংখ্যা অলপো কম কৰা নহব।” এই কথা কোৱাৰ পাছত, ইস্ৰায়েলী মুখিয়াল সকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে।
20 Wakakutana na Musa na Haruni, waliokuwa wamesimama nje ya Ikulu wakati wanatoka kwa Farao.
২০তেওঁলোকে ফৰৌণৰ আগৰ পৰা ওলাই আহোঁতে ৰাজপ্রসাদৰ বাহিৰত ঠিয় হৈ থকা মোচি আৰু হাৰোণক লগ পালে।
21 Wakawaambia Musa na Haruni, “Yahwe awatazame ninyi na kuwaadhibu, kwa sababu mmetufanya sisi kuonekana wabaya mbele ya Farao na watumishi wake. Mmetia upanga mikononi mwao ili watuue.”
২১তেওঁলোকে মোচি আৰু হাৰোণক ক’লে, “যিহোৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক; কাৰণ আপোনালোকে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সাক্ষাতে আমাক দোষী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে।”
22 Musa akarudi kwa BWANA na kumwambia, “Bwana, kwanini umewatenda mabaya watu hawa? Kwanini kunituma mimi kwanza?
২২তেতিয়া মোচিয়ে যিহোৱাৰ ওচৰত প্রাৰ্থনা কৰি ক’লে, “হে প্ৰভু, আপুনি এই লোক সকলক বিপদত কিয় পেলালে? মোৰ আগৰ ঠাইলৈ মোক কিয় পঠিয়ালে?
23 Tangu nilipokuja kwa Farao kusema naye kwa jina lako, amewatenda mabaya watu hawa, wala hujawaokoa watu wako hata kidogo.”
২৩মই যেতিয়াৰে পৰা আপোনাৰ নামেৰে ফৰৌণৰ আগত কথা ক’বলৈ উপস্থিত হলোঁ, তেতিয়াৰে পৰা তেওঁ এই লোক সকলক যন্ত্রণা দিছে; আৰু আপুনি নিজৰ লোক সকলক সমূলি উদ্ধাৰ কৰা নাই।”

< Kutoka 5 >