< Kutoka 17 >

1 Jamii yote ya Israeli ili safiri kutoka nyikani ya Sinu, wakifuata maelekezo ya Yahweh. Walieka kambi Refidimu, lakini hapakuwa na maji ya watu kunywa.
তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজে যিহোৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফীদীমত তম্বু তৰিলে; কিন্তু সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
2 Hivyo watu wakamlaumu Musa kwa hali yao na kusema, “Tupe maji ya kunywa.” Musa akasema, “Kwanini mnagombana na mimi? Kwanini mnajaribu Yahweh?”
সেই অৱস্থাৰ কাৰণে লোকসকলে মোচিক দোষ ধৰি ক’লে, “আমাক খাবলৈ পানী দিয়ক।” মোচিয়ে তেওঁলোকক ক’লে, “আপোনালোকে মোৰে সৈতে কিয় বিবাদ কৰিছে?” যিহোৱাক আপোনালোকে কিয় পৰীক্ষা কৰিছে?”
3 Watu walikuwa na kiu sana, na waka mlalamikia Musa. Wakasema, “Kwanini umetutoa Misri? Ili utuue sisi na watoto wetu na mifugo yetu kwa kiu?”
লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”
4 Kisha Musa akamlilia Yahweh, “Nini ni fanya kwa hawa watu? Wako tayari ata kunipiga mawe.”
তাৰ পাছত মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “মই এই লোকসকলৰ সৈতে কি কৰিম? তেওঁলোকে মোক শিল দলিয়াই মাৰিবলৈ প্ৰায় যুগুত হৈ আছে।”
5 Yahweh akamwambia Musa, “Nenda mbele yao, na uchukuwe baadhi ya wazee wa Israeli. Chukuwa gongo ulilo piga nalo mto, na uende.
তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজন মানক লগত লৈ, লোক সকলৰ আগে আগে যোৱা; আৰু তুমি যিডাল লাখুটিৰে নদীত প্ৰহাৰ কৰিছিলা, তোমাৰ সেই লাখুটিকো লগত লৈ যোৱা।
6 Nitasimama mbele yako pale kwenye mwamba wa Horebu, na utaupiga mwamba. Maji yatatoka ya watu kunywa.” Kisha Musa akafanya hivyo mbele ya wazee wa Israeli.
মই হোৰেবত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হ’ম; আৰু তুমি সেই শিলটোক প্ৰহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ, সেই শিলৰ পৰা পানী ওলাব।” তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ পৰিচাৰকসকলৰ আগত সেইদৰে কৰিলে।
7 Aliita ile sehemu Massa na Meriba kwasababu ya malalamishi ya Waisraeli, na kwasababu walimjaribu Bwana kwa kusema, “Je Yahweh yupo miongoni mwetu au hapana?”
মোচিয়ে সেই ঠাইৰ নাম মচ্ছা আৰু মিৰীবা ৰাখিলে। কাৰণ সেই ঠাইতে ইস্ৰায়েলী লোকসকলে অভিযোগ কৰিছিল, আৰু “যিহোৱা আমাৰ মাজত আছে নে নাই?” এই কথা কৈ যিহোৱাৰ পৰীক্ষাৰ কৰিছিল।
8 Kisha jeshi la watu wa Ameleki wakaja na kushambulia Israeli huko Refidimu.
সেই সময়ত অমালেকৰ লোকসকলে ৰফীদীমত ইস্ৰায়েলক আক্রমণ কৰিলে।
9 Hivyo Musa akamwambia Yoshua, “Chagau wanaume kadha na uende nje. Pigana na Ameleki. Kesho nitasimama juu ya kilima na gongo la Mungu mkononi mwangu.”
সেয়ে মোচিয়ে যিহোচূৱাক ক’লে, “কিছুমান লোকক মনোনীত কৰি বাহিৰলৈ ওলাই গৈ, অমালেকৰ সৈতে যুদ্ধ কৰক। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্ব্বতৰ ওপৰত থিয় হ’ম।”
10 Hivyo Yoshua akapigana na Ameleki kama Musa alivyo elekeza, wakati Musa, Aruni, na Huri walienda juu ya kilima.
১০মোচি, হাৰোণ, আৰু হূৰ যেতিয়া পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল, তেতিয়া যিহোচূৱাই মোচিৰ নিৰ্দেশ অনুসাৰে অমালেকৰ সৈতে যুদ্ধ কৰিলে।
11 Wakati Musa alipo kuwa ameshikilia mikono yake juu, Israeli ilikuwa yashinda; alipo acha mikono yake ipumzike, Ameleki alianza kushinda.
১১মোচিয়ে যেতিয়া হাত ওপৰলৈ দাঙি ৰাখিছিল, তেতিয়া ইস্ৰায়েলৰ জয় হৈছিল; কিন্তু যেতিয়াই হাত তললৈ নমাইছিল, তেতিয়াই অমালেক জয়ী হ’বলৈ ধৰে।
12 Mikono ya Musa alipo kuwa mizito, Aruni na Huri walichukuwa jiwe na kuweka chini yake alikalie. Muda huo huo, Aruni na Huri walinyanyua mikono yake juu, mtu mmoja upande mmoja, na mtu mmoja upande mwingine. Hivyo mikono ya Musa ilishikiliwa tuli mpaka jua lilipo zama.
১২এইদৰে হাত দাঙি মোচিৰ হাত ভাগৰি পৰিল, তেতিয়া হাৰোণ আৰু হূৰে এচটা শিল আনি, তেওঁ বহিবৰ কাৰণে তেওঁৰ তলত হ’ল। সেই একে সময়তে হাৰোণ আৰু হূৰে, এজনে এফালে, আৰু আনজনে আন ফালে তেওঁৰ হাত দুখন ধৰি দাঙি ৰাখিলে। সেয়ে বেলি মাৰ নোযোৱালৈকে মোচিৰ হাত থিৰে থাকিল।
13 Hivyo Yoshua akawashinda watu wa Ameleki kwa upanga.
১৩তেতিয়া যিহোচূৱাই অমালেকৰ লোকসকলক তৰোৱালেৰে পৰাজয় কৰিলে।
14 Yahweh akamwambia Musa, “Andika haya kwenye kitabu na umsomee Yoshua, kwasababu nitaondoa kumbukumbu ya Ameleki kutoka chini ya mbingu.”
১৪তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা, আৰু যিহোচূৱাক শুনোৱা; কাৰণ মই আকাশৰ তলৰ পৰা অমালেকৰ নাম সম্পূৰ্ণকৈ লুপ্ত কৰিম।”
15 Kisha Musa akajenga madhabahu na kuiita “Yahweh ni bendera yangu.”
১৫তেতিয়া মোচিয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি, তাৰ নাম “যিহোৱা-নিচ্চী” ৰাখিলে।
16 Alisema, “Kwa kuwa mkono ulinyanyuliwa juu kuelekea kiti cha enzi cha Yahweh - kwamba Yahweh ata fanya vita na Ameleki vizazi na vizazi.”
১৬তেওঁ এইদৰে কৰিলে, কিয়নো তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ বিৰুদ্ধ কৰিলে, সেয়ে তেওঁ কৈছিল, “যিহোৱাই প্রতিজ্ঞা কৰিলে যে, তেওঁ পুৰুষে, পুৰুষে অমালেকৰ সৈতে যুদ্ধ কৰিব।”

< Kutoka 17 >