< Esta 9 >
1 Sasa katika mwezi wa kumi na mbili, siku ya kumi na tatu ambayo ni siku ya Adari, siku ambayo adui wa Wayahudi walitarajia kutekeleza sheria ya mfalme na kupata nguvu dhidi ya Wayahudi. Badala yake Wayahudi wakapata nguvu dhidi ya adui zao.
১পাছত অদৰ নামেৰে দ্বাদশ মাহৰ তেৰ দিনৰ দিনা, ৰজাৰ বিধান আৰু আজ্ঞা সিদ্ধ হ’বলৈ আছিল। সেই দিনা যিহুদী লোক সকলৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত জয় কৰিবলৈ আশা কৰি আছিল, কিন্তু ইয়াৰ বিপৰীতে যিহুদী লোকসকলক ঘৃণা কৰা লোক সকলৰ ওপৰত ইহুদীসকলে জয় লাভ কৰিলে।
2 Wayahudi wote wakakusanyika katika miji yao katika majimbo yote ya Mfalme Ahusiero, kutia mikono juu ya wale waliokusudia ubaya. Hakuna aliye kuwa tayari kusimama zao kwa sababu hofu yao ilikuwa imewaangukia watu wote.
২যি সকলে তেওঁলোকৰ অমঙ্গলৰ চেষ্টা কৰিব, তেওঁলোকক যাতে যিহুদী লোকসকলে প্রতিৰোধ কৰিব পাৰে; সেই বাবে যিহুদী লোকসকল ৰজা অহচবেৰোচৰ প্রতিখন প্ৰদেশত নিজৰ নিজৰ নগৰত গোট খাইছিল। তেওঁলোকৰ প্রতি লোকসকলৰ ভয় জন্মিছিল, যাৰ বাবে লোকসকলে তেওঁলোকৰ বিৰুদ্ধে থিয় হ’ব নোৱাৰিলে।
3 Wakuu wote wa majimbo, maakida na magavana, na watawala wa mfalme, waliwasaidia Wayahudi kwa kuwa hofu ya Modekai ilikuwa imewaangukia.
৩প্ৰদেশ বোৰৰ সকলো কৰ্মচাৰী, প্রদেশৰ দেশাধ্যক্ষ, দেশাধ্যক্ষ সকল, আৰু ৰাজ-কৰ্মচাৰী সকলে যিহুদী লোকসকলক সহায় কৰিছিল; কাৰণ মৰ্দখয়ৰ প্রতি তেওঁলোকৰ ভয় জন্মিছিল।
4 Kwa kuwa Modekai alikuwa mkuu katika nyumba ya mfalme, na umaarufu wake ukasambaa katika majimbo yote, kwa kuwa Modekai alikuwa akifanyika mkuu.
৪মৰ্দখয় ৰাজ-গৃহৰ মাজত মহান হৈ পৰিছিল। তেওঁৰ যশস্যা সকলো প্ৰদেশলৈ প্রসাৰিত হৈছিল আৰু এইদৰে মৰ্দখয় ক্ৰমে অতিশয় মহান হৈ গৈছিল।
5 Wayahudi wakawavamia maadi zao kwa upanga, wakiwatenda vibaya kama walivyokuwa wamekusudiwa mabaya dhidi yao Wakawatenda kama walivyo ona vyema machoni pao.
৫যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুবোৰক তৰোৱালেৰে আঘাত কৰি, তেওঁলোকক বধ আৰু ধ্বংস কৰিলে। তেওঁলোকে তেওঁলোকক ঘৃণা কৰা সকললৈ যি দৰে কৰিবলৈ ইচ্ছা আছিল, সেই দৰে কৰিলে।
6 Katika ngome ya mji wa Shushani pekee jumla ya maadui waliouawa na na kuharibiwa na Wayahudi ni wanaume mia tano.
৬চুচন ৰাজকোঁঠত যিহুদী লোকসকলে পাঁচশ লোকক বধ আৰু ধ্বংস কৰিলে।
7 Miongoni mwa waliouawa ni pamoja na Parishandatha, Dalphoni, Aspatha,
৭তেওঁলোকে বধ কৰা লোকসকল এওঁলোক: পৰ্চনদাথা, দলফোন, অস্পথা,
8 Poratha, Adalia, Aridatha,
৮পোৰাথা, অদলিয়া, অৰীদাথা,
9 Parimashita, Arisai, Aridai, Vaizatha,
৯পৰ্মস্তা, অৰীচয়, অৰীদয়, আৰু বয়িজাথা।
10 na wana kumi wa Hamani, mwana wa Hammedatha, adui wa Wayahudi. Lakini hawakuchua mateka yoyote.
১০যিহুদী সকলৰ শত্ৰু হম্মদাথাৰ পুত্র হামনৰ এই দহ জন পুত্রক তেওঁলোকে বধ কৰিলে; কিন্তু তেওঁলোকে তাৰ একো বস্তু লুট নকৰিলে।
11 Idadi ya wale waliouawa siku hiyo katika mji wa Shushani, ilifikishwa kwa Mfalme Ahusiero.
১১সেই দিনা যি সকলক চুচন ৰাজকোঁঠত বধ কৰা হ’ল, তেওঁলোকৰ সংখ্যা ৰজাক জনোৱা হ’ল।
12 Mfalme akamwambia malkia Esta. Mfalme akamwambia Malkia Esta, “Wayahudi wameua wanaume mia tano katika mji wa Shushani, wakiwemo wana kumi wa Hamani adui wa Wayahudi. Je wamefanya nini katika majimbo mengine? Na sasa haja yako ni nini? Utapewa. Ombi lako ni nini?”
১২ৰজাই ৰাণী ইষ্টেৰক ক’লে, “যিহুদী লোকসকলে চুচন নগৰত হামনৰ দহ জন পুত্রৰ সৈতে পাঁচশ লোকক বধ কৰিলে। তেনেহলে ৰজাৰ প্ৰদেশৰ আন ঠাইবোৰত তেওঁলোক কিমান কৰিলে? এতিয়া তোমাৰ কি নিবেদন আছে? তোমাৰ বাবে গ্ৰহণ কৰা হ’ব। তোমাৰ কি প্রাৰ্থনা আছে? তোমাৰ বাবে তাকো গ্রহণ কৰা হ’ব।”
13 Esta akamjibu, “Mfalme kama ikikupendeza, ruhusu Wayuadi walio katika mji wa Shushani wapige mbiu hii na kesho, na miili ya watoto wa Hamani itundikwe juu ya miti.”
১৩ইষ্টেৰে ক’লে, “যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহ’লে আজিৰ দৰে কাইলৈয়ো কৰিবলৈ চুচনত থকা যিহুদী সকলক অনুমতি দিয়া হওক; আৰু হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰ ফাঁচি কাঠত ওলমাই থোৱা হওক।”
14 Mfalme akaamuru ombi la Esta litekelezwe. Mbiu ilipigwa katika mji wa Shushani, na wana kumi wa Hamani wakatundikwa juu ya miti.
১৪সেয়ে ৰজাই সেই দৰে কৰিবলৈ আজ্ঞা দিলে। সেই আজ্ঞা চুচনত জাৰি কৰা হ’ল; তাতে হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰক ফাঁচি কাঠত ফাঁচি দি ওলমাই থোৱা হ’ল।
15 Wayahudi katika mji wa Shushani walisanyika pamoja siku ya kumi na nne ya mwezi wa Adari, na kuwaua maadui zao mia tatu katika mji wa Shushani, lakini hawakugusa nyara zao.
১৫চুচনত থকা যিহুদী লোকসকলে অদৰ মাহৰ চৌদ্ধ দিনৰ দিনা গোট খালে, আৰু একত্রিত হৈ আহিল। চুচনত তেওঁলোকে তিনিশ লোকতকৈয়ো অধিক লোক বধ কৰিলে, কিন্তু তাৰ পৰা একো বস্তু লুট নকৰিলে।
16 Na Wayahudi katika majimbo mengine wakakusanyika ili kujilinda na wakapata faraja kutoka kwa maadui na wakawaua maadui zao elfu sabini na tano, lakini hawakugusa mikono yao kwa vitu vya thamani wale waliouwawa.
১৬ৰজাৰ প্ৰদেশ বোৰত থকা অৱশিষ্ট যিহুদী লোকসকল গোট খাই একেলগ হৈ তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে থিয় হ’ল। তেওঁলোকে শত্ৰুবোৰৰ পৰা সকাহ পালে; আৰু তেওঁলোকে তেওঁলোকক ঘৃণা কৰা লোক সকলৰ পয়সত্তৰ হাজাৰ লোকক বধ কৰিলে। কিন্তু তেওঁলোকে বধ কৰা লোক সকলৰ পৰা একো বস্তু লুট নকৰিলে।
17 Katika siku ya kumi na tatu ya mwezi wa Adari, Wayahudi wakapumzika katika siku ya kumi na nne, wakapumzika siku hiyo ya karamu na furaha.
১৭অদৰ মাহৰ তেৰ দিনৰ দিনা এই সকলো কাৰ্য কৰিলে, আৰু চৌদ্ধ দিনৰ দিনা তেওঁলোকে জিৰণী ল’লে। সেই দিনটো তেওঁলোকে ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
18 Lakini Wayahudi walioishi katika mji wa Shushani wakaja pamoja siku ya kumi na tatu na ya kumi na nne. Na siku ya kumi na tano wakapumzika na wafanya karamu na kufurahia.
১৮কিন্তু চুচনত থকা যিহুদী লোকসকলে সেই মাহৰ তেৰ আৰু চৌদ্ধ দিনৰ দিনা গোট খাই সমবেত হ’ল। পোন্ধৰ দিনৰ দিনাহে তেওঁলোকে জিৰণী ল’লে, আৰু সেই দিন ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
19 Hii ndiyo sababu Wayahudi wa vijijini, wanaishi maeneo ya vijijini, huadhimisha siku ya kumi na nne ya mwezi wa Adari kama siku ya furaha na karamu na siku ambayo hutumiana zawadi kwa kila mmoja.
১৯এই কাৰণে গাঁৱত থকা যিহুদী লোকসকল যি সকলে গড় নোহোৱা নগৰত বাস কৰিছিল, তেওঁলোক অদৰ মাহৰ চতুৰ্দশ দিনটো আনন্দ, ভোজ, মঙ্গল আৰু ইজনে আন জনলৈ খাদ্যৰ উপহাৰ পঠোৱা দিন স্বৰূপে পালন কৰিলে।
20 Modekai akaweka mambo haya na akatuma nyaraka kwa Wayahudi wote waliokuwa katika utawala wa Mfalme Ahusiero,
২০মৰ্দখয়ে এই সকলো বৃত্তান্ত লিখিলে আৰু ৰজা অহচবেৰোচৰ সকলো প্ৰদেশত থকা ওচৰৰ হওক বা দূৰৰ আটাই যিহুদী লোকলৈ পত্ৰ পঠালে।
21 akiwataka kuazimisha siku ya kumi na nne na kumi na tano ya mwezi wa Adari kila mwaka.
২১প্রতি বছৰে অদৰ মাহৰ চতুৰ্দশ দিন আৰু পঞ্চদশ দিন দুটা বাধ্যতামূলক ভাৱে ইহুদী লোকসকলে পালন কৰে।
22 Hizi zilikuwa ndizo siku ambazo Wahudi walipata faraja kutoka kwa maadui zao na wakati huu ndio wakati ambao huzuni ya Wayahudi iligeuzwa kuwa furaha, na kutoka kwa maombolezo hadi kwenye pumziko. Walipaswa kuzifanya siku za karamu na furaha, na kutumiana zawadi ya chakula, na zawadi kwa masikini.
২২এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।
23 Wayahudi wakaendelea na maadhimisho wakifanya kile ambacho Modekai alikuwa amewaandikia.
২৩মৰ্দখয়ে যিহুদী লোকসকললৈ যি কৰিবলৈ লিখিছিল; আৰু যি দৰে তেওঁলোকে আৰম্ভ কৰিছিল, সেই দৰেই উৎসৱ উদযাপন কৰি থাকিল।
24 Na wakati huo Modekai mwana wa Hammedatha mwagagi, adui wa Wayahudi aliyekuwa amepanga njama ya kuwaangamiza Wayahudi, na kwa kupiga Puri (yaani akapiga kura) ili kuwaangamiza kabisa.
২৪সেই সময়ত সকলো যিহুদী লোকৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্র হামনে তেওঁলোকক বিনষ্ট কৰিবলৈ তেওঁলোকৰ অহিতে কু-কল্পনা কৰিছিল। যিহুদী সকলক সৰ্ব্বনাশ আৰু বিনষ্ট কৰিবলৈ পুৰ খেলাইছিল (চিঠি খেলাইছিল)।
25 Lakini Mfalme Ahusiero alipopata taarifa ya mpango mbaya huu alioupanga Modekai dhidi ya Wayahudi, aliagiza kwa nyaraka afanyiwe Modekai mwenyewe, na kwamba yeye na wana wake wanyongwe juu ya miti.
২৫কিন্তু সেই কথা যেতিয়া ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই পত্রৰ দ্বাৰা আজ্ঞা দিলে যে, হামনে যিহুদী লোকসকলৰ বিৰুদ্ধে কৰা কু-কল্পনা তেওঁৰ ওপৰতে ফলিয়াবৰ বাবে তেওঁক আৰু তেওঁৰ দহ জন পুত্রক ফাঁচি কাঠত ফাঁচি দি আঁৰি থোৱা হওক।
26 Hivyo Wayahudi wakaziita siku hizi Purimu, kutokana na jina Puri. Kwa sababu ya mambo yote yaliyo kuwa yameandika katika barua, na mambo yote ambayo walikuwa wameyaona kwa macho yao, na yale yalikuwa yamewapata,
২৬এই কাৰণে তেওঁলোকে পুৰ নাম অনুসাৰে সেই দুটা দিনক পুৰীম বুলি কয়। এই পত্ৰত লিখা সকলো কথা, আৰু সেই বিষয়ে তেওঁলোকে যি দেখিছিল আৰু তেওঁলোকলৈ যি ঘটিছিল, সেই সকলোৰ কাৰণে,
27 Wayahudi wakapokea jukumu na desturi mpya. Desturi hii iwe kwa ajili yao, watoto wao, na kila ambaye aliyeungana nao. Na itakuwa kwamba maadhimisho haya watayafanya kwa kila mwaka. Wataadhimisha kwa namna fulani na nyakati hizo hizo kila mwaka.
২৭যিহুদী লোকসকলে নিজৰ, আৰু তেওঁলোকৰ বংশধৰ সকলৰ, আৰু যি সকল লোক তেওঁলোকৰ লগত যোগদান কৰিছিল, সেই সকলো লোকে, সেই দুটা দিনক এটা নতুন প্রথা আৰু কৰ্ত্তব্য বুলি গ্রহণ কৰিছিল। সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁলোকে প্রতি বছৰে সেই দুটা দিন নিৰ্দিষ্ট প্রণালীৰে পালন কৰিছিল।
28 Siku hizi zilipaswa kuadhimishwa katika kila kizazi, kila familia, kila jimbo na kwa kila mji. Wayahudi hawa na watoto wao hawakuacha kuadhimisha siku hizi za Purimu, ili kwamba wasizisahau.
২৮তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে।
29 Malkia Esta na Modekai wakaandika kwa mamlaka yote na kuthibitisha barua hii ya pili kuhusu Purimu.
২৯তাৰ পাছত অবীহয়িলৰ জীয়েক ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ে সম্পূৰ্ণ ক্ষমতাৰ সৈতে পুৰীমৰ বিষয় নিশ্চিত কৰিবলৈ দ্বিতীয় পত্ৰ লিখিলে।
30 Barua zilipelekwa katika majimbo 127 ya mfalme Ahusiero, zikiwatakia Wayahudi wote amani na kweli.
৩০ৰজা অহচবেৰোচৰ ৰাজ্যৰ এশ সাতাইশ খন প্রদেশত থকা যিহুদী লোকসকলক নিৰাপত্তা আৰু সত্যতাৰ কামনা কৰি পত্ৰ পঠোৱা হ’ল।
31 Na kuthibitisha siku za Purimu sawa sawa na maelekezo ya Modekai na Esta yaliyowataka Wayahudi waadhimishe. Wayahudi wakatii maagizo kwa ajili yao na uzao wao, kama walivyotii siku za kufunga na kuomboleza.
৩১লঘোন আৰু ক্রন্দনৰ বিষয়ে ইহুদী মৰ্দখয় আৰু ৰাণী ইষ্টেৰে যিহুদী লোকসকলক আদেশ দিয়াৰ দৰে, নিৰূপিত সময়ত পুৰীমৰ সেই দুটা দিন নিশ্চিত কৰিবলৈয়ো এই পত্র লিখি পঠালে।
32 Agizo la Esta likahakikisha sheria hizi kuhusu Purimu, na ikaandikwa katika kitabu.
৩২ইষ্টেৰৰ আজ্ঞা অনুসাৰে পুৰীমৰ বিষয়ত নিয়ম স্থিৰ কৰা হ’ল; আৰু এই সকলোকে পুস্তকত লিখা হ’ল।