< Torati 26 >
1 Utakapofika katika nchi ambayo Yahwe Mungu wako anakupatia kama urithi, na utakapoimiliki na kuishi ndani yake,
১আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাবে আপোনালোকক দিব, আপোনালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিব,
2 basi unatakiwa kuchukua baadhi ya mavuno yote ya kwanza ya ardhi uliyoyaleta kutoka katika nchi ambayo Yahwe Mungu wako anakupatia. Unatakiwa kuyaweka ndani ya kikapu na kuelekea katika eneo ambalo Yahwe Mungu wako atapachagua kama mahali patakatifu.
২তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব।
3 Unatakiwa kwenda kwa kuhani ambaye atakuwa akihudumu katika siku hizo na kumwambia, “Siku ya leo ninakiri kwa Yahwe Mungu wako ya kuwa nimekuja katika nchi ambayo Yahwe aliapa kwa mababu zetu kutupatia”.
৩তেতিয়া যি জন পুৰোহিত থাকিব আপোনালোকে গৈ তেওঁক ক’ব, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।”
4 Kuhani anatakiwa kuchukua kikapu mkononi mwako na kukiweka madhabahuni ya Yahwe Mungu wako.
৪তাতে পুৰোহিত জনে আপোনালোকৰ হাতৰ পৰা পাচিটো লৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত থব।
5 Unapaswa kusema mbele ya Yahwe Mungu wako, “Babu yangu alikuwa Mwaremi mzururaji. Alikwenda chini hadi Misri na kukaa kule, na idadi ya watu wake ilikuwa chache. Kule akawa taifa kubwa, lenye nguvu na idadi kubwa.
৫তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।
6 Wamisri walitutendea vibaya na kututesa. Walitulazimisha kufanya kazi za watumwa.
৬মিচৰীয়াসকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰিলে আৰু আমাক কষ্ট দিছিল। আমাৰ ওপৰত শ্রমৰ কঠিন বোজা দি দাসৰ কাম কৰালে;
7 Tulimlilia Yahwe, Mungu wa baba zetu, naye akasikia sauti yetu na kuona mateso yetu, kazi zetu na mateso yetu.
৭তেতিয়া আমি আমাৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ আগত কাতৰোক্তি কৰিলোঁ, তাতে যিহোৱাই আমাৰ কাতৰোক্তি কৰিলোঁ। তেওঁ আমাৰ ক্রন্দন শুনিলে; আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে।
8 Yahwe alituondoa Misri kwa mkono wake mkuu, kwa mkono wake ulionyoshwa, kwa hofu kuu, kwa ishara na miujiza;
৮যিহোৱাই এক বলৱান হাতেৰে, নিজৰ ক্ষমতা দেখুৱাই, মহা ভয়ানক কাৰ্যৰে, নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
9 na ametuleta katika sehemu hii na kutupatia nchi hii, nchi inayotiririka kwa maziwa na asali.
৯তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে।
10 Tazama sasa, nimeleta mavuno ya kwanza kutoka katika nchi ambayo wewe, Yahwe, umenipatia.” Unapaswa kuweka chini mbele ya Yahwe Mungu wako na kuabudu mbele zake;
১০সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব।
11 na unapaswa kufurahia katika mema yote ambayo Yahwe Mungu wako amekufanyia, kwa ajili na nyumba yako – wewe, na Mlawi, na mgeni aliye miongoni mwako.
১১আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।
12 Utakapomaliza kutoa zaka yote ya mavuno katika mwaka wa tatu, yaani, mwaka wa kutoa zaka, basi unapaswa kuwapatia Mlawi, kwa mgeni, kwa yatima, na kwa mjane, ili kwamba waweze kula ndani ya malango yenu ya mji na kujazilishwa.
১২প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব।
13 Unatakiwa kusema mbele ya Yahwe Mungu wako, “Nimetoa kutoka nyumbani mwangu vitu ambavyo ni mali ya Yahwe, na kumpatia Mlawi, mgeni, yatima, na mjane, kulingana na amri zote ulizonipatia. Sijavunja amri yako yoyote, wala sijazisahau.
১৩তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপুনি এই কথা ক’ব, ‘মই আপোনাৰ সকলো আজ্ঞা অনুসাৰে মোৰ আয়ৰ পৰা পবিত্র অংশটো ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিলোঁ; আপোনাৰ আজ্ঞাসমূহৰ এটাও মই অমান্য কৰা নাই আৰু সেইবোৰ মই পাহৰা নাই।
14 Sijala kati yao wakati wa maombolezo yangu, wala sijaziweka mahali pengine nilipokuwa mchafu, wala sijazitoa kati yao kwa heshima ya wafu. Nimesikiliza sauti ya Yahwe Mungu wangu; Nimetii kila kitu ulichoniamuru kukifanya.
১৪মৃতলোকৰ কাৰণে শোক প্রকাশৰ কালত মই পবিত্র অংশৰ অলপো খোৱা নাই বা অশুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানর্থে দান কৰা নাই। মই মোৰ ঈশ্বৰ যিহোৱাৰ কথা শুনিলো; আপুনি মোক দিয়া সকলো আজ্ঞাৰ দৰে মই কাৰ্য কৰিলোঁ।
15 Tazama chini kutoka mahali patakatifu unapoishi, kutoka mbinguni, na ubariki watu wako Israeli, na nchi uliyotupatia, kama ulivyoapa kwa mababu zetu, nchi inayotiririka kwa maziwa na asali.
১৫হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলীয়াসকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভুমি আমাক দিছা, সেই দেশক আশীৰ্ব্বাদ কৰা’।”
16 Leo Yahwe Mungu wako anawaamuru kuzitii sheria na amri hizi; basi utazishikilia na kuzitenda kwa moyo wako wote na kwa nafsi yako yote.
১৬আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; এই হেতুকে আপোনালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।
17 Umetamka leo ya kuwa Yahwe ni Mungu wako, na kwamba utatembea katika njia zake na kushikilia sheria zake, maagizo yake na amri zake, na kwamba utaisikiliza sauti yake.
১৭আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।
18 Leo Yahwe ametamka ya kwamba mu watu ambao ni mali yake, kama alivyoahidi kwenu, na kwamba mnapaswa kushikilia amri zake zote.
১৮যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত।
19 Na atawaweka juu zaidi ya mataifa mengine aliyoyaumba nanyi mtapokea sifa, umaarufu na heshima. Mtakuwa watu waliowekwa kando kwa Yahwe Mungu wako, kama alivyosema.”
১৯যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’ব।