< Torati 20 >

1 Pindi utokapo kwenda vitani kupigana dhidi ya adui zako, na kuona farasi, magari, na watu wengi zaidi kuliko wewe, haupaswi kuwaogopa; kwa kuwa Yahwe Mungu wako yu pamoja nawe, yeye aliyekuleta kutoka nchi ya Misri.
যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।
2 Wakati unakaribia kuingia kwenye vita, kuhani anapaswa kuwasogelea na kuongea na watu.
যেতিয়া আপোনালোকে যুদ্ধলৈ যাবলৈ সাজু হ’ব, পুৰোহিতে আগবাঢ়ি আহি সৈন্যদলক উদ্দেশ্যি ক’ব,
3 Anapaswa kuwaambia,”Sikilizeni, Israel, mnaenda kupigana dhidi ya maadui zenu. Msidhofishe moyo wenu. Msiohofu au kutetemeka. Msiwaogope.
“হে ইস্ৰায়েলীয়াসকল, শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রুপক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা।
4 Kwa kuwa Yahwe Mungu wenu ndiye aendae pamoja nanyi kupigana kwa ajili yenu dhidi ya maadui zenu na kuwaokoa.
কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।”
5 Maakida wanapaswa kuzungumza na watu na kusema, “Ni mtu yupi aliyejenga nyumba mpya na hajaiweka wakfu? Acha aende na arudi nyumbani kwake, ili kwamba asife vitani na mtu mwingine aiweke wakfu.
তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, মৰিলে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব।
6 Kuna yeyote ambaye amepanda mzabibu na hajafurahia matunda yake? Acha aende nyumbani, ili kwamba asife vitani na mtu mwingine afurahie matunda yake.
দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেৱোঁ নিজ ঘৰলৈ উলটি যাওঁক। নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে তাৰ ফল ভোগ কৰিব।
7 Ni mtu yupi aliyeposa kuoa mwanamke lakini bado hajamuoa? Acha aende nyumbani ili kwamba asife vitani na mume mwingine amuoa.”
বিয়াৰ সম্বন্ধ হোৱাৰ পাছত বিয়া নকৰাকৈ থকা কোনো লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে সেই ছোৱালীক বিয়া কৰিব।”
8 Maakida wanapaswa kuzungumza zaidi kwa watu na kusema, “Ni mwanaume gani aliye hapa ambaye ni mwenye hofu au mnyonge? Acha aende na arudi nyumbani kwake, ili kwamba moyo wa ndugu yake usiyeyuke kama moyo wake.
সেই বিষয়াসকলে পুনৰ ক’ব যে, “তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওঁক; নহ’লে আন ইস্রয়েলীয়া ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি পৰিব।”
9 Wakati maakida wamemaliza kuzungumza na watu, wanapaswa kuteua majemedari juu yao.
সৈন্যসকলৰ ওচৰত কথা কোৱা শেষ কৰি বিষয়াসকলে সৈন্যদলৰ ওপৰত সেনাপতি নিযুক্ত কৰিব।
10 Wakati mtokapo kuteka mji, wafanye watu hao toleo la amani.
১০আপোনালোকে কোনো নগৰ আক্রমণ কৰিবলৈ যাওঁতে, প্ৰথমতে সেই ঠাইৰ লোকসকলৰ ওচৰত শান্তিৰ প্রস্তাৱ আগবঢ়াব।
11 Kama watapokea amani na kufungua malango yao kwako, watu wote wanaopatikana ndani yake wanapaswa kulazimishwa kukufanyia kazi na wanapaswa kukutumikia.
১১যদি তেওঁলোকে প্রস্তাৱ গ্রহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ আপোনালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাইৰ সকলো লোক আপোনালোকৰ অধীনত ক্রীতদাস হ’ব আৰু আপোনালোকৰ কাৰণে কার্য কৰিবলৈ বাধ্য হ’ব।
12 Lakini kama haitengenezi amani kwenu, lakani badala yake inatengeneza vita dhidi yenu, basi mnapaswa kumruhusu,
১২কিন্তু যদি শান্তিৰ প্রস্তাৱ প্রত্যাখান কৰে আৰু তাৰ পৰিবর্তে আপোনালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া আপোনালোকে সেই নগৰ অৱৰোধ কৰিব।
13 na wakati Yahwe Mungu wenu anawapa ushindi na kuwaweka chini ya utawala wenu, mnapaswa kuua kila mtu katika mji.
১৩আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া আপোনালোকক জয়ী কৰিব আৰু সেই ঠাই আপোনালোকৰ হাতত তুলি দিব, তেতিয়া নগৰৰ সকলো পুৰুষকে আপোনালোকে বধ কৰিব।
14 Lakini wanawake, wadogo, ng'ombe, na kila kitu kilicho ndani ya mji, na nyara zake zote, utavichukua kama mateka yako. Nawe utawamaliza mateka wa maadui zako, ambao Yahwe Mungu amekupa.
১৪কিন্তু মহিলাসকলক, শিশুসকলক আৰু পশুপাল আদি কৰি সেই নগৰত থকা আন সকলো বস্তু আপোনালোকে লুটদ্রব্যৰ সামগ্রীৰূপে নিজৰ কাৰণে নিব পাৰিব। শত্রুবোৰৰ দেশৰ পৰা লুট কৰা যি সকলো বস্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিব, তাক আপোনালোকে ভোগ কৰিব পাৰিব।
15 Unapaswa kuifanyia hivyo kuelekea miji yote ambayo iko mbali nawe, miji ambayo siyo miji ya mataifa yafuatayo.
১৫যিবোৰ নগৰ আপোনালোকৰ দেশৰ পৰা অনেক দূৰৈত আছে, যিবোৰ আপোনালোকৰ ওচৰৰ জাতিবোৰৰ নগৰ নহয়, সেইবোৰৰ প্রতি আপোনালোকে সেইদৰে কৰিব।
16 Katika miji ya watu hawa ambayo Yahwe Mungu wenu anawapa kama urithi, mnapaswa kutunza chochote kilicho na uhai.
১৬কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে এই জাতিবোৰৰ যি সকলো নগৰ আপোনালোকক দিব, সেইবোৰ ঠাইৰ কোনো প্ৰাণীকে আপোনালোকে জীৱিত নাৰাখিব;
17 Badala yake, mnapaswa kabisa kuagamiza: Hittite, na Amorite, Wakanani, Waperezi, Hivite, na Wabusi, kama Yahwe Mungu wenu alivyowaamuru.
১৭কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আপোনালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাব।
18 Fanya hivi ili kwamba wasiwafundishe kufanya katika njia za machukizo, kama walivyofanya kwa miungu yao. Kama mtafanya, mtafanya dhambi dhidi ya Yahwe Mungu wenu.
১৮এনে নহওঁক যে যি ঘৃণনীয় কার্য তেওঁলোকে নিজৰ দেৱতাবোৰৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ আপোনালোককো শিকাব। তাতে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিব।
19 Wakati mtakapouzingira mji kwa muda mrefu, huku mkipigana dhidi yake kuuteka, hampaswi kuharibu miti yake kwa kushika shoka dhidi yake. Kwa kuwa utaweza kula matunda yake, kwa hiyo usiikate. Kwa maana mti wa kondeni mtu ambaye atauzingira?
১৯আপোনালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিব, তেতিয়া তাত থকা গছবোৰ কুঠাৰৰে কাটি নষ্ট নকৰিব। কিয়নো সেই গছবোৰৰ ফল আপোনালোকে খাব পাৰিব। সেয়ে আপোনালোকে গছবোৰ নাকাটিব। পথাৰৰ গছবোৰ জানো মানুহ যে, সেইবোৰক আপোনালোকে অৱৰোধ কৰিব?
20 Ila miti ambayo unaijua siyo miti ya chakula, unaweza kuharibu na kuikata chini; utajenga maburuji dhidi ya mji unaofanya vita nawe, mpaka uanguke.
২০কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিব, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিব আৰু যি ঠাইৰ লোকসকলে আপোনালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক আপোনালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিব।

< Torati 20 >