< Torati 11 >
1 Kwa hiyo mtampenda Yahwe Mungu wenu na daima mtashika maelekezo yake, maagizo yake, sheria zake, na amri zake.
১“আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।
2 Kumbuka kwamba siongei kwa watoto wako, ambao hawajajua wala kuona hukumu ya Yahwe Mungu wako, ukuu wake, mkono wake wa uweza, mkono wake ulionyoshwa,
২মই আপোনালোকৰ সন্তানসকলৰ কাৰণে কোৱা নাই, যিসকলে ঈশ্বৰ যিহোৱাৰ শাস্তি, তেওঁৰ মহান কার্য, তেওঁৰ শক্তিশালী হাত আৰু পৰাক্রম প্রর্দশনৰ কথা জনা নাছিল আৰু দেখাও নাছিল;
3 Ishara na matendo ambayo alifanya katikati ya Misri kwa Farao, mfalme Misri, na nchi yake yote.
৩মিচৰৰ দেশত মিচৰৰ ৰজা ফৰৌণলৈ কৰা তেওঁৰ চিন আৰু কার্যবোৰো তেওঁলোকে দেখা নাছিল।
4 Wala hawakuona kile alichofanya kwa jeshi la Misri, kwa farasi wao, au magari yao; namna alivyoyafanya maji ya bahari ya Reeds kuwaelemea kwa sababu ya kuwafuatilia, na namna Yahwe alivyowaangamiza mpaka leo,
৪যিহোৱাই মিচৰীয় সৈন্যদললৈ, তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰলৈ যি কৰিছিল আৰু সৈন্যদলে যেতিয়া আপোনালোকৰ পাছে পাছে খেদি আহিছিল, তেতিয়া কেনেকৈ তেওঁ চূফ সাগৰৰ পানীত তেওঁলোকক সম্পূর্ণকে ডুবাই দিছিল আৰু কেনেকৈ তেওঁলোকক ধ্বংস কৰিছিল, তাকো দেখা নাই।
5 au nini alifanya kwenu kwenye jangwa mpaka mlikuja eneo hili.
৫আপোনালোকে এই ঠাইলৈ আহি নোপোৱালৈকে আপোনালোকৰ কাৰণে তেওঁ মৰুপ্রান্তৰৰ মাজত কি কৰিছিল, তাকো আপোনালোকৰ সন্তানসকলে দেখা নাই।
6 Hawajaona nini Yahwe alichofanya kwa Dathani na Abiramu, wana wa Eliabu mwana wa Reubeni; namna dunia ilifungua kinywa chake na kuwameza, nyumba zao, mahema yao, na kila kitu hai kilichowafuata, katikati mwa Israeli yote.
৬ৰূবেণ ফৈদৰ ইলিয়াবৰ পুতেক দাথন আৰু অবীৰামৰ প্রতি তেওঁ যি কৰিছিল অর্থাৎ সমগ্র ইস্ৰায়েলীয়া লোকৰ মাজত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক, তেওঁলোকৰ তম্বু আৰু সকলোবোৰ প্রাণীক যিদৰে গ্রাস কৰিছিল সেয়াও তেওঁলোকে দেখা নাছিল।
7 Lakini macho yenu yameona kazi yote kuu ya Yahwe aliyoifanya.
৭কিন্তু যিহোৱাৰ সেই মহৎ মহৎ কার্যবোৰ আপোনালোকেই নিজ চকুৰে দেখিছিল।
8 Kwa hiyo shikeni amri zote ambazo ninawaamuru leo, kwamba mweze kuwa imara, na kuingia na kuimiliki nchi, ambayo unaenda zaidi kuimiliki;
৮এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব যাতে যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যর্দন নদী অতিক্রম কৰি যাব, সেই ঠাইলৈ গৈ আপোনালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰে আৰু
9 na kwamba uweze kuongeza siku zako katika nchi ambayo Yahwe aliapa kwa baba zako kuwapa na uzao wao, nchi itiririkayo maziwa na asali.
৯যিহোৱাই আপোনালোকৰ পূর্বপুৰুষ আৰু তেওঁলোকৰ বংশধৰৰ ওচৰত দুগ্ধ-মধু বোৱা যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল, সেই দেশত যেন আপোনালোক অনেক দিন জীয়াই থাকিব পাৰে।
10 Kwa kuwa nchi, ambayo unaingia kumiliki, siyo kama nchi ya Misri, ambako mlitoka, ambako mlipanda mbegu na kumwagilizia kwa miguu yenu, kama bustani ya mitishamba;
১০কিয়নো যি দেশ অধিকাৰ কৰিবলৈ আপোনালোক গৈছে, সেইখন যি দেশৰ পৰা আপোনালোক ওলাই আহিছে সেই মিচৰ দেশৰ নিচিনা নহয়; য’ত আপোনালোকে শস্য সিঁচি, শাকনি বাৰীত যেনেকৈ কৰা হয় তেনেকৈ ভৰিৰে পানী দিয়াৰ কার্য কৰিছিল।
11 Lakini nchi, ambayo unaenda kuimiliki, ni nchi ya milima na mabonde, na kunywa maji ya mvua mbinguni,
১১কিন্তু যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈছে, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পানী পায়;
12 nchi ambayo Yahwe Mungu wenu awajali; macho ya Yahwe Mungu wenu daima yako juu yake, kuanzia mwanzo wa mwaka mpaka mwisho wa mwaka.
১২আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই দেশৰ যত্ন লয়; বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো সময়ত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ চকু সেই দেশৰ ওপৰত থাকে।
13 Itatokea, kama mtazisikiliza kwa bidii amri zangu ambazo ninawaamuru leo kumpenda Yahwe Mungu wenu, na kumtumikia kwa moyo wenu wote na roho zenu zote,
১৩গতিকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই আপোনালোকক দিলোঁ তাক আপোনালোকে বিশ্বস্ততাৰে পালন কৰিব।
14 kwamba nitawapa mvua nchi yenu kwa majira yake, mvua za awali na mvua za badaye, ili kwamba mweze kukusanya nafaka zenu, mvinyo wenu mpya, na mafuta yenu.
১৪তেতিয়া যিহোৱাই সঠিক কালত আপোনালোকৰ দেশৰ ওপৰত আগতীয়া আৰু শেষতীয়া বৰষুণ পঠাব। তাতে আপোনালোকে প্রচুৰ শস্য, নতুন আঙ্গুৰৰ ৰস আৰু তেল গোটাব পাৰিব।
15 Nitawapa nyasi kwenye mashamba yenu kwa ajili ya mifugo yenu, na mtakula na kushiba.
১৫আপোনালোকৰ পশুধনবোৰৰ কাৰণেও যিহোৱাই পথাৰত ঘাঁহ হবলৈ দিব; আপোনালোকেও তৃপ্ত হোৱাকৈ খাবলৈ পাব।
16 Uwe makini mwenyewe, ili kwamba moyo wako usidanganyike, na kugeuka na kuabudu miungu mingine, na kuisujudia;
১৬আপোনালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু আপোনালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিব, তাৰ বাবে আপোনালোক নিজৰ বিষয়ে সাৱধান হ’ব;
17 ili kwamba hasira ya Yahwe isiwashiwe dhidi yenu, na ili kwamba asifunge mbingu, kwamba pasiwe na mvua, na nchi haitavuna matunda, na ili kwamba mpotee kwa haraka kutoka nchi nzuri ambayo Yahwe anawapa.
১৭তেনে কৰিলে আপোনালোকৰ ওপৰত যিহোৱাৰ ক্রোধ প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই আপোনালোকক দিব, তাৰ পৰা আপোনালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাব।
18 Kwa hiyo yaweke haya maneno ndani ya moyo wako na roho; yafunge kama ishara kwenye mkono wako, na yawe utepe katikati ya macho yako.
১৮এতেকে আপোনালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিনস্বৰূপে সেইবোৰ হাতত বান্ধিব আৰু আপোনালোকৰ চকুৰ মাজত প্রতীকৰূপে ভূষিত কৰিব।
19 Utayafundisha kwa watoto na kuongea juu yake wakati uketipo ndani ya nyumba yako, wakati utembeapo barabarani, wakati ulalapo, na wakati uinukapo.
১৯আপোনালোকৰ নিজৰ সন্তানসকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিব।
20 Utayaandika kwenye miimo ya milango ya nyumba zenu na kwenye malango yenu,
২০আপোনালোকে ঘৰৰ দুৱাৰৰ চৌকাঠত আৰু নগৰৰ প্রৱেশ দুৱাৰত সেইবোৰ লিপিবদ্ধ কৰি থ’ব।
21 kwamba siku zenu na siku za watoto wenu ziweze kuongezeka katika nchi ambayo Yahwe aliapa kwa mababu zenu kuwapa, maadamu mbingu ziko juu ya ardhi.
২১যিহোৱাই আপোনালোকৰ পূৰ্ব–পুৰুষসকলৰ ওচৰত যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল সেই দেশত আপোনালোক আৰু আপোনালোকৰ সন্তান সকল যিমানকাল এই পৃথিবীৰ ওপৰত আকাশ থাকিব সিমানকাল জীয়াই থাকিব।
22 Kama mtayashika kwa bidii maagizo haya yote ambayo ninawaamuru nyinyi, ili kwamba myafanye, mpende Yahwe Mungu wenu, tembea katika njia zake zote, na kushikamana naye,
২২কিয়নো এই যি আজ্ঞাবোৰ মই আপোনালোকক আদেশ দিছোঁ, আপোনালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে, তেওঁৰ সকলো পথত চলে, আৰু তেওঁত লাগি থাকে,
23 basi Yahwe atawaondosha mataifa haya yote kutoka mbele yenu, na mtayafukuza mataifa makubwa na yenye nguvu kuliko nyie.
২৩তেন্তে যিহোৱাই আপোনালোকৰ আগৰ পৰা এই আটাই জাতিবোৰক দূৰ কৰিব, আৰু আপোনালোকে আপোনালোকতকৈ মহান আৰু শক্তিশালী জাতিবোৰক উচ্ছেদ কৰিব।
24 Kila eneo ambalo unyao wa miguu utatembea litakuwa lenu; kutoka jangwani hadi Lebanoni, toka mto wa Euphratesi, hadi magharibi mwa bahari itakuwa mpaka wenu.
২৪আপোনালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই আপোনালোকৰে হ’ব; মৰুভূমিৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটিচ নদীৰ পৰা ভূমধ্য সাগৰলৈকে আপোনালোকৰ সীমা হ’ব।
25 Hakuna mtu ataweza kusimama mbele yenu; Yahwe Mungu wenu ataweka hofu yenu na ugaidi wenu juu ya nchi yote mnayotembea juu yake kama alivyosema na ninyi.
২৫আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব; আপোনালোকে সেই দেশত যলৈকে যাব, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক কোৱা বাক্য অনুসাৰে তেওঁলোকৰ মনত আপোনালোকৰ সমন্ধে এক ভয় আৰু আতঙ্ক ভাৱৰ সৃষ্টি কৰিব।
26 Tazama, naweka mbele yenu baraka na laana;
২৬চোৱা, আজি মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ।
27 baraka, kama mtasikiliza amri za Yahwe ambazo ninakuamuru leo,
২৭আজি মই আপোনালোকৰ ওচৰত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলোঁ, সেইবোৰলৈ যদি আপোনালোকে মনোযোগ দিয়ে, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাব।
28 na laana, kama hamtasikiliza amri za Yahwe Mungu wenu, lakini mkaicha njia ninayokuamuru leo, kuendea miungu mingine ambayo hamjaijua.
২৮কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।
29 Itakuwa wakati Yahwe Mungu wenu anawaleta ninyi katika nchi ambayo mnaenda kumiliki, kwamba mtaweka baraka juu ya mlima Gerizimu na laana juu ya mlima Ebali.
২৯আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশত ঈশ্বৰ যিহোৱাই আপোনালোকক যেতিয়া লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব।
30 Hawako ng'ambo ya pili zaidi ya Yordani, magharibi mwa barabara la magharibi, katika nchi ya Wakanani wanaoishi Arabah, juu dhidi ya Gilgali, kando ya mialo ya Moreh?
৩০সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিমফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়াসকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?
31 Kwa maana mtavuka ng'ambo ya pili ya Yordani kuingia kumiliki nchi ambayo Yahwe Mungu wenu anawapa, na mtamiliki na kuishi ndani yake.
৩১কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে আপোনালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাব। আপোনালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিব।
32 Mtashika sheria zote na amri ninazoweka mbele yenu leo.
৩২এই কাৰণে, মই আজি আপোনালোকৰ আগত যি যি বিধি আৰু শাসন-প্ৰণালী প্ৰকাশ কৰিছোঁ, সেই সকলোকে পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব।”