< 2 Timotheo 1 >
1 Paulo mtume wa Yesu Kristo kwa mapenzi ya Mungu, sawasawa na ahadi ya uzima ulio ndani ya Kristo Yesu,
১মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি;
2 kwa Timotheo mwana mpendwa: Neema, rehema na amani toka kwa Mungu Baba na Kristo Yesu Bwana wetu.
২প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
3 Ninamshukuru Mungu, ambaye ninamtumikia kwa nia njema kama walivyofanya baba zangu, ninapokumbuka daima katika maombi yangu. Usiku na
৩মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে, সেই জন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ,
4 mchana ninatamani kukuona, ili kwamba nijawe na furaha. Ninayakumbuka machozi yako.
৪তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ।
5 Nimekuwa nikikumbushwa kuhusu imani yako halisi, ambayo hapo kwanza ilikaa kwa bibi yako Loisi na mama yako Yunisi. Na nina hakika ya kwamba imani hiyo inakaa ndani yako pia.
৫যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
6 Hii ndiyo sababu nakukumbusha kuchochea karama ya Mungu iliyomo ndani yako kwa njia ya kuwekewa mikono yangu.
৬এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি অনুগ্রহৰ বৰ তোমাক দান কৰা হ’ল, সেই বৰ পুনৰ জাগ্ৰত কৰা৷
7 Kwa kuwa Mungu hakutupa roho ya woga, bali ya nguvu na upendo na nidhamu.
৭কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
8 Kwa hiyo usiuonee haya ushuhuda kuhusu Bwana wetu, wala wangu mimi Paulo mfungwa wake. Bali ushiriki mateso kwa ajili ya injili sawasawa na uweza wa Mungu.
৮এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা,
9 Ni Mungu aliyetuokoa na kutuita kwa wito mtakatifu. Hakufanya hivi kulingana na kazi zetu bali kulingana na neema na mpango wake mwenyewe. Alitupatia mambo haya katika Kristo Yesu kabla ya nyakati kuanza. (aiōnios )
৯কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল; (aiōnios )
10 Lakini sasa wokovu wa Mungu umekwishafunuliwa kwa kuja kwa mwokozi wetu Kristo Yesu. Ni Kristo aliyeikomesha mauti na kuleta uzima usiokoma kwa nuru ya injili.
১০কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে;
11 Kwa sababu hiyo nilichaguliwa kuwa mhubiri, mtume na mwalimu.
১১সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে।
12 Kwa sababu hii nateseka pia, lakini sioni haya kwa kuwa namjua yeye niliyekwisha kumuamini. Nina hakika kuwa yeye anaweza kukitunza kile nilichokikabidhi kwake hata siku ile.
১২এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
13 Ukumbuke mfano wa ujumbe wa uaminifu uliousikia toka kwangu, pamoja na imani na upendo ulio ndani ya Kristo Yesu.
১৩মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।
14 Yatunze Mambo mazuri aliyokukabidhi Mungu kupitia Roho Mtakatifu aishiye ndani yetu.
১৪যি উত্তম দান তোমাক গতাই দিয়া হৈছে, সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবা।
15 Unajua ya kuwa, wote waishio katika Asia waliniacha. Kwenye kundi hili wamo Figelo na Hemogene.
১৫ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হল৷ এই বিষয়ে তুমি জানি আছা।
16 Bwana airehemu nyumba ya Onesiforo kwa kuwa mara nyingi aliniburudisha na hakuionea aibu minyororo yangu.
১৬অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল;
17 Badala yake, alipokuwa Roma alinitafuta kwa bidii na akanipata.
১৭বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল -
18 Mungu amjalie kupata rehema kutoka kwake siku ile. Kama alivyonisaidia nilipokuwa Efeso, wewe wajua vyema.
১৮তেওঁ যাতে সেইদিনা প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷