< 2 Samweli 1 >

1 Baada ya kifo cha Sauli, Daud alirudi kutoka kuwashambulia Waamaleki na akakaa Siklagi kwa siku mbili.
চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল।
2 Siku ya tatu, mtu mmoja alikuja kutoka kambi ya Sauli nguo zake zikiwa zimeraruliwa na akiwa na vumbi juu ya kichwa chake. Alipofika kwa Daudi alinamisha uso wake chini akajifanya yeye mwenyewe kuwa si kitu.
পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।
3 Daudi akamuliza, “Unatoka wapi?” Yeye akajibu, “Nimeponyoka kutoka kambi ya Israeli.”
তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।”
4 Daudi akamwambia, “Tafadhari nieleze jinsi mambo yalivyokuwa.” Akajibu, “Watu walikimbia kutoka vitani. Wengi wameanguka, na wengi wao wameuawa. Sauli na Yonathani mwanawe pia wameuawa.”
দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।”
5 Daudi akamwuliza kijana, “unajuaje kuwa Sauli na Yonathani mwanawe wameuawa?”
তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”
6 Yule kijana akajibu, “Kwa bahati nilikuwa juu ya Mlima Gilboa, na pale alikuwepo Sauli ameegemea mkuki wake, na magari ya farasi na waongozaji walikuwa karibu kumkamata.
তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল।
7 Sauli alipogeuka aliniona na akaniita. Nikajibu, 'Mimi hapa.'
তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”
8 Akaniuliza, 'Wewe ni nani?' Nikamjibu, 'Mimi ni Mwamaleki,'
তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”
9 Akaniambia, Tafadhari simama juu yangu uniuwe, kwa kuwa shida kubwa imenipata, lakini uhai ungalimo ndani yangu.'
তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।”
10 Hivyo nilisimama juu yake nikamuuwa, kwa maana nilijua kwamba asingeweza kuishi baada ya kuwa ameanguka. Ndipo nikachukuwa taji iliyokuwa juu ya kichwa chake na kikuku kilichokuwa mkononi mwake, na nimevileta hapa kwako, bwana wangu.”
১০তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”
11 Kisha Daudi akararua mavazi yake, na watu wote waliokuwa pamoja naye wakafanya vilevile.
১১তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে।
12 Walilia, wakaomboleza na kufunga mpaka jioni kwa ajili ya Sauli, Yonathani mwanawe, watu wa Yahwe, na kwa ajili ya nyumba ya Israeli kwa maana wameanguka kwa upanga.
১২চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।
13 Daudi akamwambia yule kijana, “Unatokea wapi?” Akajibu, mimi ni kijana wa mgeni Mwamaleki.”
১৩পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”
14 Daudi akamwambia, “Kwa nini haukuogopa kumwua mfalme, mtiwa mafuta wa Yahwe kwa mkono wako?”
১৪দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?”
15 Daudi akamwita mmojawapo wa vijana na akamwambia, “Nenda ukamuue.” Hivyo kijana huyo akaenda na kumpiga hata ata chini, Mwamaleki akafa.
১৫দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।
16 Ndipo Daudi akamwambia Mwamaleke aliyekufa, “Damu yako iwe juu ya kichwa chako kwa kuwa kinywa chako kimeshuhudia dhidi yako kusema, Nimemuua mfalme mtiwa mafuta wa Yahwe.
১৬তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”
17 Ndipo Daudi akaimba wimbo wa maombolezo juu ya Sauli na Yonathani mwanawe.
১৭তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।
18 Akawaamuru watu kuufundisha wimbo wa Bow kwa wana wa Yuda, ambao umeandikwa katika Kitabu cha Yashari.
১৮তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।
19 “Utukufu wako, Israel, umeondolewa, umeondolewa juu ya mahali pako pa juu! Jinsi mwenye nguvu alivyoanguka!
১৯হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল! হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!
20 Msiiseme katika Gathi, msiitangaze katika mitaa ya Ashikeloni, ili binti za wafilisti wasifurahi, ili binti za wasiotailiwa wasisherehekee.
২০গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
21 Milima ya Gilboa, kusiwe na umande au mvua juu yenu. wala mashamba yasitoe nafaka kwa ajili ya sadaka, kwa maana hapo ngao ya mwenye nguvu imeharibiwa. Ngao ya Sauli haiwezi tena kutiwa mafuta.
২১হে গিলবোৱা পৰ্ব্বত, তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক, বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷
22 Kutoka katika damu ya waliouawa, kutoka katika miili ya wenye nguvu, upinde wa Yonathani haukurudi nyuma, na upanga wa Sauli haukurudi patupu.
২২হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।
23 Sauli na Yonathani walikuwa wakipendwa na walikuwa wenye neema maishani, hata wakati wa mauti yao walikuwa pamoja. Walikuwa na kasi kuliko tai, walikuwa na nguvu kuliko simba.
২৩চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
24 Enyi binti wa Israeli lieni juu ya Sauli, aliyewavika mavazi ya thamani pamoja na vito vya thamani, na aliyetia mapambo ya dhahabu katika mavazi yenu.
২৪হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা, তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল, তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলঙ্কাৰ পিন্ধাইছিল।
25 Jinsi wenye nguvu walivyoanguka vitani! Yonathani ameuawa juu ya mahali pako pa juu.
২৫হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল! তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷
26 Nimesikitishwa sana kwa ajili yako, Yonathani ndugu yangu. Ulikuwa mpendwa wangu sana. Upendo wako kwangu ulikuwa wa ajabu, ukipita upendo wa wanawake.
২৬হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷ তুমি মোলৈ অতি মৰমীয়াল আছিলা৷ নাৰীসকলৰ প্ৰেমতকৈয়ো তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল।
27 Jinsi wenye nguvu walivyoanguka na silaha za vita zimeteketea!”
২৭হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”

< 2 Samweli 1 >