< 2 Samweli 8 >
1 ikawa baada ya haya Daudi aliwashambulia Wafilisti na kuwashinda. Hivyo Daudi akaichukua Gathi na vijiji vyake kutoka katika mamlaka ya wafilisti.
১ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
2 Kisha akaishinda Moabu na akawapima watu wake kwa mstari kwa kuwafanya walale chini juu ya ardhi. Alipima mistari miwili ya kuua, na mstari mmoja kamili kuwahifadhi hai. Hivyo Wamoabu wakawa watumishi wa Daudi na wakaanza kumlipa kodi.
২তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।
3 Kisha Daudi akamshinda Hadadezeri mwana wa Rehobu, mfalme wa Soba, Hadadezeri aliposafiri kuurudisha ufalme wake katika mto Frati.
৩আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰে ইউফ্রেটিচ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷
4 Daudi aliteka magari 1, 700 ya farasi na askari ishirini elfu waendao kwa miguu. Daudi akawakata miguu farasi wa magari, lakini akahifadhi wakutosha magari mia moja.
৪তেওঁৰ এক হাজাৰ ৰথ, সাত শ অশ্বাৰোহী আৰু বিশ হাজাৰ পদাতিক সৈন্যক বন্দী কৰি ল’লে৷ আৰু তেওঁ ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
5 Wakati Washami wa Dameski walipokuja kumsaidia Hadadeziri mfalme wa Soba, Daudi akaua katika Washami watu ishirini na mbili elfu.
৫পাছে দম্মেচকৰ অৰামীয়াসকলে চোবাৰ হদদেজৰ ৰজাক সহায় কৰিবলৈ আহোতে, দায়ূদে সেই অৰামীয়াসকলৰ মাজৰ বাইশ হাজাৰ লোকক বধ কৰিলে।
6 Daudi akaweka ngome huko Shamu ya Dameski, na Washami wakawa watumishi wake na wakaleta kodi. Yahwe akampa Daudi ushindi kila alikokwenda.
৬তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।
7 Daudi akachukua ngao za dhahabu walizokuwa nazo watumishi wa Hadadezeri naye akazileta Yerusalemu.
৭আৰু দায়ূদে হদদেজৰৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ গ’ল।
8 Mfalme Daudi akachukua shaba nyingi kutoka Beta na Berosai, miji ya Hadadezeri.
৮আৰু দায়ুদ ৰজাই হদদেজৰৰ বেটহ আৰু বেৰোথয় নগৰৰ পৰা অধিক পিতল আনিলে।
9 Wakati Tou, mfalme wa Hamathi, aliposikia kwamba Daudi amelishinda jeshi lote la Hadadezeri,
৯পাছত দায়ূদে হদদেজৰৰ সকলো সৈন্যসামন্তক পৰাজয় কৰা কথা হমাত’ৰ ৰজা তোৱীয়ে যেতিয়া শুনিলে,
10 Tou akamtuma Hadoramu mwanawe kwa mfalme Daudi kumpa salamu na kumbariki, kwa kuwa Daudi alikuwa amepigana na Hadadezeri na kumshinda, maana Hadadezeri alikuwa amepiga vita dhidi ya Tou. Hadoramu akaja pamoja na vitu vya fedha, dhahabu, na shaba.
১০তেতিয়া যুদ্ধত হদদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ুদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷
11 Mfalme Daudi akaviweka wakfu vitu hivi kwa ajili ya Yahwe, pamoja na fedha na dhahabu kutoka katika mataifa yote aliyokuwa ameyashinda-
১১দায়ুদ ৰজাই সেই সামগ্ৰীবোৰ যিহোৱালৈ উৎসৰ্গ কৰিলে, লগতে সকলো জাতিক পৰাজয় কৰোঁতে যিবোৰ ৰূপ আৰু সোণ আনিছিল, -
12 kutoka Shamu, Moabu, Waamoni, Wafilist, Waamaleki, pamoja na nyara zote alizoziteka kutoka kwa Hadadezeri mwana wa Rehobu, mfalme wa Soba.
১২সেইবোৰ অৰাম, মোৱাব, অম্মোনৰ সন্তান সকল, পলেষ্টীয়াসকল আৰু অমালেক আদি তেওঁলোকৰ পৰা লাভ কৰা আৰু তাৰ লগতে চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰৰ পৰা লুট কৰি অনা সামগ্ৰীবোৰকো যিহোৱাৰ আগত উৎসৰ্গ কৰিলে।
13 Jina la Daudi likajulikana sana alipowashinda washami katika bonde la Chumvi, pamoja na watu wao wapatao elfu kumi na nane.
১৩আৰু দায়ূদে লৱণ উপত্যকাত অৰামীয়াসকলৰ মাজৰ ওঠৰ হাজাৰ লোকক বধ কৰি উভটি অহা সময়ত অতিশয় নাম জ্বলা হ’ল।
14 Akaweka ngome katika Edomu yote, na Waedomu wote wakawa watumishi wake. Yahwe akampa Daudi ushindi kila alipokwenda.
১৪পাছে দায়ূদে ইদোমত নানা ৰক্ষী সৈন্যদল স্থাপন কৰিলে; ইদোমৰ সকলোফালে সৈন্যদল স্থাপন কৰাত, সকলো ইদোমীয়া লোকসকলে দায়ূদৰ দাস হ’ল। আৰু দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিলে।
15 Daudi akatawala juu ya Israeli yote, naye akatenda kwa haki na usawa kwa watu wote.
১৫এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।
16 Yoabu mwana wa Seruya alikuwa mkuu wa jeshi, na Yehoshafati mwana wa Ahiludi alikuwa mwenye kuandika taarifa.
১৬চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলূদৰ পুত্ৰ যিহোচাফট্ আছিল ইতিহাস লিখক৷
17 Sadoki mwana wa Ahitubu na Ahimeleki mwana wa Abiathari walikuwa makuhani, na Seraya alikuwa mwandishi.
১৭অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷
18 Benaya mwana wa Yehoyada alikuwa juu ya Wakerethi na Wapelethi, na wana wa Daudi walikuwa washauri wa mfalme.
১৮যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ অধ্যক্ষ আছিল আৰু দায়ূদৰ পুত্ৰসকল আছিল মন্ত্ৰী।