< 2 Wafalme 16 >

1 Katika mwaka wa kumi na saba wa Peka mwana wa Pemalia, Ahazi mwana wa Yothamu mfalme wa Yuda, akaanza kutawala.
ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।
2 Ahazi alikuwa na umri wa miaka ishirini alipoanza kutawala, na alitawala kwa muda wa miaka kumi na sita katika Yerusalemu. Alifanya yasiyo haki usoni mwa Yahwe Mungu wake, kama Daudi babu yake.
আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল।
3 Badala yake, akatembea katika njia ya wafalme wa Israeli; hasa, akamuweka mwanaye kwenye moto kama sadaka ya kuteketeza, kufuatana na machukizo ya mataifa, ambayo Yahwe aliwafukuza wana wa Israeli.
কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
4 Akatoa sadaka na kuchoma ubani mahali pa juu, juu ya milima, na chini ya kila mti mbichi.
তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল।
5 Kisha Riseni, mfalme wa Shamu na Peka mwana wa Remalia, mfalme wa Israeli, wakaja mpaka Yerusalemu kuteka. Wakamzunguka Ahazi, lakini hawakuweza kumshinda.
অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে।
6 Katika kipindi hicho, Resini mfalme wa Shamu akamponya Elathi kwa Shamu na kuwapeleka watu wa Yuda nje ya Elathi. Kisha Washami wakaja kwa Elathi ambapo waliishi hadi leo.
সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে।
7 Hivyo Ahazi akatuma wajumbe kwenda kwa Tiglath Pileseri mfalme wa Ashuru, akisema, “Mimi ni mtumishi wako na mwanao. Panda juu na uniokoe kutoka kwenye mikononi ya mfalme wa Shamu na kutoka kwenye mkono wa mfalme wa Israeli, ambao wameniteka.”
পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”
8 Hivyo Ahazi akachukua fedha na dhahabu iliyokuwa imepatikana katika nyumba ya Yahwe na mingoni mwa waweka hazina wa nyumba ya mfalme na kuituma kama zawadi kwa mfalme wa Ashuru.
আহজে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা সোণ আৰু ৰূপ লৈ উপহাৰ হিচাবে অচূৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
9 Kisha mfalme wa Ashuru akamsikiliza, na mfalme wa Ashuru akaenda juu dhidi ya Damaski, akaishinda na kuwabeba watu wake kama wafungwa hadi Kiri. Akamuua Resini pia yule mfalme wa Shamu.
তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে।
10 Mfalme Ahazi akaenda Dameski kuonana na Tiglath Pileseri mfalme wa Ashuru. akaiona mdhabahu huko Damski. Akampelekea Uria kuhani mfano wa ile madhabahu na mpangilio wake na mchoro kwa ustadi wote ulikuwa umehitajika.
১০পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।
11 Hivyo Uria yule kuhani akajenga madhabahu kuwa kama mipango ambayo Mfalme Ahazi atakaporudi kutoka Damaski. Akaimaliza kabla mfalme Ahazi hajarudi kutoka Dameski.
১১সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি‍ শেষ কৰিলে।
12 Kisha mfalme akaja kuto Dameski akaiona ile madhabahu; mfalme akaikaribia ile madhabahu na kutoa sadaka juu yake.
১২দম্মেচকৰ পৰা ঘূৰি আহি ৰজাই সেই যজ্ঞবেদী দেখিলে আৰু ওচৰলৈ গৈ তাৰ ওপৰত বলি উৎসর্গ কৰিলে।
13 Akatengeneza sadaka yake ya kuteketezwa na sadaka yake ya nafaka, na kunyunyiza damu ya washirika wake sadaka juu ya madhabahu.
১৩তেওঁ সেই যজ্ঞবেদীৰ ওপৰত নিজৰ হোমবলি, শস্য উৎসর্গ আৰু নিজৰ পেয় উৎসর্গ ঢালিলে; নিজৰ সমজুৱা বলিৰ তেজো ছটিয়াই দিলে।
14 Madhabahu ya shaba ambayo ilikuwa mbele ya Yahwe-akaileta kutoka mbele ya hekalu, kutoka kati ya madhabahu yake na hekalu la Yahwe na kuiweka upande wa kaskazini wa madhabahu yake.
১৪তেওঁ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদীটো তেওঁ মন্দিৰৰ আগৰ পৰা, অৰ্থাৎ যিহোৱাৰ গৃহ আৰু নতুন বেদীৰ মাজ ঠাইৰ পৰা আঁতৰাই আনি নতুন বেদীৰ উত্তৰ ফালে স্থাপন কৰিলে।
15 Kisha mfalme Ahazi akamwiamuru Uria kuhani, akisema, “Juu ya madhabahu kubwa teketeza sadaka ya kutekezwa ya asubuhi na sadaka ya kuteketezwa ya nafaka ya jioni, pamoja na sadaka ya watu wote wa nchi, na matoleo ya sadaka ya mazao na sadaka zao za kinywaji. Nyunyiza juu ya hiyo damu yote ya sadaka ya kuteketeza, na damu yote ya kuteketeza. Lakini ile madhabahu ya shaba itakuwa kwa ajili yangu ili niulize ushauri.”
১৫পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।”
16 Uria kuhani akafanya kile ambacho Ahazi aliamuru.
১৬ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে।
17 Kisha mfalme Ahazi akaondoa jopo na mabeseni vitako vinavyobebeka; pia akachukua bahari kutoka juu ya ng'ombe wa shaba ambayo ilikuwa chini ya hiyo na kuiweka juu ya sakafu ya mawe.
১৭তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে।
18 Aliondoa njia iliyokuwa kwa ajili ya kuingia kwenye Sabato ambayo walikuwa wamejenga kwenye hekalu, wote pamoja na mahali pa kuingilia mfalme kwenye hekalu la Yahwe, kwasababu ya mfalme wa Ashuru.
১৮যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে।
19 Kama kwa mambo mengine yanayomuhusu Ahazi na yale aliyoyafanya, je yameandikwa kwenye kitabu cha matukio ya wafalme wa Yuda?
১৯ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
20 Ahazi alilala pamoja na babu zake na kuzikwa pamoja babu zake katika mji wa Daudi. Hezekia mtoto wake akawa mfalme katika mahala pake.
২০পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।

< 2 Wafalme 16 >