< 2 Wafalme 12 >

1 Katika mwaka wa saba wa Yehu, utawala wa Yoashi ulianza; alitawala kwa mda wa miaka arobaini huko Yerusalimu. Mama yake alikuwa anaitwa Sibia, wa Beersheba.
ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।
2 Yoashi akafanya yaliyo mema usoni mwa Yahwe siku zote, kwa sababu Yehoyada kuhani alimfundisha.
পুৰোহিত যিহোয়াদাই পৰামর্শ দি থকাৰ কাৰণে যোৱাচে সকলো সময়তে যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
3 Lakini sehemu ya juu haikuchukuliwa. Watu wakaendelea kutoa sadaka na kuchoma ubani kwenye sehemu za juu.
কিন্তু ওখ ঠাইৰ প্রার্থনাৰ মঠবোৰ ধ্বংস কৰা নাছিল; লোকসকলে তেতিয়াও সেই ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
4 Yoashi akamwambia kuhani, “Pesa zote zilizokuja kama sadaka takatifu kwenye nyumba ya Yahwe, pesa ya matumizi pesa ya watu kadiri alivyoandikiwa kila mtu, na pesa yote aonayo moyoni mwake kuileta kwenye nyumba ya Yahwe-
যোৱাচে পুৰোহিতসকলক ক’লে, “যিহোৱাৰ গৃহলৈ বিশেষ উদ্দেশ্যৰ কাৰণে পবিত্র দান হিচাবে ধন অনা হওঁক; গণিত লোকৰ পৰা মন্দিৰৰ কৰ, যিহোৱাৰ দ্বাৰা উৎসাহিত হৈ লোকসকলে মন্দিৰৰ কাৰণে নিজ মনোবাঞ্ছাৰে অনা দান-বৰঙনি, সেই সকলো লৈ আপোনালোকে জমা কৰিব।
5 makuhani watapokea pesa kutoka miongoni mwa mmoja wa watunza pesa na kutengeneza kila sehemu itakayoonekana imeharibika kwenye hekalu.”
পাছত পুৰোহিতসকলে এই সকলো ধন তেওঁলোকৰ কৰদাতাসকলৰ পৰা লৈ প্রয়োজনৰ সময়ত মন্দিৰ মেৰামতিৰ কামত সেই ধন ব্যৱহাৰ কৰিব।”
6 Lakini kama mwaka wa ishirini na tatu wa mfalme Yoashi, makuhani hawakuwa wameandaa kitu chochote kwenye hekalu.
কিন্তু যোৱাচ ৰজাৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত দেখা গ’ল পুৰোহিতসকলে মন্দিৰ মেৰামতিৰ একো কামেই কৰা নাছিল।
7 Mfalme Yoashi akamwita Yehoyada kuhani na kuhani mwingine; akawaambia, “Kwa nini hamjaandaa kitu chochote kwenye hekalu? Sasa msichukue tena pesa kutoka kwa walipa kodi wenu, lakini chukueni kile kilichokuwa kikikusanywa kwa ajili ya matengenezo ya hekalu na uwapatia wale wanaoweza kufanya matengenezo.
সেয়ে, যোৱাচ ৰজাই যিহোয়াদা পুৰোহিতক আৰু আন আন পুৰোহিতসকলক মাতি সুধিলে, “আপোনালোকে কিয় মন্দিৰৰ একোৱেই মেৰামতি কৰা নাই? এই হেতুকে, এতিয়াৰ পৰা আপোনালোকে পুনৰ আপোনালোকৰ কৰদাতাসকলৰ পৰা ধন নল’ব, বৰং মন্দিৰ মেৰামতিৰ অর্থে যিখিনি সংগ্রহ কৰা হ’ল সেইখিনি লৈ যেয়ে মেৰামতি কৰিব পাৰে সেইসকলক দি দিয়ক।”
8 Hivyo makuhani wakakubaliana wasichukue pesa tena kutoka kwa watu na wasitengeneze wenyewe.
তেতিয়া পুৰোহিতসকল সন্মত হ’ল যে, তেওঁলোকে লোকসকলৰ পৰা পুনৰ ধন নল’ব আৰু নিজে মন্দিৰ মেৰামতি কাম নকৰিব।
9 Badala yake, Yehoyada yule kuhani akachukua kasha, akatoboa tundu kwenye kifuniko chake, na kuliweka karibu na madhabahu, upande wa kulia kama mtu anaingia kwenye madhabahu ya Yahwe. Makuhani ambao walikuwa wakilinda mlango wa hekalu wakatumbukiza pesa zote ambazo zilizokuwa zimeletwa kwenye nyumba ya Yahwe.
পুৰোহিত যিহোয়াদাই এটা চন্দুক লৈ তাৰ ঢাকনিত এটা বিন্ধা কৰিলে আৰু সেইটো যজ্ঞ-বেদীৰ ওচৰত যিহোৱাৰ গৃহলৈ সোমোৱা ঠাইৰ সোঁফালে থলে। যি পুৰোহিতসকলে মন্দিৰৰ প্রৱেশদ্বাৰত পহৰা দিয়ে, তেওঁলোকে যিহোৱাৰ গৃহলৈ অনা সকলো ধন সেই চন্দুকত ৰাখিছিল।
10 Ikawa walipoona kwamba kulikuwa na pesa za kutosha kwenye kasha, mwadishi wa mfalme na kuhani mkuu wakaja na kuweka pesa kwenye mifuko na kisha kuhesabu, pesa ikaonekana kwenye nyumba ya Yahwe.
১০এইভাৱে তেওঁলোকে যেতিয়া দেখিছিল যে সেই চন্দুকত বহুত ধন জমা হৈছিল, তেতিয়া ৰজাৰ সচিব আৰু প্ৰধান পুৰোহিতে আহি যিহোৱাৰ গৃহলৈ অনা সকলো ধন হিচাপ কৰি বস্তাবোৰত বান্ধি থৈছিল।
11 Wakawapa pesa ambayo ilikuwa imepimwa kwenye mikono ya watu ambao waliokuwa wanatunza nyumba ya Yahwe. Wakawalipa mafundi seremala na wajenzi ambao walikuwa wemefanya kazi kwenye nyumba ya Yahwe,
১১পাছত যিমান ধন উঠে তাক ওজন কৰি যিহোৱাৰ মন্দিৰ তদাৰককাৰী সকলৰ হাতত দিছিল। তেওঁলোকে সেই ধন যিহোৱাৰ মন্দিৰ মেৰামতি কৰা লোকসকলক অর্থাৎ বাঢ়ৈ, গৃহ নির্মাণ কৰা বনুৱাসকলক দিছিল।
12 na waashi na wakata mawe, kwa ajili ya kununua mbao na kukata mawe kwa ajili ya kutengenezea nyumba ya Yahwe, na yote iliyokuwa inahitajika kulipwa kwa ajili ya kuitengeneza.
১২ৰাজমিস্ত্ৰী ও শিল ভঙা লোকসকলক দিছিল; তাৰ উপৰিও, যিহোৱাৰ মন্দিৰ মেৰামতিৰ কাৰণে কাঠ কিনা, শিল ভঙা আৰু প্রয়োজনীয় সকলো সামগ্রীৰ কাৰণে খৰচ কৰিছিল।
13 Lakini ile pesa iliyokuwa imeletwa kwenye nyumba ya Yahwe haikulipwa kwa ajili ya vikombe vya fedha, mabeseni, au dhahabu au fedha yoyote ya vyombo.
১৩যিহোৱাৰ গৃহলৈ যি ধন অনা হৈছিল, সেই ধনেৰে ৰূপৰ পিয়লা, শলিতা পৰিস্কাৰ কৰা চেপেনা, চৰিয়া, শিঙা বা যিহোৱাৰ গৃহৰ সোণ ৰূপৰ আন কোনো পাত্ৰ তৈয়াৰ কৰা নাছিল।
14 Waliwapa hizi fedha wale ambao waliokuwa wamefanya kazi ya kutengeneza nyumba ya Yahwe.
১৪কিন্তু সেই ধন কেৱল তদাৰককাৰীসকলে যিহোৱাৰ গৃহ মেৰামতি কৰা বনুৱাসকলকহে দিছিল।
15 Pia, hakukuhitajika zile pesa zilipwe kwa ajili ya matengenezo ili kuwajibika kwa kuwa watu walizipokea nakuzilipa kwa watenda kazi, kwa sababu hawa watu walikuwa waadilifu.
১৫তদাৰককাৰীসকলৰ পৰা তেওঁলোকে কোনো হিচাপ লোৱাৰ আৱশ্যকতা নাছিল, কাৰণ এই লোকসকল সৎ আছিল।
16 Lakini pesa kwa ajili ya matoleo ya hatia na pesa kwa ajili ya matoleo ya dhambi hazikuwa zimeletwa kwenye hekalu la Yahwe, kwa sababu zilikuwa mali ya makuhani.
১৬কিন্তু যিহোৱাৰ মন্দিৰলৈ দোষাৰ্থক আৰু পাপাৰ্থক বলিৰ ধন অনা হোৱা নাছিল; সেইবোৰ পুৰোহিতসকলে পাইছিল।
17 Kisha Hazaeli mfalme wa Shamu akashambuliwa na kupigana dhidi ya Gathi, na kuichukua.
১৭সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।
18 Ndipo Hazaeli akageuka kuishambulia Yerusalemu. Yoashi mfalme wa Yuda akavichukua vitu vyote ambavyo Yehoshefati na Yehoramu na Ahazia, baba zake, wafalme wa Yuda, na kuviweka wakfu, na vile alivyokuwa ameviweka wakfu, na dhahabu zote zilizokuwa zimeonekana kwenye gala la nyumba ya Yahwe na la mfalme akawatuma kwenda kwa Ahazi mfalme wa Shamu. Kisha Hazaeli akaenda zake kutoka Yerusamu.
১৮তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।
19 Kama mambo mengine yanayomuhusu Yoashi, yote aliyoyafanya, je hayakuandikwa kwenye kitabu cha matukio ya wafalme wa Yuda?
১৯যোৱাচৰ অন্যান্য সকলো কার্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” নামৰ পুস্তকখনত জানো লিখা নাই?
20 Watumishi wake wakainuka na kupanga pamoja; wakamteka Yoashi katika Bethi Milo, kwenye njia ya kushukia kwa Sila.
২০পাছত তেওঁৰ দাসবোৰে লগ হৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি চিল্লালৈ নামি যোৱা পথত বৈৎ-মিল্লোত তেওঁক আক্রমণ কৰি বধ কৰিলে।
21 Yozakari mwana wa Shimeathi, na Yehozabadi mwana wa Shomeri, watumishi wake, wakamshambulia na akafa. Wakamzika Yoashi pamoja na mababu zake katika mji wa Daudi, na Amazia, mtoto wake, akawa mfalme kwenye sehemu yake.
২১চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।

< 2 Wafalme 12 >