< 2 Nyakati 30 >
1 Hzekia akatuma wajumbe kwa Israeli wote na Yuda, na pia akawaandikia barua Efraimu na Manase, kwamba waje kwenye nyumba ya Yahwe katika Yerusalemu, kusherekea Pasaka ya Yahwe, Mungu wa Israeli.
১পাছত লোকসকলে যেন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেই বাবে হিষ্কিয়াই ইস্ৰায়েলৰ আৰু যিহূদাৰ সকলো ফালে দূত পঠিয়ালে আৰু ইফ্ৰয়িম ও মনচিৰ লোকসকললৈকো পত্ৰ লিখিলে।
2 Kwa maana mfalme, viongozi wake, na kusanyiko lote katika Yerusalemu walikuwa wameshauriana pamoja, wakakubaliana kusherekea Pasaka katika mwezi wa pili.
২কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু যিৰূচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ স্থিৰ কৰিছিল।
3 Hawakuweza kuisherekea mapema kabla ya hapo, kwa sababu hapakuwa na makuhani wa kutosha waliojitakasa wenyewe, wala watu hawakuwa wamekusanyika pamoja Yerusalemu.
৩প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।
4 Pendekezo hili likaonekana sahihi katika macho ya mfalme na ya kusanyiko lote.
৪এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।
5 Kwa hiyo wakakubaliana kufanya tangazo katika Israeli yote, kuanzia Beer-sheba hadi Dani, kwamba watu lazima waje kusherehekea Paska ya Yahwe, Mungu wa Israeli, huko Yerusalemu. Kwa maana walikuwa hawakuwa wameisherehekea kwa hesabu kubwa ya watu, kwa mujibu wa jinsi ilivyokuwa imeandikwa.
৫এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে৷ আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।
6 Hivyo matarishi wakaenda na barua kutoka kwa mfalme na viongozi wake katika Israeli na Yuda yote, kwa agizo la mfalme. wakasema, “Ninyi watu wa Israeli, rudini kwa Yahwe, Mungu wa Abrahamu, Isaka na Israeli, ili kwamba aweze kuwarudia masalia wenu ninyi mlipona kutoka kwenye mkono wa wafalme wa Ashuru.
৬পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।
7 Msiwe kama babu zenu au ndugu zenu, ambao walimuasi Yahwe, Mungu wa mababu zao, hivyo akawaweka katika kuangamia, kama mnavyoona.
৭তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা।
8 Sasa msiwe wasumbufu, kama babu zenu walivyokuwa; badala yake, jitoeni wenyewe kwa Yahwe na njoeni kwenye sehemu yake takatifu, ambayo ameitakasa milele, na mwabuduni Yahwe Mungu wenu, ili kwamba uso wake wenye hasira uwageukie mbali.
৮তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।
9 Kwa maana ikiwa mtageuka nyuma kwa Yahwe, ndugu zenu na watoto wenu watapata huruma mbele ya hao wanaowaongoza kama wafungwa, na watarudi katika nchi hii. Kwa maana Yahwe Mungu wenu, ni mkarimu na mwenye huruma, na hatawageuzia mbali uso wake, kama mtarudi kwake.”
৯কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তান সকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব৷”
10 Kwa hiyo matarishi wakapita mji kwa mji katika majimbo ya Efraimu na Manase, njia yote hadi Zabuloni, lakini watu waliwacheka na kuwazomea.
১০পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰয়িম আৰু মনচিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবূলূনলৈকে গ’ল; কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেঁজেলিয়ালে।
11 Lakini, watu wengine wa Asheri na Manase na Zabuloni walijinyenyekesha wenyewe na wakaja Yerusalemu.
১১তথাপি আচেৰৰ, মনচিৰ আৰু জবূলূনৰ কোনো কোনো লোকে নিজকে নম্ৰ কৰি যিৰূচালেমলৈ আহিল।
12 Mkono wa Mungu pia ukaja juu ya Yuda, kuwapa moyo mmmoja, ili kulikubali agizo la mfalme na viongozi kwa neno la Yahwe.
১২তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।
13 Watu wengi, kusanyiko kubwa, likakusanyika Yerusalemu kusherehekea Sikukuu ya Mikate Isiyochacha katika mwezi wa pili.
১৩পাছত দ্বিতীয় মাহত খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে।
14 Waliinuka na kuchukua madhabahu zizilizokuwa Yerusalemu, madhabahu zote kwa ajili ya sadaka za kufukiza; wakazirusha katika kijito Kidroni.
১৪আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে।
15 Kisha wakamuua mwanakondoo wa Paska katika siku ya kumi na nne ya mwezi wa pili. Makuhani na Walawi wakaona aibu, kwa hiyo wakajitakasa wenyewe na kuleta sadaka za kuteketezwa katika nyumba ya Yahwe.
১৫পাছত দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ বলি দিলে৷ পাছত পুৰোহিত আৰু লেবীয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু যিহোৱাৰ গৃহলৈ হোম-বলিসমূহ আনিলে।
16 Wakasimama katika sehemu zao katika makaundi yao, wakifuata maelekezo yaliyotolewa na sheria ya Musa, mtu wa Mungu. Makuhani wakainyunyiza damu waliyoipokea kutoka kwenye mikono ya Walawi.
১৬তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল৷ পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে।
17 Kwa maana walikuwepo wengi katika kusanyikao amaabao hawakuwa wamejitakasa wenyewe. Kwa hiyo Makuhani wakamchinja mwanakondoo wa Pasaka kwa ajili ya kila mmoja ambaye hakuwa amejisafisha na hakuweza kuzitakasa sadaka zake kwa Yahwe.
১৭কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।
18 Kwa kuwa wingi wa watu, wengi wao kutoka Efraimu na Manase, Asakari na Zabuloni, hawakuwa wamejitakasa wenyewe, bado waliula mlo wa Paska, kinyume na maelekezo yaliyoandikwa. Kwa kuwa Hezekia alikuwa amewaombea, akisema, “Mungu Yahwe amsamehe kila mmoja
১৮কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবূলূনৰ পৰা অহা এই বৃহৎ সমাবেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, “মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক
19 ambaye anaulekeza moyo wake kumtafuta Mungu, Yahwe, Mungu wa babu zake, hata kama hajasafiswa kwa utakaso wa viwango vya patakatifu.”
১৯যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”
20 Kwa hiyo Yahwe akamsikiliza Hezekia na akawaponya watu.
২০সেইবাবে যিহোৱাই হিষ্কিয়াৰ নিবেদন শুনি লোকসকলক শুচি কৰিলে।
21 Watu wa Israeli waliokuwepo Yerusalemu wakaitunza Sikukuu ya Mikaate Isiyochachwa na furaha kubwa kwa siku saba. Walawi na makuhani wakamsifu Yahwe siku baada ya siku, wakiimwimbia Yahwe kwa vyombo vya sauti kuu.
২১এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তান সকলে সাত দিনলৈকে মহা আনন্দেৰে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে।
22 Hezekia akazungumza kwa kuwatia moyo Walawi wote walioilewa ibada ya Yahwe, Kwa hiyo wakala kwa kipindi cha siku saba, wakitoa sadaka za amani, na kufanya toba kwa Yahwe, Mungu wa babu zao.
২২আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।
23 Kusanyiko lote kisha likaamua kusherehekea kwa siku zingine saba, na wakafanya hivyo kwa furaha.
২৩পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে।
24 Kwa kuwa Hezekia mfalme wa Yuda aliwapa kusanyiko ng'ombe dume elf moja, na kondoo elfu saba kama sadaka; na viongozi wakawapa kusanyiko ng'ombe dume elfu moja na kondoo na mbuzi elfu kumi. Idadi kubwa ya makuhani wakajitakasa wenyewe.
২৪কিয়নো যিহূদাৰ ৰজা হিষ্কিয়াই সমাজক এক হাজাৰ ভতৰা, সাত হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল; আৰু অধ্যক্ষসকলে সমাজক এক হাজাৰ ষাঁড়, আৰু দহ হাজাৰ ভেড়া ও ছাগলী দিলে; আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে।
25 Kusanyiko lote la Yuda, pamoja na makuhani na Walawi na watu wote walikuja pamoja kutoka nchi ya Israeli na wale walioishi Yuda—wote wakafurahia.
২৫আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে।
26 Hivyo kulikuwa na furaha kuu katika Yerusalemu, kwa kuwa tangu wakati wa Solomoni mwana wa Daudi, mfalme wa Israeli, hapakuwa na kitu kama hicho katika Yerusalemu.
২৬এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল।
27 Kisha makuhani, Walawi, wakainuka na kuwabariki watu. Sauti zao zilisikika na maombi yao yakaenda juu mbinguni, sehemu takatifu ambapo Mungu anaishi.
২৭পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে৷ তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।