< 2 Nyakati 18 >

1 Sasa Yehoshafati alikauwa na utajiri mwingi na heshima kubwa; alifanya undugu na Ahabu mmoja wa watu wa familia yake akamuo binti yake.
সেই সময়ত যিহোচাফটে অধিক ধন আৰু সন্মান লাভ কৰিলে; আৰু তেওঁ আহাবৰ লগত মিতিৰ পাতিলে।
2 Baada ya miaka kadhaa, akashsuka chini kwa Ahabu huko Samaria. Ahabu akachinja kondoo na ngo'mbe wengi kwa ajili ya yake na watu waliokuwa pamoja naye. Ahabu pia akamshawishi kuivamia Ramothi-gileadi pamoja naye.
কেইবছৰ মানৰ পাছত তেওঁ চমৰিয়ালৈ আহাবৰ ওচৰলৈ নামি গ’ল৷ আহাবে তেওঁৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে অনেক ভেড়া, ছাগলী আৰু গৰু মাৰিলে৷ আনকি আহাবে তেওঁৰ লগত ৰামোৎ-গিলিয়দ আটক কৰিবলৈ তেওঁক ৰাজী কৰালে।
3 Ahabu, mfalme wa Israeli, akamwambia Yehoshafati, mfalme wa Yuda, “Utakwenda Ramothi-gileadi pamoja nami?” Yehoshafati akamjibu, “Mimi ni kama wewe, na watu wangu ni kama watu wako; tutakuwa pamoja nawe katika vita.”
ইস্ৰায়েলৰ আহাব ৰজাই যিহূদাৰ ৰজা যিহোচাফটক ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ মোৰ লগত যাব নে?” তাতে যিহোচাফতে উত্তৰ দি ক’লে, “আপুনি যেনে ময়ো তেনে আৰু মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে; সেই যুদ্ধত আমি আপোনাৰ লগত উপস্থিত থাকিম।”
4 Yehoshafati akamwambia mfalme wa Israeli, Tafadhali litafute neno la Yahwe kwanza kwa ajili ya jibu lako”
যিহোচাফটে ইস্ৰায়েল ৰজাৰ আগত পুনৰ ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে তেওঁক সোধক৷”
5 Kisha mfale wa Israeli akawakusanya manabii pamoja, wanauame mia nne, na akasema akwao, Tutaenda vitani Ramothi-gileadi, au nisiende?” Wakasema, “Vamia, kwa maana Mungu ataitia mkononi mwa mfalme.”
তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে মই ক্ষান্ত হৈ থাকিম?” তাতে তেওঁলোকে ক’লে, “যাওঁক, কিয়নো ঈশ্বৰে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
6 Lakini Yehoshafati akasema, “Hakuna nabii mwingine hapa wa Yahwe ambaye kwake tunapaswa kutafuta ushauri?”
কিন্তু যিহোচাফটে ক’লে, “আমি উপদেশ বিচৰা অর্থে যিহোৱাৰ এনে কোনো ভাববাদী ইয়াত আছে নে?”
7 Mfale wa Israeli akamwambia Yehoshafati, Bado kuna mtu mmoja amabaye kwake lazima tuutafute ushauri wa Yahwe, Mikaya mwana wa Imla, lakini namchukia kwa sababu yeye huwa hatabiri mema kamwe kuhusu mimi, bali kila mara maovu,” Lakini Yehoshafati akasema, “Mfalme hapaswi kusema hivyo.”
তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন লোক আছে; কিন্তু মই তেওঁক ঘিণ কৰোঁ কিয়নো তেওঁ মোৰ বিষয়ে কেতিয়াও মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমঙ্গলহে প্ৰচাৰ কৰে; তেওঁ যিম্লাৰ পুত্ৰ মীখায়া।” তেতিয়া যিহোচাফতে ক’লে, “মহাৰাজে যেন তেনে কথা নকওঁক।”
8 Kisha mfalme wa Israeli akamwita akida na kusema, Haraka mlete Mikaya mwana wa Imla.”
তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁৰ এজন নপুংসকক আজ্ঞা দি ক’লে, “যিম্লাৰ পুত্ৰ মীখায়াক বেগাই আনাগৈ।”
9 Sasa Ahabu mfalme wa Israeli na Yehoshafati mfalme wa Yuda walikuwa wamekaa kila mmoja katika kiti cha enzi, wamevalia kanzu zao, katika sehemu ya uwazi katika maingilia ya lango la Samaria, na manabii wote walikuwa wakitabairi mbele zao.
সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ যিহোচাফট ৰজাই নিজ নিজ ৰাজবস্ত্ৰ পিন্ধি, চমৰিয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল।
10 Zedekia mwana wa Kenaani akajitengenezea pembe za chuma na kusema, Yahwe anasema hivi: Kwa kutumia hizi pembe mtawasukuma Waaramu hadi waangamie.”
১০কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ বাবে লোহাৰ শিং এযোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ইয়াৰ দ্বাৰাই আপুনি অৰামীয়াসকলক সংহাৰ নকৰালৈকে খুচি থাকিব।”
11 Manabii wote wakatabiri kitu kile kile, wakisema, “Vamia Raamothi-gleadi na shinda. kwa maana Yahwe ameutia kwenye mkono wa mfalme.”
১১তাতে আন সকলো ভাববাদীসকলেও সেই দৰে ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দ আক্ৰমণ কৰক, তাতে আপুনি জয়ী হ’ব কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিলে।”
12 Mjumbe aliyeenda kumuita Mikaya akasema kwake, akisema, “Sasa angalia, maneno ya manabii yanatangaza mambo mema kwa ajili ya mfalme kwa kinywa kimoja. Tafadhali maneno yako yawe kama maneno ya mmoja wao na sema mambo mema.”
১২পাছত যি দূতজনে মীখায়াক মাতিবলৈ গৈছিল তেওঁ তেওঁক ক’লে, “চাওঁক, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে, মই বিনয় কৰোঁ, আপোনাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ নিচিনা হওঁক; আপুনিও যেন মঙ্গলৰ বাক্য কয়৷”।
13 Mikaya akajibu, “Kama Yahwe aishivyo, mimi nitasema kile mbacho Mungu anasema.”
১৩তেতিয়া মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যি ক’ব, মই সেয়ে হে ক’ম।”
14 Alipokuja kwa mfalme, mfamle akamwambaia, “Mikaya, tutaenda Ramothi -gileadi kwa ajili ya vita, au la?” Mikaya akamjibu, “Vamia na utashinda! kwa maana utakuwa ushinda mkuu.”
১৪যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল তেতিয়া ৰজাই তেওঁক সুধিলে, “হে মীখায়া, আমি যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাম নে? নে মই ক্ষান্ত হ’ম?” তাতে তেওঁ ক’লে, “যাওঁক, আৰু আপোনালোক জয়ী হওঁক! তেওঁলোকক আপোনালোকৰ হাতত সমৰ্পণ কৰা হ’ব।”
15 Kisha mfalme akasema kwake, “Ni mara ngapi ninapaswa kukutaka kuapa kutoniambia kitu chochote sispokuwa kweli katika jina la Yahwe?
১৫তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
16 Kwa hiyo Mikaya akasema, “Niliwaoana Israeli wametawanyika ktika mlima, kama kondoo wasio na mchungaji, na Yahwe akasema, hawa hawana mchungaji. Ebu kila mtu arudi nyumbani kwake kwa amani.”
১৬তেতিয়া তেওঁ ক’লে, “মই গোটেই ইস্ৰায়েলক ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনাকৈ পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘তেওঁলোকৰ গৰাকী নাই৷ প্ৰতি জনে নিজ নিজ ঘৰলৈ শান্তিৰে ঘূৰি যাওঁক’।”
17 Kwa hiyo mfalme wa Israeli akamwambia Yehoshafati, “Sikukuambia kwamba asingeweza kutabiri mema juu yangu, bali majanga tu?
১৭তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গল হে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পূৰ্বেই আপোনাৰ আগত কোৱা নাই?”
18 Kisha Mikaya akasema, “Kwa hiyo ninyi nyote mnapashwa kulisikia neno la Yahwe: Nilimuon Yahwe amekaa juu ya kiti chake cha enzi, na majeshi yote ya mbinguni yalikauwa yamekaa mkono wake wa kulia na mkono wake wa kushoto.
১৮তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
19 Yahwe akasema, Ni nani atakayemrubuni Ahabu, mfalme wa Israeli, ili kwamba aende na kuanguka huko Ramothi-gileadi?' Mmoja alisema hivi na mwingine hivi.
১৯তেতিয়া যিহোৱাই ক’লে, ‘ইস্ৰায়েলৰ আহাব ৰজা গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক প্ৰলোভিত কৰিব?’ তেতিয়া কোনোৱে এক ভাবে আৰু আন কোনোৱে আন ভাবে উত্তৰ দিলে।
20 Kisha roho ikaja moja kwa maja na kusimama mbele ya Yahwe na kusema, 'Nitamrubuni.' Yahwe akamwambia, 'Kivipi?'
২০তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’
21 Roho ikajibu, “nitatoka nje na nitakuwa roho ya uongo katika vinywa vya manabii wake wote.' Yahwe akajibu, 'utamrubuni, na pia utafanikiwa. nenda sasa na fanya hivyo.'
২১তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’
22 Sasa ona, Yahwe ameweka roho ya uongo katika midomo ya manabii wako hawa, na Yahwe ametangaza majanga kwa ajili yako.”
২২এই হেতুকে, চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথা ক’লে।
23 Kisha Zedekia mwana wa Kenaana, akaja, akampiga kofi mika juu ya shavu, na kusema, “Kwa njia gani Roho wa Yahwe alitoka kwangu ili aseme nawe?”
২৩তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?”
24 Mika akasema, Angalia, utalijua hilo katika siku hiyo, mtakapokimbia katika baadhi ya vyumba vya ndani kwa ajili ya kujificha.”
২৪তাতে মীখায়াই ক’লে, “চোৱা, যি দিনা তুমি লুকাবৰ কাৰণে ভিতৰ কোঠালিলৈ সোমাই যাবা, সেই দিনাই সেই বিষয়ে জানিবা।”
25 Mfalme wa Israeli akasema kwa baadhi ya watumishi, “Enyi watu mkamateni Mikaya na mmpeleke hadi Amoni, mkuu wa mji na, na kwa Yoashi, mwanangu.
২৫পাছত ইস্ৰায়েলৰ ৰজাই তেওঁৰ কিছুমান দাসক আজ্ঞা কৰিলে বোলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা৷
26 Nanyi mtamwambia, 'Mfalme anasema: Mweke gerezanai huyu mtu na umlishe kwa mkate kiogo tu na maji kidogo tu, mpaka nitakaporudi salama.”
২৬আৰু ক’বা, ‘ৰজাই এইদৰে কৈছে, এই জন ব্যক্তিক বন্দীশালত বন্ধ কৰি থ’বা আৰু মই নিৰাপদে ঘূৰি নহালৈকে তেওঁক খাবৰ বাবে সামান্য অন্ন আৰু সামান্য জল দিবা’৷”
27 Kisha Mikaya akasema, “Kama utarudi salama, Yahwe hajasema nami.”Kisha akaongeza, “Sikiliza haya, enyi watu wote.”
২৭মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।”
28 Kwa hiyo Ahabu, mfalme wa Israeli, na Yehoshafati, mfalme wa Yuda, wakaenda juu ya Ramothi-giledi.
২৮তাৰ পাছত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে উঠিল।
29 Mfalme wa Israeli akamwamabia Yehoshafati, “Nitajibadilisha mwenyewe na kwenda vitani, lakini wewe vaa mavazi yako ya kifalme.” Kwa hiyo mfalame wa Israeli akajibalisha, na wakaenda vitani.
২৯ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত যাম কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ বস্ত্ৰ পিন্ধি থাকক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই অন্য বেশ ধৰিলে আৰু তেওঁলোক যুদ্ধ কৰিবলৈ গ’ল।
30 Sasa mfalme wa Aramu alikuwa amewaamuru maakida wa magari yake, akisema, Msiwavamie wanajeshsi wasio wa muhimu wala wanajeshsi muhimu. Badala yake, mvamieni mfalme wa Israeli pekee,”
৩০কিন্তু অৰামৰ ৰজাই তেওঁৰ ৰথৰ অধ্যক্ষসকলক এই আজ্ঞা দিছিল বোলে, তোমালোকে ইস্ৰায়েলৰ ৰজাৰ সৰু কি বৰ আন কাৰোঁ লগত যুদ্ধ নকৰিবা। কেৱল ইস্ৰায়েলৰ ৰজাক হে আটক কৰিবা৷
31 Ikawa kwamba maakida wa magari walipomuona Yehoshafati wakasema, “Yule ni mfalme wa Israeli.” Wakageka kumzunguka wamvamie, lakini Yehoshafati akalia, na Yahwe akamsaidia. Mungu akawageza nyuma kutoka kwake.
৩১এই হেতুকে ৰথৰ অধ্যক্ষসকলে যিহোচাফটক দেখি, “এৱেই ইস্ৰায়েলৰ ৰজা”, এই বুলি, তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁক সহায় কৰিলে আৰু তেওঁৰ ওচৰৰ পৰা আঁতৰ হৈ যাবলৈ তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
32 Ikawa kwamba maakida wa magari walipoona ya kuwa hakuwa mfalme wa Israeli, wakarudi nyuma wasimfukuze.
৩২তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদি যাবলৈ এৰিলে।
33 Lakini mtu mmoja akauvuta upinde wake kwa kubahatisha na kumpiga mfalme wa Israeli kati kati ya maungio ya mavazi yake. Kisha Ahabu akamwambia dereva wa gari lake, “Geuza nyuma na nitoe nje ya mapigano, kwa maana nimejeruhiwa vibaya sana.”
৩৩কিন্তু কোনো এজন লোকে তেওঁৰ ধনুৰ জোঁৰ টানি দৈবক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কৱচ আৰু উদৰ-ৰক্ষাৰ জোৰতে কাড় মাৰিলে; তেতিয়া তেওঁ সাৰথিক ক’লে, “তোমাৰ হাত ঘূৰোৱা আৰু মোক এই সৈন্যৰ মাজৰ পৰা উলিয়াই লৈ যোৱা; কিয়নো মই বৰকৈ আহত হ’লো।
34 Mapigano yakazidi kuwa makali siku hiyo, na mfalme wa israeli akashikiliwa katika gari lake kuwaelekea Waaramu hadi jioni. Muda jua lilipokaria kwenda chini, akafa.
৩৪সেই দিনা বৰ যুদ্ধ হ’ল আৰু গধূলি নহোৱালৈকে অৰামীয়াসকলৰ আগত ইস্ৰায়েলৰ ৰজাক ৰথত থিয়কৈ ৰখাই হ’ল; আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ’ল।

< 2 Nyakati 18 >